শুদ্ধ উত্তৰটো বাছি উলিওৱা
১. ‘বেংগল কেমিকেলছ’ স্থাপন কৰা ব্যক্তিজন আছিল
ক) আচার্য প্ৰফুল্ল চন্দ্ৰ ৰায়
খ) ৰবীন্দ্ৰনাথ ঠাকুৰ গ) সৰলা দেৱী চৌধুৰী ঘ) কৃষ্ণ বিহাৰি
সেন৷
২. ১৯০৬ চনত মুচলীম লীগ গঠনত সহায় কৰা বিট্ৰিছ প্ৰশাসক গৰাকী কোন ?
ক) লর্ড কার্জন খ) লর্ড
মিণ্টো গ) লর্ড ৰিপন ঘ) লর্ড কর্ণৱালিছ
৩. সীমান্ত গান্ধী বুলি কাক জনা যায় ৷
ক) মহাত্মা গান্ধী খ) খান
আব্দুল গফৰ খান গ) মৌলানা চৌকত আলি ঘ) মহম্মদ আলি
৪. ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ বাণীটো কাৰ ?
ক) ৰাস বিহাৰী বসু খ) নেতাজী
সুভাষ চন্দ্ৰ বসু গ) মোহন সিং ঘ) বিপিন চন্দ্ৰ পাল৷
৫. ৰাওলাট আইন প্ৰণয়ন কৰিছিল-
ক) ১৯১৮ খ) ১৯১৭ গ) ১৯১৯ ঘ) ১৯২০
৬. কোনটো চনত বিট্ৰিছসকলে অসমত দাস প্ৰথা বিলুপ্তি ঘটাইছিল ?
ক) ১৮৬৩ খ) ১৮৪৩
গ) ১৮৫৭ ঘ) ১৮৬০
৭. মণিৰাম দেৱানৰ লগত ফাঁচি দিছিল-
ক) পিয়লি বৰুৱা খ)
পিয়লি ফুকন গ) কুশল কোঁৱৰ ঘ) গোমধৰ কোঁৱৰ৷
৮. IUCN সংস্থাটো কোনটো আন্ত:ৰাষ্ট্ৰীয় সংস্থাৰ অর্ন্তগত?
ক) UNESCO খ)
UNO গ) WWF ঘ) UNEP
** UNESCO ৰ প্ৰথম সঞ্চালকপ্ৰধান জুলিয়ান হাক্সলেৰ
প্ৰচেষ্টাত ফ্ৰাঞ্চত ১৯৪৮ চনত গঠিত৷
৯. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় ?
ক) মাছ ধৰা খ) বনজ সম্পদ আহৰণ কৰা গ) শিল্প উৎপাদন ঘ) কৃষি
** যি কার্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ
কৰে সেয়ে প্ৰাথমিক বৃত্তি৷
১০. তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ নহয় ?
ক) প্ৰাকৃতিক গেছ খ) কয়লা গ) বায়ু ঘ) সোণ
![]() |
বায়ুৰ তৰপবোৰ |
** অ-নৱীকৰণহোগ্য বা ক্ষয়শীল/পুনুঃসৃষ্টিহীন
সম্পদবোৰ নিঃশেষ হৈ যাব পাৰে৷
১১. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় ?
![]() |
অজন গেছ |
ক) কার্বন-ডাই-অক্সাইড খ) মিথেন গ) নাইট্ৰাছ
অক্সাইড ঘ) অ’জন
১২. এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়-
ক) মেৰু অঞ্চলত খ) অৰণ্য অঞ্চলত গ) উদ্যোগিক অঞ্চলত ঘ) ঘাঁহনি অঞ্চলত
১৩. গোলকীয় উত্তাপ বৃদ্ধি হ’ল-
ক) আন্তঃৰাষ্ট্ৰীয় সমস্যা খ) স্থানীয় সমস্যা গ) আঞ্চলিক
সমস্যা ঘ) ব্যক্তিগত সমস্যা
১৪. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান?
