ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷
লখিমপুৰ জিলা/ ২০২২
১. শুদ্ধ উত্তৰটো বাছি
উলিওৱা
১. এলাহবাদ সন্ধি হৈছিলএলাহবাদ সন্ধিৰ প্ৰতিলিপি
ক) ১৭৭৩ খ) ১৭৬৫ গ) ১৮৫৭ ঘ) ১৯০৫
*মোগল সম্ৰাট শ্বাহ আলম আৰু ৰর্বাট ক্লাইভৰ মাজত হৈছিল৷
২. ‘বংগৰ অংগচ্ছেদ’
নাটকখনৰ ৰচক কোন ?
ক) ক্ষীৰোদ প্ৰসাদ
খ) গিৰিশ ঘোষ গ) অমৰেন্দ্ৰ নাথ দত্ত ঘ) অমৃতলাল বসু
৩. গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বর্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল-
দক্ষিণ আফ্ৰিকাত থকা অৱস্থাত গান্ধীৰ ফটো
ক) ১৮৬৯ খ) ১৮৮৮
গ) ১৮৯১ ঘ) ১৮৯৩
৪. অসমত ইংৰাজে দাস
প্ৰথা বিলুপ্তি ঘাটাইছিল
ক) ১৮২৬ খ) ১৮৪৩ গ) ১৮৫৭ ঘ) ১৯৪৭
৫. তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী ?
ক) এশিঙীয়া গড় খ)
জিৰাফ গ) নল-গাহৰি ঘ) মেথোন
৬. বায়ুমণ্ডত কার্বন
ডাই অক্সাইডৰ পৰিমাণ কিমান ?
ক) ০.০০৩৫% খ) ০.০৩৫% গ) ০.৩৫% ঘ) ৩.৩৫%
৭. ছিদবিৰ মূখ্য
কার্য্যলয় অৱস্থিত
ক) নতুন দিল্লী খ)
মুম্বাই গ) লক্ষ্নৌ ঘ) অসম
৮. সংবিধান খচৰা
সমিতিৰ অধ্যক্ষ
ক) কে. এম. মুন্সি
খ) এন মাধৱ ৰাও গ) আলাদি কৃষ্ণস্বামী আয়াৰ
ঘ) ড° বি আৰ আম্বেদকাৰ
৯. ব্ৰিটিছ চৰকাৰৰ
বিপক্ষে কৰা কৃষকসকলৰ প্ৰথম বিদ্ৰোহ আছিল
ক) ফুলগুৰি বিদ্ৰোহ খ) লাচিমা বিদ্ৰোহ গ) ৰঙিয়া বিদ্ৰোহ ঘ) পথৰুঘাট বিদ্ৰোহ
১০. গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল পোনপ্ৰথমে প্ৰয়োগ কৰিছিল
ক) ভাৰত খ) দক্ষিণ আফ্ৰিকা গ) জাপান ঘ) আমেৰিকা
১১. এচিড বৰষুণ সাধাৰণতে
সৃষ্টি হয়
ক) মেৰু অঞ্চলত খ)
আৰণ্য অঞ্চলত গ) ঔদ্যোগিক অঞ্চলত ঘ) ঘাঁহনি অঞ্চলত
১২. অর্থনৈতিক ভূগোলৰ
পিতৃ কোন আছিল
ক) চি. এফ জনছ খ)
র্জজ ছিজহম গ) ডার্কেনৱাল্ড ঘ) পিটাৰ হেগেট
১৩. ভাৰতৰ প্ৰথম বেংকটি আছিল
বেংক অৱ হিন্দুস্থানে ছপোৱা মুদ্ৰা
ক) ষ্টেট বেংক অৱ
ইণ্ডিয়া খ) বেংক অব ইণ্ডিয়া গ) বেংক অৱ হিন্দুস্থান ঘ)
ৰিজার্ভ বেংক অৱ ইণ্ডিয়া
১৪. তলৰ কোনটো চিৰবিৰাজমান
সম্পদ
ক) সূর্য্যৰ ৰশ্মি খ) শষ্য গ) কয়লা ঘ) উদ্ভিদ
১৫. তলৰ কোন চনত
ভাৰতীয় ৰিজার্ভ বেংক স্থাপিত হৈছিল?
