উজনি অসমৰ জনগোষ্ঠীয় সাধুকথা
সংকলন আৰু সম্পাদনা চন্দ্ৰকমল
চেতিয়া৷
সাহিত্য অকাডেমি/ প্ৰথম প্ৰকাশ-২০১৭/ বেটুপাত- সুশোভন অধিকাৰী/
মূল্য- ১২০.০০/ পৃষ্ঠা- ৫৮
কিতাপখনৰ বিষয়ে:- উজনি অসমত বসবাস কৰা ১৩ টা জনগোষ্ঠী ক্ৰমে
সোণোৱাল কছাৰী, মেচ কছাৰী, ঠেঙাল কছাৰী, টাই আহোম, আইতন, টাই ফাকে, টাই ফাকে, টাই খামতি,
দেউৰী, মিচিং, চিংফৌ, মৰাণ, টাংচা আৰু তামাংসকলৰ মাজত প্ৰচলিত লোকসমাজৰ ২৮ টা সাধুক
একত্ৰিত কৰি চন্দ্ৰ কমল চেতিয়াই সংকলন কৰি উলিয়াইছে৷ সাধুসমূহৰ মাজতে প্ৰতিটো জনগোষ্ঠীৰ
পৰিচয় বিৱৰণ দিয়াৰ বাবে কিতাপখনৰ অধিক তথ্যধর্মী হৈছে৷
আগকথাত চেতিয়াই লিখিছে, “লোকসংস্কৃতিৰ এটি প্ৰদান অংগ হ’ল লোক
কথা বা সাধুকথাসমূহ৷ প্ৰজন্ম প্ৰজন্ম ধৰি সঞ্চিত হৈ অহা অভিজ্ঞতা ৰাজিৰ ভিত্তিতেই একোখন
সমাজত সাধুকথা সমূহৰ জন্ম হয়৷ সেয়েহে লোক সমাজৰ দুখ সুখ, হাঁহি-কান্দোন, বিশ্বাস, অন্ধবিশ্বাস,
সামাজিক ৰীতি-নীতি এই সাধুকথাসমূহত সততে পৰিস্ফুট হয়৷ সাধাৰণতে দেখা যায় যে বাস্তৱৰ
অভিজ্ঞতা ৰাজিৰ লগত কল্পনাৰ সংযোগ কৰি সাধুকথাসমূহ সৃষ্টি কৰা হয়৷ সাধুকথাত বক্তাজন
বহুক্ষেত্ৰত অভিজ্ঞতাৰে পৰিপুষ্ট সমাজৰ এজন বয়সস্থ লোক, আনহাতে শ্ৰোতাৰ শাৰীত থাকে
কোমলমনা শিশুসকল৷ তেনেক্ষেত্ৰত শিশুসকলক আকৃষ্ট কৰিবৰ বাবে বক্তাগৰাকীয়ে সাধুকথাৰ কাহিনী
অংশত কল্পনাৰ ৰহন সানে৷ এনে কাহিনীত গছে কথা কয়, মাহীমাকৰ দ্বাৰা নিষ্পেষিতা হৈ জীয়েক
লাওগছ হয়, জীৱ-জন্তু, চৰাই-চিৰিকতিয়েও মানুহৰ
দৰে মুকলি মুৰীয়াকৈ নানা ধৰণৰ কথা পাতে৷ শিশুৰ কল্পনাপ্ৰৱণ মনে এনে কাহিনী অংশৰ অগ্ৰগতিৰ
লগে লগে এখন বিশ্ময়কৰ সপোনপুৰীলৈ আগবাঢ়ে৷ এনেদৰে কল্পনাৰ ৰহণ সানোতে বক্তাগৰাকীয়ে শিশুসকলক
নীতিশিক্ষা দিবলৈও নাপাহৰে৷”
সংকলনখনৰ পৰা দুটা সাধু:-
ক) কেন্দুকলাইৰ সাধু (দেউৰী
সাধু)দেউৰীসকলৰ নৃত্য
