ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ তিনিচুকীয়া জিলা/ ২০২২

 

ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ তিনিচুকীয়া জিলা/ ২০২২

                                                                                


                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                              
শাখা-ক

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১. বংগদেশৰ পুনৰ একত্ৰীকৰণ হয়-

ক) ১৯০৫ চনৰ ২০ জুলাই খ) ১৯১১ চনৰ ১২ ডিচেম্বৰ গ) ১৯০৮ চনৰ ১৩ ডিচেম্বৰ ঘ) ১৯০৬ চনৰ ১৫ আগষ্ট

২. লর্ড কার্জনৰ পিছত ভাইচৰয় পদত অধিষ্ঠিত হয়-

ক) আৰ এইছ কিটিংছ খ) এন্দ্ৰু ফ্ৰেজাৰ গ) লর্ড মিণ্টো ঘ) ছার্বাট ৰিজলী৷  

*১৯০৫ চনৰ পৰা ১৯১০ চনলৈ শাসনত আছিল৷

৩. ‘বেংগল কেমিকেলচৰ’ প্ৰতিষ্ঠাতা কোন ?


ক) আচার্য প্ৰফুল্ল ৰায় খ) নীল ৰতন চৰকাৰ গ) জামছেদজী টাটা ঘ) সৰলা দেৱী

৪. আইন অমান্য আন্দোলন সূচনা হয়-

দাণ্ডি যাত্ৰা স্মাৰক ডাক টিকট

ক) ১৯২২ চনৰ ১৬ ফ্ৰেব্ৰুৱাৰী খ) ১৯৩০ চনৰ ১২ মার্চ গ) ১৯২১ চনৰ ১৪ আগষ্ট ঘ) ১৯৪২ চনৰ ১৪ জুলাই

* সেই দিনটোত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল৷

৫. দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল-


ক) ক্লিমেণ্ট এটলী খ) উইনষ্টন চার্চিল গ) ডিজৰেলী ঘ) ৰামছে মেকডোনাল্ড

৬. কেতিয়াৰ পৰা ৰেডক্লিফ ৰেখাক ভাৰত পাকিস্তানৰ সীমা বুলি কৰা হয় ?


ক) ১৯৪৭ চনৰ ১৫ আগষ্ট খ) ১৯৫০ চনৰ ২৬ জানুৱাৰী গ) ১৯৪৭ চনৰ ১৭ আগষ্ট ঘ) ১৯৭১ চনৰ ৩১ মার্চ

৭. ব্ৰিটিছ বিষয়া জে. বি. ছিংগাৰক হত্যা কৰিছিল-

ক) পথৰুঘাটৰ কৃষক বিদ্ৰোহত খ) ফুলগুৰি ৰণত গ) ৰঙিয়াৰ কৃষক বিদ্ৰোহত ঘ) বজালী কৃষক বিদ্ৰোহত

৮. অসমত দাস প্ৰথা বন্ধ হৈছিল ?

ক) ১৮৩০ খ) ১৮৪৩ গ) ১৮৫৩ ঘ) ১৮৫৭

৯. শিল এবিধ-

উলুৰ ৰক, অষ্ট্ৰেলিয়াৰ ধুনীয়া শিল

ক) জীৱীয় পদার্থ খ) অজীৱীয় পদার্থ গ) মানৱ সৃষ্ট পদার্থ ঘ) মানৱ সম্পদ

১০. তলৰ কোনটো অ-নবীকৰণযোগ্য-

ক) পানী খ) সূর্য্যৰ ৰশ্মি গ) গছ-গছনি ঘ) প্ৰাকৃতিক গেছ

** অৱশ্য গছ-গছনি অতিমাত্ৰা ধ্বংস কৰি থাকিলে চিৰকাললৈ বিলুপ্ত হব পাৰে৷

১১. অসমত বিলুপ্ত হবলৈ ধৰা প্ৰাণী সমূহৰ অন্যতম হ’ল-

সোণালী বান্দৰ

ক) এশিঙীয়া গড় খ) বনৰীয়া ঘোঁৰা গ) সোণালী বান্দৰ ঘ) হাতী

১২. ‘চাহাৰা’ মৰুভূমি কোন মহাদেশত অৱস্থিত ?

