অন্তৰংগ-
চন্দ্ৰপ্ৰসাদ শইকীয়া
বনলতা/
প্ৰথম প্ৰকাশ-১৯৯৯/ বেটুপাত- অৰুণ নাথ
মূল্য-
৪০.০০/ পৃষ্ঠা- ৯২
দৈনিক অসম কাকতত চন্দ্ৰপ্ৰসাদ শইকীয়াই ধাৰাবাহিকভাৱে
এইখিনি ৰচনা লিখিছিল৷ পিছলৈ গ্ৰন্থাকাৰে প্ৰকাশ কৰিছিল৷ অসমত গ্ৰন্থমেলাৰ আয়োজনত গুৰুপ্তপূর্ণ
ভূমিকা পালন কৰা শইকীয়াদেৱৰ এইখন ৰচনা সংকলনত সন্নিবিষ্ট ৰচনাবোৰ হৈছে- কেইটামান অ-মৃত
মুহূর্ত; চিন্তাত আমাৰ সমসাময়িক; প্ৰথম ৰচনা; সন্মোহন; শব্দ সেই এটাই: অবিৰত; বন্ধনচিন্নতা;
সাহিত্যিক আৰু সমালোক; আকাশীগঙ্গা,সন্মান-সম্বর্ধনা; গ্ৰন্থ-সংস্কৃতি; পাঁচখন কিতাপৰ
কথা; সম্পাদনাৰ কথা; সুৰ সেই একেটাই; জীৱনৰ ছন্দ আৰু অর্থৰ সন্ধানত; কবিতাৰ কণ্ঠস্বৰ
পুনৰ শুনিবলৈ পামনে; চাৰিগৰাকী বিচক্ষণ সাহিত্যিক; এ. এছ. এল. ক্লাবৰ জয়ন্তী; কলিকতাত
সাহিত্যিৰথী বেজবৰুৱাৰ মূর্ত্তি প্ৰতিষ্ঠাৰ কথা৷
কিতাপখনৰ
পৰা এখন ৰচনা
চন্দ্ৰপ্ৰসাদ শইকীয়া
গ্ৰন্থ-সংস্কৃতি
বিশ্বৰ
সর্ববৃহৎ গ্ৰন্থ উৎসৱ হয় প্ৰতি বছৰে ছেপ্তেম্বৰত জার্মানীৰ ফ্ৰেঙ্কফূর্তত৷ ১৯৮৩ চনত
মই ভাৰতীয় কেইজনমান লিখক আৰু গ্ৰন্থ প্ৰকাশকৰ লগত সেই উৎসৱত যোগ দিবলৈ গৈছিলো৷
এদিন
গধুলি ৰেলেৰে বার্লিনলৈ ৰাওনা হ’লো৷ মোৰ লগত কলিকতাৰ প্ৰখ্যাত গ্ৰন্থ প্ৰকাশন অনুষ্ঠান
আনন্দ পাব্লিশার্সৰ মেনেজাৰ দ্বিজেন, (বাদল) বসু৷ অমাৰ দুজনক বাদ দি, ৰেলৰ কোঠাত আঠজন
যাত্ৰী, চৰিজন পুৰুষ, তিনিগৰাকী মহিলা, আৰু এজনী সৰু ছোৱালী৷ ৰেল ষ্টেচন এৰাৰ লগে লগে
ষজন যাত্ৰীয়ে কিতাপ মেলি ল’লে পঢ়িবলৈ৷ ল’ৰাটোৱে কাণত লগাই ল’লে গীতৰ ৱাকমেন৷
কিতাপ মেলি নল’লো কেৱল সুদূৰ প্ৰচ্যাৰ পৰা
আমি যোৱা দুজনে; অথচ আমি দুয়ো দুটা গ্ৰন্থ প্ৰকাশন অনুষ্ঠানৰ লগত নিবিড়ভাবে জড়িত৷
বসুৱে এইবাৰ বাঙ্কলৈ উঠি শুলে আৰু লগে লগে
তেওঁৰ নাকৰ শব্দ ডাঙৰ হৈ আহিল৷ এগৰাকী মহিলাই তেওঁক গাত ধৰি জগাই দিলে, তেওঁৰ অধ্যয়নত
ব্যাঘাত জন্মিছে৷ বসুৱে নামি আহি আহি মোক ক’লে: কি যে অদ্ভূত দেশত আহি সোমালোহি!
