দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ২০২২ ডিব্ৰুগড় জিলা

 

ছমহীয়া পৰীক্ষা ২০২২/ দশম শ্ৰেণী/ ডিব্ৰুগড় জিলা



১. তলত দিয়া প্ৰশ্নবিলাকৰ শুদ্ধবোৰ বাছি উলিওৱা

ক) লর্ড কার্জনৰ পিছত ভাৰতত কোন ভাইচৰয় পদত অধিস্থিত হৈছিল ?

i) লর্ড মিণ্টো ii) লর্ড উইলিয়াম বেণ্টিংক iii) লর্ড ডেলহাইচী iv) লর্ড মাউণ্টবেটেন৷

লর্ড মিণ্টো

* লর্ড মিণ্টোৱে ১৯০৫-১০ চনলৈ পদবীত আছিল৷ তেওঁৰ দিনতে মর্লে-মিণ্টো সংস্কাৰ হৈছিল৷

খ) ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন কোন চনত প্ৰৱর্তন কৰিছিল ?

i) ১৭৫৩ ii) ১৭৬৭ iii) ১৭৭৩ iv) ১৮৫৭

* এই আইন প্ৰৱর্তন কৰি বংগ প্ৰেছিডেন্সিৰ গৱর্ণৰ পদটো ‘গৱর্নৰ জেনেৰেল’ পদলৈ উন্নীত কৰিছিল৷

গ) ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছৰ অধিবেশনত কোনে সভাপতিত্ব কৰিছিল ?

i) উমেশচন্দ্ৰ বেনার্জী ii) আনন্দমোহন বসু iii) দাদাভাই নৌৰজী iv) জৱাহৰলাল নেহেৰু

* এইখন কংগ্ৰেছ অধিবেশনত ভাৰতীয়সকলে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল৷

ঘ) চৌৰাচৌৰীৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

 i) ৬ এপ্ৰিল, ১৯১৯ ii) ৫ ফেব্ৰুৱাৰী, ১৯২২ iii) ৩১ জানুৱাৰী, ১৯৩০ iv)৮ আগষ্ট ১৯৪২


চৌৰি চৌৰা  সংঘর্ষ

* উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত অৱস্থিত এইখন গাঁৱৰ থানত অগ্নিসংযোগ কৰি ২২ জন পুলিছক হত্যা কৰা হৈছিল৷

ঙ) অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নির্ধাৰণৰ বিৰুদ্ধে কোনে মফর্ট মিলছক আর্জি লিখিছিল ?

i) পিয়লি বৰুৱা ii) মণিৰাম দেৱান iii) মহাত্মা গান্ধী iv) আনন্দৰাম ঢেকীয়াল ফুকন

আনন্দৰাম ঢেকিয়াল ফুকন

* আর্জিখন প্ৰদান কৰিছিল ১৮৫৩ চনত৷

চ) তলৰ কোনটো চনত ব্ৰিটিছ সকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল ?

i) ১৮৪৩ ii) ১৮৫৭ iii) ১৮৬০ iv) ১৮৬৩

* দাস প্ৰথাৰ বিলুপ্তিত অভিযাত শ্ৰেণীৰ মানুহখনিয়ে প্ৰতিবাদ কৰিছিল৷

ছ) ‘জোনাকী’ৰ প্ৰথম সম্পাদক কোন আছিল ?

 i) হেমচন্দ্ৰ গোস্বামী ii) লক্ষ্মীনাথ বেজবৰুৱা iii) চন্দ্ৰকুমাৰ আগৰৱালা iv) হেমচন্দ্ৰ বৰুৱা

চন্দ্ৰকুমাৰ আগৰৱালা

জ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ নহয় ?

i) কয়লা ii) প্ৰাকৃতিক গেছ iii) খনিজ তেল iv) বায়ু

ঝ) তলৰ কোনবিধ সম্পত্তিৰ শ্ৰেণীত অন্তর্ভুক্ত ?

