শিপিনীৰ হাতপুথি- মৃণাল চন্দ্ৰ কলিতা
ৰেখা প্ৰকাশন/ প্ৰথম প্ৰকাশন-২০০৯/ মূল্য-১২০.০০/ পৃষ্ঠা- ১৫৮
কিতাপখনৰ বিষয়ে:- ঐতিহাসিক ভাৱে প্ৰসিদ্ধ আমাৰ অসমৰ বস্ত্ৰশিল্প
আৰু বস্ত্ৰ পৰিধান কৰা পৰম্পৰা অতি পুৰণি৷ নানা জাতি-জনজাতিৰে পৰিৱেষ্টিত আমাৰ ৰাজ্যখন
মেটমৰা বস্ত্ৰ সম্ভাৰেৰে ভৰপূৰ৷ তাহানি কালৰ অসমীয়া শিপিনীসকলে নিজৰ শালখনত সৃ্ষ্টি
কৰিছিল নানা বস্ত্ৰৰ৷ সেই বস্ত্ৰ সমূহৰ লগতে শালৰ বিভিন্ন অংশ আৰু আহিলা সমূহ সময়ৰ
সোঁতত লুপ্ত প্ৰায় হৈ যাব ধৰিছে৷ জাতিটোৰ বাবে ক্ষতিকাৰক এই সমস্যাটোৰ পৰা ৰক্ষা কৰিবলৈ
অসম অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এগৰাকী বিষয়া মৃণাল চন্দ্ৰ কলিতাই
শিপিনীৰ হির্তাথে কিতাপখন লিখি উলিয়াইছিল৷
কিতাপখনত সন্নিবিষ্ট হৈ থকা অধ্যায় কিছুমান হৈছে- তাঁতশালৰ আহিলাসমূহ; শাল, শালৰ প্ৰকাৰ আৰু কার্যদক্ষতা; আর্হি বা নক্সা; প্ৰাকবয়ন পদ্ধতি; বয়নৰ বাবে সূতা নির্বাচন আৰু প্ৰস্তুতি; বয়নৰ গতি আৰু ইয়াৰ প্ৰকাৰ; কেইটামান গাঁথনিযুক্ত চানেকিৰ সংযোগ আৰু বয়ন কৌশল; পৰম্পৰাগত শালত বাটি কঢ়া পদ্ধতি (গাঁৱলীয়া শাল); অসমীয়া বস্ত্ৰসম্ভাৰৰ বিভিন্ন বস্ত্ৰসমূহৰ জোখ আৰু ব্যৱহৃত সূতা, ৰাঁচ আদিৰ তালিকা; উন্নত পদ্ধতিৰে কাপোৰত ফুলতোলা বা চানেকি প্ৰস্তুত কৰা কৌশল; বেনাৰচী টাই জেকার্ডেৰে চানেকি তোলা কার্য; বেনাৰচী টাইপ বল বিয়েৰিং জেকার্ডৰ কার্যপ্ৰণালী; উৎপাদিত বস্ত্ৰৰ মূল্য নির্ধাৰণ আৰু লাভ বৃদ্ধিৰ কৌশল আদি বিভিন্ন দিশ অন্তর্ভুক্ত কৰিছে৷
![]() |
অসমৰ মুগা কাপোৰ |
কিতাপখনৰ পৰা একাংশ:-
“Every woman of Assam is born weaver. They can compose
fairy tales in their looms through their own weaving technique’- ১৯২১ কি ১৯২২ চনত
মহামানৱ মহাত্মা গান্ধীয়ে অসমীয়া শিপিনী সর্ম্পকে কৰা মন্তব্যৰ নমুনা এয়া৷ জন্মগতভাৱে
শিপিনীসুলভ মানসিকতাৰে পু্ষ্ট অসমীয়া শিপিনীয়ে তেওঁলোকৰ শালত নিজ প্ৰতিভাৰে পৰীৰ সপোন
ৰচিব পাৰে বুলি মহামানৱ গৰাকীয়ে এনেয়ে কোৱা নাছিল, শুৱালকুছিত পদার্পণ কৰা গান্ধীজীয়ে