ক) ৭৮.০৮% খ) ২০.৯৮% গ) ০.০৩৫% ঘ) ০.৩০%
১৫. ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল ?
ক) ড° বি. আৰ. আম্বেদকাৰ
খ) এন. গোপালস্বামী গ) ড° সচিদানন্দ সিনসা ঘ) চৈয়দ মহম্মদ চাদুল্লা
১৬. ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয় ?
![]() |
আমেৰিকাৰ পতাকা |
ক) ভাৰত খ) আমেৰিকা
গ) কানাডা ঘ) ইংলেণ্ড
১৭. ‘কেবিনেট মিছন’ ভাৰতলৈ আহিছিল-
![]() |
কেবিনেট মিচন |
ক) ১৯৪৬, মার্চ খ)
১৯৪৬, জানুৱাৰী গ) ১৯৪৬, এপ্ৰিল ঘ) ১৯৪৬, জুন
১৮. তলৰ কোনটো কেন্দ্ৰীয় বেংক বিশ্বৰ সবাতোকৈ পুৰণি-
ক) বেংক অৱ হিন্দুস্থান খ) ৰিক্স বেংক গ) ভাৰতীয় ৰিজার্ভ বেংক ঘ) বেংক
অৱ ভেনিচ
১৯. তলৰ কোনটো নিকট মুদ্ৰা ?
ক) ধাতু মুদ্ৰা খ) কাগজী মুদ্ৰা গ) ধনাদেশ ঘ) সামগ্ৰী মুদ্ৰা
** নিকট মুদ্ৰাক চেক মুদ্ৰা বা ধনাদেশ বুলিও
কোৱা হয়৷
২০. NABARD ৰ মুখ্য কার্যালয়টো অৱস্থিত-
ক) নতুন দিল্লী খ) কলিকতা গ) মুম্বাই ঘ)
গুৱাহাটী
শাখা-খ
(খণ্ড প্ৰথম)
২১. কোনখন আইনৰ দ্বাৰা বংগদেশৰ গবর্ণৰজনক জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল
?
উত্তৰ:- নিয়ন্ত্ৰণকাৰী আইন ১৭৭৩৷
২২. অসম নামৰ প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰ:- ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত৷
২৩. ‘কার্লাইল জাননী’ কি ?
উত্তৰ:- ছাত্ৰ সকলক স্বদেশী
আন্দোলনত ভাগ নলব’লৈ সকীয়াই দিয়া জাননী৷
২৪. বংগ প্ৰদেশ একত্ৰিকৰণ কেতিয়া হৈছিল ?
উত্তৰ:- ১৯১১ চনৰ ১২ ডিচেম্বৰত৷
২৫. ‘সু-প্ৰভাত’ নামৰ মহিলা আলোচনীখনৰ সম্পাদক কোন আছিল ?
উত্তৰ:- কুমুদিনী মিত্ৰ৷
২৬. ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল ?
উত্তৰ:- জালিৱানৱালবাগৰ
হত্যাকাণ্ডৰ প্ৰতিবাদত৷
২৭. লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰ:- মহাত্মা গান্ধী৷
২৮. “ক্ৰিপছ মিছন’ কেতিয়া ভাৰতলৈ আহিছিল ?
উত্তৰ:- ১৯৪২ চনত৷
২৯. অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কোনটো ?
উত্তৰ:- ফুলগুৰি ধাবা
(১৮৬১)
৩০. কোন চনত মফট মিলচ অসমলৈ আহিছিল ?
উত্তৰ:- ১৮৫৩ চনত৷
৩১. মণিৰাম দেৱানে কোন আহোম কোঁৱৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল
?