i) সূর্য্যৰ ৰশ্মি ii) জনস্বাস্থ্য iii) ৰাসায়নিক কীটনাশক দ্ৰব্য iv) পানী

ঞ) অসমৰ ব্ৰক্ষ্মপুত্ৰ বা বৰাকৰ বানপানীৰ সমস্যা এটা-

 i) স্থানীয় সমস্যা ii) আঞ্চলিক সমস্যা iii) আর্ন্তজাতিক সমস্যা iv) ব্যক্তিগত সমস্যা

ট) তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে ?

i) আর্গন ii) কার্বন-মন’ অক্সাইড iii) নাইট্ৰজেন iv) ছালফাৰ ডাই-অক্সাইড

এচিড বৰষুণ

ঠ) প্ৰাকৃতিকভাৱে এছিয়া মহাদেশক ইউৰোপ মহাদেশৰপৰা কিহে পৃথক কৰিছে ?

i) ইউৰাল পর্বতমালা ii) ককেচাচ পর্বত iii) কাস্পিয়ান সাগৰ iv) হিমালয় পর্বতমালা

ইউৰাল পর্বত

ড) মাটিকালি হিচাপে পৃথিৱীৰ সর্ববৃহৎ দেশখন হ’ল-    

i) ভাৰতবর্ষ ii) চীন iii) ৰাছিয়া iv) ফ্ৰাঞ্চ


ঢ) ভাৰতৰ সংবিধান প্ৰস্তুত কৰোঁতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱর্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধানক অনুসৰণ কৰা হৈছিল ?

i) আমেৰিকা ii) কানাডা iii) চীন iv) ইংলেণ্ড


ণ) ভাৰতীয় ৰিজার্ভ বেংক স্থাপিত হৈছিল-

i) ১৭৭০ ii) ১৯২৬ iii) ১৯৩৫ iv) ১৯৫০


২. খালী ঠাই পূৰোৱা-

ক) বংগ-ভংগ কার্যকৰী হোৱাৰ দিনা (১৬ অক্টোবৰ, ১৯০৫) বংগবাসীয়ে শোক দিৱস পালন কৰিছিল৷

খ) ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ৷


গ) মণিৰাম দেৱানে অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল৷

ঘ) IUCN প্ৰতিষ্ঠিত হোৱা বর্ষটো আছিল ১৯৪৮


ঙ) এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক ক্ষেত্ৰত আগবঢ়া অঞ্চলত৷

চ) মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম শৃংগ৷


ছ) আমেৰিকাত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে৷

জ) প্ৰস্তাৱনা হ’ল সংবিধানৰ পাতনি৷


ঝ) ছিদবিৰ মূখ্য কার্য্যলয় লক্ষ্নৌ ত অৱস্থিত৷


ঞ) মুদ্ৰাৰ ক্ৰমবিকাশত দ্বিতীয় স্তৰত জন্তু বিশেষকৈ ছাগলীক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল৷

প্ৰথম খণ্ড- ইতিহাস

৩. ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি কাক কোৱা হয় ?

উত্তৰ :- বংগ বিভাজন (চিপাহী বিদ্ৰোহ আছিল প্ৰথমটো উল্লেখনীয় ঘটনা)

৪. কোন পোনপ্ৰথমে ‘নাইটহুড’ উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল ?

উত্তৰ :- গোপাল কৃষ্ণ গোখলে৷


৫. লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক একক ভাৱে প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰ :- মহাত্মা গান্ধী৷

৬. ভাৰতত কেতিয়া ‘পূর্ণ স্বৰাজ দিৱস’ পালন কৰা হৈছিল ?

উত্তৰ :- ১৯৩০ চনৰ ২৬ জানুৱাৰী৷


৭. ১৮৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰ :- উকিয়াং নবা৷

৮. কোন চনত টিকট কৰ প্ৰৱর্তন কৰা হৈছিল ?

উত্তৰ :- ১৮৫৮ 

৯. আহোম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰ :- পদ্মনাথ গোহাঁই বৰুৱা৷

১০. মণিৰাম দেৱানৰ লগত কাক ফাঁচী দিয়া হৈছিল?

