মছনবী- ছুফী দার্শনিক ৰুমী/ অনুবাদ চফিউৰ ৰহমান শইকীয়া
আঁক-বাক/ প্ৰথম প্ৰকাশ-২০২১/ মূল্য- ৮০০.০০ টকা/ মুঠ পৃষ্ঠা- ৬৩৯
কিতাপখনৰ বিষয়ে:- মছনবী হৈছে কোৰান, হাদীছ আৰু কিংবদন্তিমূলক কাহিনীক সাৰথি
কৰি কবিতাৰ মাধ্যমত লিখা কিতাপ৷ ফার্চী ভাষাত মছনবী হৈছে, ‘কাব্যিক অভিব্যঞ্জনাৰে পাঠকৰ
মনোগ্ৰাহীকৈ লিখিত ছন্দোবদ্ধ কাহিনী কাব্য বা কৃত্ৰিম মালিতা৷ মছনৱীৰ আৰম্ভণিৰ দুয়োশাৰীত
ছন্দৰ মিল হয়৷ ২৫,০০০ টা পংক্তি অথবা ৫০,০০০ শাৰীত বিভক্ত এই কাব্যখন ৬ টা ভাগত বিভক্ত৷
কবিতাত বর্ণিত গল্পকাহিনীৰ দ্বাৰা পাঠকক আকৃষ্ঠ কৰিবলৈ ৰুমীয়ে আপ্ৰাণ চেষ্টা চলাইছিল৷
সকলো লোকৰ মাজত জনপ্ৰিয় কিতাপখন প্ৰণয়নৰ মূল নায়ক আছিল ৰুমীৰ শিষ্য হোছামুদ্দিন৷ ৰুমীয়ে
কৈ যোৱা কথাবোৰ তেওঁ লিপিবদ্ধ কৰি গৈছিল৷ অসমীয়া অনুবাদৰ ক্ষেত্ৰত চফিউৰ ৰহমান শইকীয়াই
বাংলা আৰু ইংৰাজী অনুবাদৰ সহায় লৈছিল৷ বেছিভাগ অনুবাদ কবিতাৰ ঠাচত নকৰি গদ্য আৰু কথা
কবিতা ধৰণেৰে কৰি অসমীয়া পাঠকৰ ৰসভংঙ্গ নোহোৱাত সফল হৈছে৷ কেৱল ষষ্ঠ খণ্ডটোহে কবিতাৰ
মাধ্যমত অনুবাদ কৰিছে৷ শেষলৈ আৰৱী আৰু ফার্চী শ্বদৰৰ অসমীয়া অর্থ সন্নিবিষ্ট কৰাত পাঠকে
কিতাপখন পঢ়িবলৈ অধিক সুবিধা লাভ কৰিছে৷
মূল লিখকৰ বিষয়ে:- ছুফীবাদৰ প্ৰকৃত সুৱাস আৰু গভীৰতা ছুফী সম্ৰাট জালালুদ্দিন ৰুমীৰ সাহিত্যৰ ৰচনাৰাজিত পোৱা যায়৷ গোড়ামি নথকা সহজ-সৰল যিকোনো পন্থাৰে নিজৰ আত্মাক পৰমাত্মাৰ লগত সংযোগ কৰাৰ প্ৰয়াসেই আছিল তেখেতৰ মৌলৱী ধাৰাৰ মূলমন্ত্ৰ৷ তেখেতে লিখা আনকেইখন কিতাপ হৈছে- দীৱান-ই-চামচ-ই-তাব্ৰিজী (৪০,০০০ শাৰীৰ কবিতা সংকলন), ফিহি মা-ফিহি (গদ্যত লিখিত এইখন কিতাপত ধর্মীয় আলোচনা আৰু উপদেশমূলক ৭২ টা গভীৰ তত্ত্বৰ প্ৰৱন্ধ একত্ৰিত হৈ আছে)৷ ৰুমীৰ মতে পার্থিৱ শৰীৰেই হৈছে মানৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ প্ৰধান অন্তৰায়৷ শৰীৰৰ ভিতৰত থকা যিবোৰ কামনা বাসনাই মানুহক সত্য-পথৰ পৰা বিছিন্ন কৰি দিয়ে, মানুহৰ ভিতৰত অহমিকাৰ সৃষ্টি কৰে সেইবোৰেই নফচ বা ৰিপু৷ ৰিপু ধ্বংস কৰিব পাৰিলেই আত্মাই স্বাধীনতাৰ পূর্ণতা লাভ কৰে৷ নফচক পৰাভূত কৰি আত্মাৰ উৎকর্য সাধনৰ কলা-কৌশলৰ বিবৃতিৰ বণা দিয়াই হৈছে ‘মছনবী চৰীফ’ৰ মূল উদ্দেশ্য৷
কিতাপখনৰ পৰা দুচোৱা-
মনৰ ৰোগ নির্ণয় কৰাৰ উপায়
কাৰোবাৰ ভৰিত যদি কাঁইট সোমায়, তেতিয়া সেই কাঁইট উলিয়াবলৈ প্ৰথমে
ভৰিখন উৰুৰ ওপৰলৈ উঠাব লাগিব৷ তাৰ পিছত স্পর্শৰ সহায়ত সেই কাঁইটৰ স্থান সন্ধান কৰিব
লাগিব- যদি বিচাৰি পোৱা নাযায় মুখৰ লালটিৰ দ্বাৰা সেই ঠাই পৰিস্কাৰ কৰিব লাগিব৷ বাহ্যিক
