কিতাপ ৯৯৮০

 মিঠা-কেঁহা তিতিকি- ড° বীৰেন্দ্ৰ নাথ দত্ত

অসম শিশু সাহিত্য ন্যাস/ প্ৰথম সংস্কৰণ ১৯৯২
মূল্য-২২/পৃ্ষ্ঠা- ১৬
অসমীয়া শিশু সাহিত্যৰ অন্যতম সম্পদ এইখন ধেমেলীয়া পদ্যৰ চিত্ৰসমূহ অংকন কৰিছিল চিত্ৰশিল্পী উৎপল তালুকদাৰে৷ গীত-পদৰ মাজেদি শিশুৰ মনোৰঞ্জন আৰু মানসিক বিকাশত সহায় কৰিব পৰাকৈ লিখা কিতাপখন বহু সময়ত পদ কেৱল শিশুসুলভ নহৈ কিশোৰ আৰু বয়স্ক লোকৰো ৰুচিৰ খোৰাক দিবলৈ সক্ষম হ’ব৷ ধেমেলীয়া পদ বোৰে কৌতুক উদ্ৰেগ কৰাৰ উপৰিও ব্যঙ্গ আৰু শ্লেষৰ মাধ্যমেৰে সামাজিক সমালোচনাও কৰিছে৷

কিতাপখনৰ পৰা কেইটামান ধেমেলিয়া পদ্য-

ক) ধনেশ পখী, ধনেশ পখী,

ধোন্দত থাকা পোৱালি ৰখি৷

তোমাৰ বোলে ফলেই আহাৰ?

কি ফল বাৰু পছন তোমাৰ—

আম, অমৰা নে আমলখি

ধনেশ পখী, ধনেশ পখী৷

মূৰত কিৰীটি, বিয়াগোম ঠোঁট—

চোৱাহি পুৰণি নামঘৰটোত

গৰুণ্ড সৌ তোমৰ সখি৷

ধনেশ পখী, ধনেশ পখী৷

খ) কেঙাৰুলে’ চাই
বেঙ্ আৰু শহায়

হাত যোৰ কৰি বুলিলে ককাই—

তোমাক নমস্কাৰ৷

আমাৰ এজনে ল’ৰ দিওঁ ভাল

ইজন জাঁপত চাৰ—

তুমি যে দুয়োটা একেলগে কৰা

বাঃ—কি চমৎকাৰ৷

গ) অদ্ভুত এটা ল’ৰা

মুখখন শেঁতা পৰা,

চকু দুটা পিছে তাৰ

উজ্জ্বল ভোটা তৰা৷

জোনটোৰ কথা ক’লে

জন্তুৰ কথা বুজে

সিংহ বিচাৰি গৈ

শিং থকাটোৰে যুঁজে

জানানে নাম কি তাৰ

অনিল নে আনোৱাৰ ?

যিজনে সঁচাকে’  জানে

তেৱেঁ ঠিক ‘জানোৱাৰ’৷

ঘ) লোকৰ মুখেৰে যি গীত গোৱায়

তাৰ নাম লোক গীত,

পৰক মাৰি দি চিত কৰিলেই

হৈ যায় পৰাচিত৷

শিশুটোক এৰি অন্যই খালে,

অন্নপ্ৰাশন হয়,

ট্ৰাকৰ পিছত মতাৰ দলেহে

গায় “মাঈকী”ৰ জয়৷

ঙ) “কিয় খাবলৈ যাম বঙলুৱা মছলা

থাকোঁতে আমাৰ কচু খাৰ টেঙা পচলা ?”

এই বুলি কোৱাজন সষ্টম বাতবৰুৱা

কথাই কথাই তেওঁ অসমীয়া, থলুৱা৷

বিদেশী বুলিলে তেওঁ ছট-ফট কৰি মৰে;

সাঁজৰ বেলিকা পিছে যেতিয়া এটোপা ধৰে

দেখা যায় ‘বিলাতী’তে ভক্তি কি অচলা!

চ) লোটা- কম্বল

কৰিসম্বল

কোন ক’ত আছ আহি থাক—

হাবি-জংগল

কাটি মঙ্গল

আনি পাতে পাতে দে আমাক৷

আমি তো থলুৱা

হৈও নিবনুৱা

দেহা মাৰি কিয় আর্জিম ?

কিছু মাটি বেচি

বাকী ঠেলি-হেঁচি

ঘৰ সাজি সাজি ভাৰা দিম৷

খুজি তহঁতকে

বাৰটা মাহকে

ব’হাগ সজাই বাম ঢোল—

কৰিলে আমনি

তুলি দিম ধ্বনি

“ইহঁতৰ পৰা দেশ গ’ল৷”

ছ) বিলাতী ভকতে

টিকনি জোকাৰি

বাটত বজায় খোল—

তাল-নেগেৰাৰ

কোবত চিঞৰে—

Horrible! Horrible!  

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