জুনুকা আৰু বাখৰ- লক্ষ্মীনাথ বেজবৰুৱা
প্ৰথম বাণী মন্দিৰ সংস্কৰণ- ২০০৬/ মুল্য-৩০.০০ টকা/ মুঠ পৃষ্ঠা-
৫৪
কিতাপখনৰ বিষয়ে:- লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্যৰ অন্যতম কিতাপ জুনুকাত
ৰাজহাঁহ আৰু কাউৰী; টোকোৰা আৰু চিতল; বুঢ়া আৰু শিয়াল; তেলীয়াসাৰেং আৰু ফেঁচু; গঙাটোপ;
বৰাগী মেকুৰী; বান্দৰ আৰু শিয়াল; খুৰী ছাগলী, সাপ আৰু খেতিয়কৰ জীয়েক; হাতী আৰু সাপ
এই দহটা সাধু সন্নিবিষ্ট হৈ আছে৷ বাখৰ হৈছে সুউপদেশ পূণ কেইটামান টোকা৷ বাখৰৰ
পাতনিতে যতীন্দ্ৰনাথ দুৱৰাৰ কথাৰে উল্লেখ কৰিছিল- ‘সংসাৰ-চক্ৰত পৰি টোকে চকুপানী/ নবীন
পথিকে দেহি, বাট হেৰুৱাই;/ বাখৰৰ জেউতিয়ে তৰাটিৰ দৰে/ জীৱনৰ বাট যেন দিয়ে পোহৰাই/ আশাৰ
পুলিটি যেন উঠে ঠন ধৰি/ বাজক নতুন সুৰে সুখৰ সঙ্গীত,/ উঠক প্ৰাণত পুনু আনন্দ লহৰী৷/
ফুলৰেই ভৰে যেন হৃদয়-ফুলনি,/ সুবিমল শান্তিময় সুখ কিৰণত,/ সমাপি জীৱন ব্ৰত হাঁহিমুখে
সবে/ লভোঁ যেন শেষ শান্তি ঈশ-চৰণত৷”
জুনুকাৰ পৰা দুটা সাধু
ক) টোকোৰা আৰু চিতল
টোকোৰা চৰাই

সত্য কালৰ কথা৷ সেই কালত উৰণ আৰু
বুৰণ এই দুইবিধ জন্তুৱে বাহ সাজি থাকিব নেজানিছিল৷ সেইবাবে সিহঁতৰ বৰ দুর্গতি দেখি
সিহঁতৰ ভিতৰৰ বুঢ়া-মেঠাবিলাকে কি কৰা উচিত, এই কথা আলচ কৰিবলৈ এদিন মেল পাতিলে৷ মেলত
স্থিৰ হ’ল যে সিহঁতৰ ভিতৰৰ পৰা দুজনক বিধতাৰ ওচৰলৈ পঠিয়াই দিয়া হওক৷ বিধতাক সিহঁতে
শোধকগৈ কেনেকৈ সিহঁতৰ ভাই-বন্ধু-গিয়াতিবোৰে বাহ সাজি থাকিব৷ চৰাইবোৰে টোকোৰাক আৰু মাছবোৰে
চিতলক বিধতাৰ ওচৰলৈ পঠিয়াই দিলে৷ বিধতাই সিহঁত কিয় আহিছে, কি লাগে বুলি সুধিলে৷ দুয়ো
আঁঠু লৈ বিধতাক, নিজৰ নিজৰ দুখ-দুর্গতিৰ কথা ভাঙি-পাতি কলত মাছ আৰু চৰাইবোৰে কেনেকৈ
বাহ সাজি নিৰাপদে থাকিব লাগে সেই বুধি বিধতাই চিতল আৰু টোকোৰাক শিকাই দিলে৷
চিতল
ইয়াৰ পিছত দুয়ো বিধতাৰ ওচৰত মেলানি
মাগি ঘৰমুৱা হৈ খোজ ল’লে৷ বাটত টোকোৰাই চিতলক ক’লে, ‘চিতল ককাই, মোৰ মনত কথা এটা খেলাইছে,
জানো, তুমি কি বুলা?’ চিতলে উত্তৰ দিলে, ‘মোৰো মনত তেনেকুৱা কিবা এটা কথা খেলাইছে৷
আগেয়ে তোমাৰটো শুনি লওঁ, তাৰ পিছত মোৰটোও তোমাক ক’ম৷ টোকোৰাই ক’লে, ‘ককাই৷ আমি ইমান
দুখে ভাগৰে বিধতাৰ ওচৰলৈ আহি বা সজা শিকি লৈছোঁ৷ আমিনো আনক আমাৰ বুধিতো শিকাওঁ কেলেই
? কোননো আমাৰ বুকুৰ বান্ধ, কোননো আমাৰ আইৰ ফালৰ কুটুম যে তাক আমাৰ দুখৰ আর্জ্জনফেৰা
দিম ? ছল পালেই সেই মুখত পোক-লগা হতছিৰি হোৱা কাউৰীয়ে মোক খেদাত তৎ এৰুৱায়৷ মই বুলো
বুধিতো কাকো নিশিকাওঁহঁক৷ তুমি কি বোলা ?” এই কথা শুনি চিতলে জপিয়াই উঠি ক’লে, “ঠিক
কৈছা টোকোৰা ভাই৷ ঠিক কৈছা! মইও তোমাক তাকেহে ক’ম বুলি ভাবি আহিছিলোঁ৷ তুমিও কাকো নিশিকাবা
