কিৰাত জন-কৃতি- সুনীতি কুমাৰ চেট্ৰাজী/ অনুবাদ- অজিত
কুমাৰ গোস্বামী/ অসমীয়া সংস্কৰণ সম্পাদনা- ড° হেমন্ত কুমাৰ ডেকা
অসম পাবলিচিং কোম্পানী/ প্ৰথম অসমীয়া সংস্কৰণ ২০১৭
মূল্য ৪০০ টকা/ পৃষ্ঠা- ১৯০
ভাষাতাত্বিক পণ্ডিত আৰু শিক্ষাবিদ
সুনীতি কুমাৰ চেট্ৰার্জী (২৬ নৱেম্বৰ ১৮৯০-২৯ মে’ ১৯৭৭) য়ে বহুকেইখন বিখ্যাত গ্ৰন্থ
লিখিছিল৷ তাৰে ভিতৰত বাংলা ভাষা উৎপত্তি আৰু ক্ৰমবিকাশ বিষয়ক তিনিটা খণ্ডৰ ‘দি অৰিজিন
এণ্ড ডেভেলেপমেণ্ট অব দ্য বেঙ্গলি লেঙ্গুৱেজ’ (তিনি খণ্ড), ৰবীন্দ্ৰনাথ ঠাকুৰৰ সঙ্গ
লাভ কৰি ‘ৰবীন্দ্ৰ সংগমে’, ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰে ‘ইউৰোপ ভ্ৰমণ’, শ্যাম দেশ
আদি৷ তেখেতে ৰয়েল এচিয়াটিক চোচাইটিৰ ফেল (১৯৩৫), সাহিত্য বনস্পতি বঁটা (১৯৪৮) পশ্চিম
বংগ বিধান পৰিষদৰ অধ্যক্ষ (১৯৫২-৫৮), পদ্মবিভূষণ (১৯৬৩), ভাৰতীয় জাতীয় অধ্যাপকৰ মর্যদা
(১৯৬৬), সাহিত্য অকাডেমীৰ সভাপতি (১৯৬৯), ৰবীন্দ্ৰনাথ ঠাকুৰৰ হাতৰ পৰা ভাষাচার্য্য
উপাধি গ্ৰহণ কৰিছিল৷
কিৰাত জন-কৃতি হৈছে ইণ্ডো-মঙ্গোলীয় জনগোষ্ঠীসমূহ- ভাৰতীয় ইতিহাস ভাষা আৰু সংস্কৃতিলৈ সেইসকলৰ অৱদান হৈছে এখন উল্লেখযোগ্য গ্ৰন্থ৷ এইখন গ্ৰন্থ প্ৰকাশ পোৱাৰ আগলৈকে উত্তৰ-পূর্বাঞ্চলৰ উল্লেখিত জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি সর্ম্পকে অন্য পণ্ডিতে বিশেষ গুৰুপ্ত সহকাৰে আৰু প্ৰণালীবদ্ধভাৱে অধ্যয়ণ কৰা নাছিল৷
কিতাপখন লিখাৰ আঁৰৰ কাহিনী এনেধৰণৰ৷ চেট্ৰার্জীৰ লগত ব্যক্তিগত
চিনাকী আছিল কৃষ্ণকান্ত সন্দিকৈৰ৷ তেওঁলোক দুয়ো ১৯১৯-২১ চনলৈ ইংলেণ্ডত অধ্যয়ন কৰিছিল৷
পিছলৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ আমন্ত্ৰণক্ৰমে ১৯৪৭ চনৰ ২১, ২২ আৰু ২৩ নৱেম্বৰত যোৰহাট জগন্নাথ
বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘প্ৰতিভা দেৱী ভাষণ’ শীর্ষক তিনিটা বক্তৃতা প্ৰদান কৰিছিল৷ প্ৰতিভা দেৱী
