হোমেন বৰগোহাঞিৰ গ্ৰন্থপঞ্জী (প্ৰথম খণ্ড)

                    প্ৰথম খণ্ড:  উপন্যাস

হোমেন বৰগোহাঞি




সুবালা (১৯৬৩):- 

সুবালা

হোমেন বৰগোহাঞিৰ প্ৰথমখন উপন্যাস৷ বেশ্যা বৃত্তিত জড়িত সুবালা নামৰ মহিলা গৰাকীক মূল চৰিত্ৰ হিচাপে লৈ উপন্যাসখন লিখিছিল৷ চাৰিটা অধ্যায়ত বিভক্ত উপন্যাসখনত সুবালাৰ চাৰিটা সংঘাতময় স্তৰ বর্ণনা কৰিছিল৷  ইটালীৰ ঔপন্যাসিক মৌৰাভিয়াৰ ‘দ্য ৱ’মেন অৱ ৰোম’ উপন্যাসৰ অনুপ্ৰেৰণাত  সুবালা লিখাৰ সাহস লাভ কৰিছিল৷  



তান্ত্ৰিক (১৯৬৭) :- 

তান্ত্ৰিক

প্ৰেম, যৌনতা, নাৰী আদি বিভিন্ন বিষয় সামৰি ভাব উদ্ৰেগকাৰী উপন্যাস৷ অমল চৌধুৰী, অৰুণ চক্ৰৱর্তী আৰু লিলি ৰাজখোৱা তিনিওটা চৰিত্ৰৰ নিঃসঙ্গ মুহূর্তৰ সমাহাৰে উপন্যাসখন আগবঢ়াই নিছে৷  

কুশলীৱ (১৯৭০) :- 

এইখন ৰাজনৈতিক উপন্যাস ১৯৬৮ চনৰ ২৬ জানুৱাৰীত ফাঁচীবজাৰত সংঘটিত ব্যাপক হিৎসাত্মক ঘটনাক কেন্দ্ৰ কৰি লিখিছিল৷ উপন্যাসখনৰ প্ৰতিটো অধ্যায়তে একোটা চৰিত্ৰৰ নামকৰণ কৰিছিল৷ বিধায়ক গোপীনাথ মহন্ত, গুণ্ডা প্ৰকৃতিৰ ‘বীৰু’, দাস  বাবু, বিশ্ববিদ্যালয়ৰ ছাত্ৰ মৃগেন কাকতী, নৃতত্ত্ব বিভাগৰ ছাত্ৰ হাইদৰ আলি, সাংবাদিক ৰত্ন মজুমদাৰ, প্ৰেছ ফটোগ্ৰাফাৰ বিমল হাজৰিকা, শান্তনু বর্মণ আদি বহুতো চৰিত্ৰ উপন্যাসখনত সন্নিবিষ্ট হৈছে৷  

পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাষ (১৯৭১):

পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাষ


বিয়াৰ পিছত এইখন উপন্যাস পত্নী নিৰুপমা বৰগোহাঞিৰ সৈতে যুটীয়া ভাৱে লিখিছিল৷ উপন্যাসৰ বিষয় নাৰীৰ ব্যক্তিত্ব আৰু সৌন্দর্য্য প্ৰকাশক৷



হালধীয়া চৰায়ে বাওধান খায় (১৯৭৩):- 

হালধীয়া চৰায়ে বাওধান খায়


সাতোটা সন্তানৰ পিতৃ আৰু পেটে ভাতে খাই থকা কৃষক ৰসেশ্বৰ দৰিদ্ৰ জীৱন কাহিনীক আধাৰ কৰি লিখা জনপ্ৰিয় উপন্যাস৷ ৰসেশ্বৰৰ খেতিকৰা মাটিত স্থানীয় নেতা সনাতন শর্মাই বন্ধকত লৈ দখল কৰে৷ ৰসেশ্বৰ মণ্ডলৰ কথামতে ঘোচ দি দি শেষত ল’ৰা সোণটিকো কাৰোবাৰ ঘৰত কাম কৰা ল’ৰা হিচাপে দিব খুজি আগধন ল’লে৷ জ্বৰত তৃতীয় জীয়েক মাখনীৰো মৃত্যু হ’ল৷ ৰসেশ্বৰে দিন হাজিৰা কৰাৰ লগতে ঘৈণীয়েকৰ সৈতে কালিনাথ মৌজাদাৰৰ পথাৰত ধান কটা আৰু ডাঙৰি চপোৱা কাম কৰিব লগা হ’ল৷ নির্বাচন আহিল সনাতন শর্মা ৰাজনীতিবিদ ৰূপে আৱির্ভাব হ’ল৷ ৰসেশ্বৰক লোভ দেখুৱাই শর্মাই গাঁৱৰ প্ৰতিটো ঘৰ আৰু গছত পোষ্টাৰ লগোৱাৰ দায়িত্ব দিলে৷