উত্তৰ :- পিয়লি বৰুৱা

১১. আছাম এছ’চিয়েছন প্ৰথমখন অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰ :- ডিব্ৰুগড় চহৰত৷  

১২. স্বদেশী আন্দোলনৰ দুটা অৱদান উল্লেখ কৰা৷

উত্তৰ :- স্বদেশী আন্দোলনৰ দুটা অৱদান হৈছে-

ক) এই আন্দোলনে ভাৰতীয় জনতাক গণ-আন্দোলনৰ সর্ম্পকে এটা ৰাজনৈতিক শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছিল৷

খ) স্বদেশী আন্দোলনে ভাৰতীয় নাৰীৰ আন্দোলনৰ প্ৰৱণতা গঢ়ি উঠাত সহায় কৰিছিল৷

১৩. যোৰহাট সার্বজনিক সভাৰ দুটা উদ্দেশ্য লিখা৷

উত্তৰ :- যোৰহাট সার্বজনিক সভাৰ দুটা উদ্দেশ্য হৈছে- ক) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা৷

খ) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা৷

১৪. ভাৰতত স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল বর্ণনা কৰা৷

উত্তৰ :- বংগ বিভাজনৰ বিৰোধিতাৰৰে আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ সময়ছোৱাত বংশদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল৷ স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পোৱাত কুটিৰ শিল্প আৰু ডাঙৰ শিল্প, জাতীয় বেংক, স্বদেশী বীমা কোম্পানীৰ চাহিদা বৃদ্ধি পাইছিল৷ তাৰ ফলস্বৰূপে বংগদেশত আত্মশক্তি আৰু আত্মনির্ভশীলতাৰ বাতাবৰণ গঢ়িবলৈ বহুতো ব্যক্তিয়ে স্বদেশী উদ্যোগ-প্ৰতিষ্ঠান স্থাপন কৰিছিল৷ ব্যৱসায় বাণিজ্য আৰু শিল্পৰ ক্ষেত্ৰত বংগদেশত স্থাপিত স্বদেশী প্ৰতিষ্ঠানৰ বিকাশ   তলত উল্লেখ কৰা হ’ল

ক) ৰবীন্দ্ৰনাথ ঠাকুৰৰ- স্বদেশী ভাণ্ডাৰ (১৮৯৭) বস্ত্ৰ প্ৰতিষ্ঠান৷

খ) যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেন- বউবজাৰৰ ‘ইণ্ডিয়ান ষ্টোৰছ’ (১৯০৫) ত সকলো স্বদেশী সামগ্ৰী৷

গ) সৰলা দেৱী- বিধান সৰণীত স্থাপিত ‘লক্ষী ভাণ্ডাৰ’ (১৯০৩)৷

ঘ) আব্দুল হালিম গজনবি- লাল বজাৰত প্ৰতিষ্ঠিত ‘ইউনাইটেড বেংগল ষ্টোৰছ’ (১৯০৬)৷

ঙ) নীলৰতন সৰকাৰ- ‘বংগলক্ষী কটন মিল’ (১৯০৬, ১ আগষ্ট)৷

চ) আচার্য প্ৰফুল্লচন্দ্ৰ ৰায়- ‘বেংগল কেমিকেলছ’ (১৯০৬, ২৫ জুলাই)৷

ছ) জামছেদজী টাটা- লৌহ শিল্প কাৰখানা (১৯০৭) ইত্যাদি৷

এনেদৰে স্বদেশী আন্দোলনৰ সময়ত বংগদেশত জাতীয় শিল্পৰ বিকাশ হৈছিল৷

১৫. কি কি কাৰণত অসমত ১৯৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হৈছিল উল্লেখ কৰা৷

উত্তৰ :- অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ বহুকেইটা কাৰণ আছে৷ সেইবোৰ তলত উল্লেখ কৰা হ’ল-

ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল৷ নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব পৰা নাছিল৷

