কিতাপ ৯৯৫০

 ছাংলট ফেনলা- পৰাগ কুমাৰ দাস

প্ৰথম প্ৰকাশ-১৯৯৩/ উদাংশ্ৰী প্ৰকাশন (আলিবাট সংস্কৰণ- ২০১৩)/ মুল্য- ২৫০/ মুঠ পৃষ্ঠা-

কিতাপখনৰ বিষয়ে:- লেখক সাংবাদিক পৰাগ কুমাৰ দাসে (১৯৬১-১৯৯৬)অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশৰ সর্ম্পকে বর্ণনা দি লিখ বহুপঠিত উপন্যাস৷ কিতাপখন উৎসর্গা কৰিছিল জাতীয় বীৰ ৰাজেন শর্মাৰ নামত৷ কিতাপখন পঢ়ি পঢ়ুৱৈয়ে কেনেকৈ এট সময়ত অসমৰ নতুন প্ৰজন্মই মুল সূতিৰ পৰা আঁতৰি উগ্ৰপন্থী সংগঠনলৈ গৈ কেনে পৰিস্থিতিৰ সম্মুখীন হৈছিল তাক জানিব পাৰিব৷  কিতাপখনৰ বিষয়ে মনোৰম গগৈৰ মন্তব্য পৰাগদাই এই কিতাপখন লিখাৰ প্ৰক্ৰিয়াটোৰ সৈতে ময়ো জড়িত আছিলোঁ৷ আচলতে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই ১৯৯২ চনত পৰাগদাক জে’ললৈ নপঠোৱাহেঁতেন এই উপন্যাসখনে হয়তো জন্ম লাভ নকৰিলেহেঁতেন৷

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ’ৰাষ্ট্ৰদ্ৰোহী’ সজাই পৰাগদাক গ্ৰেপ্তাৰ কৰি তামুলপুৰৰ ’আৰ্মী জে’ল’লৈ প্ৰেৰণ কৰা হৈছিল৷ তাতেই তেওঁ আলফাৰ কিছুসংখ্যক অতি নিষ্ঠাৱান আপোচহীন নেতাক লগ পাবলৈ সক্ষম হৈছিল৷ জে’লত থকাৰ সময়খিনিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰি সেই সময়তে আলফাৰ কাৰাৰুদ্ধ নেতাসকলৰ লগত অন্তৰংগভাৱে কথা পাতি দৰকাৰী কথাবোৰ লিখি ৰাখিছিল৷ সেইবাৰ প্ৰায় তিনিমাহ তেখেত জে’লত আছিল৷ জেলৰ পৰা ওলাযেই পৰাগদাই প্ৰথমে লিখিলে ’ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’৷ এইখন কিতাপৰ জৰিয়তে সেই সময়ৰ অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ সুতীক্ষ্ণ বিশ্লেষণৰ উপৰি ৰাষ্ট্ৰই কিদৰে নাগৰিকৰ বাক-স্বাধীনতা হৰণ কৰিছিল তাৰ ওপৰত নিৰ্মোহ বিশ্লেষণ আগবঢ়াইছিল৷

ছাংলট ফেনলা’ যেন আছিল ’ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ৰ ছিকুৱেল! ঊপন্যাসত ল’ব পৰা স্বাধীনতাৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰি পৰাগদাই এইখন কিতাপত ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ শোষণকাৰী চৰিত্ৰ আৰু নৃশংসতা-বৰ্বৰতা ভয়হীনভাৱে উন্মুক্ত কৰিছিল৷ কেৱল ৰাষ্ট্ৰৰ চৰিত্ৰই নহয়; সশস্ত্ৰ সংগ্ৰামৰ নামত অসমৰ ৰাইজক প্ৰতাৰণা কৰা স্বাৰ্থপৰ- আপোচকামী তথা বিশ্বাসঘাতক তথাকথিত বিদ্ৰোহীসকলৰ আচল চৰিত্ৰও জনমানসত উন্মুক্ত কৰি দিছিল৷

