দশম শ্ৰেণী, ইতিহাস খণ্ড৷ তৃতীয় অধ্যায়- অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

 

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ

         অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ


অতি চমু উত্তৰৰ প্ৰশ্ন

১. ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱর্তন হৈছিল ?

উত্তৰ:- মুদ্ৰাৰ মাধ্যমেৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা প্ৰচলন হৈছিল৷

২. কোন চনত মফট মিলচ অসমলৈ আহিছিল ?

উত্তৰ:-  ১৮৫৩ চনত৷

৩. কেঞা সকল কোন আছিল ?

উত্তৰ- কেঞা সকল মাৰোৱাৰী মহাজন আছিল৷

৪. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰ- মণিৰাম দেৱান৷

মণিৰাম দেৱান


৫. ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?

উত্তৰ- কন্দপের্শ্বৰ সিংহ৷  

৬. মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল ?

উত্তৰ- মধুমল্লিক৷

৭. মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত উলমিব লগা হৈছিল?

উত্তৰ- পিয়লি বৰুৱা৷

৮. কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?

উত্তৰ- কেপ্তেইন হলৰইড চাহাবে৷  

৯. অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ?

উত্তৰ- ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া খ) নেতাসকলৰ সময় জ্ঞানৰ অভাৱ৷

১০. কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰর্ৱতন কৰা হৈছিল ?

উত্তৰ- টিকট কৰ- ১৮৫৭ চনত আৰু আয়কৰ- ১৮৬৯ চনত৷

১১. ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা ?

উত্তৰ- ক) অত্যাধিক কৰ কাটল সংগ্ৰহ আৰু খ) দুভির্ক্ষ৷  

১২. লেফটেনেণ্ট ছিংগাৰ কোন আছিল ?

উত্তৰ- নগাওঁৰ সহকাৰী উপায়ুক্ত৷

১৩. ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ- ১৮৬১ চনত৷

১৪. ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ:- ১৮৯৩ চনত৷

১৫. লচিমা ক’ত অৱস্থিত ?

উত্তৰ- বজালীৰ সৰুক্ষেত্ৰী মৌজাত৷

১৬. লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ- ১৮৯৪৷

১৭. পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ- ১৮৯৪

১৮. ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰ- উকিয়াং নবা৷

উকিয়াং নবা


১৯. ১৮৮১ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰ- শম্ভুধন কছাৰী৷

শম্ভুধন কছাৰী


২০. টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?

উত্তৰ- ইংৰাজ বাহিনীয়ে৷

২১. জে. ডব্লিউ. কুইণ্টনক কোন চনত হত্যা কৰিছিল ?

উত্তৰ- ১৮৯০ চনত৷

দীঘল উত্তৰৰ প্ৰশ্ন

১. ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সর্ম্পকে আলোচনা কৰা৷

উত্তৰ:- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা সময়ত শক্তিশালী শাসকৰূপে প্ৰতিষ্ঠিত কৰি ভাৰতত শোষণ চলাইছিল৷ তাৰ ফলস্বৰূপে ১৮৫৭-৫৮ চনত ভাৰতত চিপাহী বিদ্ৰোহ হৈছিল৷ এই বিদ্ৰোহৰ বহুতো কাৰণ আছে তাৰে কেইটামান হৈছে-

ক) মুদ্ৰা অর্থনীতিৰ ব্যৱহাৰ কৰি অত্যাধিক কৰ কাটল সংগ্ৰহেৰে জনতাক মাধমাৰ৷

খ) চাহ খেতিয়কক চাহ বাগিচাৰ ভূমিৰ ৰাজহ ৰেহাই দি দুখীয়া সাধাৰণ কৃষকৰ পৰা ভূমি ৰাজহ সংগ্ৰহ৷

গ) কুটীৰ শিল্পৰ অৱনতি ঘটাই বিলাতী সামগ্ৰীৰ ব্যৱহাৰৰ পৃষ্ঠপোষকতা কৰাত দেশীয় কুটীৰ শিল্পৰ দুৰৱস্থা৷

