বিশ্বৰ
বিপদাপন্ন প্ৰাণী গঁড়- বুবুল শর্মা
বহু আনন্দ প্ৰকাশন/ প্ৰথম প্ৰকাশ- ২০১৭/ প্ৰচ্চদ ফটো- বিতোপন কলং/ মূল্য- ২৩০.০০/ মুঠ
পৃষ্ঠা- ১৯২
কিতাপখনৰ বিষয়ে:- গঁড় অসমৰ পৰিচয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঁড়ৰ বাবে বিশ্ববিদিত৷
কিন্তু গঁড় বর্তমান সুৰক্ষিত নহয়৷ গঁড়ৰ বিষয়ে সকলো কথা সামৰি কাজিৰঙাৰ বুবুল শর্মাই
প্ৰাঞ্জল ভাষাত কিতাপখন লিখি উলিয়াইছে৷ সম্ভৱত এইখন গঁড় বিষয়ক প্ৰথমখন অসমীয়া গ্ৰন্থ৷
কিতাপখনত গঁড় প্ৰজাতিৰ পুর্বপুৰুষ; ‘অৰুণোদই’ত গঁড়ৰ বর্ণনা; গঁড়ক লৈ প্ৰচলিত উপাখ্যানসমূহ;
গঁড়ৰ ঐতিহ্য; গঁড়ৰ স্বাভাৱিক বিলুপ্তি; পূর্বতে ভাৰতীয় গঁড়ৰ বিচৰণ আৰু আবাসস্থলী; সাম্প্ৰতিক
ভাৰতীয় গঁড়ৰ আবাসস্থলী; নতুন পৃথিৱীত বর্তি থকা গঁড় প্ৰজাতি; গঁড়ৰ শ্ৰেণী বিভাগ; আফ্ৰিকা
মহাদেশৰ দুই খড়্গযুক্ত ক’লা গঁড়; আফ্ৰিকা মহাদেশৰ বগা গঁড়; জাভা শ্ৰেণীৰ এক খড়্গযুক্ত
গঁড়; সুমাত্ৰাৰ দুই খড়্গযুক্ত গঁড়; ভাৰতীয়
গঁড়; গঁড়ে খাই ভাল পোৱা উদ্ভিদ, জীৱন চৰিত্ৰ
আৰু জীৱন চক্ৰ, আচৰণ, খড়্গ নে শিং আদিকে ধৰি বহুতো বিষয়ৰ চিত্ৰসহ সহজ বর্ণনা দিছে৷
কিতাপখনৰ পৰা দুচোৱা
ক) গঁড়ৰ খড়্গক লৈ প্ৰচলিত অন্ধবিশ্বাস:-
১. চীনদেশত গঁড়ৰ প্ৰতি অনেক অন্ধবিশ্বাস প্ৰচলিত ৷ চীনাসকলৰ
ৰজা মহাৰজাই গঁড়ৰ খড়্গৰে তৈয়াৰী পাত্ৰত বা খাদ্যত খড়্গৰ টুকুৰা এটা ডুবাই লৈছিল৷ কাৰণ
তেওঁলোকে বিশ্বাস কৰিছিল যে এনেদৰে খাদ্য গ্ৰহণে খাদ্যত বিহ মিহলাই দিলেও বিষক্ৰিয়া
নাথাকিব আৰু ফলৰ খড়্গৰ পাত্ৰত বিহ মিহলি সুৰা ঢালিলে সুৰাখিনিৰ পৰা ফেন ওলাব অন্যথা
পাত্ৰত থকা খড়্গৰ টুকুৰাটো ফাটি যাব৷খড়্গৰ কাপ
![]() |
বিশ্ব গঁড় দিৱস ২২ ছেপ্তেম্বৰ |
২. আৰৱ দেশসমূহত গঁড়ৰ খড়্গৰ চাহিদে বেছি হোৱাৰ কাৰণো অন্ধবিশ্বাস
আৰু কুংসংস্কাৰ৷ আৰৱ, ইয়েমেনৰ নাগৰিকে ডেগাৰ নালত গঁড় খড়্গ লগাই লোৱাটো গৌৰৱ আৰু অহংকাৰৰ
বিষয়৷ সেইদৰে সেইবিলাক সমাজত ধর্মীয় কামকাজ পৰম্পৰাগত নৃত্য আদিত খড়্গ ব্যৱহাৰ মঙ্গলসূচক৷ সেয়ে সেইবোৰ দেশত গঁড়ৰ খড়্গক গৌৰৱ আৰু
