বহাগী (অসমীয়া গৰখীয়া বনগীত) - নকুল চন্দ্ৰ ভূঞা
লয়ার্ছ বুক ষ্টল/ষষ্ঠ সংস্কৰণ ১৯৬৩ (অষ্টম সংস্কৰণ ২০০১)/ মূল্য-৬০.০০ টকা/ পৃষ্ঠা- ২৫০
কিতাপখনৰ বিষয়ে:- এটা সময়ত পথাৰৰ মাজত ডেকা-গাভৰুৱে গোৱা বাইচ-অবাইচ বিহুগীতৰ
কথা শুনিলে (হুঁচৰিৰ গীত নহয়) তথাকথিত শিক্ষিত লোকে নাম কোঁচাইছিল৷ তেনে সময়তে নকুলচন্দ্ৰ
ভূঞাই দুইবছৰ (১৯১৭-১৯১৯) লগৰীয়াৰ উৎসাহত বছা বছা গীত সংগ্ৰহ কৰিল৷ বহু গীতত ৰুচি বিগহিত
শব্দ গুচাই, তাৰ ঠাইত নতুন শব্দ দিছিল৷ এই ক্ষেত্ৰত সহায় কৰিছিল কৃষ্ণকান্ত সন্দিকৈ
আৰু জিতেন্দ্ৰকুমাৰ দাসে৷ গীতৰ বহীখন এইবাৰ চাবলৈ দিয়া হ’ল পদ্মধৰ চলিহাক৷ তেখেতে চাই
উপাদেয় ভূমিকা লিখি লিখকক ঘূৰাই দিলে৷ তেখেতে ভূমিকাত উল্লেখ কৰিছিল, “পুৰণিৰ সৈতে
আমাক চিনাকি কৰি দিয়া আমাৰ পৰম মিত্ৰ সাহিত্য৷ আমাৰ জা্যতি-যুগীয়া জাতীয় ভাব-সম্পদৰ
অখণ্ড ভঁৰাল সাহিত্যইহে৷ অতীত গৌৰৱ জাতীয় মর্য্যদা সাহিত্যৰ ওপৰতহে প্ৰতিষ্ঠিত৷ আমাৰ
পূর্ব্ব-পুৰুষসকলৰ চিন্তাৰ সোঁত কেনেকৈ আৰু কোনফালে বৈছিল, তেওঁলোকে কি ধৰণৰ ভাব ৰাজ্যত
বাস কৰিছিল, আমাৰ পুৰণি সম্পত্তিৰপৰা জাতীয় উন্নতিৰ সঁজুলি কিমান পৰিমাণে সংগ্ৰহ কৰিব
পাৰি, ইত্যাদি তথ্য নিৰূপণ কৰা স্বদেশহিতৈষী মাত্ৰৰেই প্ৰধান কর্ত্তব্য৷ এই উদ্দেশ্য
আগত লৈ ‘বাৰভূঞা’, ‘চোৰাং চোৱাৰ চ’ৰা’ প্ৰভূতি গ্ৰন্থ-প্ৰণেতা শ্ৰীযুত নকুলচন্দ্ৰ ভূঞাদেৱে
বিস্তৰ পৰিশ্ৰম কৰি এই গৰখীয়া গীতবিলাক সংগ্ৰহ কৰি পুথিৰ আকাৰে ৰাইজৰ আগত দাঙি ধৰিছে৷”
১৯২০ চনতে বহাগীৰ জন্ম হয়৷ কলিকতালৈ
ছপাবৰ বাবে দিয়া হ’ল৷ কিন্তু ছপাখানাতে বহীখন হেৰাল৷ পাছত বহুত যত্ন কৰি ১৯২৩ চনত উদ্ধাৰ
কৰি জানুৱাৰীত বহাগী’ক ছপা কৰি উলিয়াইছিল৷ অর্পণ কৰিছিল অসম সাহিত্য সভাৰ ঘাই গুৰি
ধৰোতে শৰৎচন্দ্ৰ গোস্বামীৰ স্মৃতিত৷ কলিকতাৰ চপলা সাহিত্য সদনৰ পৰা কিতাপখনৰ
ষষ্ঠ তাঙৰণত নতুন গীত যোগ দি ‘বিবিধ’ নামৰ এটি অধ্যয় যোগ দিছিল৷ এইবাৰ ভূঞাক সহায় কৰিছিল
যতীন্দ্ৰনাথ গোস্বামী, হৰিপ্ৰসাদ নেওঁগ, মুৰুলীধৰ শইকীয়া, দুর্গানাথ শইকীয়া আদিয়ে৷
সেই তাঙৰণৰ বেটুপাত অংকন কৰিছিল নবীনচন্দ্ৰ গোস্বামীয়ে৷ পিছলৈ লয়ার্ছ বুক ষ্টলে বহাগী
প্ৰকাশ কৰিছিল৷ কিতাপখনত অর্ন্তভুক্ত হোৱা বিহুগীত বোৰক– বিহু, অঙ্গৰাগ, পূর্ব্বৰাগ,
