সমাজ বিজ্ঞান দশম শ্ৰেণী৷ দ্বিতীয় খণ্ড৷ চতুর্থ পাঠ৷ অসমৰ ভুগোল (প্ৰথম খণ্ড)৷

 

অসমৰ ভুগোল (প্ৰথম খণ্ড)




জনসংখ্যা আৰু বসতি

অসম উত্তৰ পূব ভাৰতৰ অন্যতম ৰাজ্য৷

চাৰিসীমা:- উত্তৰে:- অৰুণাচল আৰু ভূটান/

দক্ষিণে:- মিজোৰাম আৰু মেঘালয়/

পুবে:- অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ/

পশ্চিমে:- পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশ৷



·        ভাৰতবর্ষৰ লগত অসমে পশ্চিম দিশত প্ৰায় ৫০ কিঃমিঃ প্ৰস্থৰ ঠেক ভুখণ্ডৰে পশ্চিমবংগৰ সৈতে সংলগ্ন কৰিছে৷ সেইবাবে অসমক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়৷

·        অৱস্থিতি:- ২৪°০৯ উত্তৰ অক্ষাংশৰপৰা ২৭°৫৮ উত্তৰ অক্ষাংশলৈ আৰু ৮৯°৪২ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬°০১ পূব দ্ৰাঘিমাংশলৈ বিস্তৃত হৈ আছে৷

·        মাটিকালি:- ৭৮,৪৩৮ বর্গ কিঃমিঃ (দেশৰ মুঠ মাটিকালিৰ ২.৪%)



·        ২০১১ বর্ষৰ লোকপিয়ল:- ক) গাঁৱত বাস কৰা জনসংখ্যা- ৮৭ % খ) শিক্ষিত হাৰ- ৭২.১৯ গ) লিংগ অনুপাত- ৯৫৮ ঘ)  জনসংখ্যাৰ ঘনত্ব- ৩৯৮ জন (প্ৰতি বর্গ কিঃ মিঃ) ঙ) সবার্ধিক জনসংখ্যাৰ জিলা- নগাঁও চ) কম জনসংখ্যাৰ জিলা- ডিমা হাছাও ছ) ঘন বসতিপূর্ণ জিলা- কামৰূপ মেট্ৰ জ) সেৰেঙা জনবসতিৰ জিলা- ডিমা হাছাও ঝ)

·        অসমত প্ৰথম শ্ৰেণীৰ ৭ খন নগৰ আছে- জনবহুলৰ ফালৰ পৰা ক্ৰমে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু তেজপুৰ৷ (লোকপিয়লৰ তথ্য মতে ১ লাখ বা ততোধিক জনসংখ্যাৰ নগৰ)

·        অসমত দ্বিতীয় শ্ৰেণীৰ ৬ খন নগৰ আছে- জনবহুলৰ ফালৰ পৰা ক্ৰমে- ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা৷ (লোকপিয়লৰ তথ্য মতে ৫০ হেজাৰৰ পৰা ১ লাখৰ তলৰ জনসংখ্যাৰ নগৰ)

জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্য-

অসমৰ মানুহ :-

অসমত বাস কৰা মংগোলীয় জনগোষ্ঠীৰ প্ৰধান জনজাতি সকল- বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী, মেছ, কাছাৰৰ বর্মণ, কার্বি, ডিমাছা কছাৰী, গাৰো, কুকি, মাৰ, হাজং, ৰেংমা নাগা, জেমি নাগা আৰু কোঁচ ৰাজবংশী৷

অসমত বাস কৰা ভৈয়াম জনজাতি:-



ক) বড়ো:- জনজাতিৰ ফালৰ পৰা অসমৰ বৃহত্তম জনজাতি বড়োসকল প্ৰধানকৈ ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ কোকোৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ লগতে দৰং আৰু শোণিতপুৰ, আৰু ধেমাজি জিলাত বিস্তৃতভাৱে পোৱা যায়৷



খ) মিচিং:- জনজাতিৰ ফালৰ পৰা জনংখ্যাৰ দিশত দ্বিতীয় বৃহৎ জনজাতি মিচিং সকল সাধাৰণতে নদী কাষৰীয়া অঞ্চলত বাস কৰে৷ তেওঁলোক লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, ধেমাজি আৰু শোণিতপুৰ জিলাত বাস কৰে৷



গ) ৰাভা:- অসমৰ কিছুমান ঠাইত সিঁচৰিত হৈ থাকিলেও গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত অধিক দেখা পোৱা যায়৷



ঘ) তিৱা:- তিৱা (লালুং) সকল প্ৰধানকৈ মধ্য অসমৰ মৰিগাঁও আৰু নগাঁও জিলাৰ উপৰিও কামৰূপ জিলাৰ সোণাপুৰ, ধেমাজি জিলাৰ সদৰ আৰু যোৰহাটৰ তিতাবৰত বাস কৰে৷



চ) দেউৰী:- দেউৰীসকল প্ৰধানকৈ লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট জিলাত বসবাস কৰে৷



ছ) সোণোৱাল কছাৰী:- তেওঁলোক ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, যোৰহাট আৰু গোলাঘাট  জিলাত বসবাস কৰে৷



জ) মেছ:- জনসংখ্যাত কম মেছসকল গোৱালপাৰা জিলাৰ দক্ষিণ শালমৰা, ডিব্ৰুগড় জিলাৰ খোৱাং আৰু কার্বি আংলং জিলাৰ পাৰখোৱাত বসবাস কৰে৷



ঝ) কাছাৰৰ বর্মণ:- তেওঁলোক বৰাক উপত্যকাত বসবাস কৰে যদিও কিছুসংখ্যক লোক ডিমা হাছাও আৰু কার্বি আংলং জিলাতো বসবাস কৰে৷

অসমত বাস কৰা পার্বত্য জনজাতি:-



ঞ) কার্বি:- জনসংখ্যাৰ ফালৰ পৰা অসমৰ তৃতীয় বৃহৎ জনজাতিটোৰ ঘাই বাসস্থান কার্বি পাহাৰ যদিও কামৰূপ, নগাঁও, শোণিতপুৰ আৰু ডিমা হাছাও জিলাতো বসবাস কৰে৷