হোম কিতাপ কিতাপ ৯৯৮৫
কিতাপ ৯৯৮৫
জন জাতীয় সাধু- সংকলন আৰু সম্পাদনা- বীৰেন্দ্ৰকুমাৰ ভট্ৰাচার্য্য
প্ৰথম প্ৰকাশ ১৯৯৭ (তৃতীয় মুদ্ৰণ-২০১৬) / সাহিত্য অকাদেমি/ প্ৰচ্ছদ আৰু ছবি- বেণু মিশ্ৰ/
মূল্য ১১০.০০/ মুঠ পৃষ্ঠা- ৯৩
মৌখিক সাহিত্য হেজাৰ বছৰীয়া পুৰণি৷ সাধুকথা তাৰ এটা সুন্দৰ সাহিত্য
ৰূপ৷ কল্পনাৰ বৈচিত্ৰ্য আৰু সুকোমল ৰূপ সাধুকথাত সুন্দৰকৈ প্ৰকাশ পায়৷ আদিম মানুহৰ
বিশ্ব-জাগতিক, মানৱীয়, ঐতিহাসিক আৰু আধ্যাত্মিক কৌতুহলবোৰ সাধুৰ ৰূপত প্ৰকাশ পায়৷ সাধুত
হাঁহি আছে, চকুলো আছে৷ আছে স্বর্গ আৰু মর্ত্ত্যৰ মিলনৰ হেতু, সীমা আৰু অসীমৰ মিলন৷
ৰাক্ষক, ভূত-প্ৰেত, যখিনী আৰু বিভিন্ন জন্তুৰ চৰিত্ৰৰ কাহিনীৰ মাজেদি মানৱ চৰিত্ৰৰ
বিভিন্ন দিশ সাধুকথাত জীৱন্ত হৈ ফুটি উঠে৷ আদিম পৰম্পৰাকেই বহুক্ষেত্ৰত এতিয়াও মানি
চলা জনজাতিসকলৰ মাজত মৌখিক ৰূপত সাধুকথাৰ ভঁৰাল অতি চহকী৷ জনজাতিৰে ভৰা অসম আৰু উত্তৰ-পূব
অঞ্চলৰ পর্বত ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ মাজত চলি অহা সাধুকথাৰ পৰম্পৰাৰ পৰা কেইটামান
সাধুৰে সাহিত্য অকাডেমীয়ে এখন সংকলন প্ৰকাশ কৰিব বিছাৰি বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচার্য্যক
দায়িত্ব প্ৰদান কৰে৷ তেখেতে উত্তৰ পূর্বাঞ্চলৰ
জনজাতিসকলৰ মাজত প্ৰচলিত সাধুবোৰ এ. এন. বৰকটকীৰ Tribal Folktales of Assam, জে. এইচ. হিউটনৰ The Angami Nagas, তৰুণ গোস্বামীৰ Tuning To Dimasa Folk
Instruments, তৰুণ চন্দ্ৰ পামেগামৰ ৰচনাৱলী,
ধর্মেশ্বৰ দুৱৰাৰ উত্তৰ কাছাৰ পাহাৰৰ লোক-সংস্কৃতি আদি গ্ৰন্থৰ সহায়ত সংগ্ৰহ কৰিছিল৷
সংকলনখনত মিজো সাধু (বাহুবলী ৱিয়েচুকাৰ দিগ্বিজয়), আঙ্গামী নগা সাধু (বহুত ভাষা কেনেকৈ
হ’ল ? ; হুঞ্চিবিলি; নগা মানুহ জ্ঞানত কিয়
দুখীয়া হ’ল ) কার্বি সাধু (শৰত কোঁৱৰ, সৰগৰ সদাগৰ আৰু মৰতৰ সদাগৰ; কর্হনৰ কাহিনী);
খাছী সাধু (বেলি বান্দৰ আৰু বাঘ; পান্থাও ৰজাৰ সাধু; সুমতি আৰু কুমতি; ডিশ্ৰু); থাডো-কুকি
সাধু (আঙঠিৰ সাধু); গাৰো সাধু (ডৰণ আৰু অপ্সৰা); পাৱি সাধু (বাঘ আৰু ছোৱালীজনী); মিজো
সাধু (আকাশী কন্যা; ঙায়েইতাৰ সাধু); মিচিং সাধু (শিয়াল আৰু মানুহ; বাঘ আৰু বান্দৰ);
ৰাভা সাধু (ফুলমতিৰ সাধু) আৰু লাখেৰ সাধু ( অগ্নি-পৰীক্ষা) সন্নিবিষ্ট হৈছে৷ কুৰিটা
সাধু দুটা ভৈয়ামৰ মিচিং সকলৰ৷ সাধুৰ সংকলনখনৰ শিশুক পাহাৰৰ জনজাতিসকলৰ বিষয়ে অধিককৈ
বুজি পোৱাত সহায় কৰিব৷
সংকলনখনৰ পৰা এটা সাধু
বহুত ভাষা কেনেকৈ হ’ল
?
