কিতাপ- ৯৯৫৯

 দ্য ছৌল্ অব্ দ্য ৰাইন’- হেমন্ত আৰ. মিশ্ৰ/ সহযোগী- জিম অটাৱে জুনিয়ৰ/ ভাষান্তৰ- বিপুল দেউৰী

বনফুল/ প্ৰথম প্ৰকাশ- ২০১৬/ মূল্য-২৯০.০০/ মুঠ পৃষ্ঠা- ৩১১
মূল ইংৰাজী কিতাপৰ ফটো

মূল লেখকৰ বিষয়ে:- নেপালৰ বাসিন্দা হেমন্ত আৰ. মিশ্ৰ এগৰাকী প্ৰকৃতিবিদৰ লগতে সাহসী আৰু আকর্ষণীয় লেখক৷ বর্তমান ভার্জিনিয়াৰ ভিয়েনাত বসবাস কৰা মিশ্ৰ স্মিথছোনিয়াম ইনষ্টিটিউশ্যন, দ্য বর্ল্ড বাইল্ড লাইফ ফাণ্ড আদি গুৰুপ্তপূর্ণ সংৰক্ষণ গোটৰ হৈ কাম কৰিছে৷ নেপালৰ দক্ষিণাঞ্চলৰ টেৰাইৰ চিটৱান অঞ্চলত বাস কৰা মানুহৰ পৰম্পৰা, ৰীতি-নীতি আৰু ধর্মীয় ঔপচাৰিকতা, চোৰাং চিকাৰ আদিৰ ওপৰত গভীৰ অনুসন্ধান দি এই কিতাপখন লিখিছিল৷

গঁড়


কিতাপখনৰ বিষয়ে:- তিনি দশকজুৰি বিপদাপন্ন এশিঙীয়া গঁড় সংৰক্ষণৰ বাবে কৰা আশাশুধীয়া প্ৰচেষ্টা, গঁড় সর্ম্পকীয় লোকবিশ্বাস, কিংবদন্তি, চোৰাং চিকাৰ, ধর্মীয় ঔপচাৰিকতা, গঁড়ৰ ট্ৰান্সলোকেশ্যনৰ ধাৰণা, নেপালৰ ৰাজতন্ত্ৰৰ পতন, মাওবাদী বিদ্ৰোহ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংগঠনসমূহৰ ভূমিকাৰ সর্ম্পকে প্ৰণয়ন কৰা এখন উপন্যাসোপম কিতাপ৷ ধাৰাবিবৰণী ৰূপত লিখা কিতাপখনৰ অধ্যয়সমূহ হৈছে- প্ৰাককথন, অদৃষ্টৰে পূর্বনির্ধাৰিত সাক্ষাৎকাৰ; মৃত্যুৰ দেৱতা যমৰজাক প্ৰবঞ্চনা, টেৰাইৰ এটা সাধু; গঁড়ৰ শিপা; সাংস্কৃতিক সংঘাত; ঔষধ নে লোকবিশ্বাস; প্ৰতীচ্যৰ পৰা গ্ৰহণ কৰা শিক্ষা; নিজান বনৰ বিষণ্ণ গীত; দৰিদ্ৰতা, গঁড়, বাঘ আৰু চিটৱানৰ পর্যটক; র্জজ অব্ দ্য জাংগল; পোৱালি কাঢ়িবলৈ মাতৃহত্যা; বিজ্ঞান আৰু তান্ত্ৰিকতা; আমেৰিকান চিৰিয়াখানাৰ বাবে গঁড় পোৱালি অপহৰণ কাণ্ড; টেক্সাছ গঁড়কেইটাক পোহ মনোৱাৰ প্ৰক্ৰিয়া; পোপ, ৰজা-ৰাণী আৰু গঁড়; ৰাজকাৰেঙত অভিসন্ধি; ৰাজকীয় গঁড় চিকাৰ অভিযানৰ অনভিজ্ঞ গাইড; গঁড় বনাম ৰজা; সন্ধিয়াৰ প্ৰার্থনা; গঁড় স্থানান্তৰণ; গঁড়ৰ বাবে এক নতুন বাসস্থান; উপসংহাৰ আৰু সহায়ক গ্ৰন্থপঞ্জী৷ কিতাপখনৰ আগকথা লিখিছিল ব্ৰুছ বাব্বিটঅৰু জিম ফৌলাৰে৷ কিতাপখনত বহুকেইখন দুলর্ভ পটো সন্নিবিষ্ট হৈছে৷                          

নেপালত ৰাজকীয় গড়ঁ চিকাৰ

     

কিতাপখনৰ পৰা এছোৱা:-

১৯৫০ চনৰ আগলৈকে গঁড়ৰ খড়্গ অথবা শৰীৰৰ আন কোনো অংগ-প্ৰত্যংগৰ বাবে গঁড় হত্যা কৰা বা চোৰাং চিকাৰৰ ঘটনা অনান্য এছিয়া আৰু আফ্ৰিকা দেশৰ তুলনাত নেপালত বিৰল বুলিব পাৰি৷ নেপালত প্ৰথম ৰাণা প্ৰধান মন্ত্ৰী জং বাহাদুৰে গঁড়ৰ ৰক্ষণাবেক্ষনৰ পর্যাপ্ত ব্যৱস্থা লৈছিল৷ তেৱেঁই ১৮২৬ খ্ৰীষ্টাব্দত গঁড়ক ‘ৰাজকীয় পশু’ বুলি ঘোষণা কৰে৷ অৱশ্যে সেই ঘোষণাপত্ৰতেই ৰাজপৰিয়াল তথা সম্বন্ধীয় অতিথিসকলক গঁড় চিকাৰ কৰা অধিকাৰ প্ৰদান কৰি থৈ গৈছিল৷ যাৰ ফলত ৰাজকীয় চিকাৰত শতিকাজুৰি শ শ গঁড় নিধন হৈছিল৷ এই মৃগয়াৰ অন্তত গঁড়ৰ অৱশিষ্টসমূহ অনান্য ৰাৰজীয় দেশসমুহলৈ প্ৰেৰণ কৰা হৈছিল, যিবোৰ দেশত সেইবোৰ ব্যৱহাৰ কৰা হৈছিল ধর্মীয় কাজ-কর্মত৷

নেপালত গঁড়ৰ খড়্গৰে নির্মিত পাত্ৰ

         ইয়াৰ বিপৰীতে নেপালৰ চুবুৰীয়া দেশ চীন আৰু ভাৰতত বহু বছৰৰ পৰাই  গঁড়ৰ বিভিন্ন অংগ-প্ৰত্যংগৰ কিনা-বেচা চলি আছিল৷ তেওঁলোকে বিশ্বাস কৰিছিল যে সেইবোৰ যিকোনো ৰোগৰে সর্বঢাক ঔষধ৷ উদাহৰণ স্বৰূপে ভাৰতীয় আৰু চীন দেশীয় মানুহে এতিয়াও বিশ্বাস কৰে দহ গ্ৰাম গঁড়ৰ খড়্গৰ পাউদাৰ ডালচেনিৰ সৈতে মিহলি কৰি সেৱন কৰিলে যিকোনো জ্বৰৰ পৰাই তৎকালে উপশন পোৱা যায়৷ গঁড়ৰ জিভা শুকুৱাই তৈয়াৰ কৰা পাইদাৰ গাখীৰৰ সৈতে মিহলি কৰি খুৱালে কথা ক’ব নোৱৰা ৰোগত আক্ৰান্ত শিশুসকল আৰোগ্য হয়৷ গঁড়ৰ মাংসক পুৰুষৰ শক্তিবর্ধক ৰূপে বিশ্বাস কৰা হয়৷ এজমা ৰোগৰ চিকিৎসাৰ বাবে গঁড়ৰ মূত সেৱন কৰিবলৈ দিয়া হয়৷ আনকি গঁড়ৰ বিস্তাকো জলকীয়া পুলিৰ উৎকৃষ্ঠ সাৰৰূপে গণ্য কৰা হয়৷ গঁড়ৰ নেজডাল প্ৰসুতিৰ শিতানত থলে ই প্ৰসূতিগৰাকীৰ জন্ম-যন্ত্ৰণা হ্ৰাস কৰে বুলি ভবা হয়৷ পুৰুষত্বহীনতাৰ ঔষধৰূপে গঁড়ৰ যৌনাংগৰ পৰা তৈয়াৰ কৰা চূণৰ গ্ৰহণ কৰিবলৈ দিয়া হয়৷ গঁড়ৰ নখৰ পৰা জিভালৈকে, মূৰৰ পৰা নেজলৈকে প্ৰত্যেক অংগ-প্ৰত্যংগৰে এছিয়াত এখন ৰমৰমীয়া বজাৰ আছে৷

নেপালী মুদ্ৰাট গঁড়ৰ চিত্ৰ

         ১৯৬০ খ্ৰীষ্টাব্দত পূব এছিয়া-- ঘাইকৈ টাইৱান, ছিংগাপুৰ, মাকাও আৰু হংকং, যিবোৰ ঠাইত বিশাল জনসংখ্যাৰ চীনা জনগোষ্ঠীৰ লোকে বসবাস কৰে সেই ঠাইবোৰকেই গঁড়ৰ অংগ-প্ৰত্যংগৰ ক’লা-বজাৰখনৰ ঘাইক্ষেত্ৰ বুলিব পাৰি৷ চোৰাং আন্তঃৰাষ্ট্ৰীয় বজাৰখন ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ মূল কাৰণটো হৈছিল সেইবোৰ ঠাইত এই বিপদাপন্ন প্ৰাণীবিধৰ চোৰাং বজাৰ ৰোধ কৰাৰ বাবে নাছিল কোনো আন্তঃৰাষ্ট্ৰীয় কার্যক্ষম সন্মিলিত প্ৰচেষ্টা৷ (পৃষ্ঠা-৮৫)  




একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