জাহাঙ্গীৰৰ আত্মজীৱনী- অনুবাদ আৰু সম্পাদনা ড° হেমন্ত ডেকা
অসম পাবলিচিং কোম্পানী/ প্ৰথম প্ৰকাশ-২০১৫/ মূল্য- ১৫০.০০/ পৃষ্ঠা- ১৫১
কিতাপখনৰ বিষয়ে:- উৎকৃষ্ট সমাজ সংস্কাৰক, স্বার্থহীন
শাসক, লোকসংস্কৃতি বিশাৰদ, যুক্তিবাদী তথা জ্ঞানী পুৰুষ মোগল সম্ৰাট জাহাঙ্গীৰ (নুৰ-উদ-দিন
মহম্মদ ছেলিম জাহাঙ্গীৰ) য়ে ১৬০৫-১৬২৭ লৈ ৰাজত্ব কৰিছিল৷ জাহাঙ্গীৰে নিজে নিজৰ শাসন
কালৰ আৰম্ভণিৰে পৰা সোতৰ বছৰলৈ লিখিছিল৷ আত্মজীৱনীৰ এই প্ৰথম ভাগৰ জাহাঙ্গীৰে নিজেই
বহুটো প্ৰতিলিপি কৰাইছিল৷ তাৰে সর্বপ্ৰথম প্ৰতিলিপিটো তেওঁ শ্বাহজাহানক দিছিল৷ পিছলৈ
শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ মুদামিক খাঁ-ক লিখাৰ কামত নিযুক্ত কৰিছিল৷ মুদামিদ খাঁই
উনৈশ বছৰলৈ সকলো বৃত্তান্ত সম্ৰাট জাহাঙ্গীৰৰ নামতেই লিখিছিল৷ কিন্তু সম্ৰাট জাহাঙ্গীৰৰ
শেষ জীৱনৰ বৃত্তান্ত তেওঁ নিজৰ ইকবালনাম গ্ৰন্থত লিখিছিল৷ মূল ফার্চী ভাষাত লিখা গ্ৰন্থখন
ইংৰাজীলৈ অনুবাদ কৰিছিল আলেকজেণ্ডাৰ ৰোজর্ছে৷ নাম দিছিল তুজুক-এ-জাহাঙ্গীৰী
(Tuzk-e-Jahangiri)৷ ১৯০৯ চনত দুটা খণ্ডত এইখন সম্পাদনা কৰিছিল হেনৰী বেৱৰিজে৷ হেমন্ত
কুমাৰ ডেকাই মূল আত্মজীৱনীখনৰ শব্দানুবাদ নকৰি ভাবানুবাদ কৰিছিল৷ যথাসম্ভৱ সৰল-সহজকৈ
লিখা কিতাপখনত কোনো ঐতিহাসিক ঘটনাৰ হানি-বিঘিনী নোহোৱাকৈ অসমীয়ালৈ অনুবাদ কৰিছে৷জাহাঙ্গীৰ
জাহাঙ্গীৰৰ বিষয়ে:- সম্ৰাট আকবৰ আৰু হৰখা বাই (মৰিয়ম-উজ-জামানী) ৰ প্ৰথম
পুত্ৰ ছেলিম জাহাঙ্গীৰ (৩১ আগষ্ট, ১৫৬৯- ৭ নৱেম্বৰ, ১৬২৭)ৰ ব্যক্তিগত জীৱনত বহু নাৰী
আছিল যদিও ৰাজকীয় জীৱন বহুলাংশে নিয়ন্ত্ৰণ কৰিছিল সম্ৰাজ্ঞী নুৰজাহানে (পূর্বৰ নাম
মেহেৰউন্নিসা)৷ জাহাঙ্গীৰ বৰপুত্ৰ খুছৰুৱে দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত দৰবাৰী ষড়যন্ত্ৰৰ
বাবে ফাঁচি দিছিল৷ আনকেইজন পুত্ৰ আছিল পাৰভিজ, খুৰম আৰু চেহেৰাৰ৷ দেউতাকৰ মৃত্যুত খুৰমে
