ৰমনীয় অতীত (স্মৃতিকথা)- পেব্ল’ নেৰুদা

অনুবাদ- ডাঃ কমলা (গোহাঁই) সেনগুপ্ত
শান্তি প্ৰকাশন/ প্ৰথম প্ৰকাশ-১৯৮৮ (দ্বিতীয় প্ৰকাশ ২০১২) / মূল্য-২৭৫’০০ টকা/ মুঠ পৃষ্ঠা-৪৪৩
 |
নেৰুদাৰ নামত উৎসর্গ কৰা ডাকটিকট |
কিতাপ আৰু নেৰুদাৰ বিষয়ে:-
 |
পাব্ল নেৰুদা |
লেটিন আমেৰিকাৰ দেশ চিলিৰ কবি পাব্ল নেৰুদা (১৯০৪-১৯৭৩)ৰ সম্পূর্ণ নাম নেফতালি ৰিকার্ডো ৰেয়িছ বাছোৱালটো৷ সর্বহাৰা খনি শ্ৰমিক, কৃষক, পথভ্ৰষ্ট নিবনুৱা যুৱক-যুৱতী, বেশ্যা আৰু মগনীয়াৰ পৰা আৰম্ভ কৰি পুলিচ, সৈনিক ৰাষ্ট্ৰনায়ক আৰু কোটিপতি লৈকে তেওঁৰ অনুৰাগী আছিল৷ গেব্ৰিয়েল গার্চিয়া মার্কেজৰ মতে ‘পেব্ল নেৰুদা সর্বকালৰ সবাতোকৈ মহৎ কবি৷” স্মৃতিকথা খনত লেখকে নিজৰ মাতৃভূমি চিলিকেই সামৰি নলৈ লাটিন আমেৰিকাৰ গভীৰ, ৰহস্যময় অৰণ্য, তাৰ মৰুভূমি আৰু শস্যৰ পথাৰ, খনি আৰু ৰাজপথ, সাগৰ আৰু পাহাৰ, আদিম জনজাতি ইণ্ডিয়ান আৰু আফ্ৰিকাৰ প্ৰবজিত নিগ্ৰোসকলৰ কথাও উল্লেখ আছে৷ কূটনীতিবিদৰ চাকৰি কৰি তেওঁ ভাৰত, ব্ৰক্ষ্মদেশ, শ্ৰীলংকা, জাভা, ছিংগাপুৰ, স্পেইন, জাপান আদি দেশতো আছিল৷ কবিতাৰ বাবে ১৯৭১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে৷ তেখেতৰ আত্মজীৱনী মৰণোত্তৰভাৱে Confiesoque he vivido নামেৰে প্ৰকাশ হয়৷ মূল ইংৰাজী Memorias ৰ প্ৰথম অসমীয়া প্ৰকাশত হীৰেন গোহাঁই আৰু দ্বিতীয় সংস্কৰণত সমীৰ তাঁতীয়ে আগকথা লিখা কিতাপখন গাঁৱৰ ল’ৰা; জগতৰ বাটে-পথে; উজ্জল নির্জনতা; মোৰ হৃদয়ৰ ৰাণী স্পেন; মেক্সিকো; আন্ধাৰৰ কৱরত মোৰ দেশ; নির্বাসনৰ আৰম্ভ আৰু শেষ; কবিতাৰ-জীৱিকাৰ উপায় আৰু নিষ্ঠুৰ প্ৰিয়তম জন্মভুমি এইকেইটা অধ্যায়ত বিভক্ত৷ প্ৰতিটো অধ্যায় পুনৰ বহুকেইটা সৰু সৰু ভাগত ভগাইছে৷ অনুবাদক কমলা সেনগুপ্তই নিভাঁজ ভাষাত স্মতিকথাখন অনুবাদত সফল হৈছে৷
 |
প্ৰথম অসমীয়া সংস্কৰণৰ |
কিতাপখনৰ পৰা এচোৱা
কবিতা
কলাৰ কিমান যে প্ৰকাশ- কিমান কীর্তি পৃথিৱীত তাৰ বাবে আৰু যথেষ্ট ঠাই নাই যেন লাগে৷ কোঠাৰ বাহিৰত যেন সিঁহতে ৰৈ থাকিব লাগে, কিমান যে কিতাপ, কিমান সৰু সৰু কিতাপ— গোটেইবোৰ পঢ়ি কোনে শেষ কৰিব পাৰিব ? কিতাপবোৰ যদি খোৱা বস্তু হ’লহেঁতেন…. যদি খুব ভোকৰ সময়ত আমি কিতাপৰ চালাড বনাই, কাটিকুটি, তাৰ ওপৰৰ পলুৱাইছিলো….আমাৰ আমনি লাগি গৈছিল— জগত সংসাৰ কিতাপৰ সোঁতত ডুবি গৈছে… ৰেভার্কিয়ে মোক কৈছিল-- কিতাপ আনি মোৰ তাত খালাচ নকৰিবলৈ মই পোষ্টঅফিচত কৈ থৈছিলো৷ মই আৰু কিতাপ খুলি চাব নোৱাৰা হৈছো মোৰ তাত আৰু ঠাই নাই, চালৰ মুধলৈকে সিহঁতে বগুৱা বাই উঠিছে, কিবা দুর্ঘটনা হ’ব যেন লাগিছে যেন মোৰ মূৰ ওপৰতে দম লাগি থকা কিতাপবোৰ খহি পৰিব৷ এলিয়তটক সকলোৱে চিনি পায়--- চিত্ৰকৰ আৰু নাট্যকাৰ হোৱাৰ আগতে আৰু বুদ্ধিদীপ্ত সমালোচনা লিখাৰ আগতে তেওঁ মোৰ কবিতাৰ পাঠক আছিল৷ মই তাত বৰ সন্তোষ পাইছিলো৷ —কোনেও যেন মোৰ কবিতা আৰু ভালকৈ বুজি নাপাইছিল৷--- তাৰ পাছত এদিন তেওঁ নিজে লিখা কবিতা মোক পঢ়ি শুনাবলৈ আৰম্ভ কৰিলে আৰু স্বার্থপৰৰ দৰে মই দৌৰি পলাবলৈ গ’লো৷ তেওঁক বাধা দি ক’লো—‘মোক তোমাৰ কবিতা পঢ়ি নুশুনাবা৷’ বাথৰুমত সোমাই মই দুবাৰ মাৰিলো--- তেওঁ বন্ধ দর্জাৰ বাহিৰত কবিতা পঢ়ি গ’ল….. মোৰ মনটো মৰি গ’ল…. স্কটলেণ্ডৰ কবি ফ্ৰেজাৰও তাতে আছিল--- তেওঁ মোৰ ওপৰত গৰজি উঠি ক’ল, তুমি এলিয়টৰ লগতে এনে ব্যৱহাৰ কৰিছা কিয় ? মই উত্তৰ দিলো, ‘মই মোৰ কবিতাৰ পাঠক হেৰুৱাব নোখোজো৷ তেওঁক মই যতনেৰে গঢ়িপিটি লৈছো… তেওঁ মোৰ কবিতাৰ সকলো অন্ধি সন্ধি বুজি পায়৷ এলিয়টৰ ইমানবোৰ অইন গুণ আছে… তেওঁ ছবি আঁকিব পাৰে…..ৰচনা লিখিব পাৰে…৷ কিন্তু মই এইজন পাঠকক নিজৰ কৰি ৰাখিব খুজো—বুকুত সাৱটি লৈ ৰাখিব খুজো—এডাল আপুৰুগীয়া গছৰ দৰে পানী দি বঢ়াই ৰাখিব খুজো৷ ফ্ৰেজাৰ, তুমি নিশ্চয় মোৰ কথা বুজিব পাৰিছা…কাৰণ, যদি প্ৰকৃততে এনে হয়েই তেনেহ’লে কবিসকলে অইন কবিৰ বাবেই কবিতা প্ৰকাশ কৰিব--- প্ৰত্যেকে নিজৰ জেপৰ পৰা নিজৰ লিখা সৰু কিতাপখন উলিয়াই অইনজনৰ জেপত সুমুৱাই দিব, তেওঁৰ কবিতাক সুমুৱাই দিব৷ আৰু তেওঁৰ আকৌ সেইখন অইন এজনৰ খোৱাৰ থালত থৈ দিব, কুৱেভোদাই তেওঁৰ কিতাপখন এদিন ৰজাই মুখ মোচা গামোচাৰ তলত লুকুৱাই থৈছিল—তেনে কৰাৰ দৰকাৰো আছিল৷ ভৰ দুপৰীয়া টাউন স্কোৱাৰত কবিতা পঢ়া… অথবা কিতাপবোৰ মানুহৰ আঙুলিৰ মাজত জিৰিলি জিৰিলিকৈ উৱঁলি যোৱা… এৰা, এই যে এজন কবিয়ে অইন এজন কবিৰ বাবে কবিতা প্ৰকাশ কৰে সেইটোৱে মোক প্ৰলোভিত নকৰে—উচটাই নিদিয়ে৷ মোক প্ৰকৃতিৰ বুকুৰ মাজলৈ—অৰণ্য বা শিলাখণ্ড বা ঢৌৰ আগলৈ প্ৰকাশনাৰ মালিকৰ কাষৰ পৰা দূৰত থাকিবলৈ সঁকিয়াই দিয়ে… কবিতাই পাঠকৰ লগত সংযোগ হেৰুৱাইছে তেওঁক আৰু দেখা পোৱা নাযায়… কিন্তু তেওঁক আকৌ ঘূৰাই আনিবই লাগিব….আন্ধাৰত বাট বুলি কবিতাই আকৌ পুৰুষৰ হৃদয়, তিৰোতাৰ চকুৰ চাৱনি, বাট-পথাৰৰ অচিনাকীজনৰ মন কাঢ়িব লাগিব৷ সন্ধিয়াৰ ছয়ামায়াত, তৰাভৰা আকাশৰ মাজ নিশাত যাৰ অন্তৰ এফাকি কবিতাৰ বাবে ব্যাকুল হয়, তেনেজনক বিচাৰি উলিয়াবই লাগিব৷ আশাতীতজনৰ পৰা কবিতালৈ হেঁপাহ কৰা, বহুত দূৰলৈ বাট বোলা, সকলো পঢ়া আৰু সকলো শিকাকে ই সার্থক কৰে৷ আমি নিচিনা নুশুনা মানুহৰ লগত মিলি অদৃশ্য হৈ যাব লাগে, যাতে তেওঁলোক হঠাৎ বাটে-পথে, বালিত, একেখন অৰণ্যত হেজাৰ বছৰ ধৰি সৰি পৰা পাত এখিলা আমাৰ পৰা বুটলি ল’ব পাৰে… আৰু এনেকৈ আমি গঢ়ি তুলি লোৱা মূর্তিটো আলফুলকৈ সাৱটি ল’ব পাৰো..…মাত্ৰ তেতিয়াহে আমি প্ৰকৃততে কবি হ’ম….সেই উদ্দেশ্য লৈয়ে কবিতা বাচি থাকিব পাৰিব৷”
 |
মূল আত্মজীৱনীৰ বেটুপাত |
 |
আত্মজীৱণীৰ ইংৰাজী অনুবাদৰ বেটুপাত |
(পৃষ্ঠা-৩৩১-৩২)
0 মন্তব্যসমূহ