কিতাপ ৯৯৮৬
অসম দেশৰ সাধু- প্ৰফুল্ল দত্ত গোস্বামী
অসম প্ৰকাশন পৰিষদ/ প্ৰথম প্ৰকাশ-১৯৯১ (তৃতীয় সংস্কৰণ-২০০৩)
মূল্য- ২৫.০০ / মুঠ পৃষ্ঠা-৫২
প্ৰফুল্ল দত্ত গোস্বামীৰ ছোৱালী চিৰিমাৰ বয়স ৪ বছৰ৷ পঢ়াৰ কথা
উলিয়ালে কয় তাই ডাঙৰ হ’লে পঢ়িব৷ ঘৰত পঢ়িবলৈ দিলে কয়- স্কুলতহে পঢ়িব৷ পঢ়িব নুখুজিলেও
তাই সাধু শুনি ভাল পায়৷ কন্যাক শুনাবলৈ সংগ্ৰহ সাধুবোৰৰ আধাৰতে ‘অসম দেশৰ সাধু’ কিতাপখন
ছপা হৈছিল৷ যিবোৰ সাধু পূর্বে প্ৰকাশিত হৈছিল, সেইবোৰ বাদ দি নতুন নতুন সাধু কিতাপখনত
সন্নিবিষ্ট কৰিছিল৷ সূচীপত্ৰত সন্নিবিষ্ট হৈছিল ক্ৰমে, অসমীয়া (ভুল, মূলনাঠি নগৰ, সাউদৰ
গৃহলক্ষ্মী, চম্পাৱতী, তেজা আৰু তেজী, সাতশিঙীয়া ৰজা, টেটোন, টেটোন তামুলী); কছাৰী
(ধান কেনেকৈ পৃথিৱীলৈ আহিল, বান্দৰৰ দুর্গতি, আবাৰাৰ কাহিনী); কার্বি (ভেকুলী আৰু পৰুৱাৰ
খৰিয়াল, মাউৰাৰ সাধু); মিচিং (মিচিঙৰ লিখা-পঢ়া, ৰাণুৰ চতুৰালি); গাৰো (মাচ্ছাডুৰ মৃত্যু,
দুই কপৌ); খাচীয়া (কুকুৰ কেনেকৈ মানুহৰ মাজলৈ আহিল, কা-পা-চানটি্উ); চেমা নগা (হাতীৰ
গর্ব, হেঁপাৰ দুর্গতি); টাংখুল নগা (নগা আৰু অসমীয়া, হৰিণাৰ উপকাৰ) আৰু মণিপুৰী (দুই
ভাই, ধন নে বুধি)৷ বৰুৱা ডাঙৰীয়াই গল্পসমূহ সংগ্ৰহৰ বাবে উত্তৰ লখীমপুৰৰলৈও আহিছিল
লগতেবহুতো ইংৰাজী কিতাপৰ পৰা সংগ্ৰহ কৰিছিল৷ অসম দেশৰ সাধু অসমীয়া শিশু সাহিত্যৰ অন্যতম
সংযোজন ৷
কিতাপখনৰ পৰা তিনিটা সাধু
১. নগা আৰু অসমীয়া
নগাবিলাকৰ পূর্বপুৰুষৰ তিনিটি ল’ৰা আছিল৷ এদিন বুঢ়াই পুতেকহঁতক
সুধিলে, “বোপাহঁত, তহতে ডাঙৰ হ’লে কি কৰি খাবি ?” ডাঙৰজনে উত্তৰ দিলে, “মই খেতি কৰিম৷”
দ্বিতীয়জনে ক’লে, “মই কিতাপ পৰিম৷” তৃতীয়জনে সমিধান দিলে, “মই চিকাৰ কৰি খাম৷” খেতিয়কজনৰ
পৰা নগাবিলাকৰ জন্ম হ’ল, চিকাৰীজন হাবিৰ মাজত নেদেখা হ’ল, আৰু লিখকজনৰ পৰা অসমীয়া লোকৰ
উৎপত্তি হ’ল৷ এই কাৰণে নগাবিলাক লিখা-পঢ়াত পিছ পৰা আৰু অসমীয়া এই বিষয়ত আগবঢ়া (সাধুটি
লেখকে কহিমাৰ ওচৰৰ গাওঁ এখনত পাইছিল)
২. মিচিঙৰ লিখা-পঢ়া
পূর্বতে সকলো জীৱ-জন্তু সৃষ্টি কৰাৰ পাছত ভগৱানে মানুহক মাত-কথা
লিখি ৰাখিবলৈ উপায় এটি দিবলৈ মন কৰিলে৷ তেওঁ সকলো জাতিৰ মানুহকে ওচৰলৈ মাতিলে, মানুহবিলাকে