খ) বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত  হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷ লগতে মণিৰামৰ নেতৃত্ব লব পৰা গুণৰ অভাৱ৷ প্ৰতিপক্ষক দুর্বলতা আৰু বুদ্ধিমত্তাক হেওজ্ঞান কৰাটো মণিৰামদেৱানৰ ব্যক্তিগত দুর্বলতাৰ নিদর্শন৷

গ) নতুন মধ্যবিত্ত শ্ৰেণীটোৰ বিদ্ৰোহৰ প্ৰতি উৎসাহ নাছিল৷ তেওঁলোকে পুনৰ আহোম ৰাজতন্ত্ৰ হোৱাটো বিচৰা নাছিল আৰু বিদ্ৰোহৰ প্ৰতি সমর্থন আৰু সহানুভূতি প্ৰদর্শন নকৰিছিল৷

অথবা

অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুপ্ত সর্ম্পকে আলোচনা কৰা৷

উত্তৰ :- ১৮৫৭ চনৰ বিদ্ৰোহক অসমৰ বাবে ঐতিহাসিক গুৰুপ্তপূর্ণ বুলি অভিহত কৰিব পৰা যায়৷ ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিলেও এই বিদ্ৰোহে অসমক সর্বভাৰতীয় ঘটনাৰ লগত জড়িত কৰিছিল৷ ১৮৬১ চনৰ পৰা আৰম্ভ হোৱা অসমৰ কৃষক বিদ্ৰোহ সমূহক চিপাহী বিদ্ৰোহৰ অনুপ্ৰাণিত কৰিছিল৷

এই বিদ্ৰোহে অসমত হিন্দু আৰু মুছলমানৰ মাজত সম্বন্ধ ৰক্ষা কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল৷

একেদৰে ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অনান্য সংগ্ৰামীৰ দৰে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী সকলৰ কর্মই সকলোকে অনুপ্ৰাণিত কৰিছে৷ সেইবাবে অসমত ১৯৫৭ চনৰ বিদ্ৰোহৰ গুৰুপ্ত আছে বুলিব পাৰি৷

 ১৬. আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণসমূহ লিখা৷ গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল ?

উত্তৰ :- আইন অমান্য আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্ত্বত আৰম্ভ হোৱাৰ কেইবাটাও কাৰণ আছিল৷ তাৰে দুটাৰ প্ৰধান কাৰণ হৈছে-

ক) ব্ৰিটিছ চৰকাৰে গঠন কৰা চাইমন কমিছন৷ মণ্টেগো চেমচফর্ড সংস্কাৰ কিমানদূৰ কৃতকার্য হৈছিল তাক অনুসন্ধানৰ বাবে গঠিত এই কমিছনত এজনো ভাৰতীয় প্ৰতিনিধি নথকাত কমিছনৰ প্ৰতিবাদত ১৯২৮ চনত বংগদেশত হৰতাল অৰম্ভ হৈছিল৷

খ) বৃট্ৰিছ চৰকাৰে ভাৰতীয়ক ডমিনিয়ন ব্যৱস্থা প্ৰৱর্তন নকৰাৰ বাবেও আইন অমান্য আন্দোলন আৰম্ভ হৈছিল৷

গ) লর্ড আৰউইনলৈ গান্ধীয়ে ১১ টা দাবীৰ এখন চৰম পত্ৰ লিখি মাদক দব্য প্ৰচলন বন্ধ, টকা আৰু ষ্টালির্ঙৰ অনুপাত সলনি, বিদেশী কাপোৰত শুল্ক হ্ৰাস, সৈন্য বাহিনীত ব্যয় কমোৱা, সকলো ৰাজনৈতিক বন্দীক মুক্তি প্ৰদান আদি দাবী তোলে৷ দাবী নামানিলে আইন আন্দোলনৰ কার্য্যসূচী গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছিল৷

গান্ধীজীয়ে ১৯৩০ চনৰ ১২ মার্চত লোণ সত্যাগ্ৰহৰ জৰিয়তে আইন অমান্য আন্দোলনৰ সূচনা৷ সবৰমতীৰ পৰা গান্ধী আৰু অনুগামী সহঃ ৩৮৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি লোণ আইন অমান্য কৰি আন্দোলন সূচনা কৰে৷