উত্তৰ:- কন্দপের্শ্বৰ
সিংহ৷
৩২. ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ:- উকিয়াং নবা৷
৩৩. স্বদেশী আন্দোলনে জাতীয় শিক্ষা বিকাশত আগবঢ়োৱা অৱদানৰ বিষয়ে আলোচনা
কৰা৷ (৪)
উত্তৰ:- বংগ বিভাজনৰ বিপক্ষে ভাৰতীয়ই আৰম্ভ কৰা স্বদেশী আন্দোলনত ভাৰতীয় ছাত্ৰসকলেও
অংশগ্ৰহণ কৰিছিল৷ সেই কাৰনে বংগ প্ৰদেশৰ চৰকাৰৰ মূখ্য সচিব আৰ ডব্লিউ কার্লাইলে
ছাত্ৰসকলত আন্দোলনৰ পৰা বিৰত থাকিবলৈ জাননী জাৰি কৰে৷ ৰবীন্দ্ৰনাথৰ আহ্বানত
কিন্তু চৰকাৰৰ আদেশ অমান্য সিদ্ধান্ত গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয়সমূহক গোলামখানা
আখ্যা দি ছাত্ৰ সকল ওলাই আহি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
কলিকতাৰ এখন জনসভাত কবিগুৰুৱে ‘বংগ জাতীয়
বিদ্যালয়’ আৰম্ভ কৰে৷ পিছলৈ ৰংপুৰ আৰু অনান্য স্থানত চৰকাৰী বিদ্যালয় ত্যাগ কৰা শিক্ষার্থীক
লৈ জাতীয় বিদ্যালয় স্থাপন কৰে৷ ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাত জাতীয় শিক্ষাৰ
শীর্ষ অনুষ্ঠান ‘জাতীয় শিক্ষা পৰিষদ’ গঠন হয়৷
অৰবিন্দ ঘোষৰ অধ্যক্ষতাত ১৯০৬ চনত বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷
ডিচেম্বৰত সেইখন বংগ জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়৷ একেদৰে তাৰকনাথ পালিতৰ
অর্থসাহার্য্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠান গঢ়ি উঠিছিল৷ বর্তমান
এইখনক যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে জনা যায়৷ আন্দোলনৰ সময়খিনিত ৬২ খন মাধ্যমিক আৰু
৩০০০ প্ৰাথমিক জাতীয় বিদ্যালয় গঠন হয়৷ কেৱল বংগদেশতেই নহয় ভাৰতৰ অন্য প্ৰান্তটো জাতীয়
বিদ্যালয় স্বদেশী আন্দোলনৰ সময়ত স্থাপন হৈছিল৷ এইবোৰে জাতীয় শিক্ষালৈ উল্লেখযোগ্য বৰঙণি
আগবঢ়াইছিল৷
৩৪. স্বদেশী আন্দোলনৰ চাৰিটা অৱদানৰ বিষয়ে চমুকৈ লিখা৷ (৪)
উত্তৰ:- স্বদেশী আন্দোলনৰ চাৰিটা অৱদান হৈছে-
ক) বেছিভাগ মানুহেই আন্দোলনত সমৱেত হ’লে গণ আন্দোলনৰ
ৰূপ পায় সেই ৰাজনৈতিক শিক্ষা আন্দোলনৰ পৰা লাভ কৰিছিল৷
খ) স্বদেশী আন্দোলনৰ ভাৰতীয় জাতীয় কংগ্ৰেছক এটা বৃহত্তৰ
আনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাত সুযোগ প্ৰদান কৰে৷
গ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবর্ষত সশস্ত্ৰ বিপ্লৱৰ
সূচনা হৈছিল৷ অস্ত্ৰৰ দ্বাৰাহে বিপ্লৱৰ পথ সুগম বুলি প্ৰতিফলিত হৈছিল৷
ঘ) আন্দোলনৰ মাজেৰে
ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল৷ দাদাভাই নৌৰজীয়ে প্ৰথমে
ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰিছিল৷
৩৫. ‘ভাৰত স্বাধীন
আইন ১৯৪৭’ ৰ মূল দফাসমূহ উল্লেখ কৰা ৷ (৪)