ছাংলট ফেনলা’ প্ৰথমে ’বুধবাৰ’ত খণ্ড খণ্ডকৈ প্ৰতি সপ্তাহত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল৷ পিচত ১৯৯৩ চনৰ জানুৱাৰীত প্ৰথমবাৰৰ বাবে কিতাপখন গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল৷ যিহেতু দিনত গুৱাহাটী ষ্টক এক্সছেঞ্জ’ত চাকৰি কৰি পৰাগদাই ৰাতি ৰাতিহে ’বুধবাৰ’ৰ কাম কৰিছিল, গতিকে বহুবাৰ ’বুধবাৰ’ৰ বাবে ছাংলট ফেনলাৰ একো একোটা খণ্ড লিখাৰ সময়ত ময়ো সহায় কৰিবলগীয়াত পৰিছিলোঁ৷ পৰাগদাই কৈ যায়৷ মই লিখি যাওঁ৷

মোৰ যিমান দূৰ মনত পৰে, ’উদাংশ্ৰী প্ৰকাশন’ৰ বেনাৰত কিতাপখনৰ প্ৰথমটো সংস্কৰণ ৮ হেজাৰ কপি ছপা কৰা হৈছিল৷ মাত্ৰ দেৰমাহৰ ভিতৰত সেই খিনি শেষ হৈছিল৷ দ্বিতীয়টো সংস্কৰণ প্ৰকাশ পাইছিল একেটা বছৰৰ মাৰ্চত৷ সেইবাৰ প্ৰকাশ হৈছিল ১৬ হেজাৰ কপি৷ মোৰ এতিয়াও মনত আছে: এখন ট্ৰাকত সেই সমুদায় কপি আৰু ’ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ৰ প্ৰায় ৮ হেজাৰ কপি লৈ আমি অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ গ্ৰন্থমেলাত ভাগ ল’বলৈ গৈছিলোঁ৷ সেয়া আছিল এক অনন্য অভিজ্ঞতা৷ আমাৰ উদাংশ্ৰী প্ৰকাশনৰ বিপণীৰ সমুখত বিৰ দি বাট পাবলৈ নাই৷ মই ’ৰিচিপ্ট’ কাটোঁ, পৰাগদাই পইচা লয় আৰু দুজনমানে কিতাপবোৰ বেগত ভৰাই গ্ৰাহকক দিয়ে৷ এজনে এঘণ্টাৰ মূৰে মূৰে পইচাবোৰ গণি গণি গ্ৰন্থমেলাৰ চৌহদত থকা অস্থায়ী বেংকৰ শাখাটোলৈ নিয়ে ড্ৰাফট বনাবলৈ! ৰাতিপুৱা ১০ বজাৰ পৰা ৰাতি ১১ বজালৈ একেই দৃশ্য৷ গোটেই ট্ৰাক কিতাপ বেচি শেষ কৰি আমি আটাইকেইজনে নৈশ বাছত গুৱাহাটীলৈ উভতি আহিছিলোঁ৷

অধিৱেশনৰ প্ৰথম দিনাএটা বৰ স্মৰণীয় ঘটনা ঘটিছিল৷ আদৰণী সমিতিয়ে গ্ৰন্থমেলাৰ বাবে যিখিনি স্থান নিৰ্ধাৰণ কৰি দিছিল, সেয়া অতি নিম্নমানৰ আছিল৷ অভিযোগ উঠিছিল যে সাহিত্য সভাৰ অধেৱেশনত আনন্দ-মেলা অনুষ্ঠিত কৰিবলৈ আটাইতকৈ ভাল ওখ ঠাইখিনি দি গ্ৰন্থমেলাৰ বাবে বোকা-পানীৰে ভৰা দ ঠাইখিনি দিয়া হৈছে৷ তদুপৰি বিপণীবোৰৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হোৱা নাছিল৷ গতিকে অংশগ্ৰহণকাৰী গ্ৰন্থ প্ৰতিষ্ঠানবোৰে গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰি বিপণী বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আমিও বিপণী বন্ধ কৰি বাহিৰত থিয় হৈ আড্ডা মাৰি আছিলোঁ৷ এনেতে কিছু ডেকা-গাভৰুৰ লগত এগৰাকী আইতা আমাৰ ফালে আগুৱাই আহিল৷ আইতাগৰাকীয়ে ক’লে: মোক পৰাগ কুমাৰ দাসৰ ছাংলট ফেনলা আৰু ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপিৰ কপি লাগে৷ আমি বুজাই দিলোঁ যে এতিয়াই দিব নোৱাৰিম৷ দোকানবোৰ বন্ধ হৈ আছে৷ আইতাগৰাকী খঙত জ্বলি-পকি উঠিল: "এইকেইখন কিতাপ কিনিবলৈকে মই অতদূৰ বাট-কুৰি বাই লখিমপুৰৰ পৰা আহিছোঁ৷ মই একো কথা নাজানো৷ কিতাপকিখন মোক এতিয়াই লাগে৷"