দুখন দেশৰ পশ্চিম আৰু পূর্ব জার্মানীৰ (তেতিয়া
জার্মানী একত্ৰিত হোৱা নাছিল) সীমান্তত ৰেল ৰ’ল৷ পুলিচ সোমাল৷ সেই কিতাপ পঢ়ি থকাসকলে
পুলিচৰ মুখলৈ নোচোৱাকৈয়ে, কিতাপৰ পাতত চকু স্থিৰ কৰি জেপ-বেগৰ পৰা পুলিচক পাছবোৰ দেখুৱালে৷
ফ্ৰেঙ্কফুর্ত গ্ৰন্থমেলালৈ দিনে ৰাতিয়ে মানুহ
আহিছে, সমগ্ৰ য়ুৰোপৰ পৰা আহিছে, ইফালে সিফালে চাৰিওফালে মনুহৰ চকুৰে মণিব নোৱৰা লাইন৷
কেনিও ক’তো চিঞৰ বাখৰ নাই, নাই হূলস্থুল, ক্লান্তিহীন সেই অপেক্ষা, লাইনত অনেকেই কিতাপ
মেলি লৈছে৷ গ্ৰন্থমেলাৰ পার্কত ৰাশি ৰাশি বেঞ্চত পুৰুষ-তিৰোতা-কিশোৰ-কিশোৰী অনেকেই
মেলি লৈছে কিতাপ৷
তেতিয়াৰ ছোভিয়েত দেশত (১৯৭৫) এক হৃদয়স্পর্শা
দৃশ্য দেখিলো৷ বিমানকোঠৰ কোঠাত বহি মানুহে হয় কিতাপ পঢ়ে, নহয় ডবা খেলে৷ টেবুলত ডবাৰ
ছেট পাতি থোৱা থাকে৷ বিশাল পার্কৰ বেঞ্চত বহি পুৰুষ মহিলাই কেৱল কিতাপ পঢ়িছে৷ বাছত
যাওতে, বিমানকোঠত ঠিয় হৈ থাকোতে, বাৰত বহি মদ্যপান কৰোতে, হোটেলৰ লাইঞ্জত বহি থাকোতে,
ৰেষ্টুৰেণ্টত আহাৰৰ অর্ডাৰ দি আহাৰ অহালৈকে, শতকৰা আশীৰ পৰা পঁচাশীজনে কিতাপ মেলি লয়৷
কিতাপ পঢ়ি যে মানুহ ইমান অভিভূত হ’ব পাৰে,
কিতাপ পঢ়াটো যে কি এক দেৱদুর্লভ ভাগ্য, কিতাপ পঢ়াৰ আনন্দই যে আন অনেক আনন্দত অপ্ৰয়াসে
কৰিব পাৰে অতিক্ৰম, সেই কথা ভাৰতবর্ষত ফুৰি, অসম ৰাজ্যত আমৃত্যু বাস কৰি মানুহে আনকি
কল্পনাও কৰিব নোৱাৰে৷
পেৰিচত
দেখিছিলো এখন সাহিত্য আলোচনীৰ কপি কিনিবৰ বাবে নিদাৰুণ শীতৰ দিনত সুদীর্ঘ লাইনত মানুহ
থিয় হৈছে৷ সেই আলোচনীৰ বেটুপাতত আমাৰ আলোচনীৰ দৰে কোনো শিল্পীৰ সযত্নে অঙ্কিত ছবি নাই৷
ডাঠ কাকতৰ বেটুপাতত কেৱল লিখা থাকে ৰচনা আৰু লিখকৰ নাম৷ ফৰাচী ভাষা আমাৰ বাবে লেটিন
আৰু গ্ৰীকৰ দৰে; তথাপি সেই উৎসাহী পাঠকৰ আনন্দত নিজেই আনন্দিত হোৱাৰ পৰম আশাত কিনি
লৈছিলো এখন আলোচনী৷ ভিতৰতো কোনো বর্ণাঢ্য ছবি নাই, সমালোচিত গ্ৰন্থৰ বেটুপাত ছবিৰ বাহিৰে৷
আচৰিত কথা, মাজৰ দুটামান পাত নিজেই কাটি ল’বলগীয়া হ’ল৷ অৱশ্যে আলোচনীৰ ছপা আৰু কাগজৰ
মান উৎকৃষ্ট, অসাধাৰণ৷
আমেৰিকাত থকাৰ কথা মনত পৰে৷ ১৯৬৫ চনত ছমাহৰ
বাবে সেই দেশলৈ গৈছিলো, এক আন্তর্জাতিক সাংবাদিক গোষ্ঠীৰ ভাৰতৰ এজন প্ৰতিনিধি ৰূপে৷
