কিতাপ ৯৯৮৩

 

অসমৰ নদ নদী- যোগেন্দ্ৰ নাথ শর্মা

অসম সাহিত্য সভা/ প্ৰথম প্ৰকাশ ১৯৯৩ (দ্বিতীয় প্ৰকাশ ২০০৮, অসম সাহিত্য সভাৰ হৈ কিৰণ প্ৰকাশন)
মূল্য- ১২৫.০০/ মুঠ পৃষ্ঠা- ২৭২



অসম প্ৰাকৃতিক সৌন্দর্যৰে মোহময়ী নদী, উপনৈ, জান, জুৰি, নিজৰাৰে প্ৰবাহমান ৰাজ্য৷ লুইতৰ পৰা বৰাকলৈ, দিখৌৰ পৰা শোৱণশিৰিলৈ কত নদ নদীৰ পাৰে পাৰে অসমৰ মানুহৰ সভ্যতা-সংস্কৃতিৰ সেউজ সোণালী ধাৰাৰে গাওঁ-নগৰ-চহৰ আৰু সেউজীয়া পথাৰ আৰু অৰণ্য৷ অসমৰ নদ-নদীবোৰৰ বিজ্ঞানসন্মত অধ্যয়ণ আৰু পঞ্জীয়নৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি অসম সাহিত্য সভাই ১৯৯১-৯২ চনত তেতিয়াৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভুতত্ত্ব বিভাগৰ ৰীডাৰ যোগেন্দ্ৰনাথ শর্মাক এখন পুথি লিখিবলৈ তাগিদা দিয়ে৷ সেই বর্ষৰ সভাৰ সভানেত্ৰী আছিল নির্মলপ্ৰভা বৰদলৈ আৰু প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুন৷ কিতাপখনে ব্ৰক্ষ্মপুত্ৰৰ লগতে ইয়াৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ উপনৈসমূহক সামৰি লোৱাৰ লগতে বৰাক আৰু তাৰ উপনৈসমূহকো সামৰি লৈছে৷ অসমৰ নদীৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ হাতপুথি হিচাপে কিতাপখন ব্যৱহাৰ কৰিব পাৰি৷

কিতাপখনৰ পৰিশিষ্টৰ পৰা কেইটামান তথ্য


                                               প্ৰথম সংস্কৰণৰ কভাৰ


১.  ব্ৰক্ষ্মাৰ পুত্ৰ বুলি ধৰা হেতুকে ব্ৰক্ষ্মপুত্ৰ নৈৰ ক্ষেত্ৰত ৰৈ পুৰুষবাচক শব্দ নদ ব্যৱহাৰ কৰা হয়৷ অদুপৰি ভাৰতীয় পৰম্পৰা অনুসৰি সকলোবোৰ পূববাহিনী নৈক স্ত্ৰীলিংগ আৰু একমাত্ৰ নর্মদাৰ বাহিৰে পশ্চিমবাহিনীৰ নৈবোৰক পুংলিংগ হিচাপে ধৰা হয়৷ যথা- “প্ৰাকস্ৰোতা নদ্যাঃ প্ৰত্যকস্ৰোতাসো নদা নর্মদাংৱিনা৷” ভাৰতত ব্ৰক্ষ্মপুত্ৰখন পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে সেইবাবে ব্ৰক্ষ্মপুত্ৰখন নদ৷

২. লোহিত্যৰ পৰা লোহিত আৰু পাছত লুইত নামেৰে ব্ৰক্ষ্মপুত্ৰ নদ জনাজাত হয়৷ ৱেডৰ টোকা মতে লুইত তিনিখন- চিৰি লুটি, বুঢ়া লুইত আৰু গাভৰু লুইত৷ চিৰি লুইতখন উত্তৰলৈ বৈ গৈ উত্তৰ সাগৰত পৰিছে৷ বুঢ়া লুইতখন দক্ষিণমুৱা হৈ ব্ৰক্ষ্মদেশৰ মাজেদি বৈ গৈছে৷ গাভৰু লুইতখনেই হ’ল ব্ৰক্ষ্মপুত্ৰ৷ এইখন পশ্চিমমুৱা হৈ অসম তথা কামৰূপৰ মাজেদি বৈ গৈছে৷ ৱেডৰ সময়ত তিব্বতৰ চাংপোৱেই যে অসমৰ ব্ৰক্ষ্মপুত্ৰ সেই বিষয়ে নিশ্চিতকৈ জনা হোৱা নাছিল৷

