আহোম ৰাজত্বত চিকিৎসা সেৱা (আহোম ৰাজত্ব কালৰ চিকিৎসা সেৱা বিষয়ক প্ৰথম বুৰঞ্জী)-
ড° ৰতন কুমাৰ কটকী৷
বাণী মন্দিৰ/ প্ৰথম প্ৰকাশ ২০০৯/ মূল্য-৮০.০০/ পৃষ্ঠা:- ১৪৭
কিতাপখনৰ বিষয়ে:- ছশবছৰীয়া আহোম ৰাজত্বকালত জনসাধাৰণ তথা স্বর্গদেউ
সকলৰ স্বাস্থ্য-ৰোগ, বেজ, চিকিৎসা-ব্যৱস্থা, আন্তঃগাঁঠনি সমন্বিতে সকলো দিশ সামৰি কোনো
গ্ৰন্থ নথকাত লেখকে অসমীয়া বুৰঞ্জীৰ লগতে ক্ষেত্ৰভিত্তিক সমীক্ষাৰে ৰাইজৰ মাজত প্ৰচলিত
জনশ্ৰুতি, কাহিনী আদিও গ্ৰহণ কৰি বৈজ্ঞানিক দৃষ্টিৰে চালি-জাৰি কিতাপখনৰ বাবে সমল তৈয়াৰ
কৰিছিল৷ কিতাপখনৰ মূল কাহিনীটি লেখকে ড° পদ্মেশ্বৰ গগৈ স্মাৰক বক্তৃতা
ৰূপে টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান, মৰাণহাটত ২০০৬ চনৰ ৮ জানুৱাৰীত প্ৰদান কৰিছিল৷
কিতাপখনত প্ৰথম অধ্যায়ত আলোচ্য বুৰঞ্জীৰ চমু বিৱৰণী; দ্বিতীয়
অধ্যায়ত আহোম ৰাজত্বকালত ৰোগ (স্বর্গদেউ সকলৰ ৰোগ; জনসাধাৰণৰ ৰোগ; মিলছৰ ৰিপর্ট আৰু
আহোম ৰাজত্বত ৰোগ; কানিৰ প্ৰভাৱত কানীয়া আৰু ৰুগীয়া হোৱা অসমীয়া; আহোম ৰাজত্বকালত ৰক্তহীনতা
ৰোগ) তৃতীয় অধ্যায়ত আহোম ৰাজত্বত চিকিৎসা সেৱাৰ আন্তঃগাঁথনি (চিকিৎসা পৰম্পৰা আৰু ব্যৱস্থা
আৰু চিকিৎসা বিষয়ক পুথি) চতুর্থ অধ্যায়ত আহোম ৰাজত্বত বেজ, বৈদ্য, চিকিৎসক, বেজৰ খেল;
পঞ্চম অধ্যায়ত আহোম ৰাজত্বত জনসাধাৰণৰ স্বাস্থ্য; ষষ্ঠ অধ্যায়ত ছশবছৰীয়া আহোম ৰাজত্বত
চিকিৎসাৱলী (বনৌষধিৰ প্ৰয়োগ আৰু চিকিৎসাৱলী; লোকাচাৰ, ডাকৰ-বচন, লোক-বিশ্বাস আৰু চিকিৎসাৱলী,
মন্ত্ৰ আৰু চিকিৎসাৱলী আৰু আয়ুবেদিক পদ্ধতিৰ চিকিৎসাৱলী) সপ্তম অধ্যায়ত ৰসেন্দ্ৰ বংশাৱলী
১৯৬৭, বেজবৰুৱাৰ বংশাৱলী, আয়ুবের্দীয় গ্ৰন্থসাৰ, আয়ুবেদীয় গ্ৰন্থসাৰ আৰম্ভ, হস্তী-বিদ্যার্ণৱ
আৰু ঘোঁৰা নিদান পুথিৰ চমু আলোচনা) আৰু অষ্টম অধ্যায়ত ওপৰঞ্চি হিচাপে অসমীয়া বনৌষধি
