কিতাপ ৯৯৬২

 

বুঢ়ী আইৰ সাধু- লক্ষ্মীনাথ বেজবৰুৱা

প্ৰথম প্ৰকাশ ১৯১১/ 

লক্ষ্মীনাথ বেজবৰুৱা

কিতাপখনৰ বিষয়ে:-  অসমৰ বিভিন্ন ঠাইত মানুহৰ মুখত নানাৰকমকৈ প্ৰচিত আৰু কেইটামান নিজে লিখি প্ৰকাশ কৰা সাধুকথাৰ সংকলন৷ সংকলকক সাধু দি সহায় কৰিছিল ক্ৰমে- ভ্ৰমৰচন্দ্ৰ শইকীয়া, মহীচন্দ্ৰ বৰা, সীতানাথ শর্মা, সর্বেশ্বৰ শর্মা কটকী, ৰুদ্ৰকান্ত গোস্বামী, ওৱাজেদ আলি, নৰনাথ শর্মা, ৰোষেশ্বৰ শর্মা, পদ্মধৰ চলিহা, ৰত্নকান্ত শর্মা, হলধৰ ভূঞা, গোলোকচন্দ্ৰ শর্মা, মেঘনাথ ডেকা, ৰূপচন্দ্ৰ বৰুৱা, দীননাথ মেধি, লোকনাথ দাস, গোবিন্দ্ চন্দ্ৰ চৌধুৰী আৰু দীনেশ্বৰ দত্ত৷ ১৯১১ চনত কলিকতাৰ লৰেলচ, হাওৰাৰ পৰা লিখা বুঢ়ী আইৰ সাধুৰ পাতনিতে বেজবৰুৱাই লিখিছিল, “অসমীয়াই সাধুৰ মোল পুৰণি কালৰ পৰা বুজে আৰু চিৰকাল যে সাধুক সমাদৰ কৰি আহিছে এই কথা ‘সাধু-কথা’ এই শব্দটোলৈ মন কৰিলেই দেখিবলৈ পোৱা যায়৷ সাধুকথা মানে সজ কথা বা সন্ত কথাৰ উপদেশ বাক্য বুলি আদিৰ পৰাই অসমীয়াই ভাবি আহিছে৷ ইয়াৰ পৰা এইটো স্পষ্টকৈ বুজিব পাৰি যে এইবিধ মনোজ্ঞ উপকথাৰে পুৰণি কালত অসমত জ্ঞানবৃদ্ধ সকলে লোকক আৰু নিজৰ ল’ৰা-ছোৱালীক সজ উপদেশ আৰু নীতি শিক্ষা দিছিল; সেই দেখিয়ে ইয়াৰ নাম সাধুকথা দিছিল৷ এনে উপকথা বা গল্পক কোনো দেশৰ কোনো জাতিয়ে ‘সাধু-কথা’ এই ওখ নাম দিয়া নাই৷ য়ুৰোপীয় (Folktales)  বঙালীয়ে ইয়াক ‘ৰূপকথা’, ‘আষাড়ে গল্প’ বোলে; অসমীয়াৰ দৰে সাধুকথা, নোবোলে৷ ভাষা আৰু Folktales জাতিৰ হাড়-মগজু৷ ভাষাক অসমীয়াই বোলে মাতৃ আৰু ফকটেলচক সাধু-কথা; তথাপি অসমীয়া আৰু বঙলা ভাষা হেনো একে৷”

কন্যা অৰুণাৰ হাতত উৎসর্গা কৰা বুঢ়ী আইৰ সাধুৰ অর্ন্তগত সাধুকেইটা হৈছে- মেকুৰী জীয়েকৰ সাধু; বান্দৰ আৰু শিয়াল; ঢোঁৰাকাউৰী আৰু টিপচী চৰাই; বুধিয়ক শিয়াল; বাঘ আৰু কেঁকোৰা; তেজীমলা; বুঢ়া-বুঢ়ী আৰু শিয়াল; দীঘলঠেঙীয়া; গংগাটোপ; সৰবজান; এটা বলী মানুহ; চিলনীৰ জীয়েকৰ সাধু; তুলা আৰু তেজা; কটা যোৱা নাক, খাৰণী দি ঢাক; তীখৰ আৰু চুটিবাই; চম্পাৱতী, জগৰদব ৰজাৰ উপ্যাখান; পানচৈ; জোঁৱাইৰ সাধু; কুকুৰীকণা; ভেকুলীৰ সাধু; তাৱৈয়েকৰ সাধু; লটকন; লখিমী তিৰুতা; দুই বিধিয়ক; কাঞ্চনী; ঔ-কুঁৱৰী; এজনী মালিনী আৰু এজোপা ফুল; নুমলীয়া পো আৰু এটা শিঙৰা মাছৰ কাহিনী৷ কিতাপখন বর্তামান অসমৰ বহুকেইটা প্ৰকাশকে প্ৰকাশ কৰি আহিছে৷ 

কিতাপখনৰ পৰা এটা সাধু:-

এজনী মালিনী আৰু এজোপা ফুল

এক মালিনী আছিল৷ তাই বৰ যতনকৈ এজোপা ফুলগছ ৰুইছিল৷ তাই সেই গছজোপা দিনৌ ইমান পতিপালন কৰে, তথাপি তাত ফুল নুফুলে৷ সেইদেখি এদিন তাই ফুলজোপাক সুধিলে-

অ’ গছ, অ’ গছ ফুল নুফুল কিয় ?

গছে উত্তৰ দিলে- ‘মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খায়  কিয় ?

তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে—

অ’ গৰু, অ’ গৰু, ফুলগছৰ আগ খাৱ কিয় ?

গৰু- গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কি ?

মালিনী- ‘অ গৰখীয়া, অ’ গৰখীয়া গৰু নাৰাখ কিয় ?

গৰখীয়া- ‘ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয় ?

মালিনী- ‘অ’ ৰান্ধনী, অ’ ৰান্ধনী, ভাত নিদিৱ কিয় ?

ৰান্ধনী- ‘খৰিকটীয়াই যে খৰি নিদিয়ে মইনো দিম কিয় ?

মালিনী- ‘অ’ খৰিকটীয়া, অ খৰিকটীয়া, খৰি নিদিয় কিয় ?

খৰিকটীয়া:- কমাৰে যে কুঠাৰ নিদিয়ে মইনো দিম কিয় ?

মালিনী:- ‘অ’ কমাৰ, অ’ কমাৰ, কুঠাৰ নিদিয় কিয় ?

কমাৰ- ‘এঙাৰীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয় ?

মালিনী- অ’ এঙাৰীয়া অ’ এঙাৰীয়া, এঙাৰ নিদিয় কিয় ?

এঙাৰীয়া:- ‘মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষে কিয় ?

মালিনী:- ‘অ’ মেঘ, অ’ মেঘ, বৰষুণ দিয় কিয় ?

মেঘ:- ‘ভেকুলীয়ে, যে’ টোৰটোৰায় মই বা নিদিম কিয় ?

মালিনী:- ‘অ’ ভেকুলী, অ’ ভেকুলী, টোটোৰাৱ কিয় ?

ভেকুলী:- ‘বোপা-ককাৰ ৰীতিটো মই এৰিম বা কিয়৷

বুঢ়ী আইৰ সাধুৰ ইংৰাজী অনুবাদ


তুলা আৰু তেজাৰ চলচিত্ৰ ৰূপ



বুঢ়ী আইৰ সাধুৰ চাৰিটা সাধুৰ আধাৰত নির্মিত কথানদী



একটি মন্তব্য পোস্ট করুন

1 মন্তব্যসমূহ