নিউয়র্কৰ এখন কিতাপৰ দোকান ছমহলীয়া, প্ৰতি মহলাত এফালৰ পৰা আনফাল চকুৰে মণিব নোৱাৰা
ৰাশি ৰাশি ৰেকত সজোৱা আছে গ্ৰন্থ আৰু গ্ৰন্থ৷ মাজে মাজে কিছুমান ৰেক বিজুলীচালিত, অবিৰত
ঘূৰি থাকে৷
নিউয়র্ক, ছানফ্ৰান্সিস্ক, ছিকাগো আৰু বষ্টনত
যিকেইখন কিতাপৰ মেলা দেখিলো, সেই দৃশ্য জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম৷ মানুহৰ যে ভাগ্য
কেতিয়া কেনেকৈ মুকলি হয়৷
বিদায় লোৱাৰ কিছুদিনৰ আগতে এটা অভূতপূর্ব
সুযোগ পালো৷ এখন কার্ড: আমেৰিকাৰ যিকোনো কিতাপৰ দোকানৰ পৰা ডেৰশ ডলাৰৰ কিতাপ আমি বিনামূল্যে
উপহাৰ পাব পাৰিম৷
সেই দুর্লভ সুযোগ গ্ৰহণ কৰিলো পৰিপূর্ণভাৱে,
মনৰ অসীম তৃপ্তিৰে৷ এখন বৃহৎ দোকানত সোমালো৷ নিউর্য়কৰ ৪৮ ষ্ট্ৰীটৰ ৰেডিঅ’ চিটি বুকষ্ট’ৰ৷
গ্ৰন্থৰ পিছত গ্ৰন্থ নির্বাচন কৰিলো৷ ভাবিছিলো কিতাপ কিনাৰ এনে দূৰন্ত প্ৰলোভন অতিক্ৰম
কৰাটো অসম্ভৱ৷
ইখনৰ পিছত সিখন কিতাপ স্পর্শ কৰি, প্ৰতিখনৰে
এক মধুৰ গোন্ধ সেৱন কৰি, বিশেষকৈ আমেৰিকাৰ দৰে উন্নত বিশাল দেশৰ, ভাৰতৰ মানুহে কল্পনাও
কৰিব নোৱৰা, এক বৃহৎ দোকানৰ পৰা কিতাপ আনি ঘৰত সজাই থোৱাৰ উল্লাসত উত্তেজিত নোহোৱাকৈ
থাকিব নোৱাৰিলো৷
গ্ৰন্থবোৰ আছিল: হাতেৰে দাঙি ল’ব নোৱাৰা,
বৃহৎ আকাৰৰ, ৫২০ পৃষ্ঠাৰ আৰু ১৬১০: চাৰিশ ছবি
খন থকা লিয়নার্ড ডা ভিন্সি (মূল্য-
আজিৰ পৰা ত্ৰিশ বছৰৰ আগতে পইত্ৰিছ ডলাৰ, এতিয়া এশ ডলাৰৰ কম নহব) চাৰিশ ছবি থকা বৃহৎ
আকাৰৰ মাইকেল এঞ্জেল’ (অমেৰিকানে মিকেলএঞ্জেল’ বুলি কয়): ৰেমব্ৰা, ইংলিছ পেইণ্টিংছ: ফ্ৰেমিছ পেইণ্টিংছ: ডাছ পেইণ্টিংছ: ভেনেশ্বিয়ান পেইণ্টিংছ: ফ্ৰেন্স পেইণ্টিংছ:
গয়াজ ফ্ৰেজক’জ: তিনিটা খণ্ডৰ এডৱার্ড গীৱনৰ দ্য দিকলাইন এণ্ড ফল অব্ দ্য ৰোমান আম্পায়াৰ:
প্লুটাকার্ছ লাইভ (ড্ৰাইডেনৰ অনুবাদত): ৱাল্ট হুটমেনৰ লিভছ অৱ গ্ৰাছ: টুৱেনট্ৰি চেঞ্চুৰী
ক্লাছিকছ (গান উইথ দ্য উইণ্ড, নর্থ ৱেষ্ট পেছেজ, মিউটিনি অন দ্য ৱাউণ্টি, অব হিউমেন
বণ্ডেজ, দ্য ৰ’ব, লর্ড জীম): গ্ৰেট ক্লাছিকেল মিথছ: আব্ৰাহাম লিঙ্কনৰ বিষয়ে দুটা খণ্ড:
চাইনিজ লিটৰেশ্বাৰ- আ হিষ্টৰিকেল ইণ্ট্ৰডাকছন: জেনছনৰ হিষ্ট্ৰি অব আর্ট: আদি৷