ক) উত্তৰ আমেৰিকা খ) আফ্ৰিকা গ) এছিয়া ঘ) ইউ

ছাহাৰা মৰুভুমি

ৰোপ

১৩. তলৰ কোনটো গেছৰ বৃদ্ধিয়ে ‘এচিড বৰষুণ’ৰ সৃষ্টি কৰে ?

ক) অক্সিজেন খ) ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড গ) কার্বন ডাই- অক্সাইড  ঘ) আর্গন

১৪. তলৰ কোনটো স্থানীয় সমস্যা ?

ক) মাটি প্ৰদূষণ খ) ব্ৰক্ষ্মপুত্ৰৰ বানপানী সমস্যা গ) পাহাৰৰ ভূমি স্খলন ঘ) গোলকীয় উত্তাপ

১৫. সংবিধান খচৰা সমিতিৰ সদস্য সংখ্যা আছিল-

আম্বেদকাৰৰ লগত খচৰা সমিতিৰ সদস্যসকল

ক) ৭ জন খ) ৯ জন গ) ১১ জন ঘ) ১২ জন

১৬. পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখন


ক) চীন খ) ভাৰতবর্ষ গ) ইংলেণ্ড ঘ) আমেৰিকা

১৭. মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পর্যায়টো হ’ল-

ক) বিনিময় প্ৰথা খ) জন্তুৰ মান গ) ধাতু মুদ্ৰা ঘ) কাগজী মুদ্ৰা

১৮. তলত উল্লেখ কৰা মুদ্ৰাবোৰৰ অবিহিত মুদ্ৰাটো-

ক) কাগজী মুদ্ৰা খ) চেক মুদ্ৰা গ) ধাতু মুদ্ৰা ঘ) আদেশী মুদ্ৰা

* যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় তেনে মুদ্ৰাই অবিহিত মুদ্ৰা৷ 

১৯. খচৰা কমিটিয়ে ভাৰতীয় সংবিধানৰ নতুন খচৰা প্ৰস্তুত কৰি সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে- 

ৰাজেন্দ্ৰপ্ৰসাদৰ ওচৰত সৎবিধান অর্পণ

ক) ১৯৪৭ চনৰ ২৭ আগষ্ট খ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ  গ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত ঘ) ১৯৪৯ চনৰ ১৫ আগষ্ট

২০. থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ’ল-

ক) অসম কো-অপাৰেটিভ এপেক্স বেংক খ) অসম গ্ৰামীণ বিকাশ বেংক গ) গৌহাটী বেংক ঘ) ওপৰৰ এটাও নহয়৷ 

* উত্তৰ ১৯২৬ চনত স্থাপিত গুৱাহাটী বেংক৷

খ-শাখা

২. লাল-বাল-পাল কোন আছিল ?

লাল-বাল-পাল

উত্তৰ:- লালা লাজপত ৰায়, বাং গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল৷  

৩. কোন চনত মুছলিম লীগ গঢ়ি উঠিছিল ?


উত্তৰ:- ১৯০৬ চনত৷  

৪. বিদেশী পণ্য বর্জন প্ৰস্তাৱ কোন সভাত গ্ৰহণ কৰা হৈছিল ?

উত্তৰ:-  দিনজানপুৰৰ প্ৰতিবাদী সভাত (২০ জুলাই, ১৯০৫)

৫. বংগদেশক ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ:-  ১১ মার্চ, ১৯০৬ (কলিতাৰ টাউন হলত)

৬. ভাৰত ত্যাগ প্ৰস্তাৱটো ক’ত আৰু কেতিয়া গ্ৰহণ কৰা হৈছিল ?


উত্তৰ:-  বোম্বাইৰ গোৱালিয়ৰ টেংক (আগষ্ট ক্ৰান্তি মৈদান’) ত ১৯৪২ চনৰ ৮ আগষ্টত৷

৭. ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল ?

উত্তৰ:-  জালিৱানৱালবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত৷

৮. ‘সীমান্ত গান্ধী’ নামেৰে কাক জনা যায় ?

উত্তৰ:-  খান আব্দুল গফুৰ খান

৯. গান্ধীজীয়ে কেতিয়া আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল ?