৩. অসমৰ বহুত নৈৰ নাম অষ্ট্ৰিক, বড়ো আৰু টাই ভাষাৰ শব্দৰ পৰা উদ্ভৱ হোৱা৷ হো, হং, অং, টিয়া, টিউ, টু, দু, দিউ, পাও আদি অষ্ট্ৰিক শব্দই পানী বা নৈক বুজায়৷ বড়ো ভাষাত পানী বা নৈক  (উজনি অসম আৰু পর্বতীয়া ঠাইত) ‘দি’ বোলে আৰু নামনি অসমত ‘দুই’ বোলে৷ টাই ভাষাত ‘নাম’ শব্দই নৈ বা পানীক বুজায়৷ অসমৰ নৈবোৰৰ নামকৰণ প্ৰায়বোৰ ক্ষেত্ৰতে নৈ একোখনৰ লক্ষণৰ ওপৰত ভিত্তি কৰি দিয়া হৈছিল বুলিও ভবা হৈছে৷ সেইবাবে নৈবোৰৰ নামবোৰ যথেষ্ট তাৎপর্যপূর্ণ৷ ফলত তেনে কেইটিমান নাম আৰু তাৰ অর্থ দিয়া হ’ল=

ডিব্ৰু (ভাষা- বড়ো)- অসমীয়া অর্থ- ফোঁহৰা
দিবাং (ভাষা- বড়ো)- অসমীয়া অর্থ- সুখাদ্য
দিগাৰু (ভাষা- বড়ো)- অসমীয়া অর্থ- দিগ্ৰু- গ-ধোৱা
দিক্ৰং (ভাষা- বড়ো)- অসমীয়া অর্থ- দিকৰেং- ক্ষুদ্ৰ জলপ্ৰপাত
চাৰিং (ভাষা- বড়ো)- অসমীয়া অর্থ- মাটিৰ তলেৰে বোৱা নৈ৷
চাৰিং (ভাষা টাই)- অসমীয়া অর্থ- চাম- তিনি, ৰিং-হেজাৰ: তিনি হেজাৰ পানীখোৱা ঘাট থকা নৈ৷
নামদাং (ভাষা টাই)- অসমীয়া অর্থ- নাম-পানী, দাং-ৰঙা: ৰঙচুৱা পানীৰ নৈ
টিপাম (ভাষা টাই)- অসমীয়া অর্থ-টি-ঠাই, পম-টিলা: বাম ঠাইৰ নৈ৷
টীয়ক (ভাষা টাই)- অসমীয়া অর্থ- টি-ঠাই, য়ক- ঘিঁউ: গাখীৰ ঘিঁউ যোগনীয়া ঠাইৰ নৈ৷
টিফুক (ভাষা টাই)- অসমীয়া অর্থ-টি-ঠাই, ফুক-বগা: বগা (ঘোলা) পানীৰ নৈ৷
টিমন (ভাষা টাই)- অসমীয়া অর্থ-টি-ঠাই, মন- বন পলু: মোগা পোহা ঠাইৰ নৈ৷
টিৰাপ (ভাষা টাই)- অসমীয়া অর্থ-টি-ঠাই, ৰাপ-ভাললগা: নৰা আৰু আহোম ৰাজ্যৰ সীমাৰ নৈ৷
টিংৰাই (ভাষা টাই)- অসমীয়া অর্থ-টি-ঠাই, ৰাই-জিলিকি থকা: দূৰৰ পৰা জিলিকি থকা ওখ ঠাইৰ নৈ৷
তিৰু (ভাষা টাই)- অসমীয়া অর্থ-তি-লো পগা, ৰু- গাঁত: লো পগোৱা ঠাইৰ নৈ৷
নামতি (ভাষা টাই)- অসমীয়া অর্থ- নাম-পানী, তি-ঠাই: দ ঠাইৰ নৈ৷
দৰিকা (ভাষা টাই)- অসমীয়া অর্থ- ডয়-পর্বতীয়া, ৰিক-যুক্ত, আ- বহল: বহল পর্বতীয়া নৈ৷
নাফুক (ভাষা টাই)- অসমীয়া অর্থ- নাম-নৈ, ফুক- বগা: বগা (ঘোলা) পানীৰ নৈ৷
তাওকাক (ভাষা টাই)- অসমীয়া অর্থ- তাং-বাট, কাক-মুগাচোং: মুগাচোঙলৈ যোৱা বাটৰ নৈ৷
নামচাং (ভাষা টাই)- অসমীয়া অর্থ- নাম-পানী, নামনি, চাং- নগা গাওঁ: নামনি নগা গাঁৱৰ নৈ৷
নামচাই (ভাষা টাই)- অসমীয়া অর্থ- নাম-পানী, চাই-বালি: বালিময় নৈ৷



একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