আদিতে পৃথিৱীত
কেৱল এগৰাকী মানুহ আছিল৷ তেওঁৰ নাম হ’ল উকেপেনোপফু৷ তেওঁৰ পৰাই কালক্ৰমত বহুত মানুহৰ
জন্ম হ’ল৷ নাতি-নাতিনীৰে ঘৰ ভৰি পৰাৰ পাছত তেওঁ এদিন এই পৃথিৱী এৰি থৈ স্বর্গ পালেগৈ৷
তেওঁৰ ভাগ্যত মৰণ নাছিল৷ সেইবাবে স্বর্গলৈ গৈ তেওঁ সুখেৰে বাস কৰিবলৈ ধৰিলে৷ বহুত দিন যোৱাৰ
পাছত তেওঁৰ বংশধৰসকলৰ মন গ’ল স্বর্গলৈ গৈ বুঢ়ীক লগ ধৰাৰ৷ স্বর্গ বৰ ওখত৷ কাজেই তালৈ
যোৱা ধেমালিৰ কথা নহয়৷ ল’ৰা-লুৰিবোৰে নিজৰ ভিতৰতে আলোচনা কৰি শেহত এটি উপায় ভাবি উলিয়ালে৷
সিহঁতে এটা স্তম্ভ নির্মাণ কৰি তাত স্বর্গলৈ যোৱা ওখ খটখটি সাজিবলৈ ঠিক কৰিলে৷ কথা মতে কাম৷
বুঢ়ীৰ সতি-সন্ততিবোৰে একে লগ হৈ একান্ত মনে স্তম্ভটো নির্মাণৰ কাম আৰম্ভ কৰিলে৷ ইপিনে
স্বর্গত সৰবজান বুঢ়ীয়ে সিহঁতৰ মনৰ কথা গম পালে৷ তেওঁ নিজক নিজে কবলৈ ধৰিলে: “ইমানবোৰ
মানুহ একেলগে ইয়ালৈ আহিলে মই সিহঁতক কেনেকৈ সোধ-পোছ কৰিম ? প্ৰত্যেকটো বংশধৰকে অন্তত:
কিবা নহয় কিবা এটা উপহাৰ দিব লাগিব৷ ইমানবোৰ উপহাৰনো মই ক’ত পাম? কাজেই এই খটখটিটো
সাজি সর্ম্পূণ কৰিবলৈ দিব নোৱাৰি৷ স্বর্গ পোৱাৰ আগতেই খটখটিৰ কাম বন্ধ কৰিব লাগিব৷”
কাম বন্ধ কৰিবলৈ
বুঢ়ীয়ে এটি উপায় উলিয়ালে৷ তেওঁ মন কৰিলে যে তেওঁৰ বংশধৰ সকলে কাম কৰোঁতে এটা ভাষা ব্যৱহাৰ
কৰিব লাগে৷ এটা ভাষা ব্যৱহাৰ নকৰিলে সিহঁতে কাম কৰিব নোৱাৰে৷ বেলেগ বেলেগ ভাষা হ’লে
কাম কৰাত বৰ অসুবিধা৷ এটাক শিল আনিবলৈ ক’লে সি শিল নানি কাঠৰ মুঢ়া বা পানী লৈ আহে৷
বুঢ়ীয়ে ভাবিলে ল’ৰা-লুৰীবোৰক স্বর্গলৈ নহা কৰিবলৈ এটাই উপায় আছে৷ প্ৰত্যেককে বেলগ বেলেগ
