ভ্ৰাম্যমাণ থিয়েটাৰ- মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী/ অনুলেখন-
এলেক্স ফিগো৷
বুক ৱর্ল্ড পাব্লিকেশ্বন/ প্ৰথম প্ৰকাশ-২০১০/ মূল্য-১০০/ মুঠ
পৃষ্ঠা- ১২৮ (লগতে ১৪ পৃ্ষ্ঠাৰ ফটো)
সম্পাদিত আলোচনী দীপাৱলীৰ প্ৰথম সংখ্যা লৈ লহকৰ

কিতাপখনৰ বিষয়ে:- অসমত প্ৰথমবাৰৰ বাবে নটৰাজ থিয়েটাৰৰ যোগেদি
ভ্ৰাম্যমাণ থিয়েটাৰৰ ধাৰণা প্ৰর্ৱতন কৰোতা অচ্যুত লহকৰ (১৯৩১-২০১৩) সকলোৰে চিনাকি৷
দীপাৱলী নামৰ আলোচনী সম্পাদনা কৰা আৰু ব্লেকমণি নামৰ চলচিত্ৰ নির্মাতাগৰাকীয়ে বহুকেইখন
নাটকো লিখিছিল৷ এইগৰাকী ব্যক্তিৰ জীৱন কথা অনুলেখন পদ্ধতিৰ সহায়ত লিখি উলিওৱাত অসমৰ
ভ্ৰাম্যমাণ জগতখনৰ বহু নজনা কথা পাঠকে পঢ়িবলৈ সক্ষম হ’ব৷ অনুলেখক
এলেক্স ফিগোৱে নিজৰ কলমত কিতাপখনৰ কেনেকৈ লিখিছিল সেই কথা কৈছে, ‘নায়ক অচ্যুত লহকৰ
কাইলৈ মহানায়ক হ’ব সেয়া সময়ৰ দস্তৰ৷ জীৱিত কালত ভ্ৰাম্যমাণৰ পিতামহ গৰাকীৰ সম্পূর্ণ
পর্য্যায়ৰ আত্মজীৱনী এখন অসমবাসীয়ে বৰকৈ আশা কৰিছিল৷ কিন্তু ব্যস্ততাপূর্ণ চল্লিশ বছৰীয়া সুদীর্ঘ ভ্ৰাম্যমাণ
জীৱণত নিজৰ মনৰ ৰংবোৰ থূপীকৃত কৰিবলৈ তেওঁ হয়তো সুযোগ আৰু সময় উলিয়াব নোৱাৰিলে৷চাওঁতে
চাওঁতে বার্দ্ধক্যৰ ৰণাংগনত ক্ৰমশঃ পোত গ’ল তেওঁৰ জীৱন ৰথৰ চকা৷ বহু পৰিকল্পনাৰ অন্তত
২০০৯ চনৰ ১৮ জুন তাৰিখে অচ্যুত লহকৰৰ ঘৰলৈ গৈ তেখেতক প্ৰস্তাৱ দিলো যে অনুলেখন পদ্ধতিৰে
মই আপোনাৰ জীৱনৰ বর্ণময় অধ্যায়বোৰ লিপিবদ্ধ কৰিব ওজো. মোৰ প্ৰস্তাৱত বিছনাত শুই থকা
প্ৰৌঢ়, ৰোগক্লিষ্ট অচ্যুত লহকৰে শিশুৰ দৰে ফেঁকুৰি ফেঁকুৰি কৈছিল- ‘তোমাৰ প্ৰস্তাৱতেই
মোৰ জীৱনৰ আয়ুসৰেখা হ’ব৷ হয়৷ হয়তো৷ মোৰ মনত বহুত কব;গীয়া কথা আছে৷ যদিও বয়স আৰু নানা
বেমাৰে মোক জুৰুলা কৰিছে, মই আজিও ভাবিব পাৰো বহুতৰ দৰে৷ দিনৰ দিনটো বিছনাখনতে নিসংগভাৱে
পৰি থাকো৷ আহিবা৷ মই কৈ যা৷ বুকুত ভাগৰ নলগালৈকে মই কৈ যাম৷ আজি যদি কৈ কৈ ভাগৰি পৰো
কাইলৈ ক’ম৷ কাইলৈ ভাগৰি পৰিলে আকৌ পৰহিলৈ কম..”