ক) ১৯৩৫ খ) ১৯৩৬ গ) ১৯৩৭ ঘ) ১৯৩৮
২. কেৱল উত্তৰ দিয়া
১. অর্থনৈতিক ভুগোল
কি ?
উত্তৰ:- সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত কার্যকলাপসমূহ
অধ্যয়ন ভুগোলেই অর্থনৈতিক ভূগোল৷
২. মুদ্ৰা কাক বোলে
?
উত্তৰ:- বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা
থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা
যিকোনো সামগ্ৰীকেই মুদ্ৰা বোলে৷
৩. অর্ধ-যুক্তৰাষ্ট্ৰীয়
বুলিলে কি বুজা ?
উত্তৰ:- যি যুক্তৰাষ্ট্ৰত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ
থাকে তেনে যুক্তৰাষ্ট্ৰক অর্ধ-যুক্তৰাষ্ট্ৰীয় (Quasi Federal) বোলে৷ যেনে ভাৰতৰ চৰকাৰ৷
৪. অসমৰ সীমাত লাগি
থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখাভূটানৰ মেপ ভূটানৰ পতাকাত ড্ৰেগন
উত্তৰ:- ভূটান৷
৫. সম্পদ বুলিলে
কি বুজা ?
উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলে৷
যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূর্য্যৰ ৰশ্মি, মাটি গছ-গছনি, ফল-মূল, খনিজ পদার্থ,
শস্য আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ৷
৬. সার্বভৌমত্ব বুলিলে
কি বুজা ?
উত্তৰ:- সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰ এখনৰ সর্বোচ্চ ক্ষমতা৷
৭. খিলাফৎ আন্দোলনৰ
জন্মদাতা কোন ?খিলাফট আন্দোলনৰ জন্মদাতা আলি ভাতৃ খিলাফট আন্দোলন
উত্তৰ:- মৌলানা চৌকত আলি আৰু মহম্মদ আলি৷
৮. সীমান্ত গান্ধীৰূপে
জনাজাত মানুহজনৰ নাম কি ?
৯. বিহিত মুদ্ৰাৰ
সংজ্ঞা দিয়া ?
উত্তৰ:- যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা৷ উদাহৰণ-
ভাৰতত প্ৰচলিত কাগজী আৰু ধাতু মুদ্ৰা৷
১০. শীতল মৰুভূমি
কি ?
উত্তৰ:- মেৰু অঞ্চলৰ বৰফাবৃত্তশীতল মৰুভূমিৰ বৰফ
এলেকাবোৰ শীতল মৰুভুমি৷
১১. বংগদেশত ‘জাতীয়
শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?
উত্তৰ:- ১১ মার্চ, ১৯০৬৷
১২.মণিৰাম দেৱানক
কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উত্তৰ:- মধুমল্লিক৷
১৩. লর্ড মিণ্টো
কোন ?
উত্তৰ:- ইংৰাজ শাসনকালৰ এজন ভাইছৰয় (১৯০৫-১০)
১৪. চৌৰীচৌৰাৰ ঘটনা
কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ:- ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত৷
১৫. বাণিজ্যিক বেংক
কাক বোলে ?
উত্তৰ:- ষ্টেট বেংক অৱ ইণ্ডিয়া৷
১৬. ভাৰত আৰু পাকিস্তানৰ
মাজৰ সীমাৰেখাৰ নাম কি ?
উত্তৰ:- ৰেডক্লিফ ৰেখা৷
১৭. কোনবিধ গেছৰ
বৃদ্ধিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে?
উত্তৰ:- ছালফাৰ ডাই-অক্সাইড৷
১৮. কোনটো আন্দোলনৰ
সময়ত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল ?
উত্তৰ:- ভাৰত ত্যাগ আন্দোলন৷
১৯. ‘বন্দে মাতৰম’ গীতটো কোনে ৰচনা কৰিছিল ?
উত্তৰ:- বংকিমচন্দ্ৰ চট্ৰোপাধ্যায়৷
২০. মণিৰাম দেৱানক
কেতিয়া ফাঁচী দিয়া হৈছিল ?