ভাষা কবলৈ ব্যবস্থা কৰা৷ বুঢ়ীয়ে যাদুৰ বলেৰে প্ৰত্যেকৰে মুখেদি বেলেগ বেলেগ ভাষা কোৱাবৰ
দিহা কৰিলে৷ পূর্বৰ ভাষা
পাহৰি প্ৰত্যকেই বেলেগ বেলেগ ভাষা কবলৈ ধৰাত স্তম্ভটো নির্মাণৰ কামত বৰ অসুবিধা হ’ল৷
এটাই শিল আনিবলৈ ক’লে, ইটোৱে ভুল বুজি কাঠৰ মূঢ়া আনি দিয়েহি৷ কাৰোবাক কাঠ আনিবলৈ পাচিলে,
সি মূৰত একলহ পানী লৈ ওলাইহি৷ প্ৰত্যেকেই বেলেগ বেলেগ ভাষা কোৱাৰ ফলত ইমান খেলিমেলি
হ’বলৈ লাগিল যে বুঢ়ীৰ লৰা=লুৰীবোৰে স্তম্ভ নির্মাণৰ কাম এৰিয়েই দিলে৷ ফলত সিহঁতৰ সোঁশৰীৰে
স্বর্গলৈ যোৱা নহ’ল৷ মন কৰিবলগীয়া কথা পৃথিৱীত তেতিয়ালৈকে কেৱল এটা ভাষাৰ প্ৰচলন
আছিল৷ বুঢ়ীয়ে প্ৰত্যেক মানুহৰে মুখত একোটা বেলেগ ভাষা দিয়াৰ ফলত পৃথিৱীত বহুত ভাষাৰ
সৃষ্টি হ’ল৷ তেতিয়াৰে পৰা প্ৰত্যেকটো জাতিয়েই এটা এটা বেলেগ ভাষা কবলৈ আৰম্ভ কৰিলে৷ (সাধুটোৰ সর্ম্পকে বীৰেন্দ্ৰকুমাৰ ভট্ৰাচার্য্যই পাতনিত লিখিছিল, “বহুত ভাষা কেনেকৈ
হ’ল ?”—এই আঙ্গামী সাধুটো পঢ়ি মোৰ মনত পৰিছিল বাইবেলৰ ‘জেনেচিচ’ খণ্ডৰ ‘টাৱাৰ অৱ ’বেবেল’
নামৰ সাধুটোলৈ৷ বেবেলৰ সাধয়টো নোৱাৰ বংশধৰসকলৰ স্বর্গ গমনৰ চেষ্টাক কেন্দ্ৰ কৰি বিৰচিত৷
ভংকৰ বানপানীৰ পিছত ভ্ৰমণৰত নোৱাৰ সতি-সন্ততি সকলে বেবিলনত এখন ইটাৰ নগৰ সাজি স্বর্গলৈ
যোৱা এটা স্তম্ভ নির্মাণ কৰিবলৈ মন কৰিলে৷ কিন্তু ইহুদীৰ ঈশ্বৰ জেহোভাই এই স্তম্ভ নির্মাণত
বাধা দিবলৈ বহুত ভাষাৰ সৃষ্টি কৰি নোৱাৰ সতি-সন্ততিৰ মনত বিশৃংখলা আনি দিলে৷ ইয়াৰ ফলত
বেলেগ বেলেগ জাতিৰ সৃষ্টি হ’ল৷ এটা জাতিয়ে আন এটা জাতিৰ ভাষা বুজি নোপোৱা হ’ল৷)
0 মন্তব্যসমূহ