বৰগঞা দেউৰীসকলৰ মাজত প্ৰচলিত লোক কথা মতে অতীজত কেন্দুকুলাই
নামৰ এজন ব্যক্তিয়ে একান্তমনে দেৱী তামেশ্বৰীক আধাৰধনা কৰিছিল৷ তেওঁ তপস্যা কৰোঁতে
কৰোঁতে দিন, মাহ বাগৰি কেইবাটাও বছৰো পাৰ হ’ল৷ তেওঁৰ দেহ জীণ-শীর্ণ হৈ পৰিল৷ কিন্তু
তথাপিও তেওঁ দেৱীক আৰাধনা কৰিবলৈ নেৰিলে৷
কেন্দুকুলাইৰ ঐকান্তিক প্ৰার্থনাত তুষ্ট হৈ দেৱীয়ে তেওঁৰ
আগত দেখা দি সুধিলে—‘বৎস, মই তোমাৰ আৰাধনাত তুষ্ট হৈছো৷ মোৰ পৰা তুমি কি বিচাৰা কোৱা৷’
কেন্দুকুলায়ে তেতিয়া দেৱীক সাষ্টাংগে
প্ৰণিপাত জনাই ক’লে, ‘আপুনি মোক দেৱৰো দুলর্ভ সৰগীয় নাচোন দেখুৱাব লাগে৷ এই নাচোন চাবলৈ
মোৰ বৰ ইচ্ছা৷’
তাকে শুনি দেৱীয়ে সৰগীয় নাচোনৰ
তাৎপর্য্য বুজাই দি কেন্দুকুলাইক ক’লে—‘এই নাচোন ইতৰ প্ৰাণীৰ দৃষ্টিৰ বাবে নহয়৷ ই দেৱতাৰহে
বস্তু৷ সেই নাচোন মই তোমাক দেখুৱাব নোৱাৰিম৷ সেয়েহে পুত্ৰ, তুমি অন্য বৰ মাগা৷’
কিন্তু কেন্দুকুলায়ে সৰগীয় নাচোন
চোৱাৰ লোভ সামৰিব নোৱাৰিলে৷ একেটা কথাতে লাগি থকাত দেৱীয়ে সৰগীয় নাচোন দেখুৱাবলৈ সন্মত
হ’ল৷ কিন্তু দেৱীয়ে কেন্দুকুলাইক এই বুলি সাৱধান কৰি দিয়ে ‘কেন্দুকুলাই মই তোক এই নাচোন
দেখুৱাম৷ কিন্তু এটা চর্ত আছে৷ তই যাতে এই সৰগীয় নাচোনৰ সম্ভেদ মর্ত্যৰ মানৱজাতিক নিদিয়৷
যদি মোৰ কথা অমান্য কৰ তেতিয়া তোৰ ঘোৰ অমংগল মিলিব৷’দেওধনি নৃত্য
কেন্দুকুলায়ে গোসানীৰ কথাত সন্মতি
প্ৰকাশ কৰাত দেৱীয়ে তেওঁক সৰগীয় নাচোন নাচি দেখুৱালে৷ কেন্দুকুলায়ে সেই নাচোন আয়ত্ব
কৰি ল’লে৷ কিন্তু তেওঁ গোসানীক দিয়া কথা অমান্য কৰি মর্ত্যবাসীক সেই নাচোনৰ সম্ভেদ
দিয়ে৷ লগতে তেওঁ সেই নাচোন নাচিও দেখুৱায়৷ সেই কথাতে ক্ৰোধ কৰি তামেশ্বৰীয়ে চৰ মাৰি
কেন্দুকুলাইৰ মূৰটো চিঙি পেলায়৷ দেৱীৰ উগ্ৰ মূর্তি প্ৰত্যক্ষ কৰি দেউৰীসকলে তেওঁক তুতি
নতি কৰি শান্ত কৰে৷ তেওঁলোকৰ আধাৰধনাত তুষ্ট হৈ দেৱীয়ে সেই সৰগীয় নাচোন নচাৰ অধিকাৰ