গান্ধী ভাৰতলৈ উভতি অহাৰ স্মাপৰ মুদ্ৰা

উত্তৰ:-  ১৯১৫ চনত৷

১০. কোন চনত অসমত ‘টিকট কৰ’ আৰু ‘আয়কৰ’ প্ৰৱর্ত্তন কৰা হৈছিল ?

উত্তৰ:-  টিকট কৰ (১৮৫৮) আৰু আয়কৰ (১৮৬০)

১১. মণিৰাম দেৱানক কোন বঙালি মুক্তিয়াৰে সহায় কৰিছিল ?

চেলুলাৰ জেলত মধুমল্লিকৰ নাম

উত্তৰ:-  মধু মল্লিক

১২. ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ:-  ১৮৬১

১৩. চমুটোকা লিখা (যিকোনো এটাৰ) (২)


ক) কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰ:-  ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ ভংগৰ বিৰোধিতা কৰিছিল৷ হিন্দু-মুছলমানৰ মাজত ঐক্যতা বজাই ৰাখিবলৈ আহ্বান জনাইছিল৷ আন্দোলনক আধাৰ কৰি তেওঁ মুঠ ২৩ টি গীত ৰচনা কৰিছিল৷ তাৰ মাজৰ দুটি বিখ্যাত গীত হৈছে- ‘যদি তোৰ ডাক শুনে কেও না’ আৰু ‘আমাৰ সোনাৰ বাংলা’৷ স্বদেশী আন্দোলনৰ পটভূমিত তেওঁ ‘ভাই ভাই এক ঠাই’ নামৰ বিখ্যাত প্ৰবন্ধ লিখিছিল৷

শিক্ষার্থীসকলক চৰকাৰী শিক্ষানুষ্ঠান এৰি স্বদেশী শিক্ষা গ্ৰহন কৰিবলৈ তেওঁ আহ্বান জনাইছিল৷ নিজেও স্বদেশী ভাণ্ডাৰ নামৰ প্ৰতিষ্ঠা স্থাপন কৰে৷ তেখেতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জনগণ মন অধিনায়ক’ লিখিছিল৷ নোৱেল পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়৷

খ) অম্বিকাগিৰি ৰায়চৌধুৰী:- ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ সক্ৰিয় সদস্য অম্বিকাগিৰি ৰায়চৌধুৰীয়ে স্বদেশী আন্দোলনৰ সমর্থনত লিখা ‘বন্দিনী ভাৰত’ নামৰ নাটকখন চৰকাৰে বাজেয়াপ্ত কৰে৷ তেওঁ লগতে সেৱা সংঘ নামৰ এটা সংগঠন আৰু ফুলাৰক বধ কৰাৰ বাবে গুৱাহাটী-শ্বিলং পথত এটা বোমা পুতিছিল৷ তেওঁক চৰকাৰে জেৰা কৰাত লগতে অন্তৰীণ বন্দী কৰিছিল৷ সাহিত্যিক হিচাপেও ৰায়চৌধুৰী জনপ্ৰিয় আছিল৷ 

১৪. বংগ বিভাজন বিৰোধী আন্দোলনে কিয় ‘স্বদেশী আন্দোলন’ নাম পাইছিল ? চমুকৈ আলোচনা কৰা৷ (৩)

উত্তৰ:-  বংগ বিভাজনে (১৬ অক্টোৱৰ, ১৯০৫) বিশাল বংগক দুটা ভাগত বিভক্ত কৰে৷ জনসাধাৰণক বংগচ্ছেদ কার্যই অসন্তুষ্টিৰ ভাৱ জগাই উলিছিল৷ বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব খুজিছে বুলি জাতীয় আন্দোলন সূচনা কৰিছিল৷

পূর্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগত অনুষ্ঠিত প্ৰতিবাদী সভাত সংঘবদ্ধভাৱে বিদেশী বস্তু বর্জন আৰু নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত সামগ্ৰী গ্ৰহণৰ সিদ্ধান্ত অনুমোদিত হয়৷ ১৯০৫ চনৰ ২০ জুলাইত দিনজানপুৰত অনুষ্ঠিত বিশাল জন সভাত বিদেশী বস্তু বর্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে পৰিণত হৈছিল৷

১৫. স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা৷ (৩)