মূল্য ডেৰশ ডলাৰৰ ঠাইত প্ৰায় তিনিশ ডলাৰ হ’ল৷ (তিনিশ ডলাৰৰ ১৯৯৬ চনত ভাৰতীয় পৰিমাণ হ’ল নহেজাৰ
টকাৰো অধিক)৷ দোকানৰ মালিকক অনুৰোধ কৰিলো শতকৰা পঁচিশ ভাগ ৰেহাই দিবলৈ৷ (কাৰণ, অপ্ৰতিৰোধ্য ড° ছেমুৱেল জনছনেই আমাক কৈ থৈছে যে গ্ৰন্থক্ৰয়ত যিমান
পাৰা সিমান ‘বার্গেইন’ কৰিবা)৷ দোকানৰ কেবাজনেও আলোচনা কৰিলে৷ পিছদিনা মাতিলে৷ শতকৰা
কুৰিভাগ ৰেহাইত মান্তি হ’ল৷ এই অত্যুৎসাহী ভাৰতীয়ৰ প্ৰতি সম্ভৱ তেওঁলোক সদয় হ’ল৷ তেতিয়া
ভাৰত পাকিস্তান যুদ্ধ লাগিছে: প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে ঘোষণা কৰিছে যে
প্ৰয়োজন হ’লে ভাৰতে পাকিস্তান আৰু চীনৰ বিৰুদ্ধে সমানে যুদ্ধ কৰিব৷
কিতাপবোৰ জাহাজেৰে আহিছিল৷ পিয়নে ৰিক্সাত
ঘৰলৈ আনিছিল কিতাপবোৰ৷ মোৰ পৰিবাৰে পিয়নক খুৱাইছিল চাহ৷
১৯৮৪ চনৰ ডিচেম্বৰত ব্যাপক ৰূপত গুৱাহাটী
গ্ৰন্থমেলা পতা হ’ল৷ পৃথিৱীৰ কেবাটাও বৃহৎ গ্ৰন্থমেলা আৰু নতুন দিল্লীত ১৯৭২ ৰ পৰা বছৰে বছৰে পতা প্ৰগতি ময়দানৰ বিশাল গ্ৰন্থমেলাৰ
অনুপ্ৰেৰণা আৰু আদর্শৰে গুৱাহাটী গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰা হৈছিল৷ সেইটো আছিল আমাৰ
জীৱনৰ এক সুদীর্ঘ স্বপ্নৰ আলোকসন্ধানী ৰূপায়ণ৷ সেইটো কেৱল এক গ্ৰন্থমেলাই নাছিল: সেইটো
আছিল এক স্পিৰিট, এটা যেন জীৱনৰ অপ্ৰতিৰোধ্য, দুর্বাৰ বুলি কব পাৰি, জাতীয় গৌৰৱ৷ তালৈ
মানুহ আহিছিল ইফালৰ, সিফালৰ চাৰিফালৰ পৰা, সূদূৰৰ পৰা মানুহ আছিল ৰেলেৰে, বাছেৰে, মটৰেৰে:
জর্জ ফিল্ডলৈ যেন ধাবিত হৈছিল এই নগৰৰ সকলো পথ: স্কুলৰ য়ুনিফর্ম পৰিধানেৰে সুদীর্ঘ লাইনেৰে আহিছিল ছাত্ৰ-ছাত্ৰী: ভাৰতৰ আটাইবোৰ প্ৰখ্যাত
গ্ৰন্থ প্ৰকাশকে হাজাৰ হাজাৰ গ্ৰন্থ বিচিত্ৰ পোহাৰেৰে মেলি ধৰিছিল: ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে
উৎসৱ উদ্বোধন কৰিছিল: প্ৰতিদিনে একোটা আলোচনাৰ শ্ৰোতাৰ সংখ্যা আছিল চাৰিশৰৰো অধিক:
অসমৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰিছিল নৃত্য-নাট্য-গীত: সংখ্যাহীন ছাত্ৰ-ছাত্ৰীয়ে
যোগ দিছিল চিত্ৰাঙ্কনত: ৰবীন্দ্ৰনাথ, বিথ’ফেন, মোজার্ট, জ্যোতিপ্ৰসাদৰ কোমল গীতেৰে
এক সন্মোহনৰ সৃষ্টি হৈছিল চাৰিওফালে: শ শ উৎসাহী পুৰুষ-মহিলাই হাতত কিতাপৰ টোপোলা লৈ