ঙ) অভিযাত শ্ৰেণীটোৱে অতীতৰ পৰা ভোগ কৰি অহা সুবিধাৰ পৰা বঞ্চিত হোৱা৷

চ) দাস প্ৰথাৰ অৱসান৷

ছ) লর্ড ওৱেলছলিৰ বশ্যতামূলক মিত্ৰতা নীতি আৰু লর্ড ডেলহাউচীৰ স্বত্ববিলোপ নীতি৷

২. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সর্ম্পকে আলোচনা কৰা৷

উত্তৰ:- মণিৰাম দেৱানে ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত অসমত গুৰুপ্তপূর্ণ ভূমিকা পালন কৰিছিল৷ প্ৰথম অৱস্থাত তেওঁ ইংৰাজপ্ৰীতি প্ৰদর্শন কৰিলেও পিছলৈ অভিযাত শ্ৰেণীৰ সুবিধা কর্তন কৰাত ইংৰাজ বিদ্বেষী হৈ পৰে৷ মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্ৰোহ কৰাৰ সময়ত তেওঁ কলিকতাত আছিল৷ অসমতো ব্ৰিটিছ শাসন ওফৰোৱাৰ লগতে উজনি অসমত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ সপোন দেখে৷ মধুমল্লিক নামৰ বাঙালী মুক্তিয়াৰৰ লগ লাগি তেওঁ অসমৰ পৰা ইংৰাজ খেদি কন্দর্পেশ্বৰ সিংহক ৰজা পাতিবলৈ মন মেলে৷ এই ক্ষেত্ৰত বাহাদুৰ গাওঁবুঢ়া, র্ফমুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদিয়ে সহাঁৰি জনাইছিল৷

আগষ্ট মাহত তেওঁ কলিকতাৰ পৰা অসমৰ চিপাহীসকলে কেতিয়া আক্ৰমণ কৰিব সেই বিষয়ত চিঠি পঠাইছিল৷ দুর্গা পুজাৰ সময়ত ডিব্ৰুগড় আৰু ঘোলাঘাটৰ ভাৰতীয় সেনাবাহিনীয়ে আক্ৰমণ কৰাৰ কথা আছিল৷ কিন্তু কেপ্তেইন হলৰইডে সেই ষড়যন্ত্ৰ ধৰা পেলাই৷ কেপ্তেইন লাউদাৰে ব্ৰিটিছ পৌজৰ দ্বাৰা কন্দর্পেশ্বৰ সিংহক অটক কৰি আলিপুৰ জেললৈ পঠায়৷ মণিৰামক কলিকতাতে বন্দী কৰি প্ৰথমে আলিপুৰ জেলত ৰাখি যোৰহাটলৈ আনে৷ কেপ্তেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা বিচাৰ কৰি পিয়লি বৰুৱাৰ লগত মণিৰাম দেৱানক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত ফাঁচী দিয়ে৷

. কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হৈছিল আলোচনা কৰা৷

উত্তৰ:- অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ বহুকেইটা কাৰণ আছে৷ সেইবোৰ তলত উল্লেখ কৰা হ’ল-

ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল৷নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব পৰা নাছিল৷

খ) বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত  হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷ লগতে মণিৰামৰ নেতৃত্ব লব পৰা গুণৰ অভাৱ৷ প্ৰতিপক্ষক দুর্বলতা আৰু বুদ্ধিমত্তাক হেওজ্ঞান কৰাটো মণিৰামদেৱানৰ ব্যক্তিগত দুর্বলতাৰ নিদর্শন৷

গ) নতুন মধ্যবিত্ত শ্ৰেণীটোৰ বিদ্ৰোহৰ প্ৰতি উৎসাহ নাছিল৷ তেওঁলোকে পুনৰ আহোম ৰাজতন্ত্ৰ হোৱাটো বিচৰা নাছিল আৰু বিদ্ৰোহৰ প্ৰতি সমর্থন আৰু সহানুভূতি প্ৰদর্শন নকৰিছিল৷

ঘ) অসমৰ বিদ্ৰোহীসকলৰ সময় জ্ঞান সম্পূর্ণ নাছিল৷ লগতে কার্য্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত চৰমভাৱে ব্যর্থ হৈছিল৷

ঙ) বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল৷

এইবোৰ কাৰণত অসমত ১৮৫৭ চনৰ বিদ্ৰোহে সফল হব পৰা নাছিল আৰু ব্ৰিটিছ চৰকাৰে সর্ম্পূনভাৱে নিমূর্ল কৰিছিল৷  

৪. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুপ্ত সর্ম্পকে আলোচনা কৰা৷

উত্তৰ:- ১৮৫৭ চনৰ বিদ্ৰোহক অসমৰ বাবে ঐতিহাসিক গুৰুপ্তপূর্ণ বুলি অভিহত কৰিব পৰা যায়৷ ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিলেও এই বিদ্ৰোহে অসমক সর্বভাৰতীয় ঘটনাৰ লগত জড়িত কৰিছিল৷ ১৮৬১ চনৰ পৰা আৰম্ভ হোৱা অসমৰ কৃষক বিদ্ৰোহ সমূহক চিপাহী বিদ্ৰোহৰ অনুপ্ৰাণিত কৰিছিল৷

এই বিদ্ৰোহে অসমত হিন্দু আৰু মুছলমানৰ মাজত সম্বন্ধ ৰক্ষা কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল৷

একেদৰে ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অনান্য সংগ্ৰামীৰ দৰে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী সকলৰ কর্মই সকলোকে অনুপ্ৰাণিত কৰিছে৷ সেইবাবে অসমত ১৯৫৭ চনৰ বিদ্ৰোহৰ গুৰুপ্ত আছে বুলিব পাৰি৷

৫. ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা৷

উত্তৰ- চমুটোকা ৩ চাওঁক



৬. ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সর্ম্পকে আলোচনা কৰা৷

উত্তৰ:- বর্ধিত কৰ জাপি দিয়াৰ পৰিপেক্ষিতত অসমৰ বহু ঠাইত কৃষক ৰাইজে চৰকাৰক খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত লৈছিল৷  লগতে কৃষকক ধাৰ দি মাটি বন্ধকত লোৱা মাৰোৱাৰী শ্ৰেণীৰ বিৰুদ্ধেও গৰজি উঠিছিল৷ ১৮৯৪ চনত অন্য প্ৰান্তৰ লগতে উত্তৰ কামৰূপৰ ৰঙিয়া, লাছিমা আদি ঠাইতো কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল৷ ৰঙিয়া বজাৰত ৰাইজে বজাৰ লুট-পাত কৰি বিদ্ৰোহৰ আৰম্ভণি ঘটাইছিল৷ তহচিলদাৰ ৰাধানাথ বৰুৱাই খাজনা সংগ্ৰহ কৰিবলৈ আহোতে লঘূ-লাঞ্ছনা কৰে৷ এই ঘটনাক লৈ পুলিচ অধীক্ষক ৰেইলীয়ে ৮ জানুৱাৰীত ১৫ জন লোকক ৰাইজমেলৰ পৰা গ্ৰেপ্তাৰ কৰে৷ কেইবাহাজাৰ কৃষকে উপায়ুক্তৰ কার্য্যলয়লৈ গৈ খাজনা কমোৱাৰ লগতে বন্দী কেইজনক মুক্তি দিবলৈ দাবী জনায়৷ দাবীৰ প্ৰতি গুৰুপ্ত নিদিয়াত কৃষকৰ দলটোৱে জোৰ কৰি থানাৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰে৷ উপায়ুক্তই গুলীচালনাৰ নিদের্শ জাৰী কৰাত তেওঁলোক প্ৰস্থান কৰে৷ জাননী জাৰি কৰি উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে ৰাইজমেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিদের্শ প্ৰদান কৰে৷ একে সময়তে নেতৃস্থানীয় লোকক আৰক্ষীৰ কনিষ্তবল হিচাপে নিয়ুক্তি দি ৰায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰে৷ কিন্তু ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিয়ে ৰাইজৰ মাজত কৃষকমেল অনুষ্ঠিত কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হোৱা নাছিল৷  

৭. ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা৷ 

পথৰুঘাটৰ স্বহীদ বেদী


উত্তৰ:- দৰং জিলাৰ পথৰুঘাটত ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বর্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদত ৰাইজমেল অনু্ষ্ঠিত কৰিছিল৷ খবৰ লাভ কৰি জিলাধিপতি জে ডি এণ্ডাৰছনে সমাবেশ বন্ধ কৰিবলৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ লগত সামৰিক বাহিনীসহ উপস্থিত হয়৷ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা কার্যই কৃষকক অধিক ক্ৰোধাম্বিত কৰি তোলে৷ হাজাৰ হাজাৰ কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ তেওঁলোকক আক্ৰমণ কৰিবলৈ সাজু হয়৷ আৰক্ষী অধীক্ষকে শক্তি প্ৰয়োগ কৰি কৃষকক আঁতৰাই পঠাবলৈ চেষ্টা কৰাত পৰিস্থিতি জটিল হৈ পৰে৷ দলি-চপৰাৰ খুন্দাত কোনেও চকু মেলিব নোৱৰা অৱস্থা হয়৷ শেষত উপায়ুক্তৰ নিদের্শত পুলিচৰ গুলীচালনাত ১৪০ জন কৃষকৰ মৃত্যু হয়৷ বহুতো আহত হয়৷ চৰকাৰী হিচাপমতে কিন্তু ১৫ জনৰ মৃত্যু আৰু ৩৭ জন আহত হৈছিল৷ বিদ্ৰোহ দমনৰ বাবে বহুকেইজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ বিচাৰত আকুল শ্বেখ আৰু ৬ জনত শাস্তি প্ৰদান কৰি বাকীসকলক মুকলি কৰি দিয়ে৷



৮. ১৮৬০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা৷

উত্তৰ:-  ইংৰাজে জয়ন্তীয়া ৰাজ্যখন ১৮৩৫ চনত নিজৰ অধীনলৈ নিয়ে৷ স্বাধীনচিতীয়া জয়ন্তীয়া সকলৰ ওপৰত সামুহিক মাছ মৰা, খৰি-কাঠ সংগ্ৰহ কৰা, অস্ত্ৰ ব্যৱহাৰত নিষেধাজ্ঞা, ধর্মীয় আৰু সামাজিক জীৱনত হস্তক্ষেপ কৰাত ক্ষুব্ধ হৈ পৰিছিল৷ কোনোদিন কৰ-কাটল দি নোপোৱা জনগোষ্ঠীটোৰ ওপৰত ঘৰ কৰ আৰু আয়কৰ লগাইছিল৷ ইয়াৰ প্ৰতিবাদত ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়া সকলে বিদ্ৰোহ কৰে৷ প্ৰথমে তেওঁলোকে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই লয়৷ বিদ্ৰোহ জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা আদিলৈ বিয়পে৷