   

অথবা

১৯২০-২১ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কার্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

উত্তৰ :- ১৯২০-২২ চনত গান্ধীজীয়ে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতক মুক্ত কৰাৰ দৃঢ় প্ৰতিজ্ঞাৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল৷

         অসহযোগ আন্দোলনৰ কার্যসূচীত আছিল ক্ৰমে-

ক) ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হোৱা ঠায়ে ঠায়ে বিদেশী বস্ত্ৰ জ্বলাই দিয়া৷

খ) সুৰা বিক্ৰী কৰা দোকান বর্জন কৰা৷

গ) ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়-মহাবিদ্যালয় ত্যাগ৷ ইত্যাদি৷

গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ কৰাৰ মূল কাৰণ আছিল- উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰী চৌৰাত ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি৷ পুলিচৰ গুলীত তিনিজনৰ মৃত্যু৷ উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে৷ এই কাণ্ডই অহিংস নীতি পৰিহাৰ কৰিছে বুলি গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল৷

 

দ্বিতীয় খণ্ড:- ভূগোল

১৭. আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় ?

উত্তৰ :- জর্জ ছিজহ’ম৷  


             

১৮. পৰিৱেশ সুৰক্ষা, জৈৱ-বৈচিত্ৰ সংৰক্ষণ আদিৰ বাবে কাম-কাজ কৰি থকা অসমৰ এটা বেচৰকাৰী সংগঠনৰ নাম লিখা ?

উত্তৰ :- আৰণ্যক৷                                                                                                                                                   

১৯. কোনখন মহাদেশত মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভূমিৰ পৰিমাণ বেছি ?

উত্তৰ :- উত্তৰ আমেৰিকা মহাদেশ৷ (* মুঠ শুকান ঠাইৰ ২৭ % মৰুকৰণত আক্ৰান্ত)

২০.বাযুমণ্ডলত কার্বন-ডাই- অক্সাইড গেছৰ পৰিমাণ কিমান ?

উত্তৰ :- ০.০৩৫ শতাংশ৷

২১. এবিধ সেউজ গৃহ গেছৰ নাম লিখা৷

উত্তৰ :- মিথেন (CH4)


২২. পৃথিৱীৰ ভিতৰত বৃহত্তম মহাসাগৰ কোনখন ?

উত্তৰ :- প্ৰশান্ত মহাসাগৰ৷  

২৩. এছিয়া মহাদেশৰ মাটিকালি কিমান ?

উত্তৰ :- ৪৪.৬ মিযুত বর্গ কিলোমিটাৰ৷

২৪. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজত থকা পার্থক্য উদাহৰণসহ লিখা ?

উত্তৰ:- নৱীকৰণ বা পুনঃপূর্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পৰা সম্পদবোৰ নৱীকৰণযুক্ত সম্পদ৷ যেনে সূর্য্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি৷  

আনহাতে অনবীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ প্ৰাকৃতিক নাইবা মানৱজনিত কাৰণত চিৰকালৰ বাবে নিলুপ্ত হৈ যাব পাৰে৷ উদাহৰণ- কয়লা, খনিজ তেল, খনিজ পদার্থ, প্ৰাকৃতিক গেছ আদি৷ সেয়েহে এনেধৰণৰ সম্পদবোৰ যাতে সহজে শেষ হৈ নাযায়, তাৰ বাবে সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুপ্ত দিব লাগে৷

২৫. ‘সম্পদ সংৰক্ষণ’ৰ প্ৰয়োজনীয়তা চমুকৈ বর্ণনা কৰা৷

উত্তৰ :- কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰৰ কার্যকে সম্পদ সংৰক্ষণ বোলে৷ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে৷ কিয়নো অনবীকৰণ যোগ্য সম্পদসমূহ যেনে খনিজ তেল, প্ৰাকৃতিক গেছ, আদি প্ৰকৃতিৰ পৰা কোনোধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত ব্যৱহাৰ কৰিব লাগে৷ অন্যথা এটা সময়ত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা এইবোৰ সম্পদ শেষ হৈ যাব৷ সম্পদ সংৰক্ষণৰ বাবে মিতব্যয়ী হোৱাটো অতি জৰুৰূ৷  