উত্তৰ:- ১৯৪৭ চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ‘ভাৰত স্বাধীন আইন ১৯৪৭’ অনুমোদন কৰে৷ ইয়াৰ মূল ৪ টা দফা তলত উল্লেখ কৰা হ’ল -
ক) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে
স্বাধীনতা লাভ কৰিব৷
খ) দুয়োখন স্ব-শাসিত দেশ হব আৰু দেশৰ
সংবিধান সভাই ব্ৰিটিছ কমনৱেলথত যোদ দিব নে নিদিয়ে নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিব৷
গ) প্ৰতিখন দেশতে একোজনকৈ গৱর্ণৰ
জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব৷
ঘ) দুয়োখন দেশৰ বিধান মণ্ডলে সম্পূর্ণ
নিজা ববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব৷
৩৬. কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ বিফল
হৈছিল ? (৪)
উত্তৰ:- অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ বহুকেইটা কাৰণ
আছে৷ সেইবোৰ তলত উল্লেখ কৰা হ’ল-
ক)
বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ
আছিল৷ নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব পৰা নাছিল৷
খ)
বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত
হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷
গ)
নতুন মধ্যবিত্ত শ্ৰেণীটোৰ বিদ্ৰোহৰ প্ৰতি উৎসাহ নাছিল৷ তেওঁলোকে পুনৰ আহোম ৰাজতন্ত্ৰ
হোৱাটো বিচৰা নাছিল আৰু বিদ্ৰোহৰ প্ৰতি সমর্থন আৰু সহানুভূতি প্ৰদর্শন নকৰিছিল৷
ঘ) বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ-শস্ত্ৰৰ
যোগান পোৱা নাছিল৷ অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও তাৰ পূর্বেই মণিৰাম দেৱান ধৰা
পৰিছিল৷
৩৭. ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন
আৰম্ভ কৰিছিল ? ইয়াৰ কার্য্যসূচীসমূহ বর্ণনা কৰা৷ (৫)
উত্তৰ:- ১৯২০-২২ চনত গান্ধীজীয়ে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতক
মুক্ত কৰাৰ দৃঢ় প্ৰতিজ্ঞাৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল৷ আন্দোলনৰ মূলতে আছিল প্ৰথম
বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি; ৰাওলাট এক্টৰ দমনমূলক নীতি, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড,
ব্ৰিটিছসকলৰ অর্থনৈতিক শোষণ আদি৷
অসহযোগ আন্দোলনৰ কার্যসূচীত আছিল ক্ৰমে-
ক) ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি
হোৱা ঠায়ে ঠায়ে বিদেশী বস্ত্ৰ জ্বলাই দিয়া৷ মহিলাৰ দ্বাৰা সূতা কাটি কাপোৰ উৎপাদনত
গুৰুপ্ত প্ৰদান৷
খ) মাদক দব্য দূৰীকৰণৰ বাবে সুৰা
বিক্ৰী কৰা দোকান বর্জন কৰা৷
গ) ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়-মহাবিদ্যালয়
ত্যাগ৷ কংগ্ৰেছৰ কর্মীসকলে কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান
গঢ়ি তুলিছিল৷
