শিশু আৰু কিশোৰৰ বাবে লিখা গ্ৰন্থ (দ্বিতীয় খণ্ড)
আধুনীক যুগৰ জন্ম কাহিনী (১৯৮৯) :-
![]() |
| আধুনিক যুগৰ জন্ম কাহিনী (প্ৰথম সংস্কৰণ) |
বর্তমানৰ পৃথিৱীখন গঢ় লৈ উঠাৰ
অন্তৰালত বহুতো ব্যক্তিৰ সাধনা আৰু পৰিশ্ৰম নিহিত হৈ আছে৷ ইউৰোপৰ ইটালীত আৰম্ভ নৱজাগৰণে
গোটেই পৃথিৱীলৈ আধুনিকতাৰ ধল বোৱাইছিল৷ শিক্ষা-সংস্কৃতি-সভ্যতাৰ দ্ৰুত বিকাশে কেনেকৈ
আন আন ৰাষ্ট্ৰত ৰাজনীতি, সাহিত্য, শিল্পকলা, বিজ্ঞান আদিত আধুনীক যুগৰ সূচনা কৰিলে
এইবোৰ কথা কিশোৰ উপযোগীকৈ কিতাপখনত বর্ণনা কৰিছে৷ লগতে লিঅ’নার্ড দা ভিন্সি, এৰিষ্টটল,
মাইকেল এঞ্জেল, নিকোলাছ ক’পার্নিকাছ, ক্ৰিষ্টোফাৰ কলম্বাছ, গেলিলিঅ’ গেলিলিৰ জীৱনৰ
কথাও উল্লেখ কৰিছে৷
কিতাপ পঢ়াৰ আনন্দ (১৯৯১) :- 
কিতাপ পঢ়াৰ আনন্দ (প্ৰথম সংস্কৰণ)
লিপি, কাকত, কিতাপ, মুদ্ৰণ যন্ত্ৰৰ আৱিস্কাৰকে ধৰি কিতাপৰ হাজাৰ
বছৰীয়া ইতিহাস বর্ণনাৰে আৰম্ভ কৰি স্মৃতি-শক্তি, চিন্তা শক্তি, কিতাপ পঢ়াৰ অভ্যাস,
কিয় পঢ়িব লাগে আৰু কেনেদৰে পঢ়িব লাগে, টান কিতাপ কেনেকৈ পঢ়িব লাগে এনে অসংখ্য চিন্তা
উদ্ৰেগকাৰী কথাৰে কিশোৰৰ বাবে লিখা কিতাপ৷ কিতাপখন পঢ়ি বহুতো অসমীয়া ছাত্ৰক কিতাপৰ
প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে কিতাপ পঢ়িবলৈ
শিকিছিল৷
অ, আ, ক, খ (১৯৯২) :-
শিশু উপযোগী এইখন পুথি আখৰৰ
ফলা শিকনিৰ লগতে আমোদজনক সাৱলীল শব্দবিন্যাসৰ পদ্য সংযোগ কৰি প্ৰকাশ কৰিছিল৷
আমাক কিতাপ লাগে (১৯৯৩) :-
আমাক কিতাপ লাগে (প্ৰথম সংস্কৰণ)
কিশোৰ উপযোগীকৈ জুতি লব লগা,
গিলি থব লগা আৰু ভালকৈ চোবাই হজম কৰিব লগা কিতাপৰ ভাগ সমূহকে ধৰি কিতাপৰ বিষয়ে ২৬ টা
প্ৰবন্ধৰ সংকলন৷ প্ৰথম সংস্কৰণৰ বেটুপাতৰ শিল্পী কৃষ্ণেন্দু চাকি৷ কিতাপখনৰ এটা উল্লেখযোগ্য
শাৰী হৈছে, “সমাজত শিক্ষিত সংখ্যা ক্ৰমে ক্ৰমে যথেষ্ট বাঢ়িছে, কিন্তু সেই অনুপাতে কিতাপ
পঢ়া মানুহৰ সংখ্যা বঢ়া নাই৷”
![]() |
| আমাক কিতাপ লাগে |
মানুহ হোৱাৰ গৌৰৱ (১৯৯৪):- 
মানুহ হোৱাৰ গৌৰৱ (প্ৰথম সংস্কৰণ)
![]() |
| মানুহ হোৱাৰ গৌৰৱ |
কিশোৰ উপযোগী এইখন কিতাপত গোহাঞিদেৱে
দক্ষিণ মেৰু অভিযানৰ আলোড়নকাৰী বর্ণনা সন্নিবিষ্ট কৰিছিল৷ ৰর্বাট ফেলকন স্কটে দক্ষিণ
মেৰু অভিযান কৰিবলৈ যাওতে ‘আমুণ্ডেচন’ নামৰ অভিযান কাৰীয়ে পৰাজিত কৰি গৌৰৱৰ পৰা বঞ্চিত
কৰে৷ কিন্তু স্কটৰ ধৈর্য্য, কষ্টসহিষ্ণুতা, নৈতিক সাহস আৰু পৰৰ কাৰণে আত্মত্যাগ কৰা
আদর্শই নায়কত পৰিণত কৰিছিল৷ সকলোস্তৰৰ লোকে এইখন কিতাপ পঢ়ি বৰফৰ দেশৰ বহু কথা জানিব
পাৰিব৷
![]() |
| স্কট (ফটো- উইকিপিডিয়া) |