উত্তৰ:- বংগ বিভাজনৰ বিপক্ষে ভাৰতীয়ই আৰম্ভ কৰা স্বদেশী আন্দোলনত ভাৰতীয় ছাত্ৰসকলেও অংশগ্ৰহণ কৰিছিল৷ সেই কাৰনে বংগ প্ৰদেশৰ চৰকাৰৰ মূখ্য সচিব আৰ ডব্লিউ কার্লাইলে ছাত্ৰসকলত আন্দোলনৰ পৰা বিৰত থাকিবলৈ জাননী জাৰি কৰে৷ ৰবীন্দ্ৰনাথৰ আহ্বানত কিন্তু চৰকাৰৰ আদেশ অমান্য সিদ্ধান্ত গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয়সমূহক গোলামখানা আখ্যা দি ছাত্ৰ সকল ওলাই আহি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

         কলিকতাৰ এখন জনসভাত কবিগুৰুৱে ‘বংগ জাতীয় বিদ্যালয়’ আৰম্ভ কৰে৷ পিছলৈ ৰংপুৰ আৰু অনান্য স্থানত চৰকাৰী বিদ্যালয় ত্যাগ কৰা শিক্ষার্থীক লৈ জাতীয় বিদ্যালয় স্থাপন কৰে৷ ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাত জাতীয় শিক্ষাৰ শীর্ষ অনুষ্ঠান ‘জাতীয় শিক্ষা পৰিষদ’ গঠন হয়৷

অৰবিন্দ ঘোষৰ অধ্যক্ষতাত ১৯০৬ চনত বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷ ডিচেম্বৰত সেইখন বংগ জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়৷ একেদৰে তাৰকনাথ পালিতৰ অর্থসাহার্য্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠান গঢ়ি উঠিছিল৷ বর্তমান এইখনক যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে জনা যায়৷ আন্দোলনৰ সময়খিনিত ৬২ খন মাধ্যমিক আৰু ৩০০০ প্ৰাথমিক জাতীয় বিদ্যালয় গঠন হয়৷ কেৱল বংগদেশতেই নহয় ভাৰতৰ অন্য প্ৰান্তটো জাতীয় বিদ্যালয় স্বদেশী আন্দোলনৰ সময়ত স্থাপন হৈছিল৷ এইবোৰে জাতীয় শিক্ষালৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল৷ 

বা

স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিক্ষাৰ বিকাশ কেনেদৰে হৈছিল ? চমুকৈ বর্ণনা কৰা

১৬. মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কিয় স্থগিত ৰাখিছিল ? (২)

উত্তৰ:-  গান্ধীজীয়ে অসহযোগ আন্দোলন স্থগিত ৰখাৰ মূল কাৰণ আছিল- উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰী চৌৰাত ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি৷ পুলিচৰ গুলীত তিনিজনৰ মৃত্যু৷ উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে৷ এই কাণ্ডই অহিংস নীতি পৰিহাৰ কৰিছে বুলি গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল৷

১৭. নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তিটো কি আছিল ? জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল ? (১+১)

উত্তৰ:- নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তিটো হৈছে, “মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম”

জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল- ‘জয় হিন্দ’৷

১৮. অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লে



খ কৰা ? (২)

উত্তৰ:- অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ দুটা কাৰণ বহুকেইটা কাৰণ উল্লেখ কৰা হ’ল-

ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল৷নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব পৰা নাছিল৷

খ) বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত  হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷ লগতে মণিৰামৰ নেতৃত্ব লব পৰা গুণৰ অভাৱ৷ প্ৰতিপক্ষক দুর্বলতা আৰু বুদ্ধিমত্তাক হেওজ্ঞান কৰাটো মণিৰামদেৱানৰ ব্যক্তিগত দুর্বলতাৰ নিদর্শন৷

১৯. ব্ৰিটিছ শাসন প্ৰৱর্তন হোৱাৰ পাছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতিত কি কি পৰিৱর্তন হৈছিল ? (৩)