কিতাপখনৰ পৰা এছোৱা
“প্ৰথম নিশা (১৯৬৩, ২ অক্টোবৰ) মোৰ টায়াৰৰ ষ্টেজখন কঁপি উঠিছিল”
"সিদিনা ১৯৬৩ চনৰ ২ অক্টোবৰ৷
গান্ধী জয়ন্তী৷ শুভাৰম্ভৰ নাট্য নিশাটোৰ বাবে আমাৰ যো-জা চলিছে. পাঠশালাৰ
হৰিমন্দিৰ প্ৰাংঙ্গনত সজোৱা অস্থায়ী প্ৰেক্ষাগৃহত সন্ধিয়াৰ আগে আগে লাইট জ্বলিছিল৷
ভাৱৰীয়াসকলে মেকআপ লৈছে, প্ৰেক্ষাগৃহলৈ মানুহৰ লানি নিচিগা
সোঁত বৈছে, অগণন দর্শক ৰাইজ দেখি সিদিনা মোৰ ভয়ো লাগিছিল,
ভালো লাগিছিল৷ ভাবিছো যদি দর্শকে আশা কৰা মতে একো নাপায়! তেতিয়া
হয়তো গালি পাৰি যাবগৈ৷ নটৰাজক প্ৰণিপাত জনালো- মোৰ আশাক তুমি জীয়াই তোলা৷ খন্তেক
পিছতে হর্ষধ্বনিৰে নাটক আৰম্ভ হ’ল--- ‘ভোগজৰা’৷ প্ৰথম
কেইটামান দৃশ্য নাটকখন ঠিকেই চলি গ’ল৷ কিন্তু মাজভাগৰে পৰা লক্ষ্য কৰিলো৷ মোৰ
টায়াৰৰ চকা সংলগ্ন ঠেলা ষ্টেজখন কঁপিছে, আনকি মঞ্চৰ ছেটটোও
দুৰু-দুৰুকৈ কঁপা পৰিলক্ষিত হ’ল৷ মঞ্চখন কঁপিবলৈ ধৰাত মোৰ মনটো সেমেকি উঠিল৷ সেই
সময়ত কঁপনিটো বন্ধ কৰিবলৈ মোৰ কোনো উপায়ো নাছিল৷ ইপিনে মঞ্চৰ লাইটৰ গোটেইখনি
দায়িত্ব মোৰ৷ লাইটৰ কামখিনি মই আউল নলগাকৈ চলাই গৈছো, কিন্তু
মঞ্চৰ কঁপনিটোৱে যে মোক বিপদত পেলাব ভবা নাছিলো৷ তথাপি নাটক চলি গৈ আছে৷ দর্শকে
কোনোধৰণৰ গণ্ডগোল কৰা নাই৷ সেই মুহুর্তত মোৰ সিদ্ধান্ত কাইলৈ শ্বো বন্ধ ৰাখি
ষ্টেজখনৰ আঁসোৱাহখিনি মাৰিব লাগিব৷ আকৌ এটা চিন্তা আহিল- এই কথাখিনি মই দর্শকক
কেতিয়া ক’ম৷ নাটক শেষ হোৱাৰ পিছত ক’লেও ভাল নালাগিব৷ লগে লগে মূৰত এটা বুদ্ধি
খেলালে- কথাখিনি শেষ দৃশ্যৰ আগে আগে ক’ম৷ ইতিমধ্যে শেষ দৃশ্যটি আৰম্ভ হওঁ হওঁ৷ মই
ড্ৰপমেনক ক’লো- ড্ৰপখন নাদাঙিবি/নুতুলিবি৷ এইখিনিতে এটা ঘোষণা আছে৷ লগে লগে হলৰ
লাইট জ্বলাই দি নেপথ্যৰ পৰা দর্শকৰ উদ্দেশ্য মাইকত ক’বলৈ ধৰিলো-অচ্যুত লহকৰ
“শ্ৰদ্ধাৰ দর্শক
ৰাইজ আৰু এটা দৃশ্যৰ পিছতে আমাৰ ভোগজৰা নাটকৰ অন্ত পৰিব৷ ভৱিষ্যতলৈ আপোনাসবৰ সহায়
সহযোগিতাক আমি শ্ৰদ্ধা সহকাৰে স্বীকাৰ কৰিম৷ আপোনালোকৰ মৰম আৰু হিয়াভৰা আর্শীবাদেই
এই নতুন নাট্য অনুষ্ঠান নটৰাজ থিয়েটাৰৰ আয়ুসৰেখা হ’ব৷ আমি আপোনাসবক দুখেৰে জনাও যে
আমাৰ কিছুমান কাৰিকৰী দিশৰ উন্নতিৰ বাবে আমি দুদিনমান নাটক বন্ধ ৰখাৰ কথা ভাবিছোঁ৷