আৰু বৈজ্ঞানিক নাম আৰু অসমীয়াত লিখা ইংৰাজী শব্দসমূহৰ চমু তালিকা সন্নিবিষ্ট কৰিছে৷
ষষ্ঠ অধ্যায়লৈকে প্ৰতি অধ্যায়ৰ শেষত গ্ৰন্থপঞ্জী আৰু টোকা সংযোগ কৰাত কিতাপখনৰ গাম্বীর্ষতা
বৃদ্ধি পাইছে৷ চিকিৎসা সেৱা, আন্তঃগাঁঠনি, ৰোগ-ব্যাধি, স্বাস্থ্য, বেজ-বৈদ্য, চিকিৎসাৱলীৰ
বিষয়ে থকা এইখন অসমীয়া ভাষাৰ এখন বুৰঞ্জীবিষয়ক উৎকৃষ্ঠ গ্ৰন্থ-
কিতাপখনৰ পৰা তিনিচোৱা
ক) আহোম ৰাজত্বৰ সময়ত ব্যৱহৃত কিছুমান বনৌষধি আৰি ইয়াৰ গুণাগুণ:
![]() |
যমলাখুটি |
১. যমলাখুটি:- কোষ্ঠকাঠিন্য আৰু জণ্ডিছ ৰোগত ব্যৱহাৰ হয়৷
২. গন্ধালিবন:-ৰস ডিচেণ্ট্ৰিত ব্যৱহাৰ হয়৷ ইয়াৰ প্ৰলেপ কঁটা
ঘাঁৰ তজ বন্ধ কৰাত ব্যৱহাৰ হয়৷
৩. যষ্টমধু:- বাকলিৰ ৰস চর্মৰোগত ব্যৱহাৰ হয়৷ শিপা কাঁহ, ফেৰিংজাইটিছ ৰোগত ব্যৱহাৰ হয়৷
![]() |
চালকুঁৱৰী |
৪. চালকুঁৱৰী:- পাতৰ ৰসে পেলু নাশ কৰে ৷ পাইলছ বা কেঁচুমুৰীয়া ৰোগ আৰু মূত্ৰযন্ত্ৰৰ ৰোগ প্ৰতিহত কৰে৷ ছালৰ ৰোগ আৰু চুলিৰ সুৰক্ষাত ব্যৱহাৰ হয়৷
![]() |
শতমূল |
৫. শতমূলী:- শিপাৰ ব্যৱহাৰে মাতৃৰ দুগ্ধৰ প্ৰৱাহ বৃদ্ধি কৰে৷
ডিচেণ্ট্ৰি তেজৰ ৰোগ, চকু আৰু ডিঙিৰ ৰোগত ব্যৱহাৰ হয়৷
৬. বসাক:- পাতৰ ৰস ব্ৰংকাইটিছ, এজমা ৰোগত ব্যৱহাৰ হয়৷
![]() |
পূৰৈশাক |
৭. পূৰৈশাক:- পাত বিশেষকৈ গর্ভৱতী মহিলা আৰু শিশুৰ কোষ্ঠকাঠিন্য ৰোগত ব্যৱহাৰ হয়৷
৮. হাড়জোৰা লতা:- ইয়াক ভঙা হাড় জোৰা লগোৱাত ব্যৱহাৰ হয়৷
৯. তেজমূহী:- ইয়াৰ শিপা আৰু বাকলি টলচিলাইটিছ ৰোগত ব্যৱহাৰ কৰা
হয়৷ ভেদাইলতা
![]() |
নয়ণতৰা |
![]() |
নীলকণ্ঠ |
১৩. নীলকণ্ঠ:- গোটেই গছজোপা মেলেৰিয়া ৰোগত ব্যৱহাৰ হয়৷
![]() |
দ্ৰোণবন |
![]() |
তুলসী |
১৫. তুলসী:- মৌৰ সৈতে ইয়াৰ ৰস শিশু কাঁহ আৰু এজমা ৰোগত ব্যৱহাৰ
হয়৷
![]() |
ব্ৰাক্ষ্মীশাক |
১৬. ব্ৰাক্ষ্মীশাক:- এই শাক বসন্ত আৰু মূত্ৰযন্ত্ৰৰ ৰোগত ব্যৱহাৰ
হয়৷ মগজুৰ শক্তিবর্ধক হিচাপেও ব্যৱহৃত হয়৷ভৃঙ্গৰাজ