উত্তৰ:-  য়াণ্ডাবু সন্ধি অনুসৰি অসমত ইংৰাজে শাসকৰ ভুমিকা পালন কৰি ৰাজহ সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰ প্ৰচলন কৰিছিল৷ অর্থনীতি নিজৰ আয়ত্বলৈ নিবলৈ ইংৰাজে অসমত কৰ-কাটল সংগ্ৰহত গুৰুপ্ত দিয়ে৷ তেওঁলোকে টকাৰ মাধ্যমেৰে মাটিৰ খাজনা সংগ্ৰহ কৰিছিল৷ খাজনাৰ বিপৰীতে কৃষি কার্য উন্নয়নৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাত খাদ্য শস্য উৎপাদনত বিঘিনি ঘটিছিল৷

অধিক ৰাজহৰ বাবে ইংৰাজে টিকট কৰ, আয়কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ, চৰ চাপৰিত গৰু-ম’হ চৰোৱাৰ বাবে গ্ৰেজিং কৰ, আৱকৰী কৰ সংগ্ৰহ কৰিছিল৷ সোণ কমোৱা নৈ, মাছ ধৰা নৈ ডাকত দিয়াৰ ব্যৱস্থা কৰিছিল৷ মুঠৰ ওপৰত সমাজৰ অধিকসংখ্যক লোকৰ অর্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল৷ 

২০. কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই কার্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাবস্ত্য কৰিব খোজানে ? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া ? (১+৩=৪)

উত্তৰ:- গান্ধীজীৰ তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ আন্দোলন’ সূচনা হোৱাৰ ঘাই কাৰণবোৰ আছিল দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূর্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয় সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভয়৷

ভাৰত ত্যাগ আন্দোলনক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মাইলৰ খুটি বুলি গণ্য কৰিব পাৰি৷ কিয়নো এইখন জাতীয়তাবাদী সংগ্ৰামত ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিক সকলোৱে অংশগ্ৰহণ কৰিছিল৷

দ্বিতীয়তে জনতাই বিদেশী সামগ্ৰী ধ্বংস কৰাৰ লগতে কিছু কিছু স্থানত স্বাধীন চৰকাৰ গঠনৰ বাবে আন্দোলন কৰিছিল৷

তৃতীয়তে ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ নাথাকি ক্ষমতা হস্তান্তৰ কেতিয়া হ’ব সেই পর্যায়লৈ লৈ গৈছিল৷

সেইবাবে ভাৰত ত্যাগ আন্দোলনক মাইলৰ খুটি বুলিব পাৰি৷

দ্বিতীয় খণ্ড

২১. অর্থনৈতিক ভূগোলৰ পিতৃ কোন আছিল ?

উত্তৰ:-  জর্জ ছিজহ’ম (George Chisholm)

২২. ব্যক্তিগত সম্পদৰ এটা উদাহৰণ দিয়া৷

উত্তৰ:-  ভাল চৰিত্ৰ৷ * আনকেইটা হৈছে- শিক্ষা, কর্মদক্ষতা

২৩. নিস্ত্ৰীয় সামগ্ৰী মানে কি বুজা ?

উত্তৰ:- নিস্ত্ৰীয় সামগ্ৰী মানে এনে সামগ্ৰীক বুজা যায় সমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে ৷

২৪. সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি ?

উত্তৰ:- সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য  হৈছে আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হব পাৰো৷

২৫. বায়ুমণ্ডল কিহেৰে গঠিত ?

উত্তৰ:-  বায়ুমণ্ডল অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন, কার্বন-ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত৷

২৬. মৰুকৰণৰ সংজ্ঞা দিয়া ?

উত্তৰ:- :- ‘মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে৷” মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস কৰে৷

২৭. পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰ:- কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ জৈৱ আৰু অজৈৱ উপাদানসমূহকেই পৰিৱেশ বুলি বুজা যায়৷

২৮. গোলকীয় উত্তাপ বৃদ্ধিত আটাইতকৈ বেছি অৰিহনা যোগোৱা গেছ বিধ কি ?