শ্বাহজাহান নাম লৈ দিল্লীৰ প্ৰঞ্চম গৰাকী মোগল সম্ৰাট হিচাপে ৰাজত্ব কৰিছিল৷ বাকী দুজনে
দক্ষতাৰে নিজৰ ৰাজকার্য সম্পাদনা কৰিছিল৷পত্নী নুৰজাহান
সাধাৰণ প্ৰজাৰ কথা ভাৱি জাহাঙ্গীৰে
জিজিয়া কৰ, সিৰমোহাৰি কৰ আৰু তুমঘা কৰ আদি ৰদ কৰিছিল৷ সতীদাহ প্ৰথাৰ বিৰুদ্ধেও আইন
প্ৰণয়ণ কৰিছিল৷ তেওঁৰ শাসনকালত মদ নিবাৰণৰ কাৰণে কঠোৰ বিধি-ব্যৱস্থা অবলম্বন কৰিছিল
আৰু মদ খোৱাৰ লগতেবিক্ৰী কৰাৰ ক্ষেত্ৰটো প্ৰতিবন্ধকতা লগাইছিল৷ পর্যটকৰ সুবিধাৰ কাৰণে
সাম্ৰায্যৰ অর্ন্তগত পথ নির্মাণ, পথৰ কাষে কাষে গছ ৰোপণ কৰাৰ উপৰিও কিছু দূৰে দূৰে
‘পান্থশালা’ নির্মাণ কৰি থকা খোৱাত সুব্যৱস্থা কৰি দিছিল৷ লাহোৰত অৱস্থিত জাহাঙ্গীৰৰ সমাধি
জাহাঙ্গীৰৰ ৰাজত্বকালত হকিন্স,
এডওৱার্ডচ আদিয়ে ভাৰতবর্ষলৈ আহিছিল৷ ১৬১৬ চনত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ দূতৰূপে ছাৰ
টমাচ ৰো জাহাঙ্গীৰৰ ৰাজসভাত উপস্থিত হৈছিল৷ তেওঁৰ কাম-কাজত সন্তুষ্ট হৈ সম্ৰাট জাহাঙ্গীৰে
‘ইষ্ট ইণ্ডিয়া কোম্পানী’ক সুবিধাজনক চর্তত বঙ্গদেশ আৰু অন্যান্য স্থানত ব্যৱসায় কৰিবলৈ
অনুমতি প্ৰদান কৰিছিল৷ জাহাঙ্গীৰৰ মুদ্ৰা
কিতাপখনৰ পৰা এচোৱা
মোৰ পিতৃদেৱৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰাখিবলৈ এই স্থানত তেওঁৰ
আকৃতি বর্ণন কৰিছো৷ মোৰ পিতৃদেৱ দীর্ঘাকৃতিৰ আৰু গৌৰবর্ণৰ আছিল৷ তেওঁৰ চকু আৰু ভ্ৰু
ঘোৰ কৃষ্ণবর্ণৰ আছিল৷ ভ্ৰুদ্বয় জোৰ খোৱা আছিল৷ তেওঁ দেখিবলৈ সুপুৰুষ আছিল, তেওঁৰ দৈহিক
শক্তি অতুলনীয় আছিল৷ তেওঁৰ হাত দুখন দীর্ঘ আৰু দেহত সিংহৰ দৰে বল আছিল৷ তেওঁৰ নাকৰ
ওপৰত এটা তিল আছিল. জ্যোতিষ সকলে কৈছিল যে এইটো তেওঁৰ অসাধাৰণ সুখ আৰু সৌভাগ্যৰ চিহ্ন৷
প্ৰকৃতপক্ষে যিজনে ২৫ বছৰ ধৰি এই বিশাল (হিন্দুস্থানৰ (যাৰ এক প্ৰান্তৰ পৰা আন প্ৰান্ত
পর্যন্ত ঘূৰিবলৈ দুবছৰ সময় লাগে) ওপৰত প্ৰতিদ্বন্দ্বীহীন হৈ একছত্ৰী ৰাজত্ব কৰি গৈছিল,তেওঁক