উত্তৰ:- ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী৷
৩. খালী ঠাই পূৰ কৰা
১. বংগ বিভাজন কার্যকৰী
হৈছিল ১৬ অক্টোবৰ, ১৯০৫৷
২. ভাৰতীয় ৰিজার্ভ বেংক এটা কেন্দ্ৰীয় বেংক৷
৩. পৃথিৱীৰ ভিতৰত
মৰুকৰণৰ দ্বাৰা সর্বাধিক আক্ৰান্ত মহাদেশখনৰ নাম হ’ল উত্তৰ আমেৰিকা৷
৪. ‘বিশ্ব পৰিৱেশ দিৱস’ পালন কৰা হয় ৫ জুন৷
বিশ্ব পৰিৱেশ দিৱসৰ বলুকা ভাস্কর্য
৫. ভাৰত ত্যাগ আন্দোলন
হৈছিল ১৯৪২ চনৰ আগষ্টত৷
৬. ১৯৩০ৰ গান্ধীজীৰ
দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তি গৰাকী হ’ল লীলাধৰ বৰুৱা৷
৭. অসম কেশৰী বুলি
কোৱা হয় অম্বিকাগিৰি ৰায়চৌধুৰী৷
৮. যুক্তৰাষ্ট্ৰৰ
গৃহভূমি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট৷
৯. বংগদেশ একত্ৰীকৰণ
হৈছিল ১৯১১ চনত৷
১০. আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ১৯৪৩ চনত৷
প্ৰথম খণ্ড (ইতিহাস)
৪. স্বদেশী আন্দোলনৰ তিনিটা অৱদান লিখা ? (৩)
উত্তৰ:- স্বদেশী আন্দোলনৰ
তিনিটা অৱদান হৈছে-
ক) বেছিভাগ
মানুহেই আন্দোলনত সমৱেত হ’লে গণ আন্দোলনৰ ৰূপ পায় সেই ৰাজনৈতিক শিক্ষা আন্দোলনৰ পৰা
লাভ কৰিছিল৷
খ) স্বদেশী
আন্দোলনৰ ভাৰতীয় জাতীয় কংগ্ৰেছক এটা বৃহত্তৰ আনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাত সুযোগ
প্ৰদান কৰে৷
গ) স্বদেশী
আন্দোলনৰ মাজেৰে ভাৰতবর্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল৷ অস্ত্ৰৰ দ্বাৰাহে বিপ্লৱৰ
পথ সুগম বুলি প্ৰতিফলিত হৈছিল৷
৫. ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ অসমত বিফল হোৱাৰ দুটা কাৰণ উল্লেখ
কৰা (২)
উত্তৰ:- অসমত ১৮৫৭-৫৮
চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ দুটা কাৰণ উল্লেখ
কৰা হ’ল-
ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল
কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল৷ নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব
পৰা নাছিল৷
খ) বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা
সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷ লগতে মণিৰামৰ
নেতৃত্ব লব পৰা গুণৰ অভাৱ৷ প্ৰতিপক্ষক দুর্বলতা আৰু বুদ্ধিমত্তাক হেওজ্ঞান কৰাটো মণিৰাম
দেৱানৰ ব্যক্তিগত দুর্বলতাৰ নিদর্শন৷
৬. সত্যাগ্ৰহ বুলিলে কি বুজা ? গান্ধীজীয়ে কোন তিনিটা স্থানীয়
সমস্যাৰ ওপৰত ভাৰতত সত্যাগ্ৰহ প্ৰয়োগ কৰিছিল ? (১+৩=৪)
উত্তৰ:- সত্যাগ্ৰহ মানে ‘সত্যৰ প্ৰতি আগ্ৰহ’, অথাৎ সত্যনিষ্ঠ হৈ কাম
কৰা৷ গান্ধীৰ মতে সত্যাগ্ৰহ এক একপক্ষীয় প্ৰতিৰোধ নহয়৷ ইয়াৰ তাৎপর্য হ’ল- জনতাই গভীৰভাৱে
নেৰা নেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰা৷ ইয়াৰ ভিত্তি অহিংসা৷
মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাতে ‘সত্যাগ্ৰহ’ প্ৰথমে আৰম্ভ
কৰিছিল৷ ১৯১৫ চনত ভাৰতলৈ উভতি আহি ভাৰততো সত্যাগ্ৰহ আৰম্ভ কৰিছিল৷ তিনিটা বিবাদৰ বাবে
তেওঁ ভাৰতত প্ৰথমে সহ্যাগ্ৰহ কৰিছিল৷ সেই কেইটা হৈছে-
ক) বিহাৰৰ চম্পাৰণ জিলাৰ নীল খেতিয়ক সকলৰ ওপৰত ভূস্বামীসকলে
কৰা অন্যায়ৰ বিৰুদ্ধে৷
খ) গুজৰাটৰ খেড়াত কৃষকৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে অৰোপ কৰা
অত্যাধিক কৰৰ বিপক্ষে মাত মাতিবলৈ৷
গ) আমেদাবাদত বঞ্চিত মিল শ্ৰমিক সকলৰ হৈ মিল মালিকৰ বিপক্ষে৷
৭. ফুলগুৰি ধেৱাৰ ওপৰত এটি টোকা লিখা৷ (৩)
উত্তৰ:- অসমৰ প্ৰথমটো
কৃষক বিদ্ৰোহ৷ নগাঁও জিলাৰ ফুলগুৰিত কৃষকে আফু খেতি কৰিছিল৷ ১৮৬১ চনত ইংৰাজে এই খেতি
সর্ম্পূণৰূপে বন্ধ কৰি চৰকাৰী কানিৰ প্ৰচলন কৰিব খুজিছিল৷ তদুপৰি তামোল-পাণৰ ওপৰতো
কৰ লগাব বুলি বাতৰি ওলাইছিল৷ এই কথাত ক্ৰোধিত হৈ ১৫ অক্টোবৰৰ পৰা ১৫০০ কৃষকে ৰাইজমেল
পাতিলে৷ ৰাইজে প্ৰথমে সেই সময়ৰ নগাঁও জিলাৰ উপায়ুক্ত লেফটেনেণ্ট হার্বাট স্কন্সে
সহকাৰী উপায়ুক্ত ছিংগাৰক সভাস্থলীলৈ পঠায়৷ তেওঁ প্ৰতিবাদকাৰীৰ দাবীসমূহ অগ্ৰাহ্য
কৰি সেই স্থান ত্যাগ কৰিবলৈ নিদের্শ দিয়াত ৰাইজৰ লগত টনা-আজোৰা লাগে৷ কৃষকসকলৰ এজনে
ছিগাংৰক লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে৷ আনসকলৰ আক্ৰমণত ছিংগাৰ থিতাতে হত্যা কৰি কলং
নদীত পেলায় দিয়ে৷ চৰকাৰী পুলিচ বাহিনীয়ে ভয় খাই পলায় পত্ৰং দিয়ে৷ এই ঘটনাকে ফুলগুৰি
ধেৱা নামেৰে জনা যায়৷ ঘটনাৰ পিছত প্ৰশাসনে বহু কৃষকক কাৰাগাৰত আৱদ্ধ কৰিছিল৷
নাইবা
১৮৯৪ চনৰ
পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটি চমুটোকা লিখা৷
উত্তৰ:- দৰং জিলাৰ পথৰুঘাটত ১৮৯৪ চনৰ জানুৱাৰীৰ
পৰাই বর্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদত ৰাইজমেল অনু্ষ্ঠিত কৰিছিল৷ খবৰ লাভ কৰি জিলাধিপতি
জে ডি এণ্ডাৰছনে সমাবেশ বন্ধ কৰিবলৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটন লগতে
সামৰিক বাহিনীসহ উপস্থিত হয়৷ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত
কৰা কার্যই কৃষকক অধিক ক্ৰোধাম্বিত কৰি তোলে৷ হাজাৰ হাজাৰ কৃষকে হাতে হাতে লাঠি আৰু
বাঁহৰ কামি লৈ আক্ৰমণ কৰিবলৈ সাজু হয়৷ আৰক্ষী অধীক্ষকে শক্তি প্ৰয়োগ কৰি কৃষকক আঁতৰাই
পঠাবলৈ চেষ্টা কৰাত পৰিস্থিতি জটিল হৈ পৰে৷ দলি-চপৰাৰ খুন্দাত কোনেও চকু মেলিব নোৱৰা
অৱস্থা হয়৷ শেষত পুলিচৰ গুলীচালনাত ১৪০ জন কৃষকৰ মৃত্যু হয়৷ বহুতো আহত হয়৷ বিদ্ৰোহ
দমনৰ বাবে বহুকেইজনক কাৰাগাৰলৈ পঠিয়ায়৷ এয়াই আছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহ৷