একেধৰণে জীৱ জন্তুৰ আৱাসভুমি তথা জৈৱ-বৈচিত্ৰ হ্ৰাস কৰিলে জীৱ জন্তু আৰু উদ্ভিদৰ বহু প্ৰজাতি নিশেঃষ হৈ যাব৷ সেয়ে সমগ্ৰ বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্ৰকল্প হাতত লোৱা হৈছে৷ সম্পদ সংৰক্ষণৰ বাবে আন্ত:ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্য্যায়তো বহুতো বে-চৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে৷

২৬. মাটি কেনেকৈ প্ৰদুষিত হয় লিখা৷

উত্তৰ :- আধুনিক কৃষিকার্য্য, উদ্যোগৰ প্ৰসাৰ আৰু ক্ৰমবর্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ ঘাই কাৰণ৷ কৃষিৰ আধুনিকৰণৰ কাৰণে ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ প্ৰয়োগ বৃদ্ধিয়ে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণ সলনি কৰি মাটি প্ৰদূষিত কৰে৷

ভূ-গর্ভস্থ পানী কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবেও ভূমিৰ গুণাগুণৰ পৰিৱর্তন ঘটে মাটি প্ৰদূষণ কৰে৷ তদুপৰি ঔদ্যোগিক আৱর্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদার্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে৷

ভূগর্ভৰপৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে৷  

২৭. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশখনৰ কোনটো অংশত অৱস্থিত ?

উত্তৰ :- ৰ’কি পার্বত্য অঞ্চল৷ ই মহাদেশখনৰ পাশ্চিম অংশত আলস্কাৰ পৰা মেক্সিকোলৈ উত্তৰা-দক্ষিণাকৈ অৱস্থিত৷


২৮. সম্পদ বুলিলে কি বুজায় ? ইয়াৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা৷

উত্তৰ :- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি বুজোৱা হয়৷ পৃথিৱীৰ বুকুত থকা  বায়ু, পানী, সূর্যৰ-ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল সম্পদ৷

সম্পদৰ দুটা বৈশিষ্ট্য হৈছে-

ক) উপকাৰিতা:-প্ৰকৃতিৰ পৰা লাভ কৰা সম্পদবোৰৰ প্ৰাচর্যৰ বাবে মানুহৰ মৌলিক প্ৰয়োজন- খাদ্যম আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অনান্য চাহিদা পূৰণ কৰি জীৱন ধাৰণৰ মাণদণ্ড উন্নয়ণ সাধন কৰে৷

খ) পৰিৱর্তশীল:- সম্পদ পৰিৱর্তনশীল৷ কোনো এট সামগ্ৰী মানুহৰ বাবে অপকাৰী হ’লেও ভৱিয্যতে তাক ব্যৱহাৰৰ উপযোগী কৰি সম্পদত পৰিণত কৰিব পাৰি৷ উদাহৰণ নদীৰ বানপানীক জলবিদ্যুৎ উৎপাদন আৰু জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিলে সম্পর্দলৈ ৰূপান্তৰিত হয়৷ 

২৯. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে লিখা৷

উত্তৰ:-  গোলকীয় উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা কেইটামান সমস্যা হৈছে-

ক) বায়ুত সেউজগৃহ গেছ সমূহৰ বৃদ্ধি পাব. ইয়াৰ ফলত কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাব৷

খ) মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, সাগৰপৃষ্ঠৰ উত্থান ঘটিব৷ পৃথিৱীৰ উপকূল অঞ্চলবোৰ পানীৰ তলত বুৰ যাব৷

