কিতাপ ৯৯৬৬

 প্লেগ- আলবে’ৰ ক্যেমু

অনুবাদ- অজিত বৰুৱা/ ষ্টুডেণ্টচ ষ্ট’ৰচ্/ প্ৰথম প্ৰকাশ-১৯৯৪ (তৃতীয় সংস্কৰণ ২০১৩) / মূল্য-১৫০.০০/ পৃষ্ঠা- ২৫৯
ফৰাচী ভাষাৰ মূল উপন্যাস লা পেস্ত

কিতাপখনৰ বিষয়ে:- আলবে’ৰ ক্যেমুৰ শ্ৰেষ্ঠ উপন্যাস আখ্যা দিয়া ৰূপক বর্ণনামূলক উপন্যাস ‘লা পেস্ত (প্লেগ) প্ৰথমে প্ৰকাশ হৈছিল ১৯৪৭ চনত৷ ফৰাচী সমালোচক ৰলঁ বার্টে উপন্যাসখন সমালোচনা কৰি লিখিছিল, ‘এই উপন্যাসখন ইতিহাসবিৰোধী নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু এটা নিঃসঙ্গতাৰ নীতিৰ ওপৰত৷” ১৯৫৫ চনত ক্যেমুৱে চিঠিৰে উত্তৰ দিছিল, “এইখন নাৎচীবাদৰ বিৰোদ্ধে য়্যুৰোপীয় প্ৰতীৰোধৰ সংগ্ৰাম৷” উপন্যাসৰ পটভূমি আলজিৰিয়াৰ উপকূলীয় ক্লীব চহৰ অঁৰ৷ চহৰখন ধুনীয়া নহয়. দেশাত শান্তিপূর্ণ, কিন্তু যিহে ইয়াক অন্যান্য দেশৰ বেপেৰুৱা চহৰবোৰৰ পৰা বেলেগ ধৰণৰ কৰি ৰাখিছে তাক তর্কিবলৈ অলপ সময় লাগে৷ ধৰক, পাৰ চৰাই নোহোৱা, গছ-গছনি আৰু ফুলৰ বাগান নথকা, চৰাইৰ পাখীৰ শব্দ বা গছৰ পাতৰ সৰসৰণি শুনা নোযোৱা চহৰ৷ চহৰখনত এবাৰ শ শ মৰা এন্দুৰ ওলাবলৈ ধৰিলে৷ তাৰ পাছত মানুহৰ বেমাৰ আৰম্ভ হ’ল৷ জ্বৰ, কৰঙনৰ চুকত বিষ, ফোঁহা, উৰুত ক’লা ক’লা দাগ, গ্ল্যাণ্ড উখহা, ভ্ৰম বকা ইত্যাদি৷ ঘটনাবাহুল্যবর্জিত উপন্যাসখনৰ প্ৰধান চৰিত্ৰ চাৰিটা৷ ডাক্টৰ বের্ণাৰ ৰিইয়্যো, জঁ তাৰু, জজেফ ঘঁ আৰু ৰেমঁ ৰঁবে৷ প্ৰকাশৰ পৰা ১৯৭১ চনলৈ ২৬ বছৰত  ধর্মবিশ্বাস বিৰোধী কিতাপখনৰ ২৫ লাখ কপি বিক্ৰী হৈছিল৷ সকলোতকৈ তাৎপর্যপূর্ণ কথা হ’ল এই কিতাপখন আচলতে নাৎচী জার্মানীৰ দ্বাৰা দ্বিতীয় মহাযুদ্ধৰ সময়ত ফ্ৰান্স অধিকাৰ কৰাৰ আৰু ফ্যাচীবাদৰ ৰূপক কাহিনী৷ সেয়ে ইয়াক গভীৰ সমসাময়িক প্ৰাসঙ্গিতকা প্ৰদান কৰিছে৷


আলবে'ৰ ক্যেমু

লেখকৰ বিষয়ে:- আলবে’ৰ ক্যেম্যু (১৯১৩-১৯৬০) কুৰি শতিকাৰ পৃথিৱীৰ শ্ৰেষ্ঠতম লেখকসকলৰ এজন৷ ১৯৩০ চনত তেওঁ আলজিয়ার্ছ বিশ্ববিদ্যালয়ৰ ফুটবল দলত অর্ন্তভুক্ত হৈছিল৷ কমিউনিষ্ট পার্টিত যোগদান কৰি আৰবসকলৰ মাজত সেই আদর্শ প্ৰচাৰ কৰিছিল৷ ১৯৩৮ চনত ক্যালিগুলা নাটক ৰচনা৷ দ্বিতীয় মহাযুদ্ধত সৈন্যবাহিনীত নামভর্তিৰ বাবে আবেদন কৰিছিল যদিও স্বাস্থ্যজনিত কাৰণত আবেদন অগ্ৰাহ্য৷ ১৯৪০ চনত নিজ দেশৰ পৰা বহিস্কৃত৷  ১৯৫৭ চনত ৪৪ বছৰ বয়সতে তেওঁ নোবেল পুৰস্কাৰ লাভ কৰিছিল৷ ১৯৬০ চনৰ ৪ জানুৱাৰীত ফ্ৰাঞ্চত মটৰ দুর্ঘটনাত ক্যেমুৰ মৃত্যু হয়৷ তেওৰ ক্ষত-বিক্ষত দেহটো যেতিয়া চূর্ণ-বিচূর্ণ মটৰখনৰ পৰা উলিয়াই অনা হৈছিল, তেওঁৰ জেপত পোৱা গৈছিল সেই একে যাত্ৰাৰ বাবে কিনা এখন ৰেলৰ টিকট৷ সেইখনেই প্ৰমাণ কৰিছিল তেওঁৰ জীৱন দর্শন- জীৱন অযুক্তিকৰ (আপচ্যুর্ড)