১৭. ভৃঙ্গৰাজ:- পাতৰ ৰস পেলুনাশক হিচাপে
ব্যৱহাৰ হয়৷ পাতৰ প্ৰলেপ চুলিৰ সৌন্দর্যবর্ধক হিচাপে
ব্যৱহূত হয়৷
১৮. কালমেঘ:- শিপৰা ৰস মেলেৰিয়া ৰোগত ব্যৱহাৰ হয়৷ পাতৰ ৰস কাঁহ
জ্বৰ, পেটচলা ৰোগত ব্যৱহাৰ হয়৷
![]() |
মুচন্দৰী |
![]() |
লেটাগুটি |
![]() |
সৰু মানিমুনি |
![]() |
বৰ মানিমুনি |
২১. বৰ মানিমুনি আৰু সৰু মানিমুনি:- ইয়াক পেটচলা আৰু গ্ৰহণীৰোগত
ব্যৱহাৰ কৰা হয়৷বন আমলখি
২২, বন আমলখি:- ফল আৰু পাতৰ ৰস জণ্ডিছ ৰোগত ব্যৱহাৰ কৰা হয়৷
(পৃষ্ঠা-৭)
খ) জীৱ-জন্তুৰ তত্ত্বাৱধানৰ বাবে প্ৰৱর্তিত খেল-
হাতী বৰুৱা:- হাতী বৰুৱা ৰজাঘৰৰ সকলো হাতীৰ অধ্যক্ষ৷ এওঁৰ তলত পাইক থাকে
আৰু পাইকৰ সহায়ত হাতীৰ তদাৰক কৰিব লাগে৷ স্বর্গদেউ হাতীত উঠি ফুৰিলে হাতীবৰুৱা স্বর্গদেউৰ
কাষে কাষে যাব লাগে৷ অন্যথাই দণ্ড ভোগ কৰিব লাগে৷
ঘোঁৰা বৰুৱা:- ৰজাৰ সকলো ঘোঁৰাৰ অধ্যক্ষ ঘোঁৰা বৰুৱা৷ এওঁ তলত
থকা পাইকৰ দ্বাৰা ঘোঁৰা তদাৰক কৰে৷ কদাচিত স্বর্গদেউ ঘোঁৰাত উঠিলে সাবধানে লগত যাব
লাগে৷ ইয়াৰ ব্যতিক্ৰম হ’লে দণ্ড ভোগ কৰিব লগা হয়৷
কুকুৰাচোৱা বৰুৱা:- এওঁ পাইক মানুহৰ সহায়ত কুকুৰা
চৰাই পুহি প্ৰতিপালন কৰে৷ কুকুৰা আৱশ্যক মতে যোগান ধৰা এওঁৰ কতর্ব্য৷ ইয়াৰ ব্যতিৰেকে
দণ্ড ভোগ কৰিব লগা হয়৷
শেনচোৱা বৰুৱা:- শেনচৰাইৰ তত্বাৱধান আৰু প্ৰতিপালনৰ
দায়িত্ব শেনচোৱা বৰুৱাৰ৷ শেন চৰাইৰ খেল-ধেমালি আদিৰ কর্তব্য এওঁৰ৷ শেন চৰাইৰ ৰোগ হ’লে
চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে৷ নহ’লে দণ্ডনীয়৷
পাখিমৰীয়া বৰুৱা:- এওঁৰ তলতো পাইক থাকে৷ তাৰ দ্বাৰা
ৰজা ঘৰত পাখি যোগান ধৰিব লাগে৷ ক্ৰটি হ’লে বৰুৱাৰ গাত জগৰ লাগে৷ দণ্ডনীয়৷ (পৃষ্ঠা-৬১)
গ) লাওপানী (সাজ) প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ:-
![]() |
আহোমসকলৰ পৰম্পৰাগত লাওপানী আৰু আমলৈপৰুৱাৰ টোপ |
আহোম যুগৰ অন্য এবিধ লাগতিয়াল খাদ্যসম্ভাৰ হ’ল লাওপানী (সাজ)৷
