কিতাপ- ৯৯৫৫

 

গান্ধীজীৰ আধ্যাত্মিক স্ত্ৰী আৰু সহযোগী নাৰী – ড° গিগ্বিজয় দে সৰকাৰ/ অনুবাদ ইন্দ্ৰাণী লস্কৰ

অসম পাব্লিচিং কোম্পানী/ প্ৰথম প্ৰকাশ ২০১৩/ মূল্য- ১৩০/ মুঠ পৃষ্ঠা- ১৬০৷

কিতাপখনৰ বিষয়ে:-  গান্ধী আছিল সত্যৰ পূজাৰী৷ কিন্তু তেওঁৰ জীৱন কাহিনীৰ অনেক সত্য এতিয়াও অন্ধকাৰত৷ তেনে এক কাহিনী তেওঁৰ ব্ৰক্ষ্মচর্য্য আৰু নাৰী সংগ৷ তেওঁ নাৰী সানিধ্যত তৃপ্ত, সৰস আৰু স্বচ্ছন্দ৷ ব্ৰক্ষ্মচর্য্য আছিল তেওঁৰ সাধনা৷ তেওংৰ জীৱনৈ বহুতে নাৰী আহিছিল৷ এই সকলোবোৰ সামৰি ৰোমাণ্টিক গদ্যশৈলীত দেহ আৰু আত্মাৰ দ্বন্দ্বত ক্ষত-বিক্ষত মহাত্মাৰ জীৱন জীৱনৰ গোপন অধ্যায় লেখকে এইখন কিতাপত লিখিছে৷ বাংলা ভাষাত ‘গান্ধীজীৰ আধ্যাত্মিক স্ত্ৰী ও সহযোগী মেয়েৰা’ নামেৰে প্ৰকাশ হোৱাৰ পৰা ‘বেষ্ট সেলাৰ’ হিচাপে পৰিগণিত হৈছিল৷

ডাক টিকটত মহাত্মা গান্ধী

কিতাপখনৰ সর্ম্পকত অনুবাদিকা ইন্দ্ৰাণী লস্কৰে উল্লেখ কৰিছে- “নাৰীৰ প্ৰতি সন্মান প্ৰদর্শন কৰাটো গান্ধীজীৰ  এটি উজ্জ্বল দিশ৷ গান্ধীৰ মতে নাৰী অহিংস, কষ্টসহিষ্ণু, ত্যাগ আৰু সহনশীলতাৰ প্ৰতীক৷ এই কিতাপখনত ডাঙি ধৰা হৈছে গান্ধীজীৰ ওপৰত নাৰীৰ প্ৰভাৱ আৰু সেই নাৰীসকলৰ প্ৰতি গান্ধীজীৰ ব্যৱহাৰ আৰু তেওঁৰ দার্শনিক দৃষ্টিভংগী৷ তেওঁৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল মিলি পোলক, সোনজা, নীলা ক্ৰাম কুক, মার্গাৰেট পীজেল, মীৰা বেন, ইস্থাৰ ফিয়াৰিং, সৰলা দেৱী, সুশীলা নায়াৰ ইত্যাদি বহুতো৷ প্ৰত্যকগৰাকী নাৰীৰ লগত গঢ়ি উঠিছিল তেওঁৰ হৃদয়ৰ ঘনিষ্ঠতা, অন্তৰৰ আত্মীয়তা, তেওঁ অনুভৱ কৰিছিল জীৱনৰ উপলব্ধি আৰু পৰীক্ষা কৰিছিল ব্ৰক্ষ্মচয্যৰ সাধনা৷”  

কিতাপখনৰ পৰা এচোৱা

অকলশৰীয়া যাত্ৰা

    সত্যৰ পথেদি তেওঁ আগুৱাই গৈ থাকিল৷ লগত হাতৰ লাখুটি আৰু অলপ দৰকাৰী বয়-বস্তু আৰু Walking Stick মন তেওঁৰ লগৰীয়া৷ তেওঁৰ লগত ছাটোৰ দৰে লাগি পুৰা মনু, নীৰৱ মনু, জয় সুখলালৰ চুটি-চাপৰ ঊনৈশ বছৰীয়া ছোৱালী- ‘মনুবা’৷

