নৈ বৈ যায়- লীলা গগৈ
প্ৰথম প্ৰকাশ ১৯৮৩/ শ্ৰীভুমি পাবলিচিং কোম্পানীৰ হৈ অৰুণ পুৰকায়স্থ
(বনলতা সংস্কৰণ ২০০৪)/ মূল্য- ২০০.০০ টকা/ মুঠ পৃষ্ঠা- ৩১৬
লীলা গগৈ

উপন্যাসখনৰ আঁৰৰ কাহিনী:- ‘পাঠকলৈ একেষাৰ’ ত লীলা গগৈয়ে উল্লেখ কৰিছিল, “পুথিখন
লিখিবলৈ আঁচনি কৰিছিলো আমাৰ আইতা জীয়াই থাকোঁতেই৷ তেওঁ অনাখৰী; অথচ লোকজীৱনৰ জ্ঞান
আৰু অভিজ্ঞতা আছিল প্ৰচুৰ৷ এই পুথিখনত আমাৰ গাঁৱলীয়া জীৱন আৰু যোৱা শতিকাৰ সাংস্কৃতিক
বিবর্ত্তনৰ ছঁয়া-ময়া ৰেখাচিত্ৰ আকোঁতে যথেষ্ট সহায় পাম বুলি আশা কৰিছিলো, কিন্তু ১৯৭৫
চনৰ আঘোণ মাহত একান্ত অপ্ৰত্যাশিতভাৱে হৃদৰোগত আক্ৰান্ত হ’ল আৰু এদিনৰ ভিতৰতে কালে
হৰি লৈ গ’ল৷ আইতাই সংসাৰৰ দায় হৰি গ’ল সঁচা কিন্তু মোৰ সংকল্পৰ দায় বাকী পৰি ৰ’ল৷ পুথিখন
লিখা নহ’ল; অনেক আপুৰুগীয়া সমল হেৰুৱালোঁ, যিবোৰ গোটাবলৈ অনেক সময় আৰু শ্ৰমৰ প্ৰয়োজন
হ’ব অথচ আজি তাৰ বাবে মোৰ আজৰি নাই৷ দুটা বছৰ বাগৰি গ’ল৷ ১৯৭৭ চনৰ জাৰকালি কামত হাত
দিলোঁ৷ নিতৌ ৰাতিপুৱা এঘণ্টামান লিখোঁ, গতি মন্থৰ৷ কেতিয়াবা একোটা শব্দ বিচাৰি খুটাত
মূৰ খুন্দিয়াবলগীয়া হয়৷ তেতিয়া সঘনে আইতালৈ মনত পৰে৷ এইদৰে আগবাঢ়ি গৈ থাকিল৷ ১৯৭৮ চনত
বিহুসংখ্যা ‘আমাৰ প্ৰতিনিধি'ত পৰা ইয়াৰে এছোৱা প্ৰকাশ কৰিবলৈ দি বাকিখিনি
ধাৰাবাহিকভাৱে লিখি থাকিবলৈ খট-বান্ধ কৰিলোঁ, কাম আগবাঢ়ি গৈ থাকিল৷ ১৯৮০ চনৰ আগভাগৰপৰ ‘আমাৰ প্ৰতিনিধি'ৰ প্ৰকাশ
বন্ধ হ’ল, গতিকে লিখাও বন্ধ হ’ল৷ ইতিমধ্যে ডক্টৰেট হোৱাৰ প্ৰৱল বাসনাই আমাক হেঁচা মাৰি
ধৰাত মোৰ চিনাকৈ নৈখনৰ বোৱতী সূঁতিটো তৰাং পৰি ‘বুৰঞ্জী’ চর্চাৰ ভৰাসুঁতিটো কোবাল হ’ল৷
এই পর্বৰ সামৰণি মাৰি আকৌ নৈৰ পাৰত থিয় হৈ ছাই দেখোঁ, পাহৰণিয়ে ভালেমান বস্তু উটুৱাই
নিছে৷ কাকত-পত্ৰখিনি মনে বুজি শ্ৰীমতীয়ে থা-থিত লগাই থৈছিল; মই চপাই-বুটলি লৈ এইবেলি
সামৰণি মাৰিলোঁ৷”
উপন্যাসখনৰ বিষয়ে:- অসমৰ সাংস্কৃতিক জীৱনৰ বৰ্ণাঢ্য ৰূপ দাঙি
ধৰা উপন্যাসখনৰ নায়ক ভগী (ভগীৰথ ফুকন) আৰু নায়িকা সুবাগী৷ নদীখন হৈছে- দিখৌ৷ লীলা গগৈৰ ‘নৈ বৈ যায়’ৰ আটাইতকৈ
উল্লেখযোগ্য দিশটোৱেই উপন্যাসৰ অধ্যয়নৰ জৰিয়তে বিশেষতঃ অসমীয়া লোক-সংস্কৃতিৰ বিষয়ে
