নামঘোষা- মাধৱদেৱ
কিতাপখনৰ আঁৰৰ কাহিনী:- মাধৱদেৱৰ (১৪৮৯-১৫৯৬) ৰচনাৱলীৰ শ্ৰেষ্ঠ ৰচনা আখ্যা
দিয়া নামঘোষাৰ জন্ম কাহিনী এনেধৰণৰ- শংকৰেদেৱৰ শেষ বয়সত মাধৱদেৱ সহিতে অন্য শিষ্যই
গুৰুজনাক প্ৰশ্ন কৰিলে, “আপুনিতো এতিয়া যাবগৈ, গতিকে আমি এতিয়া আপোনাক ক’ত বিচাৰি পাম
?” তেতিয়া গুৰুজনাই উত্তৰ দিলে, “মই কীর্ত্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি
ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা৷ ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও থাকিব৷” গুৰুৰ আজ্ঞা
লাভ কৰি মাধৱদেৱে কলম তুলি লৈ লিখিবলৈ বহিল৷ নামঘোষাখন তেওঁ ছবি, দুলড়ী, লেছাৰি আৰু
পদ এই চাৰিটা ছন্দত লিখি শেষ কৰে৷ কিতাপখনৰ ঘোষাসমূহৰ বিষয়বস্তু আছিল ক্ৰমে- ভজন, নমস্কাৰ,
উপদেশ, নিন্দা, প্ৰার্থনা, মহিমা, আত্মউপদেশ, আত্মনিন্দা, প্ৰশংসা, নাম, পৰমার্থ সাৰ,
বর্ণাশ্ৰম, নাম মহিমা, নিবেদন, কৃষ্ণৰ বিভিন্ন লক্ষণ, তাৎপর্য, ইিশ্বৰ লক্ষণ, কীর্তন
প্ৰশংসা, আশ্ৰয়, ভাগৱত প্ৰসংসা, নাম ছন্দ আদি৷মাধৱদেৱৰ কল্পিত চিত্ৰ
কিতাপখনৰ বিষয়ে:- বৈষ্ণৱ ধর্মৰ দার্শনিক ভিত্তিত ৰচিত ভক্তিমার্গৰ পুথি৷ কিতাপখনত
এহেজাৰ ঘোষা থকা বাবে ‘হেজাৰী ঘোষা’ও বোলা হয়৷ আটাইখিনি ঘোষাৰ ছশমান বিভিন্ন পুৰাণ
আৰু গীতাৰ ভক্তিপ্ৰধান শ্লোকৰ অনুবাদ৷ বাকীখিনিহে নিজা ৰচনা৷ নামঘোষাত মাধৱদেৱৰ আধ্যাত্মিক
জীৱনৰ পূর্ণ অভিজ্ঞতাৰ ছন্দোময় অভিব্যক্তি, পাণ্ডিত্য, কবিত্ব, ধার্মিক মতবাদ আৰু আধ্যাত্মিক
আদর্শৰ পূর্ণ প্ৰতিফলন ঘটিছে৷ নামঘোষাত কৃষ্ণভক্তিৰ মহিমা, ভক্তিৰ শ্ৰেষ্ঠতা, ব্যভিচাৰী
ভক্তিৰ নিন্দা, সৎ সংগৰ মহত্ব, গুৰু ভক্তি আৰু ব্যক্তিগত প্ৰার্থনাই স্থান লাভ কৰিছে৷
ভক্তি-তত্ত্ব নিৰূপক ৰচনা হিচাপে নামঘোষা নিৰূপম৷ ১৮৫৬ চনত মুদ্ৰিত নামঘোষা হৈছে প্ৰথম
প্ৰকাশিত অসমীয়া বৈষ্ণৱ গ্ৰন্থ৷ সচিত্ৰ নামঘোষা
নামঘোষাৰ আৰম্ভণি ১০ টি ঘোষা….
মুক্তিত নিস্পৃহ যিটো সেহি
ভকতক নমো
ৰসময় মাগোহো
ভকতি৷
সমস্ত-মস্তক-মণি নিজ
ভকতৰ বশ্য
ভজো হেন দেৱ
যদুপতি৷৷ ১
যাৰ নাম কৃষ্ণ-নাম নাৱে
ভৱ-সিন্ধু তৰি
পাৱে পৰম্পদ
পাপী যত৷
সদানন্দ সনাতন হেনয়
কৃষ্ণক সদা
উপাসা কৰোহোঁ
হ্যদয়ত৷৷ ২
মৎস্য কুর্ম্ম নৰসিংহ বামন
পৰশুৰাম
হলীৰাম বৰাহ
শ্ৰীৰাম৷
বুদ্ধ কল্কি নামে দশ আকৃতি
ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম৷৷ ৩
একান্ত ভকতসৱে নির্গুণ
কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া
যথাত৷
বৈকুণ্ঠক পৰিহৰি যোগীৰো
হৃদয় এৰি
থাকা হৰি সাক্ষাতে
তথাত৷৷ ৪
কর্ম্মত বিশ্বাস যাৰ হিয়াত
থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ৷৷
দূৰো বিদূৰ হোন্ত তাৰ৷৷
অঙ্কাৰ থাকন্তেও সাক্ষাতে
কৃষ্ণক পাএ
শ্ৰৱন কীর্ত্তণ ধম্মৰ যাৰ৷৷ ৫
যিটোজনে শুদ্ধভাৱে হৰিত
শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে৷
হৰিৰ প্ৰসাদে যিটো
বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰি-ঘুণ গায়া নাচে৷৷ ৬
সুমধুৰ সুমঙ্গল শ্ৰদ্বায়ে
হেলায়ে লৈয়া
নৰ মাত্ৰ তৰে ভৱ-কূপ৷৷ ৭
অব্যক্ত ঈশ্বৰ হৰি কিমতে
পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসর্জ্জন৷
এতাৱন্ত মূর্তিশূন্য কেনমতে
চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন৷৷ ৮
যিটোজনে কৃষ্ণ-কথা বিচাৰে
সময়ে মনে
ধৈর্য্য ধৰি ক্ষণেক থাকয়৷
যত তীর্থ স্নান দান দেৱ-পিতৃ-যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয়৷৷ ৯
যাৰ পুত্ৰসৱে ঐত হৰিত শৰণ লৈয়া
হৰি-গুণ গাৱে শুদ্ধভাৱে৷
দধি দুগ্ধ ঘৃত মধু নদীৰ
জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে৷ ১০
1 মন্তব্যসমূহ
ভাল লাগিল
উত্তরমুছুন