সৌভাগ্যৱান পুৰুষ বুলিয়েই ক’ব পাৰি৷ তেওঁৰ ৰাজকোষ অগাধ ধন-সম্পত্তিৰে পৰিপূর্ণ আছিল৷
এবাৰ তেওঁ ৰাজকোষৰ কেৱল সোণৰ পৰিমাণ নিদিষ্ট কৰিবলৈ কিলজি খাঁক আদেশ দিছিল৷ এইজন কর্মচাৰীয়ে
প্ৰথমতে আগ্ৰাৰ ৰাজকোষৰ সোণৰ ওজন কৰিলে৷ তেওঁ চহৰৰ বিভিন্ন ব্যৱসায়ীসকলৰ পৰা চাৰিশ
দগা-পাল্লা সংগ্ৰহ কৰিছিল৷ এই সকলো দগা-পাল্লাৰে তেওঁ অনবৰত পাঁচ মাহকাল দিনে-ৰাতিয়ে
সোণৰ মুদ্ৰা আৰু সোণৰ ওজন কৰে৷ পাঁচ মাহ পিছত ইয়াৰ পৰিমাণ জানিবলৈ পিতৃদেৱে তেওঁৰ ওচৰলৈ
মানুহ প্ৰেৰণ কৰে৷ তেওঁ কৈ পঠায় যে যদিও এক হাজাৰ লোকে চাৰিশ দগা-পাল্লাৰে পাঁচ মাহ
ধৰি দিনে-ৰাতিয়ে সোণৰ ওজন কৰি আছে তথাপি এই পর্যন্ত আগ্ৰাৰ ৰাজকোষৰেই সোণৰ ওজন কৰা
শেষ হোৱা নাই৷ এইটো শুনাৰ পিছত পিতৃদেৱে সিহঁতক সোণৰ মুদ্ৰা আৰু সোণবোৰ যথাস্থানত সুৰক্ষিত
কৰি থ’বলৈ আদেশ প্ৰদান কৰি এই কার্যৰ পৰা সিহঁতক নিৰস্ত কৰে৷ এটি মাত্ৰ ৰাজকোষতেই ইমান
ধন আছিল৷ পিতৃদেৱৰ হস্তীশালা অতুলনীয় আছিল৷ পৃথিৱীৰ কোনো সম্ৰাটেই ইমান হাতী সংগ্ৰহ
কৰিব পৰা নাই আৰু নোৱাৰিবও৷ তেওঁৰ হাতীশালত ১২ হাজাৰ বৃহত্তৰ হাতী আৰু ২০ হাজাৰ হস্তিনী
আছিল৷ এইসকলৰ ভৰণ-পোষণৰ নিমিত্তে প্ৰত্যেক দিনে ৪ লাখ টকা ব্যয় হৈছিল৷ ১২ হাজাৰ কৃষ্ণসাৰ
মৃগ, বাৰ হাজাৰ নীল গাই, পর্বতীয়া ভেড়া, উটপক্ষী, গঁড় আৰু সিন্ধুঘোটক আদি তেওঁৰ চিকাৰৰ
কাৰণে ৰক্ষিত আছিল৷
মই যুদ্ধৰ কাৰণে
আৰু আমোদ প্ৰমোদৰ কাৰণে কেইটামান হাতী লগত ৰাখি বাকী আটাইবোৰ হাতী এৰি দিছো৷ পৃথিৱীজয়ী
অজেয় তৈমূৰৰ পিছত ছয়জনে দিল্লীৰ সিংহাসনাৰোণ কৰে, মোৰ পিতৃদেৱ তৃতীয় মোগল উত্তৰাধিকাৰী৷
কিন্তু পিতৃদেৱৰ ধন-ঐশ্বর্য আৰু আচবাবপত্ৰৰ দহভাগৰ এভাগো তেওঁলোকৰ নাছিল৷ সম্ভৱত তেওঁৰ
পূর্বৱতী সম্ৰাটসকলক সকলো ফালেই পৰাস্ত কৰাই তেওঁৰ উদ্দেশ্য আছিল৷ পৃথিৱীৰ কাৰো লগত
তেওঁৰ মানসিক গুণাৱলীৰ তুলনা নহয়৷ (পৃষ্ঠা-৪৫)
0 মন্তব্যসমূহ