এটা মোটামুটি ধাৰণা কৰিব পৰা যায়। লোক-সাহিত্যৰ বিভিন্ন অংগবোৰক কাহিনীয়ে
দাবী কৰা মতে গগৈয়ে কৌশলপূৰ্ণভাৱে প্ৰয়োগ কৰিছে। এইবোৰৰ ভিতৰত উল্লেখ কৰিব
পাৰি লোকগীত (বিহুনাম, বিয়ানাম,
নিচুকনী গীত, ভেকুলী বিয়াৰ নাম আদি), প্ৰবাদ-প্ৰবচন-পটন্তৰ, লোকভাষা আদি।
ন-খোৱাৰ বর্ণনা
সেই বছৰ বতৰ পানী বৰ
ভাল আছিল৷ দিখৌৰ আগতীয়া বানে পলস পেলাই থৈ গৈছিল৷ যি বছৰ দিখৌৱে পলস পেলায়, ৰোৱা পল-চবীয়াকৈ
ৰুব লাগে৷ ধান ভাল হৈছিল৷ দাৱনীয়ে ঠেলিব পৰা নাই৷ হাঁউৰি মাতিব লাগিব বুলি ঘৰত কোৱা-কুই
কৰিছে৷ আমাৰ গাঁৱৰ ডাঙৰ উছৱ চাৰিটা৷ ব’হাগত হুচৰি-সবাহ, আহাৰত লখিমী সবাহ, আঘোণত ন-খোৱা,
ফাগুনত ভাওনা৷ সেইবেলি মাজ আঘোণতে ন-খোৱাৰ যোগাৰ হৈছিল৷ ন-খোৱা মানে ৰাজহুৱা ন-খোৱা৷
ঘৰে ঘৰে কোনোবাই ন-খালেও সেইদিনা গাঁৱৰ ডেকা-ডুমা, ল’ৰা-বুঢ়া, জীয়ৰী-বোৱাৰী আটায়ে মিলি
এসাজ খায়৷ ন খাবলৈ লখিমীজানৰ ডুবিত জেঙাই থোৱা জাঁজ মাৰে৷ জাঁজত ৰাঘ বৰালি বা কলগছীয়া
বৰালি নপৰিলেও মহশিঙীয়া, ধেৰাপখীয়া বৰালি পৰেই পৰে, কেতিয়াবা কঁকিলাদঁড়ীয়া বৰালিও পৰে৷
তৰাপতীয়া বৰালিৰ যে অন্তই নাই৷ তদুপৰি খঁৰিয়া, চিতল, আঁৰি, ভেউ, গোটাচেৰেক পৰিবই৷ ৰাজহুৱা
বন৷ আটায়ে হাতে-পাতে ধৰে, কোনেও কাৰো মুখলৈ চাই নাথাকে৷ কাতি-অঘোণমহীয়া অমৰা পকে৷ তল
সৰা অমৰা-খাবলৈ শৰ-সুগৰি পহু আহে৷ কুঁৱলীৰ আঁৰ লৈ জুপ দি খঁজা বন্দুকেৰে পহু মাৰে৷
এটা নহয় এটা পহ পৰিবই৷ মাছ পহু নহ’লে কিহৰ ন-খোৱা ? জোঁটা-জোঁটে মাছ৷ একোটা গোট পহু৷
মাছ কাটে, মঙহ কুটে, শাক বাছে৷ সৰু মাছ বাছে, পেটু কাঢ়ে, পহু কাটে৷ মাছ চকল চকলকৈ দিয়ে,
নোৱাৰিলে টুকুৰা টুকুৰ কৰে৷ মঙহ ডোখৰ ডোখৰকৈ থয়৷ বাৰীত শাক পাচলি- লাই-লফা-পালেং বাবৰি৷
আঞ্জা ওৱাদানি৷ পোনতে বুঢ়া-বুঢ়ী আৰু ল’ৰা-ছোৱালী, তাৰ পিছত ডেকা-ডুমা, শেহত জীয়ৰী-বোৱাৰীবোৰে
খায়৷ ভোজ খাওঁতে বেলি মাৰ যায়৷ কেতিয়াবা আঁৰিয়া ধৰিবলগীয়া হয়৷ সেইবেলি মাছো সৰহীয়া৷
ডেকা শৰ-পহু এটা পৰিছিল- গেঁৰা ম’হটোৰ সমান৷ মমাছ-মঙহ খাব নোৱাৰ অহৈছিল৷ মানুহে পাতে
পাতে ঘৰলৈ নিছিল৷” (পৃষ্ঠা- ২৮)
![]() |
| প্ৰথম সংস্কৰণৰ কভাৰ |



0 মন্তব্যসমূহ