ট্ৰেইন টু পাকিস্তান- খুশৱন্ত সিং
অনুবাদ- সুৰেন তালুকদাৰ/ আলিবাট/ প্ৰথম সংস্কৰণ-২০১৪/ মূল্য- ১৪০.০০ টকা/ পৃষ্ঠা- ১৬৭
কিতাপখনৰ বিষয়ে:- পেংগুইনে প্ৰকাশ কৰা মূল গ্ৰন্থৰ বেটুপাত
দেশ বিভাজনৰ সময়ত
হিন্দু আৰু মুছলমানৰ মাজত উন্মাদনা বৃদ্ধি পাইছিল৷ হিন্দুৰ হিন্দুস্থান আৰু মুছলমানৰ
পাকিস্তান দুই ফৈদৰ মাজত সাম্প্ৰদায়িক সংঘর্ষ৷ মুছলমানে হিন্দু আৰু শিখক কটাৰ বিপৰীতে
হিন্দু আৰু শিখে মুছলমানক৷ চলিছিল লুণ্ঠন, ধর্ষণৰ দৰে অমানৱীয় কার্য্য৷ ১৯৫৬ চনত প্ৰথম
প্ৰকাশিত উপন্যাসখনৰ পটভুমি আছিল সীমান্তবর্তী শান্তিপূর্ণ গাওঁ মানো-মাজাৰা৷ মুছলমান
আৰু শিখ জনবসতিৰ মাজৰা ষ্টেচনত দুখনহে ৰেল ৰৈছিল ৷ পুৱা দিল্লীৰ পৰা লাহোৰলৈ যোৱাখন আৰু সন্ধিয়া লাহোৰৰ পৰা
দিল্লীলৈ অহাখন৷ গাঁৱৰ একাম্ত্ৰ হিন্দু সুদখোৰ মহাজান লালা ৰামলালক হত্যা কৰা হ’ল৷
সকলোৰে সন্দেহৰ চকু জুগ্গা অর্থাৎ জগৎ সিঙৰ ওপৰত৷ জুগ্গাৰ প্ৰেয়সী নুৰান—ইমাম বক্সৰ
জীয়াৰী৷ এদিন হিন্দু আৰু শিখলোকৰ শৱভর্তি ৰেল এখন ষ্টেচনত ৰ’লহি৷ চাৰিওফালে হুৱা-দুৱা
লাগিল৷ সেই হৃদয় বিদাৰক দৃশ্যই গাঁৱখনৰ শিখ আৰু মুছলমান মনুহখিনিৰ মনতো হিংসাৰ বিষাক্ত
বাস্প সিঁচি দিলে৷ উপায়ুক্ত আৰি পুলিচ ইন্সপেক্টৰেও সফলতা লাভ কৰিব নোৱাৰিলে৷ পাকিস্তানলৈও
এখন শৱদেহ ভর্ত্তি ৰেল প্ৰেৰণ কৰিবলৈ পৰিকল্পনা কৰিল৷ কিন্তু অৱহেলিত জগৎ সিঙে পৰিকল্পনা
অতিক্ৰম কৰিবলৈ নিদিলে৷ গোটেই সংঘষটো নিজা শৈলীৰে সুন্দৰকৈ বর্ণনা কৰিছিল খশৱন্ত সিঙে৷
সুৰেন তালুকদাৰে অসমীয়াত সেই ৰস ভংগ কৰিবলৈ দিয়া নাই৷ দেশ বিভাজন
লেখকৰ বিষয়ে:-
খুশৱন্ত সিঙ
স্বনামধন্য গল্পকাৰ, ঔপন্যাসিক আৰু প্ৰতিষ্ঠিত স্তম্ভলেখক
খুশৱন্ত সিঙে (১৯১৫-২০১৪) Illustrated
Weekely of India, National Herold আৰু Hindustan Times কাকত আলোচনীৰ সম্পাদনা কৰিছিল৷
ভাৰতীয় সংসদৰ সদস্যৰূপে (১৯৮০-১৯৮৬) কার্যনিবাহ কৰা সিঙে ৮৯ খন কিতাপ লিখি উলিয়াইছিল৷
দুটা খণ্ডত প্ৰকাশ কৰা A History of the Sikh (2004) তেওঁৰ যুগমীয়া কৃর্ত্তি৷
স্বর্ণমন্দিৰত ভাৰতীয় সেনা প্ৰৱেশৰ প্ৰতিবাদ কৰি তেওঁ পদ্মভূষণ সন্মান ঘূৰাই দিছিল৷
“উদিত সূর্যৰ হেঙুলীয়া দীপ্তিত উজ্জ্বল হৈ উঠিল বৃষ্টিস্নাত
পৃথিৱী৷ ভিন্নৰঙী মেঘবোৰে উত্তৰ দিশে লাহে লাহে গতি কৰিছে৷ নদীৰ পানী বাঢ়িয়েই আছে৷
এতিয়াও উটি আহি আছে নানা জীৱৰ মৃতদেহ৷ আচৰিত কথা এইটোহে যে উটি অহা মৃত বলদৰ কান্ধতো
যুঁৱলি বন্ধা আছে৷ উটি আহিছে অনেক পুৰুষ-মহিলাৰ মৃতদেহ- তিতা কাপোৰবোৰ গাত লিপিত খাই