ঘ) বংগদেশৰ মেদিনীপুৰত কৃষকসকলে
কৰ-কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কার্যসূচী গ্ৰহণ৷
ঙ) উকীল সকলৰ চৰকাৰী ওকালতি ত্যাগ৷
নানান ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিবাদৰ সমাধানৰ বাবে ৰাইজৰ আদালত গঠন কৰা৷
চ) অন্দোলনৰ খৰচ-পাতিৰ বাবে তিলক স্বৰাজ পূঁজি গঠন কৰা৷ ইত্যাদি৷
নাইবা
ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে
এটা চমু টোকা লিখা৷ উত্তৰ:- ব্ৰিটিছৰ অধীনত থাকোতে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু
ৰাসবিহাৰী বসুৱে ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ গঠন কৰে৷ এই ধাৰণাটো প্ৰথমে
পোষণ কৰিছিল কেপ্তেইন মোহন সিঙে৷ যুদ্ধবন্দীৰ লগতে সাধাৰণ ব্যক্তিও সেনাবাহিনীত ভর্ত্তি
হোৱাৰ সুবিধা আছিল৷ সেনাবাহিনীৰ শ্লোগান হৈছে ‘জয় হিন্দ’৷ মহিলা সকলৰ বাবে ‘জান্সি
ৰাণী ৰেজিমেণ্ট’ গঠন কৰে৷ সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰক্ষ্মদেশ, মণিপুৰ, ইম্ফল,
কহিমা আদিত যুদ্ধ কৰিছিল৷ জাপানৰ যুদ্ধ পৰাজয়ৰ পিছত ভাৰতীয় জাতীয় সেনা বাহিনীৰ শক্তি
কমি আহিছিল৷ তেওঁলোকে আত্মসমর্পন কৰিবলৈ বাধ্য হৈছিল৷ ১৯৪৫ চনত নেতাজীৰ মৃত্যৰ লগে
লগে জাতীয় সেনাবাহিনীৰ যৱনিকা পৰিছিল৷
খণ্ড দ্বিতীয়
৩৮. সম্পদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা৷
উত্তৰ:- সম্পদ
পৰির্বতনশীল৷
৩৯. আধুনীক অর্থনৈতিক ভূগোলৰ পিতৃ কোন ?
উত্তৰ:- জর্জ
ছিজহ’ম (George Chisholm)
৪০. নিস্ত্ৰীয় সামগ্ৰী কি ?
উত্তৰ:- সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোন ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰেই নিস্ত্ৰীয় সামগ্ৰী৷
৪১. পাৰিৱেশিক সমস্যা কি ?
উত্তৰ:- পৰিৱেশৰ
লগত জড়িত অৰণ্যভূমি হ্ৰাস পোৱা, বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি আদি
সমস্যবোৰেই পাৰিৱেশিক সমস্যা৷
৪২. পৰিৱেশৰ এবিধ জৈৱিক উপাদানৰ নাম লিখা৷
উত্তৰ:- জীৱমণ্ডলৰ
ভিতৰুৱা উদ্ভিদ আৰু প্ৰাণী৷
৪৩. অর্থনৈতিক
ভূগোলৰ প্ৰধান চাৰিটা শাখাৰ বিষয়বস্তুৰ সর্ম্পকে চমুকৈ লিখা৷ (৪)
উত্তৰ:- অর্থনৈতিক ভুগোলৰ বহুকেইটা শাখা
আছে৷ তাৰে চাৰিটা শাখাৰ বিষয়বস্তু সর্ম্পকে বর্ণনা দিয়া হল-
ক) কৃষি ভুগোল:- কৃষি কার্যৰ লগত জড়িত
কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কার্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত
জড়িত সূত্ৰ, আমদানি-ৰপ্তানি আদি৷
খ) সম্পদ ভূগোল:- সম্পদৰ প্ৰকাৰ, আঞ্চলিক
বিতৰন, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সর্ম্পক, সংৰক্ষণ
আদি৷
গ) বজাৰ ভূগোল:- বজাৰ স্থাপনৰ প্ৰয়োজনীয়তআৰু
কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ ইয়াৰ লগত জড়িত সূত্ৰসমুহ আদি৷
ঘ) পর্যটন ভূগোল:- পর্যটন আৰু ইয়াৰ
বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু
পৰিকল্পনা আদি৷
৪৪. গোলকীয় উত্তাপ বৃদ্ধিৰ ৰোধৰ
বাবে চাৰিটা পৰামর্শ আগবঢ়োৱা৷ (৪)
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধিয়ে বিশ্বব্যাপী
সমস্যা সৃষ্টি কৰিছে৷ এইটো এটা অনুভূত সমস্যা আৰু ইয়াৰ লগত সমগ্ৰ জীৱজগত বর্তি থকাৰ
প্ৰশ্ন জড়িত হৈ আছে৷ গোলকীয় উত্তাপ বৃদ্ধি ৰোধৰ বাবে লব লগা চাৰিটা পৰামর্শ তলত আগবঢ়োৱা
হৈছে-
ক) বায়ুমণ্ডলত উত্তাপ বৃদ্ধি কৰা কার্বন-ডাই-অক্সাইড,
মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাস্প আদি সেউজগৃহ গেছৰ পৰিমাণ যাতে বৃদ্ধি নাপায় তাৰ
ব্যৱস্থা কৰা৷
খ) শিল্প বিপ্লৱৰ পাছৰ পৰা ভূ-পৃষ্ঠৰ গড় উত্তাপ
বৃদ্ধি পাই আহিছে৷ এই উত্তাপে পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিৱর্তন সাধন কৰি প্ৰাণীজগতৰ
বাবে সমস্যা সৃষ্টি কৰিছে৷ সেয়েহে ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি নাবাঢ়িবৰ
বাবে যাবতীয় ব্যৱস্থা ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰিব লাগে৷
গ) গোলকীয় উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰিব পৰা
শস্য উৎপাদন হ্ৰাস, মেৰু অঞ্চলৰ বিশাল বৰফস্তুপৰ গলন, মৰুকৰণ আদি সমস্যা সৃষ্টি কৰা
বিষয়বোৰ বিষয়ে বিভিন্ন ধৰণৰ বিশ্ববাসীক সজাগ সৃষ্টি কৰিব লাগিব৷ পৰিবেশ শিক্ষাক পাঠ্যক্ৰমত
অন্তর্ভক্ত কৰিব লাগিব৷
ঘ) গোলকীয় উত্তাপ এটা আন্তৰাষ্ট্ৰীয় পৰিৱেশীয়
সমস্যা গতিকে ইয়াৰ সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ লগত সকলো দেশে সমন্বিত প্ৰচেষ্টাৰে সমস্যা
ৰোধৰ বাবে সহমত প্ৰকাশ কৰিব লাগিব৷
৪৫. সম্পদ সংৰক্ষণৰ পদ্ধতি সমূহৰ সর্ম্পকে
চমুকৈ লিখা৷ (৫)
উত্তৰ:-
সম্পদ সংৰক্ষণ পদ্ধতিটো নিজে নিজে কার্যক্ষম হৈ নাথাকে৷ ইয়াক ৰূপায়ণ কৰিবৰ বাবে কিছুমান
সুপৰিকল্পিত আঁচনিৰ প্ৰয়োজন৷ সম্পদ সংৰক্ষণৰ বাবে বহুকেইটা পদ্ধতি প্ৰচলিত হৈ আছে৷
তাৰে তলত উল্লেখ কৰা হৈছে--
ক)
বিকল্প সম্পদৰ সন্ধান:- বহুলভাৱে ব্যৱহৃত সম্পদ এটাৰ উৎপাদন চলি থকা অৱস্থাতে
ইয়াৰ বিকল্প সম্ভাৱনা উদঘাটৰ বাবে জৰীপ আৰু উদঘাটৰ বাবে গৱেষণা কৰাৰ প্ৰয়োজন আছে৷ উদাহৰণ-
কয়লা, খনিজ তেল ব্যৱহাৰৰ সময়তে সৌৰশক্তি, বতাহ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা৷
খ)
অভিযোজন বা নৱপ্ৰচলন:- প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ
ৰূপান্তৰিত কৰিবলৈ অভিযোজন প্ৰক্ৰিয়াৰে প্ৰয়োগ
কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি৷ উদাহৰণ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সলনি জৈৱ সাৰ আৰু জৈৱ