অহংকাৰ (!) প্ৰতীক হিচাপে গণয় কৰি অহা হৈছে৷
৩. গঁড়ৰ খড়্গৰ আটাইতকৈ আমোদজনক অন্ধবিশ্বাসটো হ’ল পুৰুষৰ যৌন
শক্তি আৰু উত্তেজনা বঢ়ায় বুলি কোৱা কাল্পনিক কথাষাৰ৷ আৰৱীয় দেশ সমূহৰ ধনী শেঠসকলৰ মাজত
খড়্গৰ পাউদাৰৰ চাহিদা সর্বাধিক৷ তদুপৰি চীনত গঁড়ৰ খড়্গ নানা ধৰণৰ ঔষধি গুণেৰে ভৰপূৰ বুলি বিশ্বাস
কৰি যৌন শক্তি বঢ়োৱা ঔষধৰ লগতে অনান্য ঔষধতো ইয়াক মিলোৱা হয়৷ চীনৰ এনেবোৰ বিশ্বাসৰ
আঁৰত আছে চীনৰ প্ৰাচীন ঔষধ বিজ্ঞান শাস্ত্ৰ, য’ত খড়্গৰে নানন ঔষধ বনোৱাৰ দিহা আছে৷
চীনৰ উপৰি টাইৱান, টাইপেই আদি দেশত মূৰৰ কামোৰণি, পানী লগা জ্বৰ আদি বেমাৰত টেবলেট
বা পাউদাৰৰ বিৰাট বজাৰেও গা কৰি উঠিছে৷
৪. গঁড়ৰ মাংসক কেন্দ্ৰ কৰি ঠাই বিশেষে অন্ধবিশ্বাসে গঢ় লোৱা
দেখা যায়৷ এই অন্ধবিশ্বাসৰ মতে গঁড়ৰ মাংস খালে হেনো স্বর্গগামী হয়৷ তদুপৰি গঁড়ৰ মাংস
আৰু তেজ খালে বা শুঙিলে ছালৰ বেমাৰ, হাঁপানি ৰোগ আদি ভাল হয় বুলিও অন্ধবিশ্বাস প্ৰচলিত
হৈ আছে৷ গঁড়ৰ নখ, নেজৰ টুকুৰা আদি ৰাখিলেও
ঘৰৰ মঙ্গল হয় হেনো৷
৫. তদুপৰি কিছুমান দেশত গর্ভৱতী মহিলাক গঁড়ৰ খড়্গ ভাঙি পাইদাৰ
খাবলৈ দিয়া হয় পেটত থকা সন্তানটোৰ অনিষ্ট নহ’বৰ বাবে৷
৬. নেপালৰ নেপালবাসী লোকে গঁড়ৰ মাংস আৰু গঁড়ৰ খড়্গ বৰ পবিত্ৰ
বুলি মানে৷ গঁড়ৰ প্ৰস্ৰাৱো এওঁলোকে ঔষধত ব্যৱহাৰ কৰে৷ মৃতকৰ শ্ৰাদ্ধত নেপালৰ উচ্চশ্ৰেণীৰ
হিন্দুৱে খড়্গৰ বাটি তৈয়াৰ কৰি মৃতকৰ সদগতিৰ অর্থে গাখীৰৰ অর্ঘ প্ৰদান কৰে৷
৭. তদুপৰি আমাৰ সমাজতো এচাম লোকে অন্ধবিশ্বাসৰ বলি হৈ বিশ্বাস
কৰে যে খড়্গৰ এটা সৰু টুকুৰা থাকিলেই শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰে, ক’র্ট-কছাৰী,
মামলা-মোকদর্মাত জয়ী হয়৷ কাৰো নজৰ নালাগে, মন্ত্ৰৰ কু প্ৰভাৱ নপৰে ইত্যাদি ইত্যাদি৷
(পৃষ্ঠা- ৮৩-৮৪)
![]() |
ভাৰতত বন্যপ্ৰাণী বিষয়ক প্ৰথমটো ডাকটিকট গঁড়ক লৈ ছপাইছিল |
খ) গঁড় আৰু খড়্গক লৈ সাধাৰণ মানুহৰ মাজত প্ৰচলিত অলৌকিক কাহিনী:
কাহিনী-১:- প্ৰবাদ আছে যে ভগৱান শ্ৰীকৃষ্ণই বাণ ৰজাৰ সৈতে যুদ্ধ কৰাৰ
সময়ত এই শক্তিশালী জন্তুটোক ৰণক্ষেত্ৰলৈ লৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল৷ তেতিয়া তাৰ