৮. ১৯২০-২১ চনত গান্ধীজীয়ে কিয়
অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কার্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন
বন্ধ কৰিছিল ? (২+২+১)
উত্তৰ:- ১৯২০-২২ চনত গান্ধীজীয়ে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতক
মুক্ত কৰাৰ দৃঢ় প্ৰতিজ্ঞাৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল৷
অসহযোগ আন্দোলনৰ
কার্যসূচীত আছিল ক্ৰমে-
ক) ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হোৱা ঠায়ে ঠায়ে বিদেশী
বস্ত্ৰ জ্বলাই দিয়া৷
খ) সুৰা বিক্ৰী কৰা দোকান বর্জন কৰা৷
গ) ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়-মহাবিদ্যালয় ত্যাগ৷ ইত্যাদি৷
গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ কৰাৰ মূল কাৰণ আছিল- উত্তৰ প্ৰদেশৰ
গোৰখপুৰ জিলাৰ চৌৰী চৌৰাত ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি৷
পুলিচৰ গুলীত তিনিজনৰ মৃত্যু৷ উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক
হত্যা কৰে৷ এই কাণ্ডই অহিংস নীতি পৰিহাৰ কৰিছে বুলি গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ
কৰিছিল৷
দ্বিতীয় খণ্ড (ভূগোল)
৯. গোলকীয়
উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণবোৰ কি কি ? (৩)
উত্তৰ:- গোলকীয় উষ্ণতা বৃদ্ধি বর্তমান সময়ত মানৱ জাতিৰ বাবে
সংশয়ত পৰিণত হৈছে৷ ইয়াৰ বহুতো কাৰণ আছে৷ তলত তাৰে তিনিটা উল্লেখ কৰা হ’ল-
ক) বায়ুমণ্ডলৰ উত্তাপ
বৃদ্ধিত সর্বাদিক ভূমিকা লোৱা কার্বন-ডাই- অক্সাইডৰ পৰিমাণ বায়ুমণ্ডত অধিক পৰিমাণে
বৃদ্ধি পোৱা৷ শিল্প উদ্যোগৰ পৰৱর্তীকালত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পোৱাত গোলকীয়
উষ্ণতা বৃদ্ধি পাইছে৷
খ) আগ্নেয়গিৰি উদগিৰণৰ
ফলতো বায়ুমণ্ডলত কার্বন-ডাই -অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে৷ এইবোৰে ভূ-পৃষ্ঠৰ
পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰিও গোলকীয় উষ্ণতা বৃদ্ধিত অৱদান আগবঢ়াইছে৷
গ) গছ-গছনি ধ্বংস
আৰু গাড়ী মটৰত জৈৱিক ইন্ধনৰ অধিক ব্যৱহাৰও গোলকীয় গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰক৷
১০. সম্পদ সংৰক্ষণ বুলিলে কি বুজা ? সম্পদ সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ
কৰা ? (১+২=৩)
উত্তৰ:- কোনো ধৰণৰ
বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰৰ কার্যকে সম্পদ সংৰক্ষণ
বোলে৷
সম্পদ সংৰক্ষণৰ দুটা
পদ্ধতি তলত উল্লেখ কৰা হ’ল-
ক) বিকল্প সম্পদৰ
সন্ধান:- বহুলভাৱে ব্যৱহৃত সম্পদ এটাৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্ভাৱনা