অজিত বৰুৱা

অনুবাদক অজিত বৰুৱাই (১৯২৬-২০১৫) কিতাপখন মূল ফৰাচী ভাষাৰ ‘লা পেস্ত’ৰ পৰা অসমীয়া অনুবাদ ১৯৯৪ চনৰ গুৱাহাটী গ্ৰন্থমেলাত প্ৰথম প্ৰকাশ পাইছিল৷ মূলত কবি আৰু অনুবাদক অজিত বৰুৱাই কলিকতাৰ আলিয়াঁচ ফঁচেজত ফৰাচী ভাষা (১৯৬৭-১৯৭১)  অধ্যয়ন কৰে আৰু ১৯৭৩ চনত ফৰাচী চৰকাৰৰ জলপানী পাই দুবছৰ প্যাৰিচৰ আর্ন্তজাতিক লোক প্ৰশাসন বিদ্যালয়ত অধ্যয়ন কৰি সেই বিষয়ত ডিগ্ৰী লাভ কৰিছিল৷  

উপন্যাসখনৰ পৰা এচোৱা

“১৬ এপ্ৰিলৰ দিনা ৰাতিপুৱা ডাঃ বের্নাৰ ৰিউয়্যোয়ে তেওঁৰ ডাক্তৰখানাৰ পৰা ওলাই আহোঁতে চিৰিৰ ল্যাণ্ডিঙত এটা মৰা এন্দুৰত উজুটি খালে৷ সেই সময়ত তেওঁ আৰু একো নাভাবি এফলীয়া হৈ চিৰিৰে নামি গ’ল৷ কিন্তু ৰাস্তালৈ নামি তেওঁৰ মনত খেলালে যে তেনেকুৱা ঠাইত এন্দুৰটো পৰি থকাৰ কথা নহয়৷ দাৰোৱানজনক খবৰ দিবলৈ তেওঁ অহা বাটেই আকৌ ঘূৰি গ’ল৷ বুঢ়া মোশ্যোও মিশ্যেলে যেনে ভাব দেখুৱালে তাৰ পৰা তেওঁ বেছি ভালকৈ অনুভৱ কৰিলে যে তেওঁ যি দেখিলে সেইটো কথাটো অলপ আচৰিত ধৰণৰ ঘটনা৷ মৰা এন্দুৰ দেখাটো তেওঁৰ লাগিছিল অলপ আচহুৱা, কিন্তু দাৰাৱানজনৰ কাৰণে সেইটো আছিল কেলেঙ্কাৰী কাৰবাৰ৷ দাৰোৱানজনৰ কথা আছিল একেবাৰে খাটাংঃ সেই ঘৰটোৰ এন্দুৰ থাকিব নোবাৰে৷ ডাক্তৰে তেওঁক ভালকৈ বুজাই দিলে যে দুই তলাৰ ল্যাণ্ডিঙত এটা আছে, আৰু বোধকৰো এন্দুৰটো মৰা৷ কিন্তু মোশ্যিও মিশ্যেলৰ বিশ্বাস অটল থাকিল৷ ঘৰটোত এন্দুৰ নাই৷ তেনেহলে তাক কোনেবাই বাহিৰৰ পৰা আনিব লাগিব৷ মুঠতে ই এটা বহুৱালি৷

         

ডাঃ বেনার্ৰ ৰিউয়্য

সেই গধুলিয়েই বের্নাৰ ৰিইয়্যোএ ঘৰৰ কৰিডৰত থিয় হৈ নিজৰ ঘৰত সোমোৱাৰ আগেয়ে ঘৰৰ চাবিটো বিচাৰি থাকোতে আন্ধাৰ কৰিডৰটোৰ মূৰৰ পৰা এটা বৰ ডাঙৰ এন্দুৰ ওলাই অহা দেখিলে৷ সি থৰক বৰককৈ আহিছিল আৰু তাৰ চালখন আছিল তিতা৷ এন্দুৰটো ৰ’ল, স্থিৰ হৈ ৰ’বৰ চেষ্টা কৰিলে, ডাক্তৰৰ ফাললৈ আগবাঢ়ি আহিল, আকৌ ৰ’ল এটা সৰু শব্দ কৰি লুটি বাগৰ খালে আৰু শেষত আধা মেলখোৱা কোৱাৰিয়েদি তেজ উলিয়াই পৰি গ’ল৷ডাক্তৰে তাৰ কথা অলপ চিন্তা কৰিলে আৰু নিজৰ ঘৰলৈ উঠি গ’ল৷ তেওঁ এন্দুৰটোৰ কথা ভবা নাছিল৷ ওলাই থকা তেজে তেওঁৰ নিজৰ দুশ্চিন্তাৰ কথা মনত পেলাই দিছিল৷ তেওঁৰ পত্নীৰ এবছৰ ধৰি অসুখ৷ তাৰ পিচদিনা তেওঁ পাহাৰৰ ওপৰৰ এখন ঠাইলৈ যাব লাগিব৷ ডাক্তৰে তেওঁক শোৱনি-কোঠাত শুই থকা পালেগৈ৷ তেওঁক তেনেকৈ থাকিবলৈ ডাক্তৰে কৈ গৈছিল৷ সেইদৰে তেওঁ পিচদিনাৰ ভ্ৰমণৰ ক্লান্তিৰ বাবে নিজকে সাজু কৰি লৈছিল৷ তেওঁ হাঁহিলে৷” (পৃষ্ঠা-৫)       

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