১৮৬২ চনত তেওঁলোকে পথ বন্ধ কৰি ব্ৰিটিছ সেনা চাউনি অতর্কিতে আক্ৰমণ কৰে৷ পিছলৈ সেনা আৰু বিদ্ৰোহীসকলৰ মাজত তীব্ৰ সংর্ঘষ অব্যাহত থাকে৷ ইষ্টাণ কামাণ্ডাৰ ব্ৰিগেদিয়াৰ জেনেৰেল জি. ডি. শ্বাৱাৰছে দায়িত্ব লৈ সমগ্ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আইন প্ৰয়োগ কৰে৷ চৰকাৰী আক্ৰমণত বিদ্ৰোহীসকলৰ শক্তি হ্ৰাস পায়৷ চৰকাৰে বিদ্ৰোহী সকলক আত্মসমপর্ণ কৰিবলৈ সাধাৰণ ক্ষমা দানৰ কথা ব্যক্ত কৰে৷ লগতে বিদ্ৰোহী নেতা উকিয়াং নবাক গতাই দিলে পুৰস্কাৰৰ ঘোষণা কৰে৷ শেষলৈ নবা আৰু বহুকেইজন বিদ্ৰোহীক ফাঁচী দিয়ে৷ এনেদৰে ১৮৬৩ চনত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে৷

৯. ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা৷ 

টিকেন্দ্ৰজিত


উত্তৰ- টিকেন্দ্ৰজিত আছিল মণিপুৰৰ ৰজা কুলচন্দ্ৰৰ মূল সেনাপতি৷ তেওঁ তলে তলে ব্ৰিটিছ বিৰোধী কার্যকলাপ কৰাত ইংৰাজে কুলচন্দ্ৰক টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰে৷ কিন্তু ব্ৰিটিছৰ শোষণৰ বাবে বিদ্ৰোহ কাৰ টিকেন্দ্ৰজিতৰ হাতত মণিপুৰৰ ৰাইজ থকাত সেয়া কৰিব পৰা নাছিল৷

তেনে পৰিস্থিতিত অসমৰ চীফ কমিছনাৰ জে. ডব্লিউ. কুইণ্টন আৰু আন চাৰিজন বিষয়াই টিকেন্দ্ৰজিতক ধৰিবলৈ যায়৷ স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকে হত্যা কৰে৷ ঘটনাৰ প্ৰতিশোধ লবলৈ ইংৰাজে শক্তিশালী সৈন্যবাহিনী মণিপুৰলৈ পঠায়৷ তেওঁলোকে বীৰ টিকেন্দ্ৰজিতক সক্ষম হয়৷ বিচাৰত ব্ৰিটিছ বিষয়াক হত্যা আৰু শাসনৰ বিৰোধিতা কৰাৰ বাবে ফাঁচী দিয়ে৷ লগতে মণিপুৰে চৰকাৰক ক্ষতিপূৰণ দিব লগা হৈছিল৷

চমুটোকা লিখা:-

১. অসমত ইংৰাজে প্ৰৱর্তন কৰা ৰাজহ ব্যৱস্থা

য়াণ্ডাবু সন্ধি অনুসৰি অসমত ইংৰাজে শাসকৰ ভুমিকা পালন কৰি ৰাজহ সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰ প্ৰচলন কৰিছিল৷ অর্থনীতি নিজৰ আয়ত্বলৈ নিবলৈ ইংৰাজে অসমত কৰ-কাটল সংগ্ৰহত গুৰুপ্ত দিয়ে৷ তেওঁলোকে টকাৰ মাধ্যমেৰে মাটিৰ খাজনা সংগ্ৰহ কৰিছিল৷ খাজনাৰ বিপৰীতে কৃষি কার্য উন্নয়নৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাত খাদ্য শস্য উৎপাদনত বিঘিনি ঘটিছিল৷

অধিক ৰাজহৰ বাবে ইংৰাজে টিকট কৰ, আয়কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ, চৰ চাপৰিত গৰু-ম’হ চৰোৱাৰ বাবে গ্ৰেজিং কৰ, আৱকৰী কৰ সংগ্ৰহ কৰিছিল৷ সোণ কমোৱা নৈ, মাছ ধৰা নৈ ডাকত দিয়াৰ ব্যৱস্থা কৰিছিল৷ মুঠৰ ওপৰত সমাজৰ অধিকসংখ্যক লোকৰ অর্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল৷  