আৰু মইও কাকো নিশিকাওঁ৷ আমি সিহঁতক কম, বিধতাক আমি পোনতে লগ ধৰিব নোৱাৰিলোঁ৷ খাপ লৈ
লৈ খাপ লৈ লৈ অনেক দিনৰ মূৰত অনেক পুৰুষার্থ কৰি যিওবা এবাৰ লগ ধৰি আমাৰ দুখৰ কথা ক’লত
বিধতাই আমাক ডবিয়াই হঁকিয়াই খেদি দিলে৷
এইদৰে দুয়ো বুধি পাতি আহি ঘৰ ওলালত চৰাইবোৰে টোকোৰাক আৰু মাছবোৰে চিতলক ‘কি গুণ, কি ব্যৱস্থা শিকিলি, কি বুজিলি’ বুলি সুধিলত দুয়ো মিছাকৈ চকুৰপানী টুকি ক’লে, ককাইহঁত’! আমাৰ দুখৰ কথা আৰু কি ক’ম ? কোনে পতিয়াব ? যাকে ক’ম সেয়ে লথিয়াব৷ প্ৰথমতে গৈটো বিধতাৰ ওচৰকে চাপিব নোৱাৰিলোঁ৷ বিধতাৰ ঘৰৰ দুৱাৰমুখ পালতে দুৱৰীয়ে গতাৰ তাপত মূৰ ছিঙিবলগীয়া কৰিলে৷ তাৰ পিছত তিনিদিন ওচৰতে লেকাত লাগি শুকাই উবাই খাপ দি পৰি আছিলোঁ৷ তিনিদিনৰ মূৰত এবাৰ বিধতাক বাহিৰলৈ ওলাই অহা দেখি উঠি গৈ কান্দি-কাটি ভৰিত দীঘল দি পৰি আমাৰ দুখৰ কথা ক’লত, তেখেতে আমাৰ দুখ পতিয়াওক ছাৰি ডবিয়াই হুঁকিয়াই আমাক খেদিহে দিলে৷’
টোকোৰা আৰু চিতলৰ এই কথা শুনি
ৰাইজে দুখ বেজাৰ কৰি থাকিল৷ কিন্তু লাহে লাহে দেখা গ’ল, টোকোৰাই কাকিনি তামোলৰ আগত
আৰু চিতলে বৰ ডুবিৰ অগাধ দ পানীত সুন্দৰকৈ বাহ সাজি কণী পাৰি সপৰিয়ালে মহাসুখে আছে৷
এই কথা দেখি মাছ আৰু চৰাইবোৰে বুজিব পাৰিলে যে চিতল আৰু টোকোৰাই বিশ্বাসঘাতকতা কৰিলে৷
সিহঁতৰ বৰ খং উঠিল৷ চৰাইবোৰে টোকোৰাৰ চুলিকোছাত ধৰি তাক চোঁচৰাই আনি গতিয়াই ভুকুৱাই
বেজান কৰি ক’লে যে, ‘তোক আমি একেবাৰেই বধ নকৰোঁ, কিন্তু বিশ্বাঘাতক আৰু মিতিৰ দ্ৰোহীয়াক
উপযুক্ত শাস্তি নিদি নেৰোঁ৷ সেইদেখি আমি এটাই তোৰ মুখত একোটাকৈ লাথি মাৰি যাম৷ এইবুলি
যত চৰাই আছিল এটাইবোৰে গাইপতি টোকোৰাৰ মূৰত এটা-এটাকৈ লাথি মাৰি গ’ল৷ লাথিৰ কোবত টোকোৰাৰ
মূৰৰ চুলি সৰু মূৰ টকলা হ’ল৷ সেইদেখি তেতিয়াৰে পৰাই টোকোৰাৰ মূৰত চুলি নাই৷
মাছবোৰেও চিতলক সেইদৰে কৈ তেনেকুৱা
শাস্তি দিলে৷ সেইদেখি এটাইবোৰে মাছৰ লাথি খোৱা বাবে চিতলৰ মুৰটো সৰু আৰু চেপেতা হ’ল
আৰু গাটোও চেপেটা পৰিল৷
খ) গঙাটোপ
মাছবোৰে বৰবিলৰ বৰডুবিত বহি৷
শত্ৰুনাশ, আপোন-ৰক্ষাৰ মেল পাতিলেহি৷৷
ৰৌ আহিল, বৰালি আহিল, সেন্দুৰীয়া
পুঠি৷
গল মেলি বৰগলা, মিছা মুঠি মুঠি৷৷
টপা মুৰা পকা গৰৈ সভাপতি হ’ল৷
তৰ-বৰ চেঙেলিলৈ পাচনিৰ বাব ৰ’ল৷৷
সভাপতিৰ আজ্ঞা পাই গঙাটোপ মণি৷
কি মনেৰে পতা হৈছে বোজালে মেলখনি৷৷
‘চাৰিউ পিনে শক্ৰ আমাৰ বাঢ়িল বিস্তৰ৷
সকলোতকৈ মানুহবোৰ জানা শত্ৰু বৰ৷৷
ক’ত বুদ্ধি কৰি আমাক বধিব লাগিছে৷
মানুহ যদি মাৰিব পাৰোঁ মনৰ শাল
গুচে৷৷
দুখৰ কথা গেদগেদী এই সভাত নাই৷
তেনে বুধি তেওঁৰ পৰাহে ওলায়৷৷’
(২)
‘গেদগেদীক মাত’, ‘গেদগেদীক মাত’
উঠিল মেলত ৰোল৷
মাতিবলৈ গৰৈচিৰিকাক পঠিয়াই দিয়া
গ’ল৷৷
গৰৈ-লৰাই মাত দিলে ঘৰৰ কাষ পাই৷
গেদগেদী সবাহলৈ যায় নে নেযায়
?