কীটনাশক আদি প্ৰয়োগ কৰিব পাৰি৷
গ)
বর্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস:- বর্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ
পুনৰাৱর্তনৰ ব্যৱস্থা কৰিলেও সম্পদ সংৰক্ষণ হয়৷ উদাহৰণ- কাগজ কলত কাঠ আৰু বাঁহৰ যি
বর্জিত দ্ৰব্য উৎপন্ন হয়, সেইবোৰ জৈৱিক আৰু ৰাসায়নিক সামগ্ৰীলৈ পৰিৱর্তন কৰাৰ ব্যৱস্থা৷
ঘ)
সংৰক্ষণ সম্পর্কীয় আইনৰ কার্যকৰীকৰণ কটকটীয়া কৰিও সংৰক্ষণ কৰিব পাৰি৷
ঙ)
সম্পদ এটাৰ বর্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিয্যতৰ
প্ৰয়োজনীয়তা নির্ণয় কৰি অপচয় ৰোধ কৰিও সম্পদ সংৰক্ষণ কৰিব পাৰি৷
৪৬. প্ৰদূর্ষণ কি ? পৰিৱেশ প্ৰদূর্ষণৰ দিশসমূহ
বর্ণনা কৰা৷ (৫)
উত্তৰ:- অনিষ্টকাৰী দ্ৰব্যই বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূর্ষণ
বুলি ধৰা হয়৷ যি দ্ৰব্যই পৰিৱেশ প্ৰদূষণ কৰে তাক প্ৰদূষক বুলি কোৱা হয়৷ পৰিৱেশৰ প্ৰধান
উপাদান মাটি, পানী আৰু বায়ু নানা কাৰণত প্ৰদূষিত হৈ আহিছে৷
পৰিবেশ
পদূষর্ণৰ বিভিন্ন দিশ আছে৷ তলত তাৰে বর্ণনা কৰা হ’ল-
ক)
মাটি প্ৰদূষণ:- মানুহৰ বাবে অপৰিহার্য সম্পদ মাটি মানৱজনিত কাৰণত প্ৰদূষিত হৈছে৷
মাটিৰ লগত ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱর্জনা, এচিড বৰষুণ আদি মিহলি
হৈ স্বাভাৱিক গুণাগুণ আৰু উর্বৰতা হ্ৰাস পোৱা মাটিয়েই প্ৰদুষিত মাটি৷ আধুনিক কৃষিকার্য,
উদ্যোগৰ প্ৰসাৰ আৰু ক্ৰমবর্ধিত হাৰত বন ধ্বংসই মাটি প্ৰদূষণৰ অন্যতম কাৰক৷
খ)
বায়ু প্ৰদুষণ:- গেছীয় পদার্থৰে গঠিত বায়ুমণ্ডৰ স্বাভাৱিক বায়ুৰ অনুপাত প্ৰাকৃতিক
আৰু মানৱসৃষ্ট কাৰণত তাৰতম্য ঘটাকে বায়ু প্ৰদূষণ বোলে৷ প্ৰদূষিত বায়ুত কঠিন, তৰল আৰু
গেছীয় পদার্থৰ সংযোগ ঘটে৷ তেনে বায়ুৱে জীৱ আৰু জড় জগতৰ ক্ষতি সাধন কৰে৷ আগ্নেয়গিৰিৰ
উদগিৰণ আৰু নগৰীকৰণ, শিল্প উদ্যোগৰ প্ৰসাৰ, যান-বাহনৰ বর্ধিত ব্যৱহাৰ আৰু আণৱিক বিস্ফোৰণেই
বায়ু প্ৰদূষণৰ মূল কাৰক৷ অধিক বায়ু প্ৰদূষণে এচিড বৰষুণৰ সৃষ্টি কৰে৷
গ)
পানী প্ৰদূষণ:- পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, পদার্থকণা, অণুজীৱ, বিকিৰণ
আদি মিহলি পানীৰ স্বাভাৱিক গুণৰ পৰিৱর্তন ঘটোৱাকে পানী প্ৰদূষণ বোলে৷ প্ৰদূষিত পানীয়ে
তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে৷ ঔদ্যোগিক আৱর্জনা আৰু নগৰৰ পেলনীয়া পদার্থই
নদ-নদীৰ পানী বেছিকৈ প্ৰদূষিত কৰে কৰে৷
খণ্ড তৃতীয়
৪৭. ইংৰাজী ‘Federation’ শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
উত্তৰ:- Foedus শব্দৰ পৰা আহিছে৷
(অর্থ চুক্তি বা সন্ধি)
৪৮. ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা
হৈছে ?