২. মণিৰাম দেৱান:-

মণিৰাম বৰভাণ্ডাৰ বৰুৱা বা মণিৰাম দেৱান অসমৰ এজন স্বাধীনতা সংগ্ৰামী৷ প্ৰথম অৱস্থাত তেওঁ ইংৰাজৰে মিত্ৰতাৰ সুবাদত ১৮২৮ চনত চিৰস্তদাৰ পদবী লাভ কৰিছিল৷ পিছলৈ পুৰন্দৰ সিংহৰ ৰাজত্বকালত দেৱান হিচাপে যোগদান৷ ১৮৩৯ চনত উক্ত পদবীৰ পৰা ইস্তফা দি অসম. টি. কোম্পানীত যোগদান কৰে৷ তাৰ পৰাও ইস্তফা দি স্বাধীনভাৱে যোৰহাটত চাহ বাগিচা খুলে৷ তেওঁ কিন্তু ইংৰাজৰ দৰে ৰেহাই নোপোৱাত অসন্তুষ্ট হৈছিল৷১৮৫৩ চনত মফট মিলছক অসমৰ প্ৰশাসন ব্যৱস্থাৰ অনুসন্ধানৰ বাবে আর্জি পেচ কৰিও বিফল হয়৷ অসমৰ পৰা ইংৰাজক আঁতৰাই কন্দপেশ্বর্ৰ সিংহক ৰজা পাতিবলৈ ১৯৫৭ চনৰ  চিপাহী বিদ্ৰোহত কলিকতাৰ পৰা যোগদান কৰে৷ কলিকতাৰ পৰা অসমত বিদ্ৰোহৰ গোপন ষড়যন্ত্ৰ শিৱসাগৰৰ বিষয়া কেপ্তেইন হলৰয়দ চাহাবে ধৰা পেলাই, প্ৰেপ্তাৰ কৰি আলিপুৰ কাৰাগাৰত বন্দী কৰে৷ বিচাৰৰ অন্তত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত পিয়লি বৰুৱাৰ সৈতে ফাঁচি দিয়ে৷   

৩. ফুলগুৰি ধাবা

আফু খেতি


অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ৷ নগাঁও জিলাৰ ফুলগুৰিত কৃষকে আফু খেতি কৰিছিল৷ ১৮৬১ চনত ইংৰাজে এই খেতি সর্ম্পূণৰূপে বন্ধ কৰি চৰকাৰী কানিৰ প্ৰচলন কৰিব খুজিছিল৷ তদুপৰি তামোল-পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি ওলাইছিল৷ এই কথাত ক্ৰোধিত হৈ ১৫ অক্টোবৰৰ পৰা ১৫০০ কৃষকে ৰাইজমেল পাতিলে৷ ৰাইজে প্ৰথমে সেই সময়ৰ নগাঁও জিলাৰ উপায়ুক্ত লেফটেনেণ্ট হার্বাট স্কন্সে সহকাৰী উপায়ুক্ত ছিংগাৰক সভাস্থলীলৈ পঠায়৷ তেওঁ প্ৰতিবাদকাৰীৰ দাবীসমূহ অগ্ৰাহ্য কৰি সেই স্থান ত্যাগ কৰিবলৈ নিদের্শ দিয়াত ৰাইজৰ লগত টনা-আজোৰা লাগে৷ কৃষকসকলৰ এজনে ছিগাংৰক লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে৷ আনসকলৰ আক্ৰমণত ছিংগাৰ থিতাতে হত্যা কৰি কলং নদীত পেলায় দিয়ে৷ চৰকাৰী পুলিচ বাহিনীয়ে ভয় খাই পলায় পত্ৰং দিয়ে৷ এই ঘটনাকে ফুলগুৰি ধেৱা নামেৰে জনা যায়৷ ঘটনাৰ পিছত প্ৰশাসনে বহু কৃষকক কাৰাগাৰত আৱদ্ধ কৰিছিল৷    

৪. লাচিমাৰ কৃষক বিদ্ৰোহ

ব্ৰিটিছ প্ৰশাসনে কৃষকৰ ওপৰত অধিক কৰ আৰোপ কৰাত কৃষকৰ মনত অসন্তুষ্টিয়ে দেখা দিছিল৷ ৰাইজমেল সমূহত কৃষকে খাজনা নিদিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে লাঠিয়াল বাহিনী গঠন কৰিছিল৷  ১৮৫৪ চনৰ ২১ জানুৱাৰীত সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা তুলিবলৈ যাওতে ৰাইজৰ মাৰপিটত আহত হয়৷ ঘটনাস্থলীত বৰপেটাৰ মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈ উপস্থিত হৈ ৭৫ জন লোকক আটক কৰি লচিমাৰ জিৰণি শিবিৰলৈ আনে৷ ৩০০০ ৰাইজে ৰুদ্ৰমূর্ত্তি ধাৰণ কৰি শিবিৰ জ্বলাই দিয়াৰ ভাবুকিত সকলোকে মুক্ত কৰি দিয়ে৷ পিছদিনা উপায়ুক্ত মেক কেব এ ঘটনাস্থলীত উপস্থিত হৈ পুলিচ আৰু গোর্খা ৰেজিমেণ্টৰ সহায়ত ৫৯ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰে৷ বন্দীসকলক মুকলি কৰিবলৈ আৱেলি ৬০০০ লোক উপস্থিত হৈ উপায়ুক্তক আবেদন দাখিল কৰে৷ তেওঁলোকক সহাৰি নজনাই শক্তি প্ৰয়োগ কৰি খেদি পঠায়৷ বন্দীসকলক অকথ্য নির্যাতন চলাইছিল৷ হলিৰাম মিশ্ৰ মণ্ডলক হত্যাৰ অপৰাধত ১৬ জনক শাস্তি বিহে৷     