গান্ধীৰ নোৱাখালি যাত্ৰা

এই সময়ছোৱাতেই ভাৰতৰ ৰাজনীতিত চিৰস্থায়ী প্ৰভাৱ ৰাখি গৈছে৷ দেশ স্বাধীন হওঁ হওঁ অৱস্থা৷ আহি থকা স্বাধীন ভাৰতৰ তৰুণ নবীন নেতৃবর্গ গুৰুপ্তপূর্ণ বৈঠকত নিমগ্ন, দেশ বিভাজনৰ উত্তেজনা জুইৰ দৰেবিয়পি পৰিছে৷ গান্ধীজীয়ে কটাকটি, মৰামৰি হোৱা বিহাৰ আৰু পাঞ্জাৱক লৈ চিন্তিত হৈ পৰিছে৷ কোনে তেওঁৰ কথা শুনিব? সকলোৱে তেওঁৰ কথা কৈ গর্ব কৰে কিন্তুকোনেও কথা নাৰাখে৷ তেওঁ কি কৰিব- একেবাৰে নিৰুপায়৷

নোৱাখালিত মহাত্মাৰ পদযাত্ৰা

         বঙ্গত তেওঁক ‘বাপু’ বুলি কয় তেওঁৰ পদযাত্ৰাৰ অভিপ্ৰায় শুনি সকলো বিলচিত৷ বাপুৰ লক্ষ্য নোৱাখলি৷ ১৯৪৬ চনৰ ২০ নৱেম্বৰৰ পৰা ১৯৪৭ চনৰ ১ জানুৱাৰীলৈকে এই পদযাত্ৰা নোৱাখালিৰ গ্ৰামে গ্ৰামান্তৰে চলি থাকে৷ যাত্ৰাৰ আগতে তেওঁ জনাইছিল “মই নাজানো বঙ্গত গৈ মই কি কৰিব পাৰোঁ৷ মই মাত্ৰ এইটোকে জানো যে সেই ঠাইলৈ নগলে মোৰ মনে শান্তি নাপাব৷ কাইলৈ ৰাতিপুৱা মই কলিকতালৈ যাত্ৰা কৰিম৷ ঈশ্বৰৰ কৃপাত কেতিয়া নতুন দিল্লীলৈ ঘূৰি আহিব পাৰিম তাকো নাজানো, কলকাতা হৈ নোৱাখালিলৈ যাম বুলি ভাবিছোঁ৷ এই যাত্ৰাপথ ইমান সহজ নহয় তাতে মোৰ স্বাস্থ্যৰ অৱস্থাও বেয়া৷ কিন্তু মানুহে নিজৰ কতর্ব্য কৰিবই লাগিব৷ কাৰো বিচাৰ কৰিবলৈ মই বঙ্গলৈ যাব খোজা নাই৷ জনগণৰ সেৱক হিচাপেই মই যাবলৈ ওলাইছোঁ৷ হিন্দু-মুছলমান সকলোৰে লগত মই দেখা কৰিম৷ নাৰীসকলৰ দুর্দশাত মই ম্ৰিয়মান হৈ পৰিছোঁ৷ যদি পাৰো বঙ্গলৈ গৈ মই তেওঁলোকক সান্ত্বনা দি তেওঁলোকৰ চকুৰ পানী মচিব খোজো আৰু তেওঁলোকৰ ভগ্ন হৃদয়ত আশাৰ সঞ্চাৰ কৰিব খুজো৷ সেয়েই মই যি সেই ঠাইলৈ যাব খুজিছো”৷ সপোনতো ভাবিব পৰা নাই যে ইমান সোনকালে মই সোদপুৰলৈ আহিব পাৰিম৷ কিন্তু ভগৱানে মোক পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছে৷ জনবিৰল ৰাস্তাৰে যাওঁতে দেখিলো, কেওফালে ধ্বংসৰ স্তুপ, আচবাব শূণ্য দোকান-পোহাৰ ভস্মীভূত ঘৰ-দুৱাৰ৷”