আছিল শৰৎ চন্দ্ৰ গোস্বামীৰ জীয়াৰী৷ ২ বছৰ বয়সতে মৃত্যু হোৱা (১৯৩২) মহিলাগৰাকীৰ স্বামী
আছিল উমাকান্ত গোস্বামী৷ তেখেত আকৌ ইন্দিৰা গোস্বামী (মামণি)ৰ দেউতাক৷ যোৰহাটৰ অসম
সাহিত্য সভাই পৃষ্ঠকোষকতা কৰা অনুষ্ঠানটোত প্ৰদান কৰা বক্তৃতাকেইটাকে ১৯৫০ চনত জার্নেল
অব্ দি এছিয়াটিক ছোছাইটি’ত ‘কিৰাত-জন-কৃতি’ শীর্ষক নামেৰে প্ৰকাশ পায়৷ লেখাটোৰ লগত
কিছু কথা সংযোগ কৰি ১৯৫১ চনত গ্ৰন্থ আকাৰে প্ৰকাশ কৰে৷ ১৯৭৪ চনত বিষয়টোৰ কিছু পৰিৱর্তন
আৰু পৰিবর্দ্ধন কৰি পুনৰ প্ৰকাশ কৰে৷ অসমীয়া
অনুবাদগ্ৰন্থখনত মুঠ ১০৪ টা অংশ আছে৷
![]() |
উমাকান্ত গোস্বামী |
কিৰাত জন-কৃতি এই গ্ৰন্থখন লিখাৰ
বাবে তেখেতে সেই সময়ৰ এন-আৰ-এ-এছ অধ্যাপক যদুনাথ সৰকাৰৰ পৰা ১৯৫১ চনত এখন প্ৰশংসা পত্ৰ
লাভ কৰিছিল৷ তাত উল্লেখ আছিল, “ড° সুনীতি কুমাৰ চেট্ৰার্জী, কিৰাতসকলৰ
বিষয়ে আপোনাৰ গ্ৰন্থখন খুবেই সার্থক হৈছে৷ যিখিনি জ্ঞান বিক্ষিপ্তভাৱে বহু আলোচনী আৰু
দুষ্প্ৰাপ্য গ্ৰন্থসমূহত সিঁচৰিত হৈ আছিল, ইয়াত বিষয়টোৰ সন্দর্ভত বিদ্যমান ধ্যান-ধাৰণাখিনি
স্পষ্টকৈ প্ৰণালীবদ্ধ শৈলীৰে সংক্ষিপ্তকৰণ কৰা হ’ল৷ আপুনি কৰা কামটো খুবেই প্ৰয়োজনীয়
হৈছে আৰু আপোনাৰ সর্বজন স্বীকৃত পাণ্ডিত্য আৰু পুংখানুপুঙ্খ বিশ্লেষণৰ কাৰণে এইটো আপুনি
কৰিব পাৰিলে৷ আপোনাৰ এই কর্মই জনগোষ্ঠীসমূহৰ সাংস্কৃতিক ইতিহাস সম্পর্কত ভবিষ্যতৰ অধ্যনকাৰী
সকলৰ কাৰণে পথ নির্দেশনাৰূপে সহায়ক হ’ব৷”
কিতাপখনৰ সর্ম্পকে ড° নগেন ঠাকুৰে
উল্লেখ কৰিছে, “কিৰাত জনকৃতি ভাষাচার্য সুনীতি কুমাৰ চেট্ৰার্জীৰ এক অনন্য কীর্তি৷
দীর্ঘদিন ধৰি ভাষাতত্ব চর্চা আৰু ভাৰত আত্মাৰ স্বৰূপ উপলব্ধিত আত্মনিয়োগ কৰি থকা এই
গৰাকী মহান মনীষীৰ অধ্যৱসায়, গভীৰ অনুধাৱন, অনুসন্ধিৎসা আৰু তাৰ লগত থকা তীক্ষ্নধী