গ) শস্য উৎপাদন হ্ৰাস পাব আৰু মৰুকৰণ বৃদ্ধি পাব৷

অথবা

মৰুকৰণৰ সংজ্ঞা দিয়া৷ মৰুকৰণৰ প্ৰধান কাৰণসমূহ  চমুকৈ লিখা৷

উত্তৰ :- ‘মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে৷” মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস কৰে৷

মৰুকৰণৰ বহুকেইটা কাৰণ আছে কেইটামান হৈছে-

ক) বৃষ্টিপাতৰ অভাৱত খৰাং বতৰ সৃষ্টি আৰু গোলকীয় উত্তাপ বৃদ্ধি মৰুকৰণৰ প্ৰাকৃতিক কাৰণ৷

খ) অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংস৷   

৩০. মহাদেশীয় বিস্থাপন সূত্ৰৰ ওপৰত এটি টোকা লিখা৷

উত্তৰ:- মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আদিতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল৷ স্থলমণ্ডলটোক পেঞ্জিয়া আৰু চাৰিওকাষৰ জলমণ্ডলক পান্থালাছা বোলা হৈছিল৷ কিছুকাল অতিক্ৰম কৰাৰ পাছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি টেথিছ সাগৰৰ সৃষ্টি হ’ল৷ ফলত উত্তৰৰ অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণ ফালটোক গণ্ডোৱালেণ্ড বোলা হৈছিল৷ ২৫০ নিযুত বছৰ পূর্বে এই দুয়োটা অংশৰ ভূত্বৰ ফাটন ঘটি বর্তমানৰ মহাদেশ কেইখন সৃষ্টি হ’ল৷ মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি  আঙ্গাৰালেণ্ডৰ পৰা উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, ইউৰোপ আৰু এছিয়া সৃষ্টি হ’ল৷ গণ্ডোৱালেণ্ডৰ পৰা দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবর্ষ, আৰৱ অঞ্চল, অষ্ট্ৰেলিয়া, এণ্টার্কটিকাৰ সৃষ্টি হৈছিল৷  



অথবা

এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা৷

উত্তৰ:- এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ৷ উত্তৰ গোলার্ধত অৱস্থিত মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ, পূবে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ; পশ্চিমে লোহিত সাগৰ, ছুয়েজ খাল, ভুমধ্য সাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতে আগুৰি আছে৷ মহাদেশখনত ৫১ খন দেশ আছে৷

মহাদেশখন সুউচ্চ পর্বতশ্ৰেণী, মালভুমি, নদী উপত্যকা, নিম্নভুমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভুমি আদিৰে আৱৰা৷ হিমালয় পর্বতশ্ৰেণীৰ অন্তর্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট এছিয়াতে অৱস্থিত৷

মহাদেশখৰ মাজেৰে বৈ যোৱা ডাঙৰ ডাঙৰ নৈবোৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈছে৷ নদীয়ে কেবাখনো সাৰুৱা সমভুমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে৷ মহাদেশখনত বহু কেইটা সৰু-ডাঙৰ হ্ৰদো আছে৷

তৃতীয় খণ্ড- ৰাজনীতি আৰু অর্থনীতি বিভাগ

৩১. ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল ?

উত্তৰ :- ° সচ্ছিদানন্দ সিনহা


৩২. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় ?

উত্তৰ :-  আমেৰিকা৷ 

৩৩. এবিধ বিহিত মুদ্ৰাৰ উদাহৰণ দিয়া৷

উত্তৰ :- কাগজী মুদ্ৰা৷

৩৪. পৃথিৱীৰ আটাইতকৈ পুৰণি বেংক কোনটো ?