নোৱাখালিত দুর্ভগীয়া মহিলাসকলৰ সৈতে গান্ধীজী

         লক্ষ্য কৰিলে দেখা যায় যে নোৱাখালিৰ ডায়েৰীৰ প্ৰতিটো কথাত মানৱমুখী মনোভাৱে ৰাজনীতিতকৈ ডাঙৰ হৈ উঠিছে৷ পদযাত্ৰাত গান্ধীজীৰ মৃত্যুৰ আশঙ্কাই আছিল বেছি৷ কিন্তু তেওঁ পৰীক্ষা কৰিব বিচাৰিছে কোন জয়ী হ’ব- অহিংসাৰ বাতাবৰণ নে হিংসাৰ বিষবাষ্প, মানৱতা নে পশুত্ব৷ গান্ধীজীৰ এই নগ্ন পদযাত্ৰা দেখি ভাৱ হয়- দুই দেৱতাৰ যেন অদ্ভূত খেলা- ভঙা আৰু গঢ়াৰ৷

         কিন্তু এই সংকটাপন্ন সময়ত আৰম্ভ হ’ল আৰু এক খেলা—এক কঠিন খেলা৷ সেই খেলা হ’ল ব্ৰক্ষ্মচর্য্য সাধনাৰ অগ্নি পৰীক্ষা—‘মহাযজ্ঞ’৷ নোৱাখালিৰ ঐতিহাসিক পদযাত্ৰাৰ ৰাজনৈতিক তাৎপর্য তল পৰি তেওঁৰ দীর্ঘ দশকৰ সাধনাই জনগণৰ দৃষ্টি আকর্ষণ কৰিলে৷  

   নোৱাখালি যাত্ৰাৰ পূর্বেই গান্ধীজীয়ে জয় সুখলাললৈ লিখিছিল যাতে তেওঁৰ ছোৱালী মনুক পাৰিলে নোৱাখালিলৈ লৈ আহে৷ অক্টোবৰ মাহতে মনুৱে গান্ধীজীক পত্ৰযোগে জনালে যে তেওঁ গান্ধীৰ কথামতে আহি আছে৷ গান্ধীয়ে অতি আনন্দিত হৈ মনুক জনালে- “তুমি আহিলে, গল্প কৰিলে মোৰ খুব ভাল লাগিব৷ তথাপি তোমাক মই যোৰ কৰা নাই, মোৰ একান্ত ইচ্ছা হ’ল তুমি গোটেই জীৱন চিৰকুমাৰী হৈ দেশৰ কাম কৰিবা৷”

মনু গান্ধীৰ সৌতে গান্ধীৰ নোৱাখালী পদযাত্ৰা

         মনুবেন গান্ধীজীৰ সম্পর্কীয় নাতিনী৷ তেওঁৰ দেউতাকৰ নাম জয় সুখলাল৷ কিশোৰী মনু গান্ধীজীৰ সান্নিধ্যলৈ আহি মনে প্ৰাণে গান্ধীৰ সেৱাত আত্মনিয়োগ কৰে৷ নোৱাখালিৰ ঘটনাৰ পাছত তেওঁ আৰু বিখ্যাত হৈ পৰে৷ গান্ধীজীক লৈ তেওঁ লিখা ‘অকলশৰীয়া তীর্থযাত্ৰী’ আৰু ‘গান্ধীজীৰ শেষ দর্শন’ উল্লেখযোগ্য৷ কস্তুৰবাই মনুক সদায় ওচৰতে পাবলৈ বিচাৰিছিল৷ মনু লগত থাকিলে তেওঁক আৰু কাৰোৰ প্ৰয়োজন নাই৷ এই কথা মন কৰিবলগীয়া৷ কাৰণ কস্তুৰবাই যাকে তাকে লগৰীয়া কৰিবলি নিবিচাৰিছিল৷ গান্ধীজীক যেতিয়া হত্যা কৰা হয় তেতিয়া মনু তেওঁৰ লগত আছিল আৰু মনুৰ কোলাতেই তেওঁ ঢলি পৰি শেষ নিশ্বাস ত্যাগ কৰে৷