দেহত ৰণসজ্জা পিন্ধাই ঢাল-তৰোৱাল হাতত তুলি দিয়া হ’ল৷ সাজ-পাৰ পিন্ধি ভব্য-গব্য ৰূপ
ধাৰণ কৰাৰ অন্তত কিন্তু সি যুদ্ধ ক্ষেত্ৰলৈ যাবলৈ অনিচ্ছা প্ৰকাশ কৰিলে৷ তাৰ এনে মনোভাৱ
আৰু আচৰণত ভগৱান শ্ৰীকৃষ্ণ জ্বলি-পকি উঠিল৷ শ্ৰীকৃষ্ণৰ খং দেখি ভয়ত গঁড়ে পলাই সাৰিবলৈ
দৌৰিবলৈ আৰম্ভ কৰিলে৷ মৰিলে মৰক বুলি শ্ৰীকৃষ্ণই ভৰিৰ পৰা এপাত খৰম খুলি লৈ তাৰ গালৈ
মাৰি পঠিয়ালে৷ খৰম পাত গৈ তাৰ কপালত খোঁচ খাই ধৰিলে আৰু কালক্ৰমত সেই খৰম পাতেই খড়্গৰ
ৰূপ ল’লেগৈ৷
কাহিনী-২:- আকৌ প্ৰাচীন কালৰ এক অলিখিত আখ্যানমতে জীৱ-জগইণ্ডিয়ান অইলৰ মেচকট গঁড়
ত সৃষ্টি কৰাৰ
পাছত সৃষ্টিকর্তা ব্ৰক্ষ্মাই সকলো দেৱ দেৱীৰ কাৰণে সুকলমে ঘূৰি ফুৰিবলৈ কিছুমান বাহনৰূপী
জীৱৰ সৃষ্টি কৰিলে৷ যেনে- দুর্গাৰ বাবে সিংহ, গণেশৰ বাবে নিগনি, সৰস্বতীৰ বাবে ৰাজহাঁহ,
কার্তিকৰ বাবে ময়ুৰ পক্ষী, লক্ষ্মীৰ বাবে ফেঁচা আদি৷ ৰামক বাহন হিচাপে দিয়া হ’ল গঁড়৷
ৰামেও এনে এক শক্তিৱান গঁড়ৰূপী বাহন লাভ কৰি মহা আনন্দত
ওপৰত উঠিবৰ বাবে সুব্দৰকৈ দলিচা তৰপে তৰপে পাৰি লৈ গঁড়ৰ পিঠিত উঠিবলৈ ধৰোতে গঁড়টোৱে
মান্তি নহৈ দৌৰ ধৰিলে৷ গঁড়টোৰ এনে আচৰণত ৰামৰ অতিপাত খড় উঠিল৷ আৰু ভৰিৰ পৰা খৰম এপাত
খুলি লৈ গঁড়টোৰ গালৈ মাৰি পঠিয়ালে৷ গঁড়েও মহাপ্ৰভূৰ সম্পদ বুলি খৰম পাত মাটিত পৰিবলৈ
নিদি মূৰ পাতি গ্ৰহণ কৰিলে৷ মূহূর্ততে খৰমে আঘাত সনা ঠাইত এটা খড়্গৰ (খ-ৰ-ম শব্দৰ পৰা)
সৃষ্টি হ’ল৷ ৰামে পুনৰাই গঁড়ৰূপী বাহনৰ ওপৰত উঠিবলৈ চেষ্টা নকৰি তাক ত্যাগ কৰিলে৷ সেই
তেতিয়াৰ পৰাই ৰামৰ দ্বাৰা সৃষ্টি গঁড়ৰ খড়্গ হ’ল পবিত্ৰ আৰু মূল্যবান সম্পদ৷
কাহিনী-৩:- অতীজতে ভাৰতবর্ষত মানুহে কেৱল ধূতি পিন্ধাৰ বাবে মানুহক অনুসৰণ
কৰি গঁড়ে ছালখন এনেদৰে মেৰিয়াই লৈছে যে এখন ধূতি মেৰিয়াই পিন্ধা মানুহৰ দৰে দেখাত লাগে
আৰু নেগুৰ ডাল যেন ধুতিখনৰ পোন্ধহে৷
আমাৰ সমাজত এইবোৰ কাল্পনিক কাহিনী আছে যদিও এইবোৰ আখ্যানৰ কোনো বিজ্ঞানসন্মত ভিত্তি অৱশ্যেই নাই৷ (পৃষ্ঠা- ১৭৬-১৭৭)
![]() |
ৰংমন |
৷
0 মন্তব্যসমূহ