মোৰ এটা সপোন আছিল- ভার্গিজ কুৰিয়ান/ শ্ৰুতলিপি অনুলেখন- গৌৰী
চালভি
অসমীয়া অনুবাদ- অনিল কুমাৰ বৰুৱা/ মূল প্ৰকাশক- ল’টাছ কালেকছন/
অসমীয়া প্ৰকাশক- কাজিৰঙা বুক্স/ প্ৰথম অসমীয়া প্ৰকাশ ২০২০/ মূল্য:- ৩০০.০০/ পৃষ্ঠা-
২৭৮
ৰুলি বুকছৰ মূল ইংৰাজী কিতাপৰ বেটুপাত

কিতাপখনৰ বিষয়ে:- ভার্গিজ কুৰিয়ান
ভাৰতৰ দুগ্ধ উদ্যোগৰ পিতৃস্বৰূপ ভার্গিজ কুৰিয়ানৰ
জীৱন কাহিনী মুম্বাইৰ মুক্ত সাংবাদিক গৌৰী চালভিয়ে শ্ৰুতলিপি পদ্ধতিৰে সংগ্ৰহ কৰি ২০০৩
চনত I TOO HAD A DREAM নামেৰে আত্মজীৱনীৰূপে প্ৰকাশ কৰে৷ কিতাপখনৰ মুখবন্ধত ৰতন টাটাই
লিখিছিল, “ড° কুৰিয়ানৰ বৃহৎ সাফল্যই আমাৰ সকলোকে গৌৰাৱান্বিত কৰা উচিত৷ প্ৰকৃতার্থত
এজন স্বপ্নদর্শী, ড° কুৰিয়ানে এনে এলানি কর্মক্ষম প্ৰতিষ্ঠান তৈয়াৰ কৰিলে যাৰ যহত
কোটি কোটি ভাৰতীয়ই পৰিশোধিত, স্বাস্থ্যসন্মত তথা পু্ষ্টিকৰ গাখীৰ নিয়মীয়াকৈ উপলব্ধ
কৰাটো সহজ হৈ পৰিল৷ ইয়াৰ যোগেদি ভাৰতবর্ষৰ বৃহত্তম খাদ্য পণ্য- ‘ব্ৰেণ্ড আমূল’ প্ৰতিষ্ঠা
কৰাই নহয়, বৰং ই সমগ্ৰ বিশ্বৰেই সর্ববৃহৎ খাদ্য বিপণন ব্যৱসায় হিচাপে স্বীকৃতি লাভ
কৰিলে৷ ড কুৰিয়ানৰ অক্লান্ত পৰিশ্ৰম আৰু আশাশুধীয়া প্ৰচেষ্টাৰ ফলত প্ৰতিজন ভাৰতীয়ৰ
জনমূৰি দুগ্ধ ব্যৱহাৰৰ হাৰ প্ৰায় এশ শতাংশ বৃদ্ধি হোৱাৰ উপৰিও ভাৰতৰ দুগ্ধ উৎপাদন শিল্প
দেশৰ ভিতৰতেই সর্ববৃহৎ গ্ৰাম্য নিবনুৱাৰ কর্ম সংস্থাপন কেন্দ্ৰ হৈ পৰিল৷” মুখবন্ধ লিখোতা ৰতন টাটা
লেখকৰ বিষয়ে:- কেৰেলাৰ কালিকটত জন্মা ড° ভার্গিজ কুৰিয়ান (১৯২১-২০১২) মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিগান বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী আহৰণ কৰিছিল৷ গুজৰাটৰ আনন্দ চহৰত প্ৰথমে চৰকাৰী খণ্ডৰ ক্ৰীম উৎপাদন গোটত চাকৰি কৰি পিছলৈ কাইৰা জিলা সমবায় দুগ্ধ উৎপাদক সন্মিলন (সম্প্ৰতি আমূল)ত যোগদান কৰে৷ ‘ৰাষ্ট্ৰীয় দুগ্ধ পাম উন্নয়ন সন্থা’ৰ সভাপতিৰ পদত থাকোতে ‘অপাৰেচন ফ্লাড’ অঁচনি বাস্তৱত ৰূপায়িত কৰে৷ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী (১৯৬৫), পদ্মভূষণ (১৯৬৬), পদ্মবিভূষণ (১৯৯৯) সন্মান লাভ কৰা কুৰিয়ানে ৰমণ মেগছেছে (১৯৬৩) পুৰস্কাৰ, ৱেটলাৰ শান্তি বঁটা (১৯৮৬), বিশ্ব খাদ্য বঁটা (১৯৮৯) আদি লাভ কিৰিছিল৷ কুৰিয়ানৰ সভাপতিত্বত পৰিচালিত হোৱা কেইটামান উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে- ইনষ্টিটিউট অফ ৰুৱেল মেনেজমেণ্ট, আনন্দ, গুজৰাট ক’-অপাৰেটিভ মিল্ক্ মাৰকেটিং ফেডাৰেচন ডেইৰী, ফেডাৰেচন অফ্ ইণ্ডিয়া আদি৷