পৰাগদাই মোক কাষলৈ মাতি ক’লে: যি হয় হ’ব. আইতাক কিতাপদুখন দি দিওঁ দিয়া!

যেতিয়া আইতাই গম পালে যে এইজনেই পৰাগদা, লগে লগে তেওঁ পৰাগদাক সাৱটি ধৰিলে৷

পৰাগ কুমাৰ দাস

কিতাপখনৰ পৰা আৰম্ভণিৰ এছোৱা-

ডেথ ভেলী,

সোতৰ অক্টোবৰ, ১৯৮৯

দীঘলীয়া হুইছেলৰ শব্দত দিগন্তই সাৰ পালে৷ ৰাতিপুৱা কে আই এৰ ট্ৰেইনিং আৰম্ভ হোৱাৰ সঙ্কেত ধ্বনি৷ চকয়-মুখ মোহাৰি সি বিচনাতে উঠি বহিল৷ বিছনাখন কেৰমেৰাই শব্দ কৰি উঠিল৷ বাঁহেৰে সজা চাং বিছনা৷ ওপৰত এটুকুৰা সৰু প্লাষ্টিক৷ গাত লবলৈ এখন নগা চাদৰ৷ তেনেকৈয়ে শুই আহিছে সিহঁতে যোৱা দুটা বছৰ ধৰি৷ কেম্পত যেনিবা অলপ ভালেই৷ সিহঁতে যেতিয়া এঠাইৰ পৰা আন এঠাইলৈ এমাহ-ডেৰমাহ ধৰি দুর্গম অঞ্চলৰ মাজেৰে মার্চ কৰে, তেতিয়া নিশাবোৰ হৈ পৰে আৰু কষ্টকৰ৷ পাহাৰ-পর্বত বগাই খোজকাঢ়ি যাওঁতে য’তেই সন্ধিয়া হয়, ততেই নিশাটোৰ বাবে কেম্প বহুৱায়৷ ওচৰে-পাজৰে শুকান গছ-পাত যি পায়, তাকে গোটাই লৈ বিছনা পাতে৷ তাৰ ওপৰতে এখন সৰু প্লাষ্টিক পাৰি লৈ সিহঁতে পাল পাতি শোৱে৷ কাচিনৰ মাটিবোৰ খুউব জেকা৷ বহু বছৰ ধৰি অব্যৱহৃত হোৱা হেতুকে মাটিত হালধীয়া চামনি এটা পৰে৷ সুদা মাটিত শুলে নানান অচিন বেমাৰ হয়৷ তেনেকৈয়ে বাটত সংগঠনৰ বহু ল’ৰা মৰিছে৷ আজিকালি সেইকাৰণে সিহঁত খুউব সাৱধান৷ অলপ কষ্ট কৰি হ’লেও শুকান গছ-পাত গোটাই বিচনা পাতি লয়৷

