ডাঙৰ মানুহৰ সাধু- দিগন্ত ওজা
বান্ধৱ/ প্ৰথম প্ৰকাশ ২০২০ (দ্বিতীয় প্ৰকাশ ২০২১)/ বেটুপাতৰ কেৰিকেচাৰ- প্ৰদীপ নাথ/ মূল্য- ১০০.০০ টকা/ মুঠ পৃষ্ঠা- ৬৮৷
কিতাপখনৰ আঁৰৰ কাহিনী:- কিতাপখনৰ আৰম্ভনিতেই উল্লেখ আছে, চয়ন, পঢ়াকোঠাত
সোমালেই ‘দেউতা, মোৰ বাবে কিতাপ এখন লিখাচোন’ বুলি তুমি আবদাৰ ধৰাৰ বাবেই ‘ডাঙৰ মানুহৰ
সাধু’ ৰ জন্ম৷ এইখন সেই কাৰণে তোমাকেই দিলোঁ৷’ লেখক দিগন্ত ওজাই পুত্ৰ নিষাদ চয়ন ওজাৰ
আবদাৰত লিখা কিতাপকখনে ২০২২ বর্ষত সাহিত্য অকাডেমীৰ শিশু সাহিত্য পুৰস্কাৰ লাভ
কৰিছে৷ প্ৰাথমিক বিদ্যালয়ৰ পঢ়ুৱৈ/ শ্ৰোতাৰ
উপযোগীকৈ ঘৰুৱা আৰু স্কুলীয়া পৰিবেশৰ মাজেৰে আগবঢ়াই নিয়া কিতাপখন আটাইকেইটা কাহিনীয়ে
উপভোগ্য৷ তথ্যৰ ভৰৰ পৰা অলপ আতঁৰত আৰু ভূগোল-ইতিহাস বর্ণনাই কিতাপখন শিশু উপযোগী হোৱাত
অধিক সহায় কৰিছে৷ লগতে পৃষ্ঠাই পৃষ্ঠাই সন্নিবিষ্ট চিত্ৰ আৰু স্কেচ সমূহে পাঠক সন্মোহিত
কৰাত সহায় কৰিছে৷ জন্মদিন, পূজাৰ উপহাৰত এইখন অভিভাৱকে সন্তানৰ হাঁতত তুলি দিব পাৰে৷
কিতাপখনত সন্নিবিষ্ট সাধু কেইটাৰ আটাইকেইজনেই বিজ্ঞানী৷ তেওঁলোক হৈছে-
খালত পৰা ল’ৰাটো ( প্ৰাচীন গ্ৰীক বিজ্ঞানী
থালিচ); 
থালিচ
বাপেকক নোপোৱা ছোৱালীজনী (কবি বাইৰনৰ কন্যা তথা কম্পিউটাৰ ভাষা উদ্ভাৱক আডা বাইৰন);
![]() |
| আদা বাইৰন |
‘জলহু’ ল’ৰাটোৰ চমক (পদার্থ বিজ্ঞানী জেমছ ক্লার্ক মেক্সৱেল); 
মেক্সৱেল
মাকে চুমা নোখোৱা মাৰিয়া (দুবাৰকৈ ন’বেল বঁটা প্ৰাপক মেৰী কুৰী); 
মেৰী কুৰী
কণমানিটোৰ
কিমান যে প্ৰশ্ন… (অসম্পুর্ণতাৰ সূত্ৰ বা গডেলৰ সূত্ৰৰ বাবে বিখ্যাত পদার্থ বিজ্ঞানী
কূর্ট গডেল); 
গডেল
এজনী ‘দুষ্ট’ ছোৱালী’ (২০১৮ চনত ৰসায়নৰ ন’বেল বঁটা প্ৰাপক ফ্ৰাঞ্চিছ
আৰনল্ড)৷
ফ্ৰাঞ্চিছ
কিতাপখনৰ পৰা এছোৱা
‘অভিভাৱকসকলৰ প্ৰতি’


0 মন্তব্যসমূহ