মৰুৱা ফুল- সম্পাদনা নৱকান্ত বৰুৱা
অসম প্ৰকাশন পৰিষদ/ প্ৰথম প্ৰকাশ- ১৯৮৪ (চতুর্থ প্ৰকাশ ২০০৩)/
মূল্য-৯০.০০ টকা/ মুঠ পৃষ্ঠা- ৩১০
নৱকান্ত বৰুৱা

কিতাপখনৰ বিষয়ে- অসমীয়া ভাষাৰ উৎকৃষ্ঠ শিশু কবিতাৰ সংকলন৷ শিশুৰ মনোজগতৰ বিভিন্ন
দিশৰ এটি সম্যক আভাষ পোৱাত পঢ়ুৱৈৰ সুবিধা হোৱাকৈ লিখা সংকলনখনৰ সংকলিয়তাৰ যৎকিঞ্চিৎত
সম্পাদকে লিখিছে, ‘এই কবিতা বিলাকৰ কেন্দ্ৰবিন্দু হ’ল শিশু৷ শিশুৰ উপযোগিতাৰ ধাৰণা
দেশে কালে হয়তো সলনি কৰে- কিন্তু ‘শিশু’ নামৰ সত্তাই মানুহৰ মাজত বিশেষ আদৰ পাই আহিছে৷
সেইবোৰ ব্যক্তিগত শিশু আৰু বিশ্ব শিশু৷ এনে এটা ধাৰণাৰ পৰাই অসমীয়া শিশু সাহিত্যৰ পৰম্পৰা
পৰা এই ৰচনাসমূহ বাছি উলিয়াইছিলো৷ গতিকে কবিতা বিলাক শিশুৰ বাবে আৰু/ অথবা শিশুৰ বিষয়ে৷
শিশু কবিতাৰ বিশ্বজনীনতাৰ কথা ভাবিয়েই কবিতাবিলাক সময়ানুগতভাৱে নসজাই ভাৱানুগ ৰূপত
সজাইছো৷ …ভাবানুষঙ্গত ভেটি কৰি ভগাওঁতে চৈধ্যতা ভাগেই হ’লগৈ৷ শিশু সাহিত্যৰ জন্মদায়নী
ধাইনাম বা নিচুকনি গীত বুলি মোৰ ধাৰণা৷ সেইবাবে ‘ঘুমটি যায়োৰে’ শীর্ষক ভাগেৰে
সংকলনৰ আৰম্ভণি৷ ইয়াৰ বাদেও শিশু-প্ৰীতি স্মৃতি বিজড়িত কবিতাসমূহক ‘শিশু-পাৰিজাত’;
উপদেশাত্মক কবিতা সমূহক ‘জ্ঞানৰ সঁফুৰা’; ঈশ্বৰ বিশ্বাস জন্মোৱা কবিতাসমূহক
‘তেওঁৰ কৰুণাকণা’; মাতৃ- আৰু সন্তানৰ নিবিড় আৰু সৰল অনুভুতি প্ৰকাশক কবিতা সমূহক ‘আই
মোৰ’; শিশুৱে কি কৰি আনন্দ লাভ কৰে তেনে কবিতা সমূহক ‘বিনন্দীয়া পৃথিৱীত’;
দেশপ্ৰেম মূলক খিনিক ‘আমাৰ ঘৰ আমাৰ মানুহ’; বিহু বিষয়ক খিনিক ‘বিহুৰ বতৰ’;
সাধু দৰে কাহিনীমুলক কবিতাসমূহক ‘সাধু আৰু কথাত’; ‘দেও ল’ৰা দেও ছোৱালী’ত শিশুৰ
দুষ্টালি; আবৃত্তি আৰু অভিনয় কৰি আবৃত্তি কৰিব পৰা সমূহক ‘লগে ভাগে আওৰাওঁ’;
ইংৰাজী ননচেঞ্চ ৰাইমৰ দৰে বোৰক ‘বাংকৰা’ আৰু শিশুৰ অভিজ্ঞতা প্ৰকাশক কবিতাসমূহক ‘কত
যে কি’ অংশত ভগাইছে৷
কিতাপখনৰ পৰা অসমত প্ৰচলিত কেইটামান নিচুকণি গীত
শিয়ালী এ নাহিবী ৰাতি
তোৰে কাণে কাটি লগামে বাতি
শিয়ালীৰ মুৰত মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ৷
আমাৰে মইনা শুব এ’
বাৰীতে বগৰী ৰুব এ
বাৰীৰে ভৰী পকি সৰিব৷
মইনাই বুটলি খাব৷
লাই হালে জালে আৱেলি
বতাহে
লফা হালে জালে
পাতে
আমাৰে মইনা হালিছে-জালিছে
কালি দূপৰৰে
ভাতে৷
টোপনি এ’ তোৰে কলাতলত ঘৰ
সকলো ৰাইজৰ টোপনি আহি
মইনাৰ চকুতে থৰ৷
ই বোলে কাণখোৱা সি
বোলে কাণখোৱা
কাণখোৱাই কিনো কাম কৰে৷
হাতত নগা যাঠি কানত
ৰঙা ছাতি
ল’ৰাৰ কাণে খাই ফুৰে৷
নাচ বুঢ়ী নাচ
ঘাটৰ চেলকনা মাছ,
তয়ো বুঢ়ী ময়ো বুঢ়ী
একেখন বিলৰে মাছ৷
বুঢ়া গ’ল হাউলৈ বুঢ়ীয়ে ধৰিলে পাছ,
মপৰ মুৰ বা বুঢ়া তই নিকিনিবি মাছ,
(মাছ কোনোতে মাছ নিনোতে টকা হ’ল ব্যয়)
কি খাবৰ মন বুঢ়ী লি খাবৰ মন
খাৱৈৰ চুর্চুৰা মাছ বাৰীৰ বাঙন
তাকে খাই বুঢ়া বুঢ়ীৰ নাচন পিচন৷
বুঢ়ী আই কৰাই ভাজি দিয়া খাওঁ
ইকৰা পাতৰে
নাও সাজি দিয়া
বণিজ বেহাবলৈ যাওঁ৷
বণিজো বেহলা
ভালকে কৰিলা
ধনলৈ আনিলা কি ?