শিপিনীয়ে নিজৰ শালত বৈ থকা ভমকাফুলীয়া চানেকিযুক্ত কাপোৰ দেখিহে এনে মন্তব্য কৰিছিল৷
অকল মহামানৱগৰাকীয়েই নহয়, বিশ্বই আজি অসমীয়া শিপিনীৰ তাঁত শিল্পক প্ৰশংসা কৰে৷ বিশ্ব ঐতিহ্যৰ সংগ্ৰহালয়ত ব্ৰিটেইনৰ ভিক্টোৰিয়া এণ্ড এলর্বাট মিউজিয়ামকে প্ৰমুখ্য কৰি যিবোৰ বিখ্যাত যাদুঘৰত মহাপুৰুষ শংকৰদেৰ নেতৃত্বত বোৱা অসমীয়া শিপিনীৰ হাতৰ পৰশলগা ‘বৃন্দাবনী বস্ত্ৰ’ সংৰক্ষিত হৈ আছে, সেই সংগ্ৰহালয়বোৰেই অসমীয়া শিপিনীৰ শিল্প নমুনাক পৰিচয় কৰাই দিয়ে৷
![]() |
বৃন্দাবনী বস্ত্ৰ |
আহোম ৰমণী মূলাগাভৰুৰ
দেশ এই অসমত তাহানি ৰাতিৰ ভিতৰতে কপাহৰ পৰা সূতা কাটি ‘কবচ’ কাপোৰ বৈ নিজৰ গিৰীয়েকক
যুদ্ধক্ষেত্ৰলৈ পঠোৱা শিপিনীৰ কথা কোনে নাজানে৷
ছাঁতে শুকোৱা
মুঠিতে লুকোৱা কামৰূপৰ পাট সূতাৰ কথা ভাস্কৰ বর্মাৰ দিনতে প্ৰতিষ্ঠিত, সেই কথাও সকলোৰে
বিদিত৷
মহাভাৰতৰ যুদ্ধত তাহানিৰ কামৰূপৰ বীৰ ভগদত্তই পাটৰ কাপোৰ পৰিধান কৰি অর্জুনৰ লগত যুদ্ধ কৰি কামৰূপৰ মর্যাদা ৰক্ষা কৰাৰ কথা আজি আৰু শাস্ত্ৰৰ মাজত সীমাবদ্ধ হৈ থকা নাই৷’’ (পৃষ্ঠা-১১)
তথ্যকোষত তাঁতশালৰ আহিলাসমূহ
![]() |
সৰু চেৰেকী,
উঘা,
নাট বা নটা,
লেটাই,
যঁতৰ,
ববিন,
বৰখুঁটি (ঘাই খুঁটি আৰু বিহা খুঁটি),
সৰু খুঁটি বা বছনি খুঁটি,
কাঢ়নি,
বৰচিৰি,
শলি,
ডাঙি মাৰি বা ডাং মাৰি,
কাকৈ,
কুমলা বা কুর্মৰা,
কাণমাৰি,
বাঁহৰ ৰাঁচ,
লোৰ ৰাঁচ,
ব’,
ব’ তোলা চুঙা,
হাকোটা,
টোলোঠা,
গৰকা,
নাচনী,
নাচনী জৰী,
দোর্পতী,
মাকোঁ,
মুঠি,
নাকতি মাৰি,
নাকতিবাৰী বা ফুটি শলি,
জখলা মাৰি,
চালি মাৰি (নাচনী মাৰি),
পুতল,
দোৱাবন্ধা জৰী,
শালৰ কাঠাম,
শিৰখ,
ফনি,
নাঙল,
ৰিং,
অতিৰিক্ট ব’,
নেক কর্ড,
হুক,
হাৰনেচ,
নিডল,
কম্বাৰ ব’র্ড,
ড্ৰাম কাঢ়নি,
ৱাপুং ড্ৰাম,
হেক ফ্ৰেম,
খৰা বা গেৰেলি খোং,
বিমিং ষ্টেণ্ড,
নিগনি খুঁটি,
দঙা জৰী,
মেৰ খুঁটি,
শালৰ খুটা,
মহুৰা,
বাঘজৰী,
মাকোঁ টনা ৰছী,
যঁতৰ কাঠি,
মাই কাঠি,
জোখ কাঠি,
ককিলা মাৰি,
গেৰেলি কাঠি,
বোৱা শলি,
ফুল কাঠি,
ঠেপেনা খুঁটি,
ছাগলী খুঁটি,
ককিলা খুঁটি
0 মন্তব্যসমূহ