তাৰ পিছত আমি আকৌ আপোনালোকৰ সম্মুখত নাট প্ৰদর্শন কৰিম৷”
এই ঘোষণাটো কৰাৰ লগে লগে মোৰেই থিয়েটাৰত মিস্ত্ৰী
হিচাপে বিশেষভাৱে সহযোগ আগবঢ়োৱা শ্ৰী ৰজনী দত্তই দৌৰি আহি ক’লে- ‘অ’ দাদা কিয় নাটক
বন্ধ ৰখাৰ কথা ক’লে ? ষ্টেজৰ কঁপনি-চপনি মানুহে একো গম
পোৱা নাই ৷ মানুহ পাগল হৈছে৷ কাইলৈ ইয়াতকৈ বেছি মানুহ হ’ব৷ কাইলৈও নাটক হ’ব বুলি
ঘোষণাটো কৰি দিয়ক৷’
মই কিন্তু নাটক
হ’ব বুলি ঘোষণাটো নিদিলো৷ কিন্তু পিছদিনাখন এই ৰজনী দত্ত নামৰ মিস্ত্ৰীজনে এনে এটা
বুদ্ধি লগাই দিলে, যাৰ ফলত আগদিনাতকৈ পিছদিনাখন ষ্টেজৰ
জোকাৰণিটো বহুত কমি গ’ল৷ আৰু ৰাতি যে নাটক নকৰিম বুলি কৈছিলো সেই প্ৰচাৰটো কোনোৱেই
নুশুনিলেই নেকি ! ! পুৱা টোপনিৰ পৰা উঠি দেখো- আমাৰ পদূলিমুখত নাটকৰ বাবে টিকট
বিচাৰি শ শ মানুহৰ আগমন ঘটিছে৷ দর্শকৰ হেতা ওপৰা দেখি মোৰ আনন্দত চকু পানী ওলাই
গৈছিল৷ সেই সময়ত মই ভাবিছিলো- মোৰ পথ শুদ্ধ৷ আমাৰ পদুলিমুখত শ শ দর্শকৰ আগমনটোৱেই
নতুনকৈ জন্মপোৱা থিয়েটাৰৰ বাবে প্ৰথমটো আশাৰ ৰেঙণি আছিল৷" (পৃষ্ঠা ২৭-
২৯ পৃষ্ঠা)
লেচেৰি:- প্ৰথম বর্ষৰ নাট্যবর্ষত
অচ্যুত লহকৰৰ নটৰাজ থিয়েটাৰৰ নাটককেইখন উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’, ফণী শর্মাৰ ‘ভোগজৰা’, অতুলচন্দ্ৰ হাজৰিকাৰ
‘টিকেন্দ্ৰজিৎ’ আৰু অনুদিত নাট ‘হায়দৰ আলি’৷ সেই বছৰৰ বিভিন্ন কর্মকর্তা সকল
আছিল:-
উপদেষ্টা- বিষ্ণু ৰাভা, ড:
কৃষ্ণ লহকৰ, ধৰণী গোস্বামী৷
নাট্য পৰিচালনা- চন্দ্ৰ চৌধুৰী৷
নৃত্য পৰিচালনা- কালৱন্ত সিং, ৰবীন
দাস৷ যন্ত্ৰসংগীত পৰিচালনা:- প্ৰভাত শর্মা, চন্দ্ৰ চৌধুৰী৷
পৰিকল্পনা- অচ্যুত লহকৰ৷
কলা পৰিকল্পনা- আদ্য শর্মা৷
ৰূপাঙ্কন- আদ্য শর্মা, গজেন
বৰুৱা, ত্ৰৈলোক্য দত্ত৷
সহযোগী- প্ৰমোদ ৰায়৷
আলোক পৰিচালনা- অচ্যুত লহকৰ৷
____________________________________________
নটৰাজ থিয়েটাৰক গুৱাহাটীৰ টাউন ক্লাবৰ সাহায্যর্থে
১৯৬৩-৬৪ বর্ষত ৰাধাগোবিন্দ বৰুৱাই মাতি নিয়াইছিল৷ জর্জ খেলপথাৰত নাটক চাই তেখেতে
বাতৰিকাকত থিয়েটাৰক ‘বিশ্বৰ সর্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ বুলি প্ৰকাশ কৰে৷
তেতিয়াৰ পৰা থিয়েটাৰক অসমত ভ্ৰাম্যমাণ নামেৰে জনা গৈছে৷
0 মন্তব্যসমূহ