৫. পথৰুঘাটৰ ৰণ:-

ৰাইজমেলৰ জাননী


দৰং জিলাৰ পথৰুঘাটত ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বর্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদত ৰাইজমেল অনু্ষ্ঠিত কৰিছিল৷ খবৰ লাভ কৰি জিলাধিপতি জে ডি এণ্ডাৰছনে সমাবেশ বন্ধ কৰিবলৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটন লগতে সামৰিক বাহিনীসহ উপস্থিত হয়৷ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা কার্যই কৃষকক অধিক ক্ৰোধাম্বিত কৰি তোলে৷ হাজাৰ হাজাৰ কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ আক্ৰমণ কৰিবলৈ সাজু হয়৷ আৰক্ষী অধীক্ষকে শক্তি প্ৰয়োগ কৰি কৃষকক আঁতৰাই পঠাবলৈ চেষ্টা কৰাত পৰিস্থিতি জটিল হৈ পৰে৷ দলি-চপৰাৰ খুন্দাত কোনেও চকু মেলিব নোৱৰা অৱস্থা হয়৷ শেষত পুলিচৰ গুলীচালনাত ১৪০ জন কৃষকৰ মৃত্যু হয়৷ বহুতো আহত হয়৷ বিদ্ৰোহ দমনৰ বাবে বহুকেইজনক কাৰাগাৰলৈ পঠিয়ায়৷ এয়াই আছিল পথৰুঘাটৰ ৰণ৷     

৬. অসমত কৃষক বিদ্ৰোহৰ গুৰুপ্ত

কৃষক বিদ্ৰোহৰ স্মাৰক


অসমত ইংৰাজে দখল কৰাৰ পিছত প্ৰথম বিদ্ৰোহ ১৮৫৭ চনত মণিৰাম দেৱানৰ নেতৃত্বত হৈছিল৷ ইয়াৰ পিছত বর্ধিত খাজানাৰ প্ৰতিবাদত ১৮৬১ চনৰ পৰা উনবিংশ শতিকাৰ শেষলৈকে বহুকেইটা কৃষক বিদ্ৰোহ অসমত হৈছিল৷ উদাহৰণ- ৰঙিয়াৰ বিদ্ৰোহ, লাচিমাৰ বিদ্ৰোহ, পথৰুঘাটৰ বিদ্ৰোহ আদি৷ এই কৃষক বিদ্ৰোহ লানীক আসাম ৰায়ত নামেৰেও জনা যায়৷ বিদ্ৰোহৰ আঁচনিসমূহ ৰূপায়ন কার্য্যসূচীসমূহ ৰাইজমেল সমূহত আলোচনা কৰা হৈছিল৷ অসমত কৃষক বিদ্ৰোহৰ কেইটামান গুৰুপ্ত তলত দিয়া হ’ল-  

প্ৰথমে কৃষক বিদ্ৰোহে অসমৰ কৃষকসকলৰ দুদর্শাৰ কথা সংগঠনিক ভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷ সংগঠিত নোহোৱা কৃষকক সমাজচ্যুত হ’ব বুলি ঘোষণা কৰিছিল৷ ৰাইজমেল সমূহ এঠাইৰ পৰা আন ঠাইলৈ সংগঠিত ৰূপত বিয়পি পৰিছিল৷  

দ্বিতীয়তে কৃষক বিদ্ৰোহে পৰৱর্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা যোগোৱাত উৎসাহ দিছিল৷

তৃতীয়তে এই বিদ্ৰোহত হিন্দু-মুছলমান সকলোকে একত্ৰিত কৰাৰ লগতে পিছলৈ ধনীক শ্ৰেণীৰ লোকেও বিদ্ৰোহত যোগ দিছিল৷ 

৭. টিকেন্দ্ৰজিৎ:- ৯ নম্বৰ প্ৰশ্ন৷

টাইমলাইনত অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহ আৰু কৃষক বিদ্ৰোহ

১৮২৮:- য়াণ্ডাবু সন্ধিমতে আহোম ৰাজ্য ইংৰাজৰ অধীনলৈ যায়৷ অসমত মাটিৰ খনা আৰু অনান্য কৰ কাটলৰ পৰিমাণ বৃদ্ধি৷ ইংৰাজৰ শোষণ৷ নতুন মুদ্ৰা অর্থনীতি আৰু ভূমি ৰাজহ বৃদ্ধিৰ নীতি৷ বহিৰাগত মহাজন শ্ৰেণীৰ সুদখোৰ স্বভাৱ বৃদ্ধি৷