ধনলৈ আনিছোঁ পাৰলি ঘোঁৰাটি
সোণৰে শিকলি দি৷
ভাত খাই মইনা দোলাতে
উঠিছে
পানী খাই মইনা শোৱে৷
তামোল খাই মইনাৰ সেলেঙি
লাগিলে
দালা কাতি হৈ পৰে৷
ৰ’দালি এ’ ৰ’দ দে
আলি কাটি জালি দিম
বৰ পীৰা পাৰি দিম
তাতে বহি ৰ’দ দে৷
ৰ’দালি মাকৰ কুটকুৰা চুলি
ৰ’দালি পালেগৈ বিৰিণাৰ গুৰি৷
ই বোলে পোনাকণ সি
বোলে পোনাকণ
পোনাকণ ক’লৈনো গ’ল হে,
পোনাকণ আছেগৈ ককাকৰ
বঙলাত
ঘিলা খেলিবলৈ পাই হে৷
পোনাকণ পোনাকণ
অ’ মোৰ পোনাকণ
পোনালৈ লাগিব চোলা হে,
নাচনকন
দে ল’ৰা-বুঢ়াই চ’ক,
মাহীয়তী
পেহীয়তী ঠেং তলে য’ক৷
মাৰৰ
নিচিনা নহলি তই,
বাপেৰৰ নিচিনা নহ’লি তই
বাৰীতে
আছিলে ভেকোলা বেং
তাৰে
নিচিনা চাৰিখন ঠেং !
এ’ আমাৰ
ডাঁহাৰজনী বাই এ’
সূতা
কাটলি ছিঙে এ’
পাংলা
পুংলা ভাংলা ভুংলা
ভাল
সূতা কাইটবা যায় এ’৷
কাণখৱা
এ নাহিবি ৰাতি
তোৰে
কাণ কাটি লগামে চাতি,
চাতি
নুমাল বাতি নুমাল
বাপাই
দেখে আন্ধাৰ,
দুৱাৰ
মুখত বহি আছে
ভকোমুলুৱা
বান্দাৰ৷
আগুৰ
গুৰ মাগুৰ জালি
ঘূৰীয়াৰ
নাকত দিলো জৰী,
ঘোঁৰা
গেল উতাৰে
শাল
মাছে গুজাৰে
শালৰ
গুজ গুজেনি মাদাৰৰ ঢৌ
চুটীয়া-শালিয়া
লঙ্কা লৌ৷
বাপা
এ নলাবি বাতি
বাটতে
জলছি ষল্লটা চাতি
বাতি
জলক বন্তি
জলক
পহাৰ নহায় ভাল,
বিয়াৰ
সময়
মহলা দিলি
পহাৰ হ’ব ভাল৷
আমাৰ
বাপা সৰু
বাৰীত
চাৰে গৰু
কার্শলা সাপৰে লৰু৷
হাতী
এ হাতী
গোসাঁই ঘৰৰ কাঠি
ইও বোলে ধৰ ধৰ
সিও বোলে ধৰ ধৰ
আপাৰ বাপা উঠি
ভিৰাই মাৰে লৰ৷
চাপৰি
চাপৰি
বাপাৰ
মাক জাপৰি
জাপৰা
মূৰত ওকণি খালে
পচা
বতাহে উৰাই নিলে৷
হাতী
আহে ধাপাত ধুপুত
ঘোঁৰা
আহে লৰি,
চানা
আয়াৰ জোঁৱাই আহিল
ৰাতি
দোভাগ কৰি৷
হেপাই
মাৰো তেপাই মাৰো
শালিখাই
ভাঙে গাওঁ,
এইখন
দেশত থাইকবা নৰো





0 মন্তব্যসমূহ