উত্তৰ:- কার্বন ডাই অক্সাইড

২৯. গোলকীয় উত্তাপ বৃদ্ধিৰ দুটা মানৱ সৃষ্ট কাৰণ উল্লেখ

কৰা (২)

উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধিৰ দুটা মানৱ সৃষ্ট কাৰণ হৈছে-

ক) শিল্প-বিপ্লৱৰ পৰৱর্তীকালত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি৷

খ) কিছুমান উদ্যোগৰ চাহিদাৰ পূৰণ কৰিবৰ বাবে গছ-গছনি ধ্বংস কার্য বৃদ্ধি পোৱা৷  

৩০. মাটি প্ৰদূষণৰ কাৰকসমূহ উল্লেখ কৰা (৩)

উত্তৰ:- মাটি প্ৰদূষণৰ বহুতো কাৰক আছে৷ তলত তাৰে তিনিটা উল্লেখ কৰা হ’ল

ক) কৃষিৰ আধুনিকীকৰণ পদ্ধতিত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ সলনি ঘটায়৷

খ) ঔদ্যোগিক আৱর্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদার্থ মিহলি হৈও মাটি প্ৰদূষণৰ কাৰক হৈ পৰে৷

গ) ভুগর্ভৰপৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতে সেইবোৰৰ পৰা কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষণৰ কাৰকত পৰিণত হয়৷

৩১. সম্পদ আৰু সম্পত্তিৰ পার্থক্য নির্ণয় কৰা৷ (২)

উত্তৰ:-  সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলোবোৰ সম্পদ সম্পত্তি নহ’বও পাৰে৷ অর্থনীতিৰ সূত্ৰ অনুসৰি যোবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰহে সম্পত্তি৷ তদুপৰি সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়, কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে৷

৩২. সম্পদ বুলিলে কি বুজা ? ইয়াৰ প্ৰধান বৈশিষ্ট্য কেইটা উল্লেখ কৰা (১+২=৩)

উত্তৰ:-  মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি বুজা যায়৷ যেনে পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্য্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদিবোৰ সম্পদ৷  

সম্পদৰ দুটা বৈশিষ্ট্য হৈছে-

ক) উপকাৰিতা:- প্ৰকৃতিৰ পৰা লাভ কৰা সম্পদবোৰৰ প্ৰাচর্যৰ বাবে মানুহৰ মৌলিক প্ৰয়োজন- খাদ্যম আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অনান্য চাহিদা পূৰণ কৰি জীৱন ধাৰণৰ মাণদণ্ড উন্নয়ণ সাধন কৰে৷

খ) পৰিৱর্তশীল:- সম্পদ পৰিৱর্তনশীল৷ কোনো এট সামগ্ৰী মানুহৰ বাবে অপকাৰী হ’লেও ভৱিয্যতে তাক ব্যৱহাৰৰ উপযোগী কৰি সম্পদত পৰিণত কৰিব পাৰি৷ উদাহৰণ নদীৰ বানপানীক জলবিদ্যুৎ উৎপাদন আৰু জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিলে সম্পর্দলৈ ৰূপান্তৰিত হয়৷ 

৩৩. সম্পদ সংৰক্ষণৰ তিনিটা পদ্ধতি উল্লেখ কৰা৷ (৩)

উত্তৰ:- সম্পদ সংৰক্ষণৰ তিনিটা পদ্ধতি তলত উল্লেখ কৰা হ’ল-

ক) বিকল্প সম্পদৰ সন্ধান:- বহুলভাৱে ব্যৱহৃত সম্পদ এটাৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্ভাৱনা উদঘাটৰ বাবে জৰীপ আৰু উদঘাটৰ বাবে গৱেষণা কৰাৰ প্ৰয়োজন আছে৷ উদাহৰণ- কয়লা, খনিজ তেল ব্যৱহাৰৰ সময়তে সৌৰশক্তি, বতাহ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা৷

খ) অভিযোজন বা নৱপ্ৰচলন:- প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন  প্ৰক্ৰিয়াৰে প্ৰয়োগ কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি৷ উদাহৰণ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সলনি জৈৱ সাৰ আৰু জৈৱ কীটনাশক আদি প্ৰয়োগ কৰিব পাৰি৷

গ) বর্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস:- বর্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ পুনৰাৱর্তনৰ ব্যৱস্থা কৰিলেও সম্পদ সংৰক্ষণ হয়৷ উদাহৰণ- কাগজ কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্ৰব্য উৎপন্ন হয়, সেইবোৰ জৈৱিক আৰু ৰাসায়নিক সামগ্ৰীলৈ পৰিৱর্তন কৰাৰ ব্যৱস্থা৷