অংগত সুমুওৱা কাঁইটৰ সন্ধান কৰোতে যদি ইমান কঠিন হয়, তেতিয়া হলে কোৱাচোন মনক বিন্ধা
কাঁইটৰ সন্ধান কৰা কিমান ডাঙৰ কঠিন কাম৷ অন্তৰৰ ৰোগ চিনাক্তৰ অভিজ্ঞতা যদি মানুহৰ থাকিলহেঁতেন,
তেনেহলে অসংখ্য হৃদয় ৰোগে মানুহক আক্ৰান্ত কৰিব নোৱাৰিলেহেঁতেন৷
মনৰ ৰোগ দূৰ কৰিবলৈ জ্ঞানী পীৰৰ
প্ৰয়োজন
গাধৰ নেজৰ পিছত কোনোবাই কাঁইট সোমাই ৰখিলে, গাধই সেই কাঁইট বাহিৰ
কৰাৰ কৌশল নাজানে- সি কেৱল তাৰ বিষত জঁপিয়াই থাকে৷ গাধৰ জাঁপত সেই কাঁইট বেছি ভিতৰলৈহে
যাব৷ কাঁইট বাহিৰ কৰিবলৈ কোনোবা বুদ্ধিমান লোকৰ দৰকাৰ— যিজনে তাক কৌশলেৰে বাহিৰ কৰিব
পাৰে৷
গাধই বিষৰ জ্বালাত কাঁইট উলিয়াবলৈ লাথি মাৰি থাকে—যাৰ বাবে বহুত ঠাইত জখম হয়৷ এনেকুৱাকৈ লাঠি মাৰি থাকিলে তাৰ কাঁইট ওলাই নাহে৷ এনেকুৱা লোক তাৰবাবে দৰকাৰ- যিয়ে কাঁইট সুমুওৱা ঠাই লক্ষ্য কৰি তাক বাহিৰ কৰিবলৈ চেষ্টা কৰিব পাৰে৷ (পৃষ্ঠা-৭৭)
সাদৃশ্য থকা একে বস্তুৰ বহুত ব্যৱধান
মৌ-মাখি আৰু বৰল উভয়ে ফুলৰ মধু
আহৰণ কৰে৷ কিন্তু বৰলৰ পেটত থাকে দংশনৰ বিষ আৰু মৌ-মাখিৰ পেটত থাকে মধু৷ দুজনী হৰিণাই
একে ঘাঁহ খায়, একে পানী পান কৰে৷ এটাৰ পেটত ঘাঁহ পানী গোৱৰ হয় আৰু আনটোৰ পেটত কস্তুৰী
হয়৷ বাঁহ আৰু কুঁহিয়াৰ উভয়ে একে ঠাইৰ পানী সেৱন কৰে, কিন্তু তাৰে এটা চেনিৰে পূর্ণ
আৰু আনটো চেনি শূন্য৷ এই শ্ৰেণীৰ লাখ লাখ বস্তু দেখিবা যিবোৰ সাদৃশ্যপূর্ণ অথচ পৰস্পৰ
ব্যৱধান ৭০ বছৰৰ পথৰ পৰিমাণ৷ এজন ওলী আৰু এজন সাধাৰণ লোক উভয়ে খাদ্য খায়, এজনৰ খাদ্য
কেৱল মল-মূত্ৰ হৈ ওলায় যায়, আনজনৰ মাজত সেই খাদ্যই ইবাদদ বন্দেগীৰ শক্তি লাভ
কৰে৷ এজনৰ খাদ্যই সৃষ্টি কৰে কৃপণতা, ঈর্ষা ইত্যাদি অন্তৰৰ ৰোগ, আনজনে খাদ্য খোৱাৰ
ফলত তেওঁৰ ভিতৰত সৃষ্টি হয় আল্লাহৰ প্ৰেম৷ তেওঁ সেই খাদ্যৰ শক্তি আল্লাহৰ পথত ব্যয়
কৰে৷
এজন ওলী আৰু এজন বেয়া মানুহ উভয়ৰে
আকৃতি মানুহৰে আকৃতি— কিন্তু এজন উর্বৰ মাটিৰ দৰে৷ ইয়াৰ ভিতৰত আৰু বাহিৰত আল্লাহ প্ৰেমৰ
কিমান বাগ-বাগিছাৰ জন্ম হয় আৰু শোভিত হয়৷ আনজন অনুর্বৰ মাটিৰ দৰে তেওঁ, ভূত, দানৱ আৰু
হিংস্ৰ জন্তুৰ তুল্য৷
উল্লেখিত ব্যক্তিদ্বয় যদিও একে
আকৃতিৰ মানুহ, তথাপি উভয়ৰ ব্যৱধান আকাশ-পাতাল স্বৰূপ৷ মিঠা পানী আৰু লুণীয়া পানী দেখাত
একেধৰণৰ স্বচ্ছ আৰু পৰিস্কাৰ হলেও দুয়োটাৰ মাজত পাথর্ক্য স্পষ্ট৷ (পৃষ্ঠা- ৯২)
শব্দার্থ- পীৰ- আধ্যাত্মিক গুৰু,
বৃদ্ধ ব্যক্তি৷ / ইবাদদ- উপাসনা
তুর্কীৰ বুকাত অৱস্থিত ৰুমীৰ প্ৰতিমূর্তি (ফটো উইকিপিডিয়া) আফগানিস্তানৰ ডাকটিকটত ৰুমী (ফটো উইকিপিডিয়া)
0 মন্তব্যসমূহ