১৮৩৫:- জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিঙৰ পৰা ইংৰাজৰ হাতলৈ যায়৷

১৮৩৯:- অসমত মহামাৰী৷

         অসম টি কোম্পানী গঠন৷  

১৮৪৩: অসমৰ পৰা দাস প্ৰথা বিলুপ্তি৷ ব্ৰাক্ষ্মণ, পুৰোহিত আৰু অনান্য অভিজাত শ্ৰেণীৰ বিদ্ৰোহ৷

১৮৪৪:- মণিৰাম দেৱানে প্ৰথমজন অসমীয়া হিচাপে চাহবাগিচা স্থাপন৷

১৮৪৭:- অসমত মহামাৰীয়ে শ শ গাওঁ উছন কৰে৷

১৮৫১:- অসমৰ কামৰূপ আৰু দৰঙত কৃষকে চৰকাৰক ৰাজহ দিব দিৱ নোৱাৰি মুল্যৱান গহনা-গাঠৰি আৰু লৰা-ছোৱালী চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল৷

         পুৰন্দৰ সিংহৰ পুত্ৰ কামেশ্বৰ সিংহৰ মৃত্য৷

         শিৱসাগৰ জিলাৰ মুখ্য বিষয়া হিচাপে কেপ্তেইন হলৰয়দৰ যোগদান৷ পূর্বৰে পৰা ভোগ কৰি অহা সম্ভান্ত্ৰ শ্ৰেণীৰ বহু সুবিধা কর্তন কৰে৷

১৮৫২:- অসমৰ বহু ঠাইত মহামাৰী আৰম্ভ৷

১৮৫৩:- অসমলৈ অহা কলিকতা উচ্চ ন্যায়লয়ৰ মূখ্য ন্যায়ধীশ মফট মিলছৰ অসম ভ্ৰমণ৷ তেওঁৰ আগত আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰিটিছৰ ভূমি ৰাজহ নীতিয়ে অসমীয়াক দুর্বল কৰা কথাৰে আর্জিত প্ৰদান৷ লগতে মণিৰাম দেৱানে দুখন আর্জি পেচ কৰিছিল৷ ক্ৰমে-

) ব্ৰিটিছ কোম্পানীয়ে তেওঁ তেওঁলোকলৈ আগবঢ়োৱা সেৱাৰ ফলস্বৰূপে কিছু সুবিধা আদায় দিয়া আৰু

) আহোম ৰাজকোঁৱৰ কন্দর্পেশ্বৰ সিংহক পুনৰ ৰাজ সিংহাসন অধিস্থিত কৰাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুদর্শা লাঘৱ কৰা৷  

১৮৫৭:- ১০ মে’:- মিৰাটত চিপাহী বিদ্ৰোহ৷ অসমতো প্ৰভাৱ৷  কাৰণবোৰ আছিল- লর্ড ওৱেলেচলিৰ বশ্যতামূলক মিত্ৰতা নীতি, লর্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতি৷ বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শ্বাহক ৰজা পাতিবলৈ বিচাৰিছিল৷

অসমত চিপাহী সকলে ইংৰাজক খেদি আহোম ৰাজকোঁৱৰ কন্দর্পেশ্বৰ সিংহক (পুৰন্দৰ সিংহৰ নাতি) ৰজা হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছিল৷ নায়ক মণিৰাম দেৱান৷ বৰাক উপত্যকাত চিতাগঞ্জৰ বিদ্ৰোহীসকলে বিদ্ৰোহ কৰিব বিচাৰিছিল৷

সেই সময়ত অসমত দুটা ৰেজিমেণ্ট আছিল- ডিব্ৰুগড়ৰ প্ৰথম আসাম লাইট ইনফ্ৰেণ্ট্ৰী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফ্ৰেণ্ট্ৰী৷ লগতে শিৱসাগৰ আৰু চৈখোৱাত সেনা চাউনি আছিল৷  

বিদ্ৰোহৰ নেতা:- মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহ, কাণপুৰৰ নানা চাহেব, মাৰাঠা নেতা তাঁতিয়া টোপে, ঝাঞ্চী ৰাণী লক্ষ্মী বাঈ আদি৷

চিপাহী বিদ্ৰোহ আৰু অসম:- মধু মম্লিকৰ সহায়ত মণিৰাম দেৱানে কলিকতাৰ পৰা দুর্গা পূজাৰ সময়ত উজনি অসমত বিদ্ৰোহ কৰাৰ কথা চিন্তা কৰে৷ ছেপ্তেম্বৰত গোপন চিঠিপত্ৰ কেপ্টেইন হলৰইদে ধৰা পেলায়, মণিৰামক কলিকতাত গ্ৰেপ্তাৰ৷ ৭ ছেপ্তেম্বৰত কন্দর্পেশ্বৰক আটক কৰি আলিপুৰ কাৰাগাৰত বন্দী কৰে৷