কিতাপখনৰ পৰা এছোৱা:-
পূর্ণদৈর্ঘ কাহিনী চিত্ৰখন নিমাৰণৰঅস্কাৰৰ বিদেশী ভাষাৰ চলচিত্ৰৰলৈ নির্বাচিত মন্থন ৰ পোষ্টাৰ
বাবে পূঁজি সংগ্ৰহৰ বিষয়ে
সহকর্মীসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ল হে দুগ্ধ সমবায় সমিতিবিলাকৰ প্ৰতিজন
সদস্যৰৰ পৰা গাইমুৰি এটকা বৰঙনি লৈ লাগতিয়াল পূঁজি একত্ৰিত কৰা হ’ব৷ কার্যত গুজৰাট
দুগ্ধ উৎপাদনকাৰী কৃষকসকলেই ‘মন্থন’ নামৰ চলচিত্ৰখন প্ৰয়োজনা কৰিছিল৷ যি সময়ত বম্বেৰ
চিনেমা উদ্যোগটোৱে একোখন ব্যৱসায়িক ছবি বনাওতে খৰচ কৰা কোটি টকাৰ অধিকাংশই ক’লা ধন
বুলি দুর্নাম শুনা গৈছিল, সেই সময়ত ‘মন্থন’ৰ সর্বমুঠ খৰচ দহ লাখৰ প্ৰতিটো টকাই আছিল
প্ৰতিজন কৃষকৰে সৎ উপার্জন আহৃত৷
….‘আনন্দ’ আৰু ‘শ্বেত প্লাবন’ দুয়োটা প্ৰকল্পৰে জন্মলগ্নৰে পৰা উত্তৰণ আৰু স্ফুৰণ প্ৰক্ৰিয়াটো ইয়াম ওচৰৰ পৰা ইমান সংবেদনশীলতাৰে নিৰীক্ষণ কৰাৰ অভিজ্ঞতা শ্যাম বেনেগালৰ বাহিৰে আন কোনো চিত্ৰ নির্মাতাৰ নাছিল৷ গতিকে ‘শ্বেত প্লাবন’ প্ৰকল্পটোত সততে সম্পৃক্ত হৈ থকা মানৱীয়তাৰ বহুধাবিভক্ত কিন্তু অদৃশ্য ৰূপটোক শ্যাম বেনেগালে সূক্ষ্মতা আৰু স্পর্শকাতৰতাৰে প্ৰস্ফুটিত কৰাত সফল হৈছিল৷ অৱশ্য এই কাহিনীচিত্ৰখন নির্মাণ কৰোতে শ্যাম বেনেগালে এমুঠিমান অতি দক্ষ আৰু একনিষ্ঠ পেছাদাৰী শিল্পীৰ দল এটা গোটাই লৈছিল৷ প্ৰখ্যাত নাট্যকাৰ বিজয় টেণ্ডুলকাৰে কাহিনিটো লিখি উলিওৱাৰ আগতে ভালেমান দিন বিভিন্ন গাঁৱৰ কৃষকসকলৰ লগত মিলা-মিচা কৰি তেওঁলোকৰ সুখ দুখৰ সমভাগী হৈ, তেওঁলোকৰ জীৱনশৈলীৰ গভীৰ অন্তদৃষ্টি আহৰণ কৰি লৈছিল৷ এই প্ৰখৰ সৃষ্টিশীল শিল্পী দলটো আৰু কলা কুশলীসকলে গুজৰাট প্ৰদেশৰ বিভিন্ন এলেকাত দৃশ্যগ্ৰহণ সমাপ্ত কৰি কথাছবিখন সম্পূর্ণ কৰিবলৈ নমাহতকৈ অধিক সময় লৈছিল৷ অত্যন্ত পাৰদর্শী শিল্পীৰ দলটোত আছিল ভৱিয্যৎ ভাৰতীয় চলচিত্ৰ জগতৰ শিৰোমণিসকলৰ অন্যতম স্মিতা পাটিল, গিৰীশ কানার্ড, নাছিৰুদ্দিন শ্বাহ, অনন্ত নাগ, কুলভূষণ খাৰবান্দা, অমৰীশ পুৰী ইত্যাদিসকল৷ ১৯৭৬ চনত মুক্তি লাভ কৰা ‘মন্থন’ ব্যৱসায়িকভাৱে সফল হোৱাৰ উপৰিও একাধিক বিভিন্ন পুৰস্কাৰেৰে সন্মানিত হৈছিল৷ (পৃষ্ঠা-১৬৩ ৰ পৰা ১৬৫)
0 মন্তব্যসমূহ