         উপন্যাসখন আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগেদি সম্প্ৰচাৰ হোৱাৰ লগতে জাহ্নু বৰুৱাই চলচিত্ৰৰ ৰূপ দিছিল৷ সংলাপ ৰত্ন ওজা৷ ৰসেশ্বৰ চৰিত্ৰত অভিনয় কৰিছিল ইন্দ্ৰ বণিয়াই৷ মহেন্দ্ৰ বৰঠাকুৰে ভ্ৰাম্যমাণৰ বাবেও নাট্যৰূপ দিছিল৷   

পিতাপুত্ৰ (১৯৭৫):-  

পিতা-পুত্ৰ


আত্মজীৱনী মূলক দীর্ঘতম উপন্যাসখনৰ বাবে ১৯৭৭ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ আৰু ১৯৮৭ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে৷ উপন্যাসৰ পটভুমি ম’হঘূলি নামৰ এখন কাল্পনিক গাঁও৷ মাটিৰ গৰাকী শিৱনাথ ফুকন আৰু তিনি সন্তান গৌৰীনাথ, কালীনাথ আৰু লক্ষ্মীনাথৰ সৈতে এখন সুখৰ সংসাৰ৷ ধূর্ত কেশৱ মণ্ডলে তেওঁক গাৱৰ পৰা এঘৰীয়া কৰিছিল৷ ডাঙৰ আৰু সৰু পুত্ৰৰ লগত দেউতাকৰ মানসিক সংঘাত হোৱাৰ বিপৰীতে মাজু পুত্ৰই বন্ধু সৌমিত্ৰৰ লগ লাগি গাৱৰ পৰা মদৰ চোৰাং বেপাৰ আৰু জুৱাৰ আড্ডা উচ্ছেদ কৰিবলৈ চেষ্টা চলাইছে৷  

তিমিৰতীর্থ (১৯৭৫):- 

তিমিৰতীর্থ


১৯৭৫ চনৰ সমসাময়িক-ৰাজনৈতিক পৰিৱেশে ওপৰত আধাৰ কৰি লিখা ৰাজনৈতিক উপন্যাস৷ উপন্যাসৰ নায়ক প্ৰহ্লাদ পেছাত সাংবাদিক৷ কংগ্ৰেছী বিধায়ক জগন্নাথ চৌধুৰীয়ে তেওঁৰ লগত আলোচনা কৰি চৰকাৰৰ সিদ্ধান্ত অনুসৰি ‘অর্থনৈতিক গৱেষণা কেন্দ্ৰ’ এটাৰ দায়িত্ব দিব খোজে৷ … নিজৰ সাংবাদিক জীৱনত লাভ কৰা অভিজ্ঞতাৰ আধাৰত উপন্যাসখন বৰগোহাঞিয়ে লিখিছিল৷

অস্তৰাগ (১৯৮৬):- 

অস্তৰাগ

অস্তৰাগ (নতুন সংস্কৰণ)


আধুনিক জীৱনধাৰাৰ মাজত জাতি, ধর্ম, অথবা দেশ নির্বিশেষে মানৱজীৱনৰ নিঃসংগতা আৰু তাৰ বিৰূপ প্ৰভাৱৰ কথা উন্মোচিত কৰা হৃদয়স্পর্শী উপন্যাস৷ নগৰৰ কলেজ অধ্যাপক দিলীপ আৰু তাৰ মৃত্যমুখী দেউতাকৰ পীড়া-যন্ত্ৰণা সুন্দৰকৈ বর্ণিত হৈছে৷ বার্দ্ধক্যৰ স্তৰত সম্মুখীন হোৱা শাৰীৰিক, মনস্তাত্বিক অথবা সামাজিক সৃষ্টিভংগীয়ে উপন্যাসখনৰ মূল বিষয়৷ কলিকতাৰ শ্ৰীভূমি পাবলিচিং কোম্পানীয়ে উপন্যাসখন প্ৰথমে প্ৰকাশ কৰিছিল৷



সাহিত্য অকাডেমীয়ে উপন্যাসখন ইংৰাজী ভাষাত প্ৰকাশ কৰিছিল৷    

মৎস্যগন্ধা (১৯৮৭):