বৰা বা লাহী চাউলৰ ভাতৰ লগত বিশেষ দৰব বা সাজৰ পিঠা (হূ-লাও) সানি লাওপানী তৈয়াৰ কৰা
হয়৷ পিঠা তৈয়াৰ কৰোঁতে দিয়া বনদৰবৰ ভিতৰত আছে- জালুক, কপৌ ঢেকীয়া, পাতিসোন্দা গছৰ পাত,
বনজালুক, টংলতিৰ পাত, জেতুলিপকাৰ পাত, সৰু মানিমুনি, বৰমানিমুনি, কঁঠাল পাত, পিপলী,
তেজমুৰ, চেনীবন, বিয়নী সাপোতা, লতা মাহুদি, গছ মাহুদি, মধুৰী পাত, হেতেলতী পাত, মালকাঠি,
পানী-মধুৰী, বিহলঙনীৰ পাত শুকুৱাই মিহিকৈ খুন্দি চাউলৰ গুৰিৰ সৈতে সানি দৰব প্ৰস্তুত
কৰে৷ অৱশ্যে ঠাই বিশেষে বনদৰব ব্যৱহাৰত কিছু তাৰতম্য দেখা যায়৷ তদুপৰি গছ-বনসমূহৰ প্ৰাচুর্যৰ
ওপৰত নির্ভৰ কৰিও বনদৰব প্ৰয়োগত বিভিন্নতা দেখা পোৱা যায়৷
লাওপানীৰ পিঠাত
থকা বনৌষধে ‘ইষ্ট’ নামৰ ভেকুঁৰবিদগ ধৰি ৰাখি সিজোৱা বৰা বা লাহী ধানৰ চাউলত সেই ইষ্টযুক্ত
গুড়ি সানি দিলে সিজোৱা চাউলত ৰাসায়নিক প্ৰক্ৰিয়া ঘটি লাওপানী প্ৰস্তুত হয়৷ এনেকৈ লাওপানী
তৈয়াৰ কৰা প্ৰণালীটো এটা বৈজ্ঞানিক ভিত্তিত প্ৰতিষ্ঠিত পদ্ধতি৷ সেইটো ভালদৰে প্ৰকাশ
কৰিব পাৰি
C6H12O6— C2H5OH + CO2 + Energy
গ্লু’কজ সাজ কার্বনডাই অক্সাইড শক্তি
দৰবত ব্যৱহৃত উদ্ভিদজাত সামগ্ৰী
আহোম যুগত উভৈনদী আছিল৷ জালুকৰ খেতি বাৰীত কৰি লৈছিল৷ বাকী আটাইবোৰ বনৰীয়া গছ-বন আছিল৷
কিন্তু আজিকালি দৰবৰ বাবে কেতবোৰ গছ-বন সহজতে পোৱা নাযায় বুলি দৰব প্ৰস্তুতর্কতা লোকসকলে কয়৷
এই লাওপানী বা সাজ আহাৰ হিচাপে
গ্ৰহণ কৰাৰ উপৰি ঔষধ হিচাপে ব্যৱহাৰ হৈছিল৷ সাজৰ ব্যৱহাৰ ‘সংৰক্ষক’ হিচাপেও বিস্তৃতি
লাভ কৰিছিল৷ সাধাৰণতে স্বর্গদেউসকলৰ মৃত্যুৰ পাছতহে মৈদাম খন্দা হয়৷ গতিকে মৃত্যুৰ
সময়ৰপৰা গোৰ দিয়ালৈ কেইবামাহৰো আৱশ্যক হৈছিল৷
যথাসম্ভৱ মৃতদেহ গেলি-পচি নোযোৱাকৈ ৰাখিবলৈ সাজৰ ব্যৱহাৰ কৰা হৈছিল৷ লগতে মৌ-জোলৰ প্ৰলেপ,
অনান্য বনৌষধিৰে মৃতদেহত প্ৰলেপ দিছিল৷ (পৃষ্ঠা-৭৯)
0 মন্তব্যসমূহ