ঘৰলৈ উভতিছিল: বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত হৈছিল বর্ণাঢ্য বাতৰি প্ৰতিদিনে:
গ্ৰন্থমেলা শেষ হোৱাৰ আগতেই গুৱাহাটীৰ, কলিকতাৰ, দিল্লীৰ কেবাখনো ষ্টলৰ কিতাপবোৰ বিক্ৰী
শেষ হৈ গৈছিল৷
সেই গ্ৰন্থমেলাৰ কথা ভাবি হৃদয় আজিও, আনন্দেৰে,
গৌৰৱেৰে উপচি পৰে৷ তেনে এক সার্থক, এক অর্থত ক’ব পাৰি অসমৰ সাংস্কৃতিক জীৱনত ঐতিহাসিক,
গ্ৰন্থ উৎসৱ সম্পন্ন কৰাৰ ক্ষমতা যে আমাৰ আছিল, তাৰ লগত জড়িত সকলোৰে যে আছিল, সেই স্মৃতিয়ে
আমাৰ জীৱনক দান কৰিলে এক অর্থ, অভিনৱ অর্থ, দান কৰিলে, এক প্ৰতিশ্ৰুতি৷ মানুহে অতি
আদৰেৰে আজিও সেই উৎসৱৰ কথা উলিয়ালে সঁচাকৈয়ে মন আশা আৰু উদ্দীপনাৰে উথলি উঠে৷
সেই গ্ৰন্থ উৎসৱ নাছিল এক আকস্মিক ঘটনা৷ আমাৰ
সংস্কৃতি, আমাৰ সাহিত্য, আমাৰ তাত্ত্বিক চিন্তাৰ অত্যন্ত প্ৰয়োজনতে সেই মেলাৰ অপৰিহার্য
হৈছিল৷ এই অসম ৰাজ্যত হেজাৰ বছৰ ধৰি অনেক মেলা হৈ আছে, সেই মেলাবোৰ ৰূপান্তৰিত হয় তীর্থস্থানলৈ,
মানুহৰ মেলা চোৱা আগ্ৰহ অপৰিমেয়৷ কিন্তু গ্ৰন্থৰ যে এখন বৃহৎ মেলা হব পাৰে এই অসমৰ
ভূমিতে, কেৱল গ্ৰন্থৰ মেলা, সেই কাহিনী সত্য ৰূপত উদ্ভাষিত হ’ল৷ কিতাপৰ বর্ণাঢ্য ৰূপ,
তাৰ গোন্ধ অনেকৰ স্মৃতি আৰু সত্তাত একাকাৰ হৈ পৰিল৷
তাৰ পিছত আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই৷
গ্ৰন্থমেলা এতিয়া অপ্ৰয়াসে অসমৰ বহুত নগৰৰ এক বার্ষিক উৎসৱত পৰিণত হৈছে৷ শেহতীয়াকৈ
এই মেলাই বিস্তাৰিত ৰূপ ধাৰণ কৰাৰ কাৰণ হ’ল, সেই উপলক্ষে আয়োজিত সাহিত্য-আলোচনাই ব্যাপকৰূপে
মানুহৰ তাত্ত্বিক চিন্তাক আলোড়িত কৰাৰ কাৰণ হ’ল, আজিৰ এই সন্ত্ৰাস-জর্জৰিত, নিগনিচঞ্চল,
অনিশ্চিত, ৰাজনৈতিক জীৱনৰ পুঞ্জীত কলঙ্কৰ কালত মানুহক এক ৰিলিফ লাগে, মানুহে শব্দৰ
শক্তিৰ মাজেৰে এক তাত্ত্বিক আনন্দ পাবলৈ বিচাৰিছে: সাহিত্যৰ সংস্কৃতিৰ পুনৰুত্থান তেনেকৈয়ে
ঘটিব বুলি তেওঁলোক অনন্ত আশাত বন্দী হৈ আছে৷
পৃথিৱীৰ
অনেক বৰণ সলনি হয়৷ কিন্তু শব্দৰ, সাহিত্যৰ বৰণ প্ৰগাঢ় হৈ থাকে, প্ৰগাঢ়ৰ পৰা প্ৰগাঢ়তৰ
হৈ থাকে, বছৰৰ পিছত বছৰ, যুগৰ পিছত যুগ, শতাব্দীৰ পিছত শতাব্দী (পৃষ্ঠা-৫৫-৫৮)
0 মন্তব্যসমূহ