         বিছনাৰ পৰা উঠি দিগন্তই লুঙীখন খুলি ট্ৰেক পেণ্টটো পিন্ধি ল’লে৷ ঘৰৰ পৰা আহোতে তিনিচুকীয়াৰ ফুটফাথৰ পৰা সি ষোল্ল টকাৰে বাংলাদেশী ট্ৰেক পেণ্টটো কিনিছিলে৷ ইতিমধ্য তপিনাত তিনিটাকৈ টাপলি পৰিছে৷ পিন্ধা কাপোৰ বুলিবলৈ তাৰ ইউনির্ফমৰ কেমৰ’ফ্লেজ ড্ৰেছযোৰ আৰু ট্ৰেক পেণ্টটো৷ তাৰেই যোৱা দুবছৰ চলাইছে৷ টাপলিৰ কাৰণে এক্সট্ৰা কাপোৰ অসমৰ পৰা আহোঁতেই লৈ আহিছে৷ ‘অসম ডাপ’ৰ কেম্প কামাণষডাৰ সি৷ নিজে মিতব্যয়ী হৈ নেদেখুৱালে নতুন সেনানিবিলাকক আদর্শৰ কথা ক’ব কেনেকৈ৷

         বাহিৰত তেতিয়া পোহৰ হৈছে৷ অলপ জাৰ পৰিছে৷ কোনো কিন্তু সেইবুলি তেতিয়ালৈ বিছনাত পৰি থকা নাই ৷ অসম ডাপৰ ল’ৰাখিনিয়ে সম্মুখৰ পথাৰখনত পি টি কৰিছে৷ হৰেণে কামান দিছে৷ ছার্জেণ্ট মেজৰ হৰেণ ৰাজবংশী৷ ঘৰ অভয়াপুৰীত৷

         মাজে মাজে কামানৰ শব্দবোৰ আহি দিগন্তৰ কাণত পৰিছে৷ ফিল্ডৰ চাৰিওকাষে দুপ্ দুপ্ কৈ দৌৰী থকা সেনানীবোৰক হৰেণে তাল মিলাই সুধিছে, ফা ব’ ফেনলা ?

ঃ আমি কিহৰ সেনানী ?

ল’ৰাবোৰে ভৰিৰ খোজৰ সৈতে তাম মিলাই কৈছে.

ছাংলট ফেনলা৷

ঃ (আমি) বিপ্লৱৰ সেনানী৷

হৰেণে আকৌ সুধিছে, ফা ব’ ফেনলা ?

ল’ৰাবোৰে কৈছে, মুংছোৱা ফেনলা৷

ঃ (আমি) জনগণৰ সেনানী৷

কাছিনত ভিন্ন ভাষী মানুহৰ সমাহাৰ ৷ কিন্তু চিংফৌ জানিলেই কাম চলি যায়৷ অসমৰ পৰা আহিয়েই দিগন্তহঁতে এমাহৰ ভিতৰত চিংফৌ শিকি লৈছিল৷

         আজি এসপ্তাহমানৰ পৰা দিগন্তৰ অসুখ৷ মখলং ওলাইছে৷ ডেথ ভেলীত মৃত্যু বিভীষিকা মাতি আনে মখলং বেমাৰে৷ সিহঁতে কেম্প পাতি থকা ছেকেণ্ড ব্ৰিগেডটো হুকং উপত্যকাত অৱস্থিত৷ অতি অস্বাস্থ্যকৰ এই উপত্যকা, বেমাৰ-আজাৰৰ সীমা সংখ্যা নাই৷ দ্বিতীয় মহাসমৰৰ সময়ত অসমৰ পৰা ষ্ট্ৰীলৱেল ৰোড হৈ আগুৱাই আ ইংৰাজসকলে সেইবাবেই নাম দিছইল ‘ডেথ্ ভেলী’৷ অচিন ৰোগত মিত্ৰ পক্ষৰ বহু সেনা মৰিছিল এই উপত্যকাত৷ তেতিয়াৰে পৰা উপত্যকাটোত জনবসতি বুলিবলৈ তেনেকৈ প্ৰায় নায়েই৷ অঞ্চল একোটা যিমানে দুর্গম হয়, গেৰিলা বাহিনীৰ বাবে সিমানে সুচল, সুগম৷ গতিকে কাচিন ইণ্ডিপেণ্ডেণ্ট আর্মিৰ ডাঙৰ ডাঙৰ ব্ৰিগেড বহিছে এই মৃত্যু উপত্যকাত৷



একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