বিশ্লেষণ ক্ষমতাৰ এই এক মহৎ সৃ্ষ্টি৷ কিৰাত জনৰ কৃতিৰে তেখেতে কেৱল কিৰাত অর্থাৎ তিব্বত-বর্মীসকলেৰে
কৃতিত্ত্বকে মহিমা মণ্ডিত কৰিব খোজা নাই, ভাৰতত থকা বিশাল চীন-তিব্বতীয় ভাষাগোষ্ঠীকো
সামৰি যিসকলৰ ভাৰতীয় ইতিহাস আৰু সংস্কৃতিত মহৎ অৱদান আৰু ভাৰতীয় সত্তাত জিন যোৱাৰ প্ৰক্ৰিয়াত
কেনে মহত্ব সেই কথাও এই গ্ৰন্থৰ ছত্ৰে ছত্ৰে বিৰাজমান৷ সেয়েহে হিমালয়ৰ পাদদেশৰ কিৰাতসকলৰ
অৱদানৰ লগতে বিহাৰ, উত্তৰ ভাৰতৰ লিচ্ছৱী, কৌল্য, বৃজ্জিসকলৰ স্বৰূপ উদঘাটন আৰু সেইসকলৰ
বিস্তৃত অৱদানৰ বিষয়েও পুংখানুপুঙ্খ ৰূপত বিশ্লেষণ কৰিছে৷ উত্তৰৰ নেপাল, তির্ব্বত ভূটানৰ
পৰা দক্ষিণৰ মণিপুৰী মিজো আৰু লগতে খাছী-জয়ন্তীয়া সকলৰো অৱদান আৰু ভাৰত আত্মাত বিলীন
হোৱাৰ প্ৰক্ৰিয়া সামৰি লৈছে৷ আন কথাত ‘ইণ্ডো-মংগোলয়ড’ নামকৰণেৰে ভাৰতৰ মংগোলীয় প্ৰজাতিৰ
ভাৰতৰ জাতীয়তা গঢ়াত ভাৰতৰ বৰঙণি কিমান গভীৰ সেই কথাকে ঘোষিত হৈছে এই গ্ৰন্থৰ পাতে পাতে৷
নামত যদিও কিৰাতসকলৰ (তিব্বত-বর্মীসকলৰ) অৱদান-বিশ্লেষণ যেন লাগে, প্ৰস্থততে সমস্ত
চীন তিব্বতীয় সকলৰ অৱদান সামৰিছে আৰু যিসকল কি ঐতিহাসিক কার্য-কাৰণেৰে আর্যৰ লগত মিশ্ৰিত
হৈ এক ভাৰতীয় বা বৈচিত্ৰ্যৰ মাজত ঐক্যৰ মহামন্ত্ৰৰে দীক্ষিত হ’ব পাৰিছিল তাৰ কথাহে
প্ৰধানকৈ বর্ণিত হৈছে৷ মুঠতে কিৰাত জনৰ কৃতিৰ নামকৰণেৰে সমস্ত ইণ্ডো-মংগোলীয় এক ভাৰতীয়
মহাজাতীয়া গঢ়াত সিসকলৰ অৱদানৰ বিষয়ে সংক্ষিপ্তকৈ আলোচনা আগবঢ়োৱা হৈছে৷”
কিতাপখনৰ পৰা এচোৱা
৭৯. পূব অসমৰ চুতীয়াসকল
পূবৰ বড়োসকলৰ ভিতৰৰে চুতীয়া আৰু
কছাৰীসকলে আহোমক বাধা প্ৰয়োগ কৰিব লগা হৈছিল৷ অৱশ্যে তেওঁলোকে পশ্চাদপদাৰণ হ’ব লগা
হয়৷ কাৰণ আহোসকল আছিল অধিক পৰাক্ৰমী আৰু মংগোলীয় অন্যান্য ভাই-ককাইতকৈ সামৰিক ক্ষেত্ৰত
অধিক সংগঠিত৷ তেওঁলোকৰ ইতিহাসো আছিল আন্দোলনেৰে পৰিপূর্ণ আৰু তেওঁলোকৰ সাংস্কৃতিক সাফল্যও
আছিল চকুত লগা৷ তেওঁলোকৰ সেইটো আহোমৰ লগত সংমিশ্ৰিত আৰু কিছু পৰিমাণে পশ্চিমৰ ওচৰ-চুবুৰীয়া
খাচী (জয়ন্তীয়া) ৰ লগতো সংমিশ্ৰিত৷ ব্ৰাক্ষ্মণসকলৰ অনুপ্ৰেৰণাত চুতীয়াসকলে পৰম্পৰাগত
ইতিহাস গঢ় দিয়ে, যিটোৱে তেওঁলোকৰ ৰজাসকল পৌৰাণিক যুগৰ হিন্দু-পুৰাণৰ কাহিনীলৈ টানি
লৈ যায়৷ এই লৌকিক ইতিহাস, অন্য শাখাৰ ইণ্ডো-মংগোলীয় সকলৰ একে ধৰণৰ৷ লৌকিক “ইতিহাসসমূহ”
(উদাহৰণ স্বৰূপে কোচ, কছাৰী, ত্ৰিপুৰী আৰু অনান্যসকলৰ) এ আৰু অনান্য অনার্যসকলৰ ইতিহাসে
বৃট্ৰিছ চেল্টসকলক অন্ধবিশ্বাসত ৰোমক ব্ৰুটাচ কিম্বদন্তিলৈ টানি লৈ যায় বা বার্জিলৰ
উদ্ভাৱনে ৰোমক ট্ৰয়ৰ আর্নিয়াচৰ লগত একে বংশৰ বুলি দেখুৱাব খোজাৰ লগত মিল আছে৷ (চাব
পাৰে, গেইটৰ History of Assam, p 41)৷ একেবাৰে সম্পূর্ণ নতুন বিজেতাৰ ক্ষেত্ৰত, যাৰ
গুৰি-গোষ্ঠী, বংশ-পৰিচয় সাধাৰণ জ্ঞানৰ পৰাই জনা যায় আৰু যি সকলৰ কাৰণে কাল্পনিক উপৰি
পুৰুষৰ নাম হিন্দু পুৰাণৰ পৰা দিয়াটো সম্ভৱ নহয়—যেনেকৈ আহোমসকলৰ ক্ষেত্ৰত৷ য’ত এটা
পুৰণি বা সকলোৱে জনা ৰাজপৰিয়াল কিছুদিনৰ ভিতৰতে শক্তিমন্ত হৈ উঠে, যেনেকৈ কোচসকলৰ ক্ষেত্ৰত,
কাল্পনিক সত্যৰূপে অন্তভুর্ক্ত কৰাটো সমানেই অসুবিধানজক৷ তথাপি নিগুঢ় সত্যটো এনে হ’ল
বুলি বুজা যায় যে হিন্দু ধর্ম গ্ৰহণ কৰা কামৰূপৰ বড়ো লোকসকল আৰু অসমৰ (শদিয়া) পূবৰ
শেষ প্ৰান্তত চুতীয়াসকলে আংশিকভাৱে ১৩ শতিকাৰ আৰম্ভণিতে হিন্দু ধর্ম যেতিয়া গ্ৰহণ কৰিলে
আহোম আক্ৰমণকৰীসকলৰ লগত তেওঁলোকৰ সংঘষৰ সৃষ্টি হয়৷ তেওঁলোকৰ পূর্ব ধর্মমতে দেৱীৰ আগত
নৰবলি দিয়াৰ যি প্ৰথা আছিল, সেইটো হিন্দু ধর্মৰ তান্ত্ৰিকতাবাদৰ লগত আত্মিভুত কৰা হ’ল৷
তেওঁলোকে আহোমৰ বিৰুদ্ধে প্ৰচণ্ড যুদ্ধ চলাই গৈছিল, যিটো কেইবা শতিকা ধৰি চলিছিল৷ কিন্তু
অৱশেষত আহোমে আংশিকভাৱে তেওঁলোকক মিলাই ল’লে৷ তেওঁলোক মুখ্যতঃ পূব অসমৰ অসমীয়া ভাষী
জনসাধাৰণলৈ পৰিৱর্তিত হ’ল৷ (পৃষ্ঠা- ১১৫)
0 মন্তব্যসমূহ