তাজমহলৰ ৰহস্য- প্ৰসেনজিৎ দাশগুপ্ত
অনুবাদ হেমন্ত কুমাৰ ডেকা
বালিমাহী (পৰিবেশক- অসম পাবলিচিং কোম্পানী)/ প্ৰথম প্ৰকাশ ২০১৭/
প্ৰচ্চদ- অর্জিন বীৰভদ্ৰ/ মূল্য- ১২০.০০/মুঠ পৃষ্ঠা- ৯০
মূল বাংলাৰ পৰা অসমীয়া অনুবাদ কৰা এইখনেই চাগে তাজমহল বিষয়ক প্ৰথমখন অসমীয়া কিতাপ৷ ভাৰতবর্ষৰ প্ৰাচীন স্থাপত্য বিলাকৰ ভিতৰত চাহজাহানে মমতাজ মহলৰ স্মৃতিত তৈয়াৰ কৰা সমাধি সৌধ ‘ৰাওজা-ই-মুনব্বৰ’ ওৰফে মমতাজ মহল বা তাজমহলকেই আটাইতকৈ নবীন বুলিব পাৰি যদিও ইয়াক লৈ বির্তক আৰু ৰহস্যৰ অন্ত নাই৷ সৌন্দর্য্যৰ আঁকৰ, প্ৰেমৰ প্ৰতীক, আভিজাত্যৰ দম্ভ বা অহংকাৰ ‘তাজমহলৰ’ সিংহভাগ কথাই কিন্তু আজিলৈকে অন্ধকাৰৰ অটল গর্ভতেই বিলীন হৈ আছে৷ তাজমহলৰ আকাৰ, সঠিক জোখ-মাখ, নিখুত কলাকৃতি, পৰিকল্পক, স্থাপত্যবিদ বা চিত্ৰকৰ কোন, কিমান শ্ৰমিকে নির্মাণৰ সময়ত কাম কৰিছিল, নির্মাণত কিমান ধন বা সময় ব্যয় কৰা হৈছিল, ইমানবোৰ উৎকৃষ্ঠ মার্বল ক’ত পোৱা গৈছিল- আদি সাধাৰণ প্ৰশ্নবোৰৰ উপৰিও এইটো কোনো পুৰণি হিন্দু মন্দিৰ আছিল নেকি, ‘তেজো মহা আলয়'ৰ লগত সর্ম্পক কি, জয় সিংহ প্ৰসাদৰ লগত তাজৰ সর্ম্পক কি, চাহজাহানে তাজমহল নির্মাণৰ লগত জড়িত দৰকাৰী আনুসংগিক বিষয়বোৰ কিয় লিপিবদ্ধ কৰি যোৱা নাছিল, ইত্যাদি বহুতো বিষয় কিতাপখনৰ পাতে পাতে সিঁচৰিত হৈ আছে৷
মূল লেখক প্ৰসেনজিৎ দাসগুপ্ত পেছাত আইন ব্যৱসায়ী যদিও তেওঁ প্ৰত্নতত্ত্ব, শিল্পকলা, ৰহস্য আৰু ভৌতিক সাহিত্যৰ বিশেষ অনুৰাগী৷ ঐতিহাসিক, প্ৰত্নতাত্ত্বিক স্মৃত-বিজড়িত আৰু ধর্মীয় ঐতিহ্য সম্বলিত স্থানৰ বিষয়ে কেইবাখনো গ্ৰন্থ লিখিছে৷
অনুবাদকৰ কথাত হেমন্ত ডেকাই লিখিছে, “তাজমহলক লৈ আৰম্ভণিৰে পৰা আগ্ৰাত বিভিন্ন সাধুকথাৰ সৃষ্টি হৈছিল আৰু এতিয়ালৈকেও সৃষ্টি হৈয়েই আছে৷ এই সাধুকথাবোৰৰ আলমতে বিভিন্ন গৱেষকে সময়ে সময়ে বিভিন্ন দৃষ্টিকোণ আগবঢ়োৱা দেখা যায়. সকলো দৃষ্টিভংগী একাষ কৰি তাজমহলক এটা সুৰম্য আৰু আৱেগ জড়িত স্থাপত্য হিচাপে মানি ল’লে সকলো বিসংগতি মনৰ পৰা আতৰ হৈ ইয়াৰ সৌন্দর্য্য উৎভোগ কৰাত সহায়ক হব তাত কোনো সন্দেহ নাই৷”
কিতাপখনৰ পৰা একাংশ:
“তাজমহলৰ মার্বল পাথৰৰ বেদীৰ পৰা মূল সামধিলৈ প্ৰৱেশ কৰিব লফা হয় দক্ষিণফালৰ পৰা৷ অর্থাৎ প্ৰৱেশ পথটো বাগানৰ ফালে৷ তাত সেই সমতলতেই সন্দৌখ-কক্ষ৷ সন্দৌখ হল নকল কবৰ৷ ইয়াৰ ঠিক তলতেই বা ইয়াৰ মাজতেই মৃতদেহ দফন কৰা নহয়; দফন কৰা হয় অধিক তলৰ অন্য সমতলত৷ এইবিলাক ওপৰত থাকে৷ ইয়াতেই মৃতকৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়৷ সৌন্দখক আৰু সহজ কৰি কৰি ক’ব পাৰি ভূগর্ভত প্ৰোথিত মৃতদেহৰ ওপৰত কফিন বা বাকচৰ আকৃতিৰ কবৰ-প্ৰতীম সৌধ বুলি৷
তাজমহলৰ ওপৰত
যি সন্দৌখ কক্ষ আছে তাৰ কেন্দ্ৰস্থানত মমতাজমহলৰ সন্দৌখটো আছে৷ তাৰ সামান্য কাষতে পশ্চিমফালে
স্থাপিত হৈছে ছাহজাহানৰ সন্দৌখ৷ ধৰি ল’ব লাগিব ইয়াৰ পৰা বহু তলত এক বা একাধিক তলা বা
মহলা পাৰ হৈ থিক এইদৰেই প্ৰথমে বেগমক আৰু পিছত বাদছাহক কবৰ দিয়া হৈছিল৷
দক্ষিণ ফালৰ বিশাল খিলানৰ তলেৰে
তাজমহলৰ ভিতৰত সোমাই আহিলে সন্দৌখ-কক্ষ পোৱাৰ আগতেই দেখা পোৱা যায় ঠিক মাজডোখৰত মজিয়া
ভেদ কৰি তললৈ খটখটি নামি গৈছে৷ ভূগর্ভত যিটো ঘৰত আচল কবৰ আছে, তালৈকে যোৱাৰ খটখটি৷
ভৱা হয় মমতাজমহল আৰু ছাহজাহানক এই ঘৰটোৰ মজিয়াৰ কেইবা ফুট তলত পুতি থোৱা হৈছে৷ সাধাৰণ
পর্যটকৰ বাবে ভূগর্ভস্থ কোঠাটোত প্ৰবেশৰ অনুমতি
নাই৷ বহু আগতে অৱশ্য যাবলৈ দিয়া হৈছিল৷” (পৃষ্ঠা-৪৩)
তথ্যকোষত তাজমহল
১. তাজমহল নির্মাণৰ তিনি দশকৰ পিছতে ঔৰৰংগজেৱে পত্নী ৰাবিয়া-উদ-দুৰানীৰ
স্মৃতিত ঔৰংবাদ চহৰত নির্মাণ কৰা ‘বিবি-কা মকবাৰা’ক দুখীয়াৰ তাজমহল বুলি কোৱা হয়৷
২. ভুপেন হাজৰিকাই লিখা ‘কপি উঠে কিয় তাজমহল’ গীতটি চিৰাজ চলচিত্ৰত
অন্তভুর্ক্ত কৰিছিল৷
৩. তাজমহলত আৰৱী ভাষাত ছিলাছ হৰফত লিপিবদ্ধ কৰা কোৰাণৰ বাণীৰ কেলিগ্ৰাপিবোৰ কৰিছিল আমানত খান শিৱাজীয়ে৷
৫. তাজমহল নির্মাণৰ লগত জড়িত থকা ব্যক্তিসকল হৈছে, “পৰিকল্পনাকাৰ- তুর্কিস্থানৰ মহম্মদ ঈশা আফান্দি, ৰেখাচিত্ৰকাৰ সাত্তাৰ খান, নক্সাবিদ, সমৰখণ্ডৰ মুহম্মদ ছৰিফ আৰু মোজাইক মিত্ৰী চিৰঞ্জিৎ লাল৷
৬, যমুনা নদীৰ পৰাত অৱস্থিত আগ্ৰাৰ তাজমহলে ১৬৩১ৰ পৰা ১৬৪৮ চনৰ
ভিতৰত নির্মান কৰা হৈছিল৷ ১৯৮২ চনত তাজমহলে ইউনেস্ক হেৰিটেজ ত স্থান লাভ কৰিছিল৷
৭. সপ্তম আশ্চর্যৰ অন্তগত তাজমহলৰ বাবে প্ৰয়োজনীয় মার্বল পাথৰসমূহ
ৰাজস্থানৰ মাকৰানৰ পৰা আনিছিল৷
![]() |
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বোমাৰ পৰা ৰক্ষা কৰিবলৈ তাজমহলৰ ওপৰত কলা মাটিৰ প্ৰলেপ |
![]() |
তাজমহলৰ শিখৰত পৰিস্কাৰকর্মী |
![]() |
তাজমহল চলিত্ৰৰ পোষ্টাৰ |
![]() |
তাজমহল চলি্ত্ৰৰ পোষ্টাৰ |
![]() |
মমতাজ |
![]() |
শ্বাহজাহান |
0 মন্তব্যসমূহ