উদঘাটৰ বাবে জৰীপ আৰু উদঘাটৰ বাবে গৱেষণা কৰাৰ প্ৰয়োজন আছে৷ উদাহৰণ- কয়লা, খনিজ তেল
ব্যৱহাৰৰ সময়তে সৌৰশক্তি, বতাহ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা৷
খ) অভিযোজন বা
নৱপ্ৰচলন:- প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ
অভিযোজন প্ৰক্ৰিয়াৰে প্ৰয়োগ কৰি সম্পদ সংৰক্ষণ
কৰিব পাৰি৷ উদাহৰণ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সলনি জৈৱ সাৰ আৰু জৈৱ কীটনাশক আদি প্ৰয়োগ
কৰিব পাৰি৷
১১. মৰুকৰণ বুলিলে কি বুজা ? ইয়াৰ দুটা কাৰণ উল্লেখ
কৰা ? (১+২=৩)
উত্তৰ:- ‘মৰুকৰণ বুলিলে এনে
এটা প্ৰক্ৰিয়াক বুজা যায় যি ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভুমিলৈ ৰূপান্তৰিত
কৰে৷ মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস কৰে৷
মৰুকৰণৰ দুটা কাৰণ
উল্লেখ কৰা হ’ল-
ক) বৃষ্টিপাতৰ অভাৱত
খৰাং বতৰ সৃষ্টি আৰু গোলকীয় উত্তাপ বৃদ্ধি মৰুকৰণৰ প্ৰাকৃতিক কাৰণ৷
খ) অত্যাধিক পশুচাৰণ,
কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংস৷
১২. সম্পদ পৰিৱর্তনশীল ব্যাখ্যা
কৰা ৷ (৪)
উত্তৰ:- মানুহৰ জীৱন
ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই সম্পদ৷ সম্পদ পৰিৱর্তনশীল৷ কোনো এটা সামগ্ৰী
নিস্ত্ৰীয় হৈ থাকিলেও মানুহৰ দ্বাৰা ব্যৱহৃত হৈ মানৱ কল্যাণত পৰিণত হ’ব পাৰে৷ উদাহৰস্বৰূপে
মানুহে যেতিয়ালৈকে শক্তি উৎপাদন কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছইল তেতিয়ালৈকে সেইবোৰ
কেৱল নিৰপেক্ষ সামগ্ৰী হৈ আছিল৷একেদৰে কিছুমান সম্পদে প্ৰতিৰোধকৰ ৰূপ লৈ মানুহৰ অপকাৰো
সাধন কৰে৷ উদাহৰণৰূপে পশ্চিমবংগত বানপানী সৃষ্টি কৰা দামোদৰ নদী৷ কিন্তু নদীখনত
বান্ধ দি তাৰ পৰা বর্তমান বিদ্যুৎ শক্তি উৎপাদন কৰা হৈছে৷ সেইবাবে সম্পদৰ পৰিৱর্তনশীল
বৈশিষ্ট্যৰ বাবে বর্তমান উপকাৰী সম্পদ এটাও পিছলৈ অপকাৰী বা নিস্ত্ৰীয় সামগ্ৰীলৈ ৰূপান্তৰিত
হ’ব পাৰে৷দামোদৰ নদীৰ অৱবাহিকা
১৩. পৰিৱেশৰ
সমস্যাবোৰক কি কি ভাগত ভাগ কৰা হৈছে? (৩)
উত্তৰ:- আমাৰ পৃথিৱীখনৰ
লগতে মানৱ সমাজ নানা ধৰণে পৰিৱেশৰ সমস্যাৰ সম্মুখীন হৈছে৷ সমস্যাৰ গুৰিতে আছে ক্ৰমে
বৃদ্ধি পাই অহা মানুহৰ কার্য-কলাপ৷ পৰিৱেশৰ বহুতো সমস্যা আছে৷ সেইবোৰক তলত দিয়া ধৰণে
ভাগ কৰা হৈছে-
ক) প্ৰদূষণ (মাটি,
বায়ু আৰু পানী প্ৰদূষণ) খ) মৰুকৰণ গ) ভুমিখষ্খলন, ঘ) ভূমিক্ষয়, ঙ) গোলকীয় উত্তাপ বৃদ্ধি
(সেউজগৃহ প্ৰভাৱ) চ) কৃত্ৰিম বান, ছ) সাগৰপৃষ্ঠৰ
উত্থান আদি৷
তৃতীয় খণ্ড (ৰাজনীতি বিজ্ঞান
আৰু অর্থনীতি বিজ্ঞান)
১৪. ভাৰতৰ
যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা৷ (২)