দেউৰীসকলক প্ৰদান কৰে৷ সেই কাহিনীৰ স্মৰণতে দেউৰীসকলে আজিও সেই নৃত্যটিক পৱিত্ৰ দেওধনী
নাচ হিচাপে পৰিৱেশন কৰি আহিছে৷
খ) জোনৰ গাত কলংক (মিচিংসকলৰ সাধু)
তাহানি দিনৰ কথা৷ দুই ভাই ককাই জোন-বেলিয়ে চুবুৰীয়া এঘৰত নিমন্ত্ৰণ
খাবলৈ গৈছিল৷ গৃহস্থই তেওঁলোকক নানা তৰহৰ মুখৰোচক খাদ্য খাবলৈ দিলে৷ পায়স-পৰমান্ন,
ক্ষীৰ, মিঠাই আদি নানা খোৱা বস্তু দুয়ো পেট পুৰাই খালে৷ এনেতে ককায়েক বেলিয়ে জোনক ক’লে-
‘বুজিছ ভাইটি, আই ঘৰত অকলে আছে৷ আমি আইলৈও কিবা অলপ খাদ্য নিব লাগিছিল৷ মই মোৰ ভাগৰ
পৰা এই পায়সখিনিকে আইলৈ থ’লো৷’
এইবুলি বেলিয়ে নিজৰ পায়সখিনি পাতত
বেলেগে থ’লে৷ কিন্তু জোনে মুখৰ লোভ সামৰিব নোৱাৰি নিজৰ পাতৰ সমুদায় বস্তু পেটত সুমুৱালে৷
আবেলি পৰত দুয়ো ঘৰমুৱা হ’ল৷
বাটত আহি থাকোঁতে জোনে মনে মনে
ভাবি আহিল ‘বেলিয়ে নিজৰ ভাগৰ পায়স আইক নি দিবগৈ, আয়ে নিশ্চয় তাক বেচি মৰম কৰিব৷ মইতো
তেওঁলৈ একো আনিবলৈ নহ’ল৷ এতিয়া কি কৰা যায় ?’ এইবুলি ভাবি ককায়েকে গম নোপোৱাকৈ বাটৰ
পৰা এচপৰা গোবৰ বুটলি লৈ কচুপাতত ভালদৰে বান্ধি লৈ ঘৰ পালেহি৷
বেলিয়ে মাকক লৈ অহা পায়সখিনি দিলেহি৷
মাকে ৰং পায় সৰুপুত্ৰক সুধিলে-‘তুমি মোলৈ কি আনিছা ?’
তেতিয়া জোনে হাতৰ টোপোলাটো মাকক
দিলে৷ মাকে আথেবেথে টোপোলাটো মেলি চাই তাত এচপৰা গৰুৰ গোবৰ দেখা পালে৷ পুতেকৰ কাণ্ড
দেখি মাকৰ খঙে চুলিৰ আগ পালেগৈ৷ তেওঁ পুতেকক গালি পাৰিবলৈ ধৰিলে৷- ‘হেৰ চদকা খোৱা,
তহঁতক সৰুৰে পৰা গু-মূত ধুৱাই দুখে-কষ্টে ইয়ালৈকেহে তুলি-তালি ডাঙৰ দীঘল কৰিছিলো৷ মাৰলৈ
তোৰ এয়েহে মৰম নে কোনজন ঈশ্বৰে তহঁতক এনে মতি দিলে৷’জোনৰ কলা দাগ
এইবুলি মাকে আগ-পিছ নুগুণি খঙৰ
ভমকত গোবৰ চপৰাকে পুতেকৰ গালৈ মাৰি পঠালে৷ সৰু পুতেক জোনৰ গাত গোবৰৰ চিটিকনি চিৰদিনৰ বাবে লাগি ৰ’ল৷ সেইবাবে আজিও
আকাশৰ জোনবাইৰ গাত কিছুমান ক’লা দাগ দেখিবলৈ পোৱা যায়৷
0 মন্তব্যসমূহ