অনুৰাগ, প্ৰণয়, বিষাদ, ভেদ, বিৰাগ, প্ৰেম (দুটা অধ্যায়), প্ৰেম-বৈচিত্ৰ্য, সম্ভোগ, বিৰহ (দুটা অধ্যায়),
বিবিধ মিহলি অধ্যায়ত ভাগ কৰিছে৷ উপৰঞ্চি হিছাপে সংযোগ কৰিছে হুঁচৰি৷ শেষলৈ গীতৰ বর্ণানুক্ৰমিক
সূচী৷বিহু নৃত্য
১৯২৩ চনৰ ২৩ মার্চ সংখ্যাৰ The Times of Assam কাকতত অসমৰ প্ৰাক্তন
শিক্ষামন্ত্ৰী খান বাহাদুৰ চৈয়দুৰ ৰহমানে বহাগী সর্ম্পকে মন্তব্য কৰিছিল, “It is a
collection pf Assamese pastorals and ballads by Mr. Nakul Chandra Bhuyan. The book
opens with a masterly introduction from the facile pen od Mr. Padmadhar
Chaliha, M.A. B.L.in which the letter deals analytically and exhaustively with
the poetic value of the continents thereof with deep inside of a true literary
critic. These pastorals have been in the lips of rural youths and cowherds of
Assam from time immemorial but none of so far cared to take pains to collect
and preserve them in our literature as none perhaps appreciated their literary
value. The very title of the book is suggestive of the fact that it contains
song sung during the great festival of Bihu held during the month of Bohag. The
festival of Bihu is pre-eminently a national festival of the Assamese and the
songs sung therein are national to the Core. They are all set to a particular music
and specially adapted to dancing. To a casual reader, these pastorals may appear
stale and common place having no efficacy beyond affording certain vulgar enjoyment
to the rural youth of Assam, but to a curious student of literature they are of
historic importance forming as they do of the chief stocks in trade of Assam literature.”
লেখকৰ বিষয়ে: নকুল চন্দ্ৰ ভূঞা
নকুল চন্দ্ৰ ভূঁঞাই (১৮৯৫-১৯৮৬) স্কুলীয়া-কলেজীয়া আৰু কাৰিকৰী
শিক্ষা যোৰহাট আৰু কলিকতাত লাভ কৰে৷ ডিব্ৰু-শদিয়া ৰে’লত চাকৰি জীৱন আৰম্ভ কৰি ১৯২৫
চনত ‘যোৰহাট টি কোম্পানী’ৰ সহকাৰী মেনেজাৰ ৰূপে চাকৰি কৰি ১৯৫৪ চনত মেনেজাৰ ৰূপে অৱসৰ৷