শুনি হিকচি বিকচি উঠি গেদগেদী
মাহী৷
‘নেযাওঁ, গুচি যা’ বুলি লগালে
ভেকাহি৷৷
গৰৈ চিৰিকা গুচি আহিল অপমান পাই৷
আহি জান দিলে- ‘নাহে গেদগেদী বাই’৷৷
শুনি মেলৰ বৰমুৰীয়া গৰৈ ডাঙৰীয়া৷
পাচনিক ক’লে, ‘গঙাটোপক পাচি দিয়া৷’
গঙাটোপ আহি অতি সুৰীয়া মাতেৰে৷
মাত দিলে মাহীয়েকক নতুন ঠগেৰে৷৷
‘কাঞ্চনমতী আই! মোৰ কাঞ্চনমতী
আই!
ৰাইজৰ সবাহলৈ যায় কি নেযায় ?’
শুনি বৰ ৰং পাই গেদগেদী মাহী৷
উত্তৰ দিলে গেদগেদীক মিঠা মাৰি
হাঁহি৷৷
‘ভাল মানুহে জানে ভাল লোকৰ মোল৷
সোণাই মোৰ গঙাধৰ বোপা নে হে কোন
?
যাম নিশ্চয় সবাহলৈ এতিয়াই মই৷
ফোঁট, ৰেঘা লওঁতে মাথোন যিকণ বেলি
হয়৷৷’
(৩)
গেদগেদীৰ শলাগ শুনি গঙাধৰ বোপা৷
গপত ওফন্দি পৰি হ’ল ডাঙৰ সোপা৷৷
ভাবি ভাবি ফুলি ফুলি যাওঁতে উভতি৷
সভাৰ কাষ পাই মৰিল ধুম কৰে ফুটি৷৷
শৱদ শুনি সমজুৱাই ভয় খাই বৰ৷
সভা ভাঙি দিহাদিহি পলাল মাৰি লৰ৷৷
“মিছা প্ৰশংসাত ফুলে যি মূর্খমতি৷ সি পায় ঠিক জানা গঙাটোপৰ গতি৷”
বাখৰৰ পৰা এচোৱা:-
গোটেইটো জীৱনতে এহাশুধীয়া (Sincere) হ’বা৷ মুখে এটা পেটে এটা
লৈ চলিলেই তোমাৰ সর্বনাশ৷ তেনে স্বভাৱেৰে তুমি একো কাম সিদ্ধি কৰিব নোৱাৰা৷ পোনতে,
হঠাৎ তুমি ধৰা নপৰালৈকে, দুটা এটা কথাত তুমি সিদ্ধি লাভ কৰিলেও, পিছত ধৰা পৰি থিতাতে
তুমি মাটি হ’বা, তোমাক কোনেও বিশ্বাস নকৰা হ’ব তাৰ বাহিৰেও তোমাৰ মনৰ অধোগতি হ’বই হ’ব,
নিশ্চয় নিশ্চয়৷ বহুতে ‘honesty is the best policy’ অথাৎ নিস্কপটতা সকলোতকৈ ভাল নীতি বুলি তাৰ আশ্ৰয়
লৈ কাম কৰে৷ কিন্তু যদিও সেইটো ভাল তথাপি সি সদায় নিৰাপদ নহয়, কাৰণ, Policy বা নীতিৰ
হিচাপত মাথোন নিস্কপট হৈ চলিলে, এনেকোৱা অৱস্থা কেতিয়াবা তোমাৰ হ’ব যে কেতিয়াবা কোনো
কামত খাপ নোখোৱা হ’লে কপটতা (dishonesty) অৱলম্বন কৰিবলৈ তোমাৰ মন যাব৷ আর্জব (up-rightness)
সত্য বস্তু, এই হিচাপত আর্জবৰ (Honesty) আশ্ৰয় লোৱাটোহে উচিত৷ ঈশ্বৰৰ আগত তোমাৰ
business policy অর্থাৎ ব্যৱসায়াত্মিকা কুট
বুদ্ধি গ্ৰাহ্য নহয়৷





0 মন্তব্যসমূহ