কিতাপ- ৯৯৫২

 

গানৰ প্ৰতিমা প্ৰাণৰ প্ৰতিমা- সুৰীতি শর্মা ব্ৰক্ষ্মচৌধুৰী

বীণা লাইব্ৰেৰী/ প্ৰথম প্ৰকাশ ২০০৬/ মূল্য-৫০.০০ টকা/ মুঠ পৃষ্ঠা- ১০৪ (লগতে ৮ পৃষ্ঠাৰ ফটো)

কিতাপখনৰ বিষয়ে:-  ধুবুৰীৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডে (১৯৩৫-২০০২) গোৱালপৰীয়া লোকগীতৰ বিখ্যাত শিল্পী৷ লালজী ওৰফে প্ৰকৃতিশ বৰুৱাৰ কন্যা গৰাকীৰ বিবাহ হৈছিল প্ৰবীৰ পাণ্ডেৰ সৈতে৷ সংগীত নাটক একাডেমী আৰু পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকীৰ বিষয়ে ১৮ টা অধ্যায়ত বিভক্ত কিতাপখনৰ সহায়ত পাঠকে গৌৰীপুৰৰৰ ইতিহাসৰ লগতে শিল্পীগৰাকীৰ বিষয়ে বহুতো তথ্য লাভ কৰিবলৈ সক্ষম হ’ব৷  লেখিকা সুনীতি শর্মা অসম সাহিত্য সভাৰ দুবাৰৰ সভাপতি ‘সীতানাথ ব্ৰক্ষ্মচৌধুৰীৰ’ৰ কণিষ্ঠ কন্যা৷ কিতাপখন সর্ম্পকে লেখিকাৰ দুআষাৰ’ত লেইখিছে- “আৰম্ভণি, ১৯৯৫৷ তাৰ পিছত দীঘলীয়া বিৰতি৷ দিদিৰ মৃত্যুৰ এবছৰ আগতে কাম শেষ কৰি ‘নন্দিনী’ত পাণ্ডুলিপি জমা দিয়া হৈছিল৷ প্ৰকাশ হ’ল দিদিৰ মৃত্যৰ এবছৰ পিছত৷ ...মোৰ এই খননকার্যত বহু দিশত বহুতৰ পৰা সহায় লৈছোঁ৷ সৰু-বৰ অনেক গ্ৰন্থৰো সহায় লোৱা হৈছে৷”

কিতাপখনৰ পৰা তিনিচোৱা
ভূপেন হাজৰিকাৰ সৈতে প্ৰতিমা বৰুৱা পাণ্ডে

ক) লোকগীত লোকগীতেই৷ সকলোৱে গাব পাৰে৷ এয়া সাধাৰণ মানুহৰ গান৷ সেয়ে দিদিয়ে থলুৱা বাদ্য ঢোল. দোতৰা, সাৰেন্দা বাঁহী ইত্যাদিৰে সৈতে গাই ভাল পায়—“We are same boat Brother..” আৰু ইয়াকেই লৈ ড° হাজৰিকাৰ সৈতে দিদিৰ বিৰোধ হৈছিল যোৰহাটৰ তৰাজান বিহুতলীত৷ এই গান এনেকৈ গালে ° হাজৰিকাই ভাল নাপায়৷ দিদিৰ উত্তৰ আছিল- ‘এয়া পল ৰবচনৰ গান৷ The great folk singer of the world. আপুনিও গাব পাৰে, ময়ো গাব পাৰোঁ- নিজৰ নিজৰ কৌশল খটুৱাই৷  আপুনি গীটাৰ, মেণ্ডলিন আধুনিক বাদ্যযন্ত্ৰৰ লগত গাব, মই দোতৰা, সাৰেন্দা, ঢোল, বাঁহীৰ লগত গাম৷ আপুনি আপত্তি কৰিব নোৱাৰে৷ ‘তোমাৰ গেইলে কে আসিবেন ও মোৰ মাহুত বন্ধুৰে’ গাঁওতে মইতো আপত্তি কৰা নাই— যদিও জানো আপুনি ভুল গাইছে৷ কিন্তু   কিন্তু I am proud of It. এজন পখ্যাত গায়কে গোৱালপৰীয়া গান গাইছে৷ (পৃ্ষ্ঠা-৭২)    
গৌৰীপুৰৰ ৰাজদৰবাৰ