         তেতিয়া নোৱাখালিৰ শ্ৰীৰামপুৰলৈ আহিবলৈ মনুৰ দুদিন বাকী৷ এই সময়তে এক ধৰণৰ হৈ-চৈ কাণ্ড ঘটিল যাক ১৭ ডিচেম্বৰৰ ঘটনা বুলি কোৱা হয়৷ এই পদযাত্ৰাত সুশীলাই ডাণ্ডি পদযাত্ৰাৰ দৰে গান্ধীজীক সহায় কৰিব বিচাৰিছিল৷ কাৰণ হ’ল গান্ধীৰ স্বাস্থ্য বৰ ভাল নহয়৷ কিন্তু গান্ধী মান্তি নহ’ল৷ ইয়েকে লৈ গান্ধী আৰু সুশীলাৰ মাজত টনা-আঁজোৰা লাগি থাকিল৷ তদুপৰি সুশীলাই গম পাইছিল যে গান্ধীক সহায় কৰিবলৈ মনু আহি আছে৷ কিন্তু তেওঁৰ মনত কি হ’ল সেইটো তেওঁ নাজানে৷

         ১৯৪৬ চনৰ ১৭ ডিচেম্বৰ৷ সুশীলা সেইদিনা শ্ৰীৰামপুৰলৈ আহিছিল৷ ৰাতি গান্ধীজীৰ কাষতেই তেওঁ শুই আছিল, গান্ধীজীৰ শোৱা বিচনাখন বেচ ডাঙৰ আছিল৷ তাত তিনিজন মানুহ ভালদৰে শুব পাৰে৷ ৰাতি তেতিয়া ৩-২০ মান হ’ব৷ হঠাৎ নিমৰল বাবুৱে (বোস) শুনিলে গান্ধীজীৰ কোঠাত কোনোবাই কাৰোবাক থাপৰ মাৰিছে আৰু তাৰ পিছত কান্দোনৰ শব্দ৷ নির্মল বাবু হতচকিত হৈ ৰ’ল৷ পিছত গান্ধীজীয়ে নির্মল বাবুক জনায় যে তেওঁ খালী ভৰিৰে পদযাত্ৰা নকৰিবলৈ সুশীলাই বাৰে বাৰে বাধা দিছে৷ বাৰে বাৰে কোৱা সত্বেও সুশীলাই কথা নুশুনে৷ তেওঁ দেউতাকৰ দৰে নিজকে শাসন কৰিছে৷ নির্মল বাবুয়ে গান্ধীজীৰ চকুৰ পৰা পানী ওলোৱা দেখিছিল৷ সুশীলাই তেওঁক কিবা এটা বুজাই আছে৷ তেওঁৰ খং উঠি সুশীলাক ঠেলা মাৰি দিছে৷ পিছত এই ঘটনাৰ বিচিত্ৰ ব্যাখ্যা সর্বত্ৰ বিয়পি পৰে৷  গান্ধীজী পদযাত্ৰা আৰু ব্ৰক্ষ্মচর্য্য পৰীক্ষাত অবিচলিত৷ এই ক্ষেত্ৰত তেওঁৰ লগৰীয়া হ’ল মনু৷ বিনাদ্বিধাই বস্ত্ৰহীন ভাৱে মনু তেওঁৰ কাষতে যে শুই থাকে সেই কথা মনু আৰু গান্ধীজীয়ে অকপটে স্বীকাৰ কৰিছে৷ মনু সদায় গান্ধীজীৰ লগত থাকে৷ তেওঁৰ চিঠি-পত্ৰ মনুৱে কপি কৰে, মাজে মাজে চিঠি লিখে আৰু প্ৰতিদিনৰ দিনলিপি লিখি গান্ধীৰ স্বাক্ষৰ লয়৷ মনুৱে পাহৰি গ’লে  গান্ধীজীয়ে সোঁৱৰাই দিয়ে৷ (পৃ্ষ্ঠা- ৯৯-১০২)  

আভা আৰু মনুৰ সৈতে মহাত্মা 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