উত্তৰ :- ৰিক্স বেংক (ছুইডেন)


৩৫. ভাৰতবর্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা৷

উত্তৰ :- ভাৰতবর্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হৈছে-

ক) ভাৰতবর্ষৰ যক্তৰাষ্ট্ৰীয় ব্যৱস্থাত আমেৰিকাৰ দৰে দ্বৈত নাগৰিকত্বৰ পৰিবর্তে একক নাগৰিকত্বৰ ব্যৱস্থা আছে৷

খ) অন্য যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতবর্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী৷ সংবিধান সূচীৰ যৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিলেও সকলো গুৰু্প্তপূর্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ আছে৷

৩৬. মুদ্ৰাৰ দুটা প্ৰধান অসুবিধা লিখা৷

উত্তৰ :- মুদ্ৰাৰ দুটা প্ৰধান অসুবিধা হৈছে-

ক) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়৷ ক’লা মুদ্ৰাই অর্থনৈতিক অপৰাধ সৃষ্টি কৰে৷ ফলত চৰকাৰে ৰাজহ হেৰুৱায়৷

খ) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই সামজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণত পৰিণত হয়৷ মুদ্ৰাই সামাজিক বৈষম্য সৃষ্টি কৰে৷

৩৭. ভাৰতবর্ষৰ সংসদীয় আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্য কেইটা লিখা৷

উত্তৰ :- ভাৰতবর্ষৰ সংসদীয় আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্য কেইটা হৈছে-

ক) ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য হোৱাৰ বিপৰীতে ইংলেণ্ডৰ গণতন্ত্ৰ গণৰাজ্য নহয়৷ ইংলেণ্ডৰ ৰজা বা ৰাণীৰ বিপৰীতে আমাৰ দেশত ৰাষ্ট্ৰপতিক জনগণৰ দ্বাৰা নির্বাচিত কৰা হয়৷

খ) ভাৰতবর্ষৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লর্ডছতকৈ বহু পৃথক৷

গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী হোৱাৰ বিপৰীতে ভাৰতবর্ষত শক্তিশালী নহয়৷  

৩৮. কেন্দ্ৰীয় বেংকৰ যিকোনো তিনিটা প্ৰধান কার্য ব্যাখ্যা কৰা৷

উত্তৰ :- কেন্দ্ৰীয় বেংকৰ তিনিটা প্ৰধান কার্য উল্লেখ কৰা হ’ল-

ক) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে:- এখন দেশত মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটীয়া অধিকাৰ৷ বাকী বেংকৰ এই অধিকাৰ নাথাকে৷ উদাহৰণ-ভাৰতবর্ষত ৰির্জাভ বেংকে মুদ্ৰা ছপা কৰে৷

খ) কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে:- দেশ এখনত বাজেটত প্ৰয়োজন হোৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হ’লে বাজেট ঘাটিয়ে দেখা দিয়ে৷ তেতিয়া কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰে চৰকাৰক সাহায্য আগবঢ়ায়৷

গ) কেন্দ্ৰীয় বেংকে বেংসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰে:- আর্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকে পূজিৰ যোগান ধৰে৷ লগতে গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে৷  

অথবা

বাণিজ্যিক বেংকে সম্পাদনা কৰা যিকোনো তিনিটা কার্য্য ব্যাখ্যা কৰা৷ 

উত্তৰ :- বাণিজ্যিক বেংকে সম্পাদনা কৰা তিনিটা কার্য্য হৈছে-

ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে:- চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানতৰ যোগেদি জমাকাৰীৰ ধন বেংকে মজুত ৰাখে আৰু যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই নিয়াৰ সুবিধা প্ৰদান কৰে৷

খ) বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে:- সঞ্চয় কাৰীয়ে বাণিজ্যিক বেংকত জমা কৰা প্ৰাথমিক আমানতৰ ওপৰত ভিত্তি কৰি সক্ৰিয় আমানত সৃ্ষ্টি কৰে৷ সেই আমানতৰ সহায়ত বেংকৰ গ্ৰাহকক ঋণ যোগান ধৰে৷

গ) বাণিজ্যিক বেংকে আমানতকাৰীৰ মূল্যবান অলংকাৰ-পাতি, গুৰুপ্তপূর্ণ নথি পত্ৰ ইত্যাদিৰ সংৰক্ষক হিচাপে কার্য সম্পাদন কৰাৰ লগতে আমানতকাৰীৰ সা-সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কার্য পালন কৰে৷

 


      

  

   

 

  

 

   

    

 

  

   

 

  

  

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