১৯৬৭-৬৮ চনত অসম সাহিত্য সভাৰ সভাপতিৰূপে কার্যনির্বাহ কৰা ভূঞাই কবিতা, গল্প, প্ৰবন্ধ,
নাটক আদিও লিখিছিল৷ বহাগী ভূঞাদেৱৰ অসমীয়া সাহিত্যৰ ভৰাললৈ শ্ৰেষ্ঠতম অৱদান৷ উজনি অসমৰ
বিভিন্ন স্থানৰ পৰা তেওঁ বিহুগীতবোৰ সংগ্ৰহ আৰু সংকলন কৰি পুথি আকাৰত প্ৰকাশ কৰিছিল৷
বিহু সর্ম্পকত ভূঞাই কিতাপৰ আৰম্ভণিতে উল্লেখ কৰিছিল, “বিহু বুলিলেই, হাল বোৱা গৰুকেইটালৈ
আৰু ধাননি পথাৰখনলৈ মনত পৰে৷ গৰুকেইটা আৰু ধাননি পথাৰকে আগত লৈ, অসমীয়া জাতিটোৰ ৰঙ
ৰইচ আৰু তিনি বিহু৷ আমাৰ ধাননি পথাৰখন আমাৰ হাতৰ পৰা কাঢ়ি নিনিয়ালৈকে, অসমীয়াৰ জাতীয়
উৎসৱ তিনি বিহু চলি থাকিব৷ অসমীয়াই হাঁহিব, নাচিব, গাব৷ যিদিনাই আমাৰ ধাননি পথাৰ নোহোৱা
হ’ব সেইদিনাই আমাৰ তিনি বহুও অন্তর্ধান হ’ব৷ জগতৰ আজি শিল্পৰ অৰিয়া-অৰিত, অসমকো শিল্প
লাগে, আনৰ লগত সমানে আগবাঢ়িবলৈ৷ কিন্তু, শিল্পৰ লগতে, সমানে খেতি-প্ৰাণ অসমীয়া জাতিটোক
ধাননি পথাৰখনো লাগে৷ তেহে অসমীয়া জাতিটোৱে জাতীয় উৎসৱ বিহুত প্ৰাণ খুলি হাঁহিব পাৰিব৷”
কিতাপখনৰ পৰা প্ৰেম বিষয়ক ১০ টা বিহুনাম
১.
চাই নো চাই বুলিবি বাট ঐ চেনাইটি
চাই নো চাই বুলিবি বাট৷
দেহৰ ভিতৰত আছে খালে বামে
পিচলি পৰিবি তাত৷৷
২.
জপা গৰকিলে জপাৰ বৰ কাপোৰ
দেহা গৰকিল প্ৰেম৷
সেই প্ৰেমৰ জালে দেহা লালে কালে
মাৰিও নিনিয়ে যমে৷৷
৩.
দিখৌ নৈ এৰিব পাৰো মই লগৰী
জাঁজী নৈ এৰিব পাৰোঁ৷
তোমাৰ ঐ ভাৱনা এৰিব নোৱাৰো
নেখায়ে থাকিব পাৰোঁ৷
৪.
চাপৰি চাপৰি তুলি যাওঁ বাবৰি
পুৰণি কলীয়া কচু৷
যাকে চাওঁ বুলো তাকে ঐ নেদেখোঁ
কিনো জুই লগা চকু৷৷
৫.
হায় ঐ বিধাতা ভাগ্যত লিখোতা
কপালত লিখিলা ভাল৷
অবুজা মনক বুজাব নোৱাৰোঁ
হ’লো নিজে নিজে কাল৷৷
৬.
ককিলামুখৰে চৰু
চেঙেলীয়া মনক বুজাব নোৱাৰো
যেনে নবন্ধোৱা গৰু
৭.
মিকিৰ বৰ চাঙত বজায় বৰকাঁহী
ভৈয়ামত বজালে ঢোল৷
চেঙেলীয়া মনক বুজাব নোৱাৰো
ছঙে মৰাপাটৰ ডোল৷৷
৮.
মৰো মৰণত তোমাৰ কাৰণত
নেচাওঁ আৰু জনৰ মুখ৷
কি কৰে ঈশ্বৰে কি কৰে বিধিয়ে
নিজ কপালতে দুখ৷৷
৯.
গধুলি গধুলি মই ফুৰো পদূলি
বাঘে খায় ঘোঙে খায় খক৷
মাটি মাহৰ গছত উঠোঁ লৰ মাৰি
জীৱ যায় যদি যক৷
১০.
মোৱা মাছ মাৰোতে পিঠিৰ ছাল ছিগিলে
বিচাৰি নেপালোঁ বেজ৷
হাতৰে আঙুলিত কামুৰি গলি ঐ
ৰখাব নোৱাৰো তেজ৷৷
![]() |
ডাক টিকটত জাপী |
0 মন্তব্যসমূহ