আখৰ লিখি ৰাখিবলৈ গছৰ বাকলি, সোণ-ৰূপৰ পাত- যি পালে হাতে হাতে লৈ গ’ল৷ মিৰি জাতিৰ মানুহ
এজনে লৰালৰিকৈ পহু এটি মাৰি তাৰ ছালখনকে লৈ গ’ল৷ ভগৱানে মিচিং জাতিক ছালখনেত আখৰ লিখি
দিলে৷ মিৰিয়ে সেইখন ধোঁৱা-চাঙত তুলি থলে৷
এদিন মিচিংজনে
চিকাৰলৈ গৈ পহু বা বৰা একো নাপালে৷ ঘৰৰ ল’ৰা-ছোৱালীক খুৱাবলৈ একো নাই, মহা মস্কিল হ’ল৷
জুহালৰ গুৰিতে ওপৰলৈ মূৰ কৰি বহি থাকোতে পহুছালখন তাৰ চকুত পৰিল৷ শুকান মঙহ খোৱা মিৰিৰ অভ্যাস আছেই
সিও ততালিকে ছালখন নমাই আনি কাটিকুটি ৰান্ধি ল’ৰা-ছোৱালীৰ সৈতে খাই পেলালে৷ সেইখনত
যে আখৰ আছিল তাৰ মনতে নাছিল৷ পিছত মনত পৰাত সি বেজাৰ কৰিবলৈ ধৰিলে৷ পিছে সেইদিন ধৰি
মিচিং জাতিৰ আখৰ নাইকিয়া হ’ল আৰু মিচিংৰ লিখা পঢ়া পিছ পৰা৷ (সাধুটো ১৯৫৪ চনৰ ১০ ম সংখ্যা
জয়ন্তীত প্ৰকাশিত তৰুণচন্দ্ৰ পামেগামৰ প্ৰবন্ধৰ পৰা সংগ্ৰহ কৰিছিল)
৩. ভুল
এক বুঢ়াৰ এটি গুণী ল’ৰা আছিল৷ ল’ৰাটি বিদ্যা-বুদ্ধি, কাজে-কামে
সকলোতে পাকৈত৷ কিন্তু বাপেকে তাক কেতিয়াও নবখানে, কেতিয়াও ভাল বুলি নকয়৷ তাৰ মনত বৰ
বেজাৰ৷ মনৰ দুখত সি অকৰাই বাপেকক কোবাই মাৰো বুলি থিৰ কৰি এদিন জোনাক নিশা ফলা বাঁহ
এচটা লৈ কল এজোপাৰ তলত খাপ লৈ বহি আছে৷
গধুলি পুতেকক নেদেখি বুঢ়াই চোতালত বহি ঘৈনীয়েকক সুধিলে,
“আমাৰ বাপা কলৈ গ’ল ?”
বুঢ়ীয়ে ক’লে
“তুমি দেখোন তাক দেখিবই নোৱাৰা, এতিয়ানো কিয় বিচাৰ লৈছা ?”
বুঢ়াই অকণমান
হাঁহি উত্তৰ দিলে, “বুজিছ বুঢ়ী, পূর্ণিমাৰ জোনটোকো যদি অলপ কলা চেকা আছে আমাৰ বাপাৰ
কোনো খূঁত নাই৷ কিন্তু মই যে মুখত তাক ভাল পোৱা ভাৱ নেদেখুৱাওঁ তাৰ কাৰণ এই- তাক ভাল
বুলিলে সি গর্বত ওফন্দিব, সি আৰু গুণী হ’বলৈ চেষ্টা নকৰিব৷ অহংকাৰে তাক আওপথে লৈ যাব৷
সেই কাৰণেই তাক মই মূৰৰ ওপৰত নোতোলো৷ ন”হলে তাক মই বেয়া পাব পাৰোনে ?”
বুঢ়াৰ পুতেকে
বাহিৰৰ পৰা বাপেকৰ কথাখিনি শুনি আছিল৷ সি ততালিকে ওলাই আহি বাপেকৰ ভৰিত পৰি কান্দিবলৈ
ধৰিলে৷ বুঢ়াই সুধিলে, “বাছা তোৰ কি হ’ল ?”
পুতেকে তেতিয়া
সকলো কথা ভাঙি কৈ বাপেকৰ ক্ষমা প্ৰার্থনা কৰিলে৷ বুঢ়াই তাক সাবটি ধৰিলে৷ ( গল্পটো সংগ্ৰাহকে
কান্তিৰাম বুঢ়াভকতৰ ফকৰাৰ পৰা লোৱা হৈছে)
 |
| প্ৰফুল্ল দত্ত গোস্বামী |
2 মন্তব্যসমূহ
Nice initiative. Keep going on...
উত্তরমুছুনThanks
মুছুন