৩৪. গোলকীয় উত্তাপ কি ? গোলকীয় উত্তাপ কেনেকৈ ৰোধ কৰিব পাৰি৷ (১+২=৩)

উত্তৰ:-  গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক ওপৰিভাগৰ বায়ুৰ উষ্ণতা৷ প্ৰকৃতি আৰু মানৱ সৃষ্ট কাৰকে স্বাভাৱিল উত্তাপতকৈ অধিক উত্তাপ ঘটাই গোলকীয় উত্তাপক সমস্যালৈ ৰূপান্তৰিত কৰি তুলিছে৷

গোলকীয় উত্তাপ ৰোধ কৰিবৰ বাবে কৰিব লগা দুটা পন্থা হৈছে-

ক) বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰিবলৈ সকলোৱে উমৈহতীয়া চেষ্টা কৰা৷

খ) গোলকীয় উত্তাপ বৃদ্ধিয়ে ভৱিয্যতে সৃষ্টি কৰিব পৰা সমস্যা সমূহৰ বিষয়ে বিশ্ববাসীক সজাগ সৃষ্টি কৰা৷

তৃতীয় খণ্ড

৩৫. ‘কেবিনেট মিছন’ কেতিয়া ভাৰতলৈ আহিছিল ?

উত্তৰ:- ১৯৪৬

৩৬. ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয় ?

উত্তৰ:- আমেৰিকা

৩৭. ভাৰতবর্ষত ‘দ্বৈত নাগৰিকত্ব’ৰ ব্যৱস্থা আছেনে ?

উত্তৰ:- নাই৷

৩৮. মুদ্ৰাৰ এটা কার্য উল্লেখ কৰা৷

উত্তৰ:- মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম৷  

৩৯. ভাৰতীয় ৰিজার্ভ বেংক কিমান চনত স্থাপিত হৈছিল ?

উত্তৰ:- ১৯৩৫ চনত৷

৪০. পণ্য বিনিময় প্ৰথা কি ?

উত্তৰ:- এটা পণ্যৰ বিপৰীতে অন্য এটা পণ্যৰ প্ৰত্যক্ষ বিনিময়েই পণ্য বিনিময় প্ৰথা৷  

৪১. প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণ’ বুলি কিয় উল্লেখ কৰিছে ?

উত্তৰ:- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণ’ বুলি কিয় উল্লেখ কৰি প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ৷   

৪২. মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা         (২)

উত্তৰ:- মুদ্ৰাই কেতবোৰ অসুবিধাৰ সৃষ্টি কৰে৷ তলত তাৰে দুটা অসুবিধা দিয়া হ’ল-

ক) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়৷ ক’লা মুদ্ৰাই অর্থনৈতিক অপৰাধ সৃষ্টি কৰে৷ ফলত চৰকাৰে ৰাজহ হেৰুৱায়৷

খ) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণত পৰিণত হয়৷ মুদ্ৰাই সামাজিক বৈষম্য সৃষ্টি কৰে৷

৪৩. ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পার্থক্য লিখা ৷ (২)

উত্তৰ:-ভাৰতবর্ষৰ সংসদীয় আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্য কেইটা হৈছে-

ক) ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য হোৱাৰ বিপৰীতে ইংলেণ্ডৰ গণতন্ত্ৰ গণৰাজ্য নহয়৷ ইংলেণ্ডৰ ৰজা বা ৰাণীৰ বিপৰীতে আমাৰ দেশত ৰাষ্ট্ৰপতিক জনগণৰ দ্বাৰা নির্বাচিত কৰা হয়৷

খ) ভাৰতবর্ষৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লর্ডছতকৈ বহু পৃথক৷

৪৪. অনাবেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগ ? (২)

উত্তৰ:- অনাবেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ বেলেগ কিয়নো তেওলোকেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় বা আমানত সংগ্ৰহ কৰে আৰু ঋণ প্ৰদান কৰিলেও চেকৰ জৰিয়তে সঙ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুবিধা দিব নোৱাৰে৷ তদুপৰি বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনাবেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে৷   

 

  

 

 

 

 

 

 

 

 

 

 

 

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