উত্তৰ:- ভাৰতীয় যুক্তৰাষ্ট্ৰীয়
পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা হ’ল-
ক) ভাৰতীয় যুক্তৰাষ্ট্ৰত
অংগৰাজ্য সমূহৰ বিলগ্ন হোৱাৰ অধিকাৰ আৰু সুকীয়া
সংবিধানৰ ব্যৱস্থা নাই৷
খ) ভাৰতীয় যুক্তৰাষ্ট্ৰত
দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই৷ এজন নাগৰিক একমাত্ৰ ভাৰতৰ নাগৰিক৷
১৫. ভাৰতীয়
সংসদীয় গণতন্ত্ৰৰ লগত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মূল পার্থক্য কি ? (২)
উত্তৰ:- ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ
মাজত থকা মূল পার্থক্য কেইটা হৈছে-
ক) ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য হোৱাৰ
বিপৰীতে ইংলেণ্ডৰ গণতন্ত্ৰ গণৰাজ্য নহয়৷ ইংলেণ্ডৰ ৰজা বা ৰাণীৰ বিপৰীতে আমাৰ দেশত ৰাষ্ট্ৰপতিক
জনগণৰ দ্বাৰা নির্বাচিত কৰা হয়৷
খ) ভাৰতবর্ষৰ উচ্চ
সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লর্ডছতকৈ বহু পৃথক৷
১৬. মুদ্ৰাৰ
দুটা কার্য লিখা৷
উত্তৰ:- মুদ্ৰাৰ দুটা কার্য হৈছে-
ক) মুদ্ৰাই সা-সামগ্ৰীৰ
মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে৷
খ) মুদ্ৰাই স্থগিত
দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে৷
১৭. বিনিময় প্ৰথা কাক বোলে ?
বিনিময় প্ৰথাৰ তিনিটা অসুবিধা লিখা (১+৩=৪)
উত্তৰ:- সামগ্ৰীৰ
বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়কেই বিনিময় প্ৰথা বোলে৷
বিনিময় প্ৰথাৰ বহুতো
অসুবিধা আছে৷ তাৰে তিনিটা উল্লেখ কৰা হ’ল-
ক) সংগতিহীন অভাৱ:-
দুজন ব্যক্তিৰ অভাৱৰ সংগতি নাথাকিলে বিনিময়ত বাধা আহি পৰে৷
খ) হিচাপ নিকাচত
উমৈহতীয়া এককৰ অভাৱ:- বিনিময় ব্যৱস্থাত কোনো উমৈহতীয়া একক নথকাৰ বাবে মূল্য নির্ধাৰণৰ
অসুবিধা সৃষ্টি হয়৷
গ) বিভাজনীয়তাৰ অভাৱ:-
বিনিময় ব্যৱস্থাত কিছউমান সামগ্ৰী সৰু সৰু অংশলৈ ভাগ কৰিব নোৱৰাৰ অসুবিধাই দেখা দিয়ে৷
১৮. কেন্দ্ৰীয়
বেংকৰ যিকোনো দুটা কার্য লিখা ৷
উত্তৰ:- কেন্দ্ৰীয় বেংকৰ দুটা কার্য উল্লেখ কৰা হ’ল-
ক) কেন্দ্ৰীয় বেংকে
কাগজী মুদ্ৰা ছপা কৰে:- এখন দেশত মুদ্ৰা
ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটীয়া অধিকাৰ৷ বাকী বেংকৰ এই অধিকাৰ নাথাকে৷ উদাহৰণ-ভাৰতবর্ষত
ৰির্জাভ বেংকে মুদ্ৰা ছপা কৰে৷
খ) কেন্দ্ৰীয়
বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে:- দেশ
এখনত বাজেটত প্ৰয়োজন হোৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হ’লে বাজেট
ঘাটিয়ে দেখা দিয়ে৷ তেতিয়া কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰে চৰকাৰক সাহায্য আগবঢ়ায়৷
১৯. আভ্যন্তৰীণ মূল্যায়ণ৷
0 মন্তব্যসমূহ