আছে৷ মৃত নাৰীদেহৰ গাত কাপোৰেৰে মেৰ খাই আছে শিশুৰ মৃতদেহ৷ কি নিদাৰুণ ঘটনা- কেনে হৃদয়
বিদাৰক৷ অগণন কাক-গৃধ্ৰই ছানি ধৰিছে আকাশ৷ সিহঁতৰ দৃষ্টি মৰা শৰ ওপৰত৷ ছোঁ মাৰি উৰি
আহি পৰিছে একো একোটা মৃতদেহৰ ওপৰত৷
ৰাতিৰ ভিতৰতে
বোধহয় কোনো গাঁও সম্পূর্ণ উচ্ছন্ন হৈ গৈছে৷ গভীৰ অন্তৰেৰে গাঁওবুঢ়াই ক’লে৷
কিন্তু ৰাতিটো
কোনেও বলদৰ কান্ধত যুঁৱলি নলগায়৷ এজনে কলে৷
অ’, তাকেইতো৷
ৰাতিতো আৰু হালবোৱাৰ প্ৰশ্ন নুঠে৷ আন এজনে শলাগিলে৷
ক্ৰমে দেখা গ’ল, উটি অহা মৃতদেহৰ সংখ্যা বাঢ়ি আছে৷ দলঙৰ ইটো
খুঁটাত খুন্দা খাই সিটো খুঁটা পাইছেগৈ৷ পকনীয়াত পৰি ঘূৰি ঘূৰি আকৌ উটি গৈছে৷
গাঁওবুঢ়াই আৰু
ৰব নোৱাৰিলে৷ ওচৰৰ পতা লক্ষ্য কৰাৰ উদ্দেশ্যে তেওঁলোক দলঙৰ ওচৰ পালেগৈ৷ দলঙৰ ওপৰত থিয়
হৈ মৃতদেহবোৰ তেওঁলোকে ভালকৈ নিৰীক্ষণ কৰিলে৷
ডাঙৰীয়া এইটো
নিশ্চয় সাধাৰণ উটি অহা ঘটনা নহয়৷ এই মানুহবোৰক
হত্যা কৰা হৈছে৷ লগৰ এজনে ক’লে৷
কৃষক যেন লগা বুঢ়া মানুহ এজনৰ
শৱটো ভাহি আছে৷ মুখত একোছা মুগা বৰণীয়া দীঘল দাঢ়ি৷ তেওঁৰ হাত দুখন এনেভাৱে আছে যেন
তেওঁক ক্ৰুছবিদ্ধহে কৰা হৈছে৷ মেল খাই থকা মুখখনত দাঁত নায়েই৷ চকুৰ ওপৰত তেজৰ পাতল
চামনি৷ দেখিলেই গম পোৱা যায় চোকা অস্ত্ৰৰে তেওঁক ডিঙিৰপৰা বুকুলৈকে আঘাত কৰা হৈছে৷
দুবাহুৰ মাজত আকৌ এটি মৃত শিশু৷ কাঠৰ কুণ্ডা ভহা দি ভাহি আহিছে শ শ পুৰুষ-মহিলাৰ মৃতদেহ৷
কাৰোবাৰ ভৰি নাই, কাৰোবাৰ হাত নাই, কাৰোবাৰ বা আকৌ মূৰটোৱেই নাই৷ নাৰীৰ বুকুত নাই স্তন—
থাকিলেও ছিন্ন-ভিন্ন৷
গাঁওবুঢ়া আৰু সংগীবৃন্দৰ বুজিবলৈ
বাকী নাথাকিল যে ক’ৰবাত সমগ্ৰ গাঁও এখনৰ মানুহকে নৃশংসভাৱে হত্যা কৰি নৈত উটুৱাই দিয়া
হৈছে৷
হে ভগৱান, আৰু কি দেখিব লাগে প্ৰভু৷
দীঘল হুমুনিয়াহ কাঢ়ি এজনে ক’লে৷
পুলিচক খবৰ দিয়াটোৱেই ভাল হ’ব
নেকি৷ আন এজনে ক’লে৷
পুলিচক? সিহঁতে কি কৰিব? আনজনৰ
কণ্ঠত উষ্মা৷
চাৰিজনীয়া দলটো বিমর্ষমনে গাংৱলৈ
ফিৰি আহিল৷ তেওঁলোকৰ চিন্তা হ’ল, শেহতীয়াকৈ খবৰ জানিবৰ উৎসুক গঞাক তেওঁলোকে গৈ কি ক’ব৷
ক’ব নেকি যে নৈৰ পানী বাঢ়িয়েই আছে ? নে ক’ব, কোনোবা গাওঁ বানপানীত সর্ম্পূণৰূপে উটি
আহিছে ? অথবা ক’ব নেকি যে উজনিৰ ফালে ক’ৰবাত গণহত্যা সংঘটিত হৈছে ? নেক’ব শতদ্ৰু নদীয়েদি
শ শ মৃতদেহ উটি আহিয়েই আছে ? নে একো নোকোৱাকৈ মনে মনে ৰ’ব ? আহি থাঁকোতে এই একেটা মাথোঁ
চিন্তাই তেওঁলোকৰ মন গধুৰ কৰি তুলিলে৷ (পৃষ্ঠা ১৩০-১৩১)
0 মন্তব্যসমূহ