অনুষ্ঠান পৰিৱেশনত প্ৰতিমা বৰুৱা পাণ্ডে

খ) ১৯৫৫ চন৷ ড° হাজৰিকা পত্নী প্ৰিয়ম হাজৰিকাৰ সৈতে গৌৰীপুৰলৈ আহি লালজীৰ আথিথ্য গ্ৰহণ কৰে৷ তেওঁৰ সন্মানার্থে জলসা বহিল৷ ড° হাজৰিকাই পৰহি পুৱাতে, টুলুঙা নাও, এটি কলি দুটি পাত, সাগৰ সঙ্গমত কতনা সাঁতিৰলোঁ গোৱাৰ পিছতে লালজীৰ উদ্যোগতে দিদিয়ে গালে – “হস্তীৰ কন্যা হস্তীৰ কন্যা, সোণাৰ বৰণ পাখীৰে তোৰ” ইত্যাদি৷ অনেক সময় নিমাত থকাৰ পাছত ড° হাজৰিকাই ক’লে—নহয় বঙালী, নহয় অসমীয়া, দুয়ো ভাষাৰ মাজত গানৰ সুৰ৷ শুনিবলৈ বৰ মধুৰ৷ …গানবোৰ কণ্ঠত ৰজিতা খাইছে৷ গাই থাকিলে ভৱিষ্যতে ডাঙৰ শিল্পী হোৱাৰ সম্ভাৱনা আছে…৷’ কথাবোৰ শুনি দিদিয়ে চিৰদিন গাই থাকিবলৈ মনস্ত কৰিলে..৷ ১৯৫৬ চনত হাজৰিকাই পুনৰ গৌৰীপুৰলৈ আহি লালজীৰ অনুমতি লৈ তেওঁৰ ছবি ‘এৰাবাটৰ সুৰ’ৰ বাবে দিদিৰ দ্বাৰাই দেশী গান গোৱাই কলিকতাত ৰেকডিং কৰিলে৷ দিদিয়ে প্ৰশংসা পালে নাম-যশ হ’ল৷ তাৰ পিছত ১৯৫৭ চনত ‘মাহুত বন্ধুৰে’ ছবিত দিদিয়ে আকৌ গান গালে৷ তাৰ পিছতো গালে ‘পলাশৰে ৰং’, ‘গজমুক্তা’, ‘Dances of Assam along the Brhamaputra’ ইত্যাদি ছবিৰ বাবে৷ ১৯৫৮ চনত প্ৰথমতে গণমঞ্চত গান পৰিৱেশন কৰে৷ তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং আৰু লালজী আছিল বিধানসভাৰ সদস্য৷ এইদৰেই গাৱেঁ-নগৰে দেশী গানৰ চর্চা আৰম্ভ হ’ল৷ এইখিনি সময়তে দিদি আৰু ড° হাজৰিকাৰ সহযোগত সকলোৰে মাজত পৰিচিত হ’ল গোৱালপৰীয়া লোকগীত নামেৰে৷ (পৃষ্ঠা- ৭৯)

সোণাৰ বৰণ পাখি প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আধাৰিত ছবি

খ) ১৯৬০ চনৰ কোনোবা এটা দিন৷ পিতৃৰ নিদের্শত দিদি গল গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰলৈ৷ পিছে বিষয়ববীয়া সকলে ক’লে- এই গান অসমীয়াত অনুবাদ কৰি গাব লাগিব৷ তেতিয়া গাভৰু দিদিয়ে ভাৱে- “এইটো ফিৰ কোন দেশী কথা! গোৱালপৰীয়া গানেৰে অচমীয়া তর্জমা!! কি অদ্ভুত কথা৷” গতিকে একো নহ’ল৷ পৰৱর্তী কালত এই কথা লৈ উপদেষ্টা কমিটিত ড° হাজৰিকা আৰু ৰুদ্ৰ বৰুৱাই এই প্ৰশ্ন উত্থাপন কৰিলে—‘গুৱাহাটী কেন্দ্ৰৰ পৰা বড়ো, ৰাভা, মিচিং আদি ভাষাৰ অনুষ্ঠান যদি প্ৰচাৰ হ’ব পাৰে, গোৱালপৰীয়া ভাষাত কিয় নোৱাৰে ?” বাট মুকলি হ’ল৷ ১৯৬২ চনত সঞ্চালক পুৰুষত্তম দাসৰ আহ্বানত প্ৰতিমাই গান ৰেকর্ড কৰিলে—‘একবাৰ হৰিবল মন ৰসনা..’৷ ইয়াৰ পিছত এইটো বছৰতে নলবাৰীত বহা অসম সাহিত্য সভাৰ বার্ষিক অধিৱেশনলৈ তেওঁ প্ৰথমবাৰৰ বাবে আমন্ত্ৰিত হয়৷ এয়া এক ডাঙৰ স্বীকৃতি৷ তাৰ পিছত ১৯৬৬ চনত তেওঁ দিল্লীত গণতন্ত্ৰ দিৱসত গোৱালপৰীয়া লোকসংস্কৃতি প্ৰদর্শন কৰি অসমক প্ৰতিনিধিত্ব কৰে৷ ইয়াত তেওঁ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাষ্টপতি সর্বপল্লী ৰাধাকৃষ্ণনৰ সাক্ষাৎ পায়৷ ..১৯৭৫ চনত কলিকতা দূৰদর্শন  যোগে ড° হাজৰিকাই লোৱা দিদিৰ সাক্ষাৎকাৰ এটি প্ৰচাৰ হয়৷ সাক্ষাৎকাৰত তেওঁৰ গানৰ উৎস কি বুলি সোধা এটি প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, “প্ৰকৃতি আমাৰ গানেৰ উৎস৷ এখন মানুষ পাথৰেৰ মত নিৰস৷ মানুষ প্ৰেৰণা দিতে পাৰে কিন্তু উৎস হব পাৰে না৷” (পৃষ্ঠা-৮১)

গাভৰু কালত প্ৰতিমা

এটি গোৱালপৰীয়া লোকগীত-


“দুধো মিঠা, দৈও মিঠা, আৰ মিঠা ননী

আৰ তাৰ থেইকাও মিঠা ৰে…

বাচা মোৰ সে জনমেৰে সোনাৰ চান্দ, চান্দৰে,

চান্দ হাৰাইলাম নদীতে…

নিমেৰ তলে বইস্ বাচা, নিমেৰে ছেৰ পাতা

অৰে কায়তো ৰে হৰিয়া নিল ৰে

ওতোৰ সোনামুখেৰ কথা…

সোনাৰ চান্দ, চান্দ ৰে

চান্দ হাৰাইলাম নদীতে…”

জীৱণৰ শেষ বয়সত প্ৰতিমা বৰুৱা পাণ্ডে



একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