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ (১৯৯৪) :- 
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
গ্ৰীক দেশৰ আৰু পৃথিৱীৰ প্ৰথম
দার্শনিক ছহিদ ছক্ৰেটিছৰ জীৱনৰ লগতে প্লেটো আৰু এৰিস্টটলৰ জীৱন কাহিনীযুক্ত কিতাপ৷
সহনশীল ছক্ৰেটিছৰ প্তনী জান্তিপ আছিল অতি খঙাল আৰু দন্দুৰী৷ মৃত্যুভয়ে তলাব নোৱৰা চক্ৰেটিছে
হেমলক বিষ পান কৰি মৃত্যুক আকোঁৱালি লৈছিল৷
ছক্ৰেটিছৰ এষাৰ বাণী, “আটাইতকৈ সুখী মানুহ সেইজন, যিজনে কম বস্তুক লৈয়ে সন্তুষ্ট
থাকিব পাৰে৷ কথা কমকৈ কবা, কাম বেছিকৈ কৰিবা৷ আনক উপদেশ কমকৈ দিবা, সৎলোকৰ উপদেশ বেছিকৈ
লবা৷”
অন্তহীন প্ৰেৰণাৰ উৎস- লুই পেষ্টঅ’ৰ (১৯৯৪) :-
ফ্ৰাঞ্চৰ ইতিহাসৰ সর্বশ্ৰেষ্ঠ
ব্যক্তিৰ তালিকাত প্ৰথম স্থান লাভ কৰা ৰসায়নবিজ্ঞানীজনৰ জীৱন কাহিনীৰে কিশোৰৰ উপযোগী
কিতাপ৷
![]() |
| পে্ষ্টিঅ'ৰ (ফটো- উইকিপিডিয়া) |
বেঞ্জামিন ফ্ৰেঙ্কলিন (১৯৯৬):-
আমেৰিকাৰ এজন শীর্ষস্থানীয়
ৰাষ্ট্ৰনেতা, কূটনীতিবিদ, বৈজ্ঞানিক, সাংবাদিক, সমাজ সংস্কাৰক আৰু লেখক বেঞ্জামিন
ফ্ৰেঙ্কলিনৰ জীৱন কাহিনীক কিশোৰৰ উপযোগীকৈ লিখা কিতাপ৷ কি কি গুণৰ বাবে ফ্ৰেঙ্কলিন
পৃথিৱীবিখ্যাত ব্যক্তিলৈ পৰিণত হৈছিল তাৰ আভাষ কিতাপখনত দিছিল৷
পোহৰৰ সাধনা (১৯৯৮) :- 
পোহৰৰ সাধনা
বিজ্ঞানী টমাচ আলভা এডিছনৰ
জীৱন কাহিনীক কিশোৰৰ উপযোগীকৈ লিখা কিতাপ৷ কৌতুহলী আৰু জিজ্ঞাসু মনৰ অধিকাৰী এডিছনে
বহু সময়, ধন আৰু মগজুৰ ব্যৱহাৰ কৰি বিজুলীবাটি আৱিস্কাৰ কৰিবলৈ সক্ষম হৈছিল৷ এডিছনে
কৈছিল, ‘মই বিদ্যুৎ শক্তিক ইমান অধিক সহজলভ্য আৰু সুলভ মূল্যৰ বনাই দিম যে এদিন পৃথিৱীত
কেৱল ধনী মানুহবোৰে হে মমবাতি জ্বলাব৷”
![]() |
| এডিছন (ফটো- উইকিপিডিয়া) |
ডাৰউইন:- যুগান্তকাৰী বিজ্ঞানী (২০০৪) :- 
ডাৰউইন (প্ৰথম সংস্কৰণ)
বিৱর্তন তত্ত্বৰ বাবে বিখ্যাত বিজ্ঞানী ডাৰউইনৰ জীৱন
কাহিনীক কিশোৰৰ উপযোগীকৈ লিখা কিতাপ৷ কিতাপখনত হৰিনাথ পাঠক নামৰ ব্যক্তিজনে দেবব্ৰত
নামৰ কিশোৰজনক ডাৰউইনৰ লগতে বহুকেইজন বিজ্ঞানী আৰু মনীষীৰ জীৱন কাহিনীও বর্ণনা দিছিল৷

ডাৰউইন (ফটো- উইকিপিডিয়া)
কিশোৰ সাৰথি (২০১০) :- 
কিশোৰ সাৰথি
এইখন গ্ৰন্থ কিশোৰৰ বাবে লিখা
১০ খন গ্ৰন্থ ক্ৰমে- কিতাপ পঢ়াৰ আনন্দ, আধুনিক যুগৰ জন্ম কাহিনী, বেঞ্জামিন ফ্ৰেঙ্কলিন,
অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ, মোৰ প্ৰিয় মানুহ চক্ৰেটিছ, মানুহ হোৱাৰ গৌৰৱ,
পোহৰৰ সাধনাঢ ডাৰউইন. স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম আৰু উচ্চাকাংক্ষা ক একত্ৰে সংকলন কৰিছে৷






_(cropped).jpg)






0 মন্তব্যসমূহ