যাৱজ্জীৱন কাৰাদণ্ড- মধুমল্লিক, কমলা বৰুৱা, দূতিৰাম বৰুৱা, মায়াৰাম নাজিৰ৷

আন্দামানলৈ প্ৰেৰণ:- বাহাদুৰ গাওঁবুঢ়া আৰু শ্বেখ ফর্মূদ আলি৷

১৯৫৮:- মহাৰাণীৰ ঘোষণা-পত্ৰ অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ভাৰত শাসনৰ ক্ষমতা ইংলেণ্ডৰ ৰাণীৰ হাতলৈ যায়৷

২৬ ফেব্ৰুৱাৰী:- যোৰহাট কাৰাগাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি৷

১৮৬১:- ক) নগাঁৱৰ ফুলগুৰিত তিবা লোকসকলৰ মাজত ফুলগুৰি ধাৱা৷ ১৮ অক্টোবৰত লেফটেনেণ্ট ছিংগাৰক হত্যা৷   

খ) উকিয়ান নবাৰ নেতৃত্বত জয়ন্তীয়া সকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ৷

১৮৬২:- জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনীত অতর্কিত আক্ৰমণ৷ (১৭ জানুৱাৰী)

১৮৬৮-৬৯:- মাটিৰ খাজনা শতকৰা ২৫ ৰপৰা ৫০ ভাগ বৃদ্ধি কৰিছিল৷

১৮৮০:- ব্ৰিটিছ চৰকাৰে উত্তৰ কাছাৰত আংগ্ৰামী নগাসকলৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ১০০ জন কুকী লোকেৰে কুকী বাহিনী গঠন৷

১৮৮১:- শম্ভধন কছাৰীৰ নেতৃত্বত উত্তৰ কাছাৰৰ মাইবংত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ৷ চৰকাৰী গৃহত অগ্নিসংযোগ, মেজৰ বয়দক আঘাতপ্ৰাপ্ত কৰে৷

১৮৯০:- মণিপুৰত সিংহাসনৰ বাবে ৰাজপৰিয়ালত গৃহ কন্দল৷ ২১ ছেপ্তেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজে ৰজাৰ আসনত বহে৷ * ব্ৰিটিছ বিৰোধিতাৰ বাবে টিকেন্দ্ৰজিতৰ ফাঁচী৷

১৮৯২:- অসমৰ চীফ কমিছনাৰ উইলিয়াম ৱার্ডে মাটিৰ খাজনা ১০০ শতাংশ বৃদ্ধি কৰে৷

১৮৯৩:- আছাম ৰায়ত (Assam Riot) নামৰ কৃষক বিদ্ৰোহ কামৰূপৰ ৰঙিয়া, লাছিমা আৰু দৰং জিলাৰ পথৰুঘাটত আৰম্ভ৷ খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত৷

২৪ ডিচেম্বৰ- ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰম্ভ৷

১৮৯৪:- সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰ খাজনা সংগ্ৰহৰ বাবে যাওতে ৰাইজে দুয়োকে প্ৰহাৰ কৰে৷ (২১ জানুৱাৰী)

২৬-২৮ জানুৱাৰী:- দৰং জিলাৰ পথৰুঘাটত ৰাইজমেল অনুষ্ঠিত৷

 

শব্দার্থ:-

আফু খেতি:- আফুগুটিৰ পৰা কানি, মাদক দব্য প্ৰস্থুত কৰা হয়৷

আসাম ৰায়ত:- ঊনবিংশ শতিকাৰ শেষ দশকত আৰম্ভ হোৱা কৃষক বিদ্ৰোহ৷

কলিয়াপানী:- আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কাৰাবান্দী সকলক ইংৰাজে নিবার্সন দিছিল৷ অসমত দ্বীপপুঞ্জটোক কলিয়াপানী বোলা হয়৷

কেঞা:- কৃষকক ধাৰ দি মাটি বন্ধকত লোৱা মাৰোৱাৰী মহাজান৷

চিৰস্তাদাৰ:- ইংৰাজৰ দিনত ৰাজহৰ হিচাপ ৰক্ষক৷ 

দলৈ:- ফৌজদাৰী গোচৰৰ বিচাৰৰ ভাৰ লোৱা ব্যক্তি৷

ৰাইজ মেল:- কৃষক তথা সর্বসাধাৰণক ৰাজনৈতিক সচেতন কৰি তুলিবলৈ গঠন কৰা অৰাজনৈতিক সংগঠন৷

লাখেৰাজ:- ব্ৰাক্ষ্মণ পুৰোহিতে বিনা খাজনাৰে ৰজাৰ পৰা ভোগ কৰিবলৈ পোৱা মাটি৷

 

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