উত্তৰ:- ইংলেণ্ড
৪৯. সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ?
উত্তৰ:- ড° বি. আৰ. আম্বেদকাৰ৷
৫০. ‘ধর্মনিৰপেক্ষ’ শব্দটো কিমানতম সংশোধনীত প্ৰস্তাৱনাত অর্ন্তভূক্ত কৰা
হৈছিল ?
উত্তৰ:- ৪২ তম সংবিধান
সংশোধনী (১৯৭৬ চন)
৫১. বিনিময় প্ৰথা কি ?
উত্তৰ:- সামগ্ৰীৰ বিপৰীতে
সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল বিনিময় প্ৰথা৷
৫২. ভাৰতীয় ৰিজার্ভ বেংক কোন চনত স্থাপিত হৈছিল ?
উত্তৰ:- ১৯৩৫
৫৩. মুদ্ৰা কাক বোলে ?
উত্তৰ:- বিনিময়ৰ
মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ
ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনো সামগ্ৰীকেই মুদ্ৰা বোলে৷
৫৪. এটা বাণিজ্যিক বেংকৰ উদাহৰণ দিয়া৷
উত্তৰ:- ষ্টেট বেংক অৱ
ইণ্ডিতা৷
৫৫. সার্বভৌম, সমাজবাদী, গণতান্ত্ৰিক ধাৰণা
কেইটাৰ বিষয়ে চমুকৈ লিখা৷ (৩)
উত্তৰ:- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা
গুৰুপ্তপূর্ণ শব্দ- সার্বভৌম, সমাজবাদী, গণতান্ত্ৰিক ধাৰণা কেইটাৰ মাজত সংবিধানৰ আদর্শ
প্ৰতিফলিত হৈছে৷
সার্বভৌম:- হৈছে ৰাষ্ট্ৰৰ
সর্বোচ্চ ক্ষমতা৷ উদাহৰণস্বৰূপে ভাৰতবর্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও
পৰিচালিত নহয়৷ সেয়ে এখন সার্বভৌম ৰাষ্ট্ৰ৷
সমাজবাদী:- হৈছে মানুহৰ মাজত
আয়, মর্য্যদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য আৰু অসমতা নথকা৷ সমাজবাদীত কোনো
পূঁজিপতিৰ দ্বাৰা দেশৰ অর্থনীতি নির্ধাৰণ নহয়৷ ভাৰতবর্ষ এখন সমাজবাদী ৰাষ্ট্ৰ৷
গণতান্ত্ৰিক:- হৈছে দেশৰ শাসন
ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত পদ্ধতি৷ এনে পদ্ধতিত জনতাই দেশৰ শাসন
নিজৰ বাবে নিজেই চলাই আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব৷
৫৬. মুদ্ৰাই সৃষ্টি কৰা অসুবিধাসমূহ ব্যাখ্যা কৰা৷ (৩)
উত্তৰ:- মুদ্ৰাই কেতবোৰ অসুবিধাৰ সৃষ্টি কৰে৷ তলত তাৰে কেইটামা
অসুবিধা ব্যাখ্যা কৰা হ’ল-
ক) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়৷ ক’লা
মুদ্ৰাই অর্থনৈতিক অপৰাধ সৃষ্টি কৰে৷ ফলত চৰকাৰে ৰাজহ হেৰুৱায়৷
খ) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই সামাজিক মূল্যবোধৰ
অৱক্ষয়ৰ কাৰণত পৰিণত হয়৷ মুদ্ৰাই সামাজিক বৈষম্য সৃষ্টি কৰে৷
গ) মুদ্ৰা সর্বস্ব অর্থনীতিত মুদ্ৰা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে৷
ই সামাজিক বৈষম্য সৃষ্টি কৰে৷
৫৭. প্ৰকল্প (১০)
0 মন্তব্যসমূহ