মৎস্যগন্ধা

নৱকান্ত বৰুৱা সম্পাদিত ‘সীৰলুআলোচনীত প্ৰথমে ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা উপন্যাসখনৰ পটভূমি ম’হঘূলি নদীৰ পাৰত অৱস্থিত গৰৈমাৰী নামৰ কৈৱর্ত গাওঁ৷ উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ ‘মেনকা’৷ মেনকা কানি আসক্ত আৰু গর্ভপাত কৰাৰ বিদ্যা জানিছিল৷ কমলা আৰু মণিৰামক মেনকাই বিয়া পতাই জাত-পাত নিঃশেষ কৰিবলৈ বিচাৰিছিল৷ উপন্যাসখনত লেখকে বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ নিজস্ব সমাজেৰে কিছুমান অবিবেচক আৰু অযুক্তিকৰ মনস্তাত্তবিক দৃষ্টিভংগী দাঙি ধৰিছে৷

         মেনকাৰ প্ৰতিবাদৰ কাহিনী সন্নিবিষ্ট এইখন উপন্যাস সঞ্জীৱ হাজৰিকাই চিত্ৰৰূপ দিছিল৷  

সাউদৰ পুতেকে নাও মেলি যায় (১৯৮৭):- 

সাউদৰ পুতেকে নাও মেলি যায়

গ্ৰাম্য পটভূমিৰ আধাৰত ৰচিত উপন্যাসখন প্ৰথমে অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল৷ উপন্যাসৰ নায়ক বাপুকণ নামৰ এটি কিশোৰ৷ প্ৰথম অধ্যায়ত তাৰ বন্ধু আছিল হেবাঙ৷ গৰম বন্ধত দেউতাক টোপনি যোৱাত হেবাঙৰ লগত এৰাবাৰীৰ আম, জামুৰ সোৱাদ লৈ ভাল পোৱা বাপুকণৰ (বিক্ৰম)  জীৱনলৈ উপন্যাসখনৰ দ্বিতীয় অধ্যায়ত দুলালৰ লগত বন্ধুত্ব গঢ়ি উঠে৷ দুয়ো গাঁৱত এটা লাইব্ৰেৰী খোলাৰ পৰিকল্পনা কৰে৷ তাৰ মাজতে ৰেণুৰ লগত চিনাকি হৈ কবিতাও লিখিছিল৷ হাইস্কুল চহৰৰ স্কুলত পঢ়িবলৈ আহিবৰ সময়ত বাপুকণৰ অন্তৰত অলপ দুখ লাগিছিল৷

নিঃসঙ্গতা (২০০০):-  

নিঃসঙ্গতা

বড়ো সম্প্ৰদায়ৰ কবি অনুপমা বসুমতাৰীৰ কবিতাত হোমেন বৰগোহাঞিয়ে জীৱন দর্শন অনুভৱ কৰি কবিৰ জীৱন গাঁথাৰে এইখন উপন্যাসক লিখিছিল৷ জীৱন নামৰ দৈত্যটোৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ কৌশল নিজৰ বুদ্ধিৰেই উলিওৱা কবিৰ ব্যক্তিত্ত্বৰ নিদের্শনেই কিতাপখনৰ সাৰ৷

বিষণ্ণতা (২০০২) :- 

বিষণ্ণতা

নাৰীৰ মনৰ মাজত আমৃত্যু এজন সপোন পুৰুষ সোমাই থাকে৷ সাধাৰণ পুৰুষসমূহৰ মাজত সেই মানুহজনক নাপায় মনৰ ভিতৰতে এটা অপূর্ণ আশাত বন্দী হৈ বিষণ্ণতাৰে জীৱন পাৰ কৰে৷ এই সমস্যাক লৈ লিখিত উপন্যাস৷

এদিনৰ ডায়েৰী (২০০৩):-

 বৃদ্ধ বয়সৰ নিঃসঙ্গতাৰে আৱৰা দু

এদিনৰ ডায়েৰী

জন বন্ধুৰ মাজত হোৱা এদিনৰ আলাপৰ কাহিনীৰ আধাৰত লিখিত উপন্যাস৷  





####লেচেৰী

জোনাকৰ পখী উৰে:- 

জোনাকৰ পখী উৰে

বৰগোহাঞিৰ গৰখীয়া গল্পৰ আধাৰত এইখন উপন্যাস লিখিছিল নীলিম আকাশ কাশ্যপে৷

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