কিতাপ ৯৯৫৬

অসমীয়া অশিষ্ট শব্দকোষ আৰু গালি-শপনি- সম্পাদনা- ইমৰান হুছেইন 

পাঞ্চজন্য/ প্ৰথম প্ৰকাশ ২০২০/ মূল্য- ৪৪০.০০ টকা/ মুঠ পৃষ্ঠা- ৫০৪


 অসমীয়া ভাষাটো প্ৰাচীন আৰু চহকী৷ বহুতো শব্দ ভাষাটোত প্ৰচলিত হৈ আছে৷ তাৰ ভিতৰত অশিষ্ট শব্দৰ সংখ্যাও কম নহয়৷ কিন্তু এই বিষয়ত শব্দকোষ নথকাত নিবন্ধকাৰ, গল্পকাৰ অনুবাদক ইমৰান হুছেইনে শ্লীল- অশ্লীল, গালি গালাজ, সকলোবোৰ সামৰি এইখন কিতাপ সম্পাদনা কৰিছে৷ কিতাপখনে অসমীয়া ভাষাৰ অভিধানৰ বাবে এক মাইলৰ খুটি হৈ ৰ’ব৷ প্ৰথম ভাগত অসমীয়া অশিষ্ট শব্দৰ স্বৰূপ সন্ধানত ১৩৩৮ টা শব্দ৷ দ্বিতীয় ভাগৰ অসমীয়া গালি-শপনিৰ স্বৰূপ সন্ধানত হাজাৰৰো অধিক গালি শপনি সন্নিবিষ্ট কৰিছে৷ অসমগ্ৰ অসমত প্ৰচলনৰ লগতে মধ্য, নামনি, কামৰূপৰীয়া, গোৱালপৰীয়া, দৰঙীয়া মৰিগঞা আদিত ব্যৱহাৰ হোৱা শব্দবোৰো সংগ্ৰহ কৰি অর্থসহ ইংৰাজীটো বর্ণনা কৰিছে৷ লগতে নাৰীকেন্দ্ৰিক, পুৰুষকেন্দ্ৰিক, নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় শব্দসমূহৰো উল্লেখ কোষ সংকেত দিবলৈ পাহৰা নাই৷ কিতাপখন উর্ছগা কৰিছে লোক সংস্কৃতিবিদ উপেন ৰাভা হাকাচামৰ নামত৷ 

 কিতাপখনৰ পৰা এচোৱা:- 


 নাৰী সমাজত নাৰীয়ে নাৰীক পৰা গালিৰ কিছু উদাহৰণ:- কুলক্ষণী, নাটেশ্বৰী, গজমূৰী, কুটুনী, কাঠবাঁজী, ৰাওমুঈ, হতছিৰী যাইতী, পিয়াৰেৰৰ গাৰী ভোজ খাইতী, ফেদেলী, দাংকাটি, নিলাজী, পঘাখাতী, ভায়ে ভাতাৰী, পাখৰী, থুপুৰী, বেটীৰ লালেৰ মূৰ খাইতী, ফুলতে বাঁৰী হোৱা, বেটী তই শেল বাজি মৰ, জীয়া বাঁৰী, মতাচাৰী, চৰু-ভাঙতী, কাউৰ-বাঁজী, গাভৰু গাত মাটি লাগতী, জুই লাগতী, সাংনা ভাতাৰী, গিৰীয়েৰৰ মূৰ খোৱা, ঘৰ ভাঙতী, ভৰ বয়সত ফুল সৰক, মতা খঁকে পোৱা, মতাদাঙী, আদেৰীলতা, বেটি ভৰা কলহতে যাবি, ঘৰ ভাঙেতি, বাৰেঘৰী, বৰে বনৰী, তেজখাইত, ধাইয়া কাপেলী, বঁহিয়া পৰতী, পেট ফুলানী আদি৷ 

নাৰীয়ে পুৰুষক পৰা গালিবোৰ এনেধৰণৰ- মেখেলাতলীয়া, ঘৈণীয়েকৰ মেখেলা পিন্ধা, লম্পট, পদুলি হুঙা, বৰমতা দেখুৱাবলৈ আহিছ, চৰিত্ৰহীন, তিৰীৰ মুতুনী খোৱা, হিজৰা, মাৰক চিনি পোৱা নাই, ঘৈণীয়েৰৰ পাতেনীৰ লোব খাই ফুৰা, বেটীৰ বাঢ়নীৰ কোব খোৱা, তৰোতা সেৰুৱা, নিজাল-লম্পট, মেখেলাৰ তলত সুমুৱাই ল’ম, মদাহী, মেখেলা ভাৰী, পেট-ডাঙৰীৰ বেটা, শলি সিয়ান, ৰকত খাই মৰাৰ পুতেক, লোকৰ মাইকীৰ লগত শোৱা আদি৷ 

পুৰুষ সমাজত পুৰুষে পুৰুষক পৰা গালিৰ কিছু উদাহৰণ:- হাৰামৰ নেগুৰ, গুণ্ডামি নকৰিবি, কুকুৰ, চুতমাৰনি, কেলা, বৈনোৰ লালাক, নপুংসক, গোলাম, ভিকহুৰ জাত, মাংমাৰনীৰ বেটা, যনীত যোৱা, খচ্ছৰ, বুঢ়া, শগুণ, জহৰা, কাপুৰুষ, হাৰামি, শিয়াল, বেহদা, কুকুৰ, কেলেহুৱা, বাহনচোদ, গৰুচোৰ, দগাবাজ, কাটিমহীয়া কুকুৰ, খাল্লাচ কৰি দিম, খেচৰা, গুইলে মাৰিম, চৰত কণা গৰু ঘূৰাদি ঘূৰিবি, ছোৱালীৰ চৰ খোৱা, চয়তানৰ নেগুৰ, চামৰা চিঙি দিম, চিকা মাৰি হাত নোগোন্ধাওঁ, টেটুঁত ধৰি সাতপাক ঘূৰাম, কচু কটা দিম, ফিনিছ কৰি দিম, নিমকি চয়তান, কচু কটা দিম, মাৰৰ হৰলাটো, মাইকী, মোৰ বাল ছিঙিবি, কলিৰ কৃষ্ণ ইত্যাদি৷ 

পুৰুষে নাৰীক পৰা গালিবোৰ এনেধৰণৰ:- তোৰ দৰে মাইকী বহুত দেখিছো, বাইদেউগিৰী নেদেখুবি,নটী, বিল্লাম জহৰী, চালী, বেইছা, দুই নম্বৰী, সাত ভাতাৰী, হাৰামজাদী, ৰেণ্ডী, বৈতেলীম দন্দুৰী, ভেম্প, ভাই ভাতাৰী, পুতৰাৰ মূৰ খাইতী, গেইৰা ভাতাৰী, আবেৰী, ভাতাৰ ভূলেতী, মেতন্নী, চহৰ ফুৰেতী আদি৷ নাৰী পুৰুষ উভয়তে ব্যৱহাৰ কোৱা কেইটামান গালি এনেধৰণৰ- চয়তান, নেগুৰ কটা শিয়াল, টোকোনাৰ জাত, র্বুবক, গৰীয়াত খোৱা, নচঁচা শূলত যোৱা, পাপিষ্ঠ, নিমখ হাৰাম, গাধা, ফার্টুম মৰণে মৰা, হাইজাত যোৱা, নিলাজ, খকুৱা, পাপী, পেটপঁচা, অসভ্য, ভিটি মৰা, ফাপৰে খোৱা, ফাপৰে নিয়া, কানিবিহৰ সঁচ, অশলাগী, পেট-কপটীয়া, জহৰা, মাউৰত যোৱা, চৰু-চেলেকা, শনিলগা, মুখত থুৱাম, মূত খোৱাৰ জাত, অভদ্ৰ, কাপুৰুষ, হিংসাকৰীয়া, ৰসাতলে যোৱা, খাইপাত ফলা, বুর্বক, ফটুৱা, পেট-কুৰুচিয়া, পাবত গজা আদি৷ 

গালিৰ এটা গুৰুপ্তপুর্ণ ভাগ হল দাবি ধমকি৷ প্ৰতিপক্ষৰ অতপালি বন্ধ কৰিবলৈ দিয়া প্ৰত্যাহ্বানেই হ’ল ধমকি৷ নাৰী সমাজতকৈ পুৰুষ সমাজত দাবী ধমকিৰ ব্যৱহাৰ বেছি৷ তাৰে কেইটামানৰ ৰেহ-ৰূপ চাই ল’ব পাৰি:- ওভতা শূলে খুচিম, বেছি নেদেখাবি, জেওৰা খৰিৰে পিঠি ফালিম, জোকাই ন’লবি বুইছ, বেছি উঠি গৈছ, লাগি ন’লবি বুলি কৈছো, চাই ল’ম তোক, লেংটা কৰি পিটিম, থোতা মুখ ভোটা কৰি দিম, তেৰি-বেৰি নকৰিবি, পোতা মোচোৰা দিম, তেল বাঢ়িছে তোৰ, এক চৰত সৰিয়হ ফুল দেখিবি, তুলা ধূনা দিম, এক ঘাপে থম, তেজ পি খাম, কাটি পেলাম, ছাল চিঙি দিম, কাণতলীয়া চৰ লাগে, থেকেচি পেলাম বাপ্পেকে, কচু কটা দিম, অভাৰটেক নকৰিবি কৈ দিছোঁ, বিহু দেখুৱাম আজি ৰহ, মাৰত মূতি দিবি, গোৰত মুখ ভাঙিম, বেছি তাও নেদেখুৱাবি, ঢকাত গু বাহিৰ হ’ব, একেচৰে যদুমণি বাহিৰ হব, ফোঁপত জুই লগাই দিম, পিঠিত নাগৰা বজাম, ঢাৰি নুৰিওদা দি নুৰিয়াম, জিন্দা লাচ বনাই দিম আদি৷

 এই ধৰণৰ ধমকিৰ ব্যৱহাৰ নৱ-প্ৰজন্মৰ মাজত আটাইতকৈ বেছি কিন্তু, এই ভাষা টেলিভিছন, সামজিক মাধ্যম আদিৰ সর্বগ্ৰাসী প্ৰভাৱৰ দৰে হিন্দী, ইংৰাজী, বাংলা, অসমীয়া আদি ভাষাৰ মিহলি শব্দৰে গঠিত, যেনে- লাফৰা নকৰিবি, ছেটেপ কৰি দিম, লেবেল চুটাই দিম, হিলাই দিম চাল্লা, ফালি দিম বাপ্পেকে, দম নিদিবি কেলা, বকৱাচ নকৰিবি, ফালি দিম, ফিনিচ কৰি দিম, পিচ পিচ কৈ কাটিম, কি বেল্টাবি তই, গেট আউট চাল্লা, ইয়াত লাফ্লা নকৰিবি, একে ঘূচাত নাক ফটাই দিম, বেছি টেম্পাৰ নেদেখুৱাবি, টেমা গৰম নকৰিবি, বেছি তাও নেদেখুৱাবি, ফটা লেকচাৰ বন্ধ কৰে, দাদাগিৰি নকৰিবি, ফেনেকি পেলাম বাপ্পেকে, কোন মাইকেলাল আহে চাও, কি ঘেণ্টা কৰিবি, দগৰা পিটন দিম, মুখে মুখে উত্তৰ নিদিবি, খটম কৰি দিম, চাল্লা ফৰ টুৱেণ্টি, জিন্দা লাচ বনাই দিম, কৌন মাইকেলাল আহে চাও, মামুগিৰি নকৰিবি, পাড়গা নল’বি কৈ দিছোঁ, খল্লাছ কৰি দিম, চুই চা না বে আদি৷ (পৃষ্ঠা- ৩৬৩-৩৬৫)

একটি মন্তব্য পোস্ট করুন

1 মন্তব্যসমূহ