অজান দেশত এলিচ- প্ৰবীণা শইকীয়া/ মূল Lewis Caroll ৰ Alice’s Adventures in Wonderlandৰ অসমীয়া অনুবাদ৷
![]() |
প্ৰথম সংস্কৰণৰ বেটুপাত |
অসম প্ৰকাশন পৰিষদ/ প্ৰথম প্ৰকাশ ১৯৬৩ (সপ্তম সংস্কৰণ-২০১৯)/
মূল্য- ৫০.০০ টকা/ মুঠ পৃষ্ঠা-৯৩
![]() |
নতুন সংস্কৰণৰ বেটুপাত |
কিতাপখনৰ জন্ম কাহিনী:-
![]() |
লুইচ কেৰল (প্ৰকৃত নাম- চার্লছ লাটৱিজ ডডছন) |
গ্ৰীষ্মকালৰ মনোৰম আবেলি এটাত ক্ৰাইষ্ট কলেজৰ ডীন তথা বন্ধু এইচ. জি. লিডেলৰ ছোৱালী তিনিজনী লগত লৈ গণিতৰ অধ্যাপক চার্লছ লাটৱিজ ডডছনে অক্সফোর্ডৰ কাষৰ নদী এখনেদি নাৱেৰে গৈ আছিল৷ দিনটো বৰ গৰম৷ পাৰলৈ নামি গছ-লতাৰ ছাঁত খন্তেক জিৰণি লোৱাৰ লগতে সময়খিনি সুন্দৰকৈ কটাই দিয়াৰ উদ্দেশ্যে তেওঁ ছোৱালীকেইজনীৰ আগত এটা অদ্ভুত কাল্পনিক কাহিনী অৱতাৰণা কৰিলে৷ কিছুদিনৰ পিছত সেই কাহিনীটোকেই শিশুৰ কল্পনা আৰু কৌতুহলপ্ৰৱণ কৰি ভালকৈ লিখি তেওঁ বৰদিনৰ উপহাৰস্বৰূপে বন্ধুৰ কন্যা এলিচৰ হাতত পঠিয়াই দিলে৷ লেখকে পিছে এইবাৰ নাম গ্ৰহণ কৰিলে লুইছ কেৰল৷ তেওঁ আছিল লাজকুৰীয়া শান্ত আৰু সৰল প্ৰকৃতিৰ৷ তেওঁ অবিবাহিতৰ লগতে খোনা আছিল আৰু ডাঙৰৰ লগত কথা পাতোতে সদায় অস্বস্তি অনুভৱ কৰিছিল৷ কিন্তু কণ কণ ল’ৰা-ছোৱালীক কাষলৈ মাতি আনি গল্প কৈ আৰু নানা ধৰণৰ খেল শিকাই অসীম আনন্দ লাভ কৰিছিল৷
![]() |
বন্ধুৰ জীয়াৰী এলিচ |
বগা শহা, দাঁত নিকটোৱা মেকুৰী, টুপীৱালা, নকল কাছ আদি চৰিত্ৰৰে ভৰি থকা কিতাপখন প্ৰকাশ হোৱাৰ লগে লগে জনপ্ৰিয়তা লাভ কৰিল৷ কিতাপখনে পৃথিৱীত লোপ পাই আহিবলৈ ধৰা বহুতো পশু-পক্ষীক অমৰ কৰি ৰাখিলে৷ এনে ধৰণৰ কিতাপ আৰু লিখিব লাগে বুলি সকলো ঠাইৰ পৰা আহ্বান অহাত পুনৰ লিখি উলিয়াই ‘থ্ৰ দি লুকিং গ্লাছ এণ্ড হোৱাট এলিচ ফাউণ্ড ডেয়াৰ’৷ প্ৰথমখনৰ দৰে এইখনে খ্যাতি অর্জন কৰিব নোৱাৰিলে ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াই কিতাপখন পঢ়ি ইমানেই ভাল পাইছিল যে লেখকৰ সকলো কিতাপ পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ কিন্তু বাকী কিতাপবিলাকৰ পাত লুটিয়াই ৰাণী অবাক৷ সকলো গণিতৰ অবোধ্য কিতাপ৷
![]() |
এলিচ আৰু পলু |
বহু সমাদৃত ধ্ৰুপদী এইখন শিশুগ্ৰন্থত এখন অনুপম কল্পজগত বিচাৰি পোৱা যায়৷ শিশুৰ লগতে জ্যেষ্ঠসকলেও আনন্দ পোৱা কিতাপখনত দেশ-কাল সর্ম্পকে অনেক তথ্য পোৱা যায়৷ পৃথিৱীৰ প্ৰায়বোৰ ভাষালৈ অনুবাদ হোৱা Alice’s Adventures in Wonderland অসমীয়া অনুবাদ সাহিত্যৰ এক অপূর্ব সংযোগ৷
![]() |
ডিজনী ফ্লিমছৰ পোষ্টাৰত এলিচ |
এইখন কিতাপতে কবিতাৰ ননছেন্স ৰাইমৰ প্ৰচলন হৈছিল৷ অনুবাদিকাই
অনুবাদ কৰা এটা কবিতা সংযোগ কৰা হ’ল-
![]() |
অনুবাদক প্ৰবীণা শইকীয়া |
এলিচৰ কথা শুনি নিগনিটোৱে এলিচৰ ফালে চাই এটা দীঘল হুমুনিয়াহ
কাঢ়ি ক’লে , “মোৰ নিজৰ কাহিনীটো বৰ দীঘল আৰু দুখ লগা ৷”
এলিচে ‘নিজৰ’ শব্দটো ‘নেজৰ’ বুলি শুনিলে৷
বৰ আচৰিত হৈ তাই ভাবিলে, নেজৰ কাহিনীটো দীঘল আৰু দুখ লগা৷ কিন্তু
কিয় ? নেজডাল খুব দীঘল, এইটো বাৰু সঁচা; কিন্তু দুখ লগা হ’ল কেনেকৈ ?
সেই কথাটোকে
ভাবি ভাবি তাইৰ ভাবনাত আউল লাগিল৷ নিগনিটোৱে কিবাকিবি কথা কৈ আছে আৰু তাই নিজে ‘দুখ
লগা’ নেজডালৰ বিষয়ে এইদৰে কল্পনা কৰি আছেঃ
ফিউৰি নামৰ কুকুৰ এটাই
এঘৰত পুৱাতেই
লগ পাই
এটা নিগনিক ক’লে,
“বলাচোন
আমি দুয়ো
কাছাৰীলৈ যাওঁ”,
গোচৰ দাখিল
কৰোঁ
বিৰুদ্ধে
তোমাৰ৷
আহা, তোমাক
নেৰিছোঁ
আজি৷
তাতে এই
পুৱা
বেলা মোৰ
আন কাম
নাই৷
বিচাৰ
আমাৰ নিশ্চয়
লাগিব
হ’ব৷
নিগনিয়ে ক’লে,
“কিন্তু ডাঙৰীয়া,
জজ নাই,
জুৰি নাই,
এনেকুৱা
বিচাৰৰ
কথা হায়
ভাবিলেও
প্ৰাণবায়ু
যায়৷”
ক’লে
দুষ্ট
বুঢ়া
কুকুৰে,
ময়েই
জজ
ময়েই
জুৰি
গোচৰ
বিচাৰ
কৰি
তোক
দিম
ফাঁ
চি৷”
![]() |
ইংৰাজী কিতাপখনৰ প্ৰথম সংস্কৰণৰ কভাৰ |
![]() |
হলিউদৰ চলচিত্ৰ ৰূপত এলিচ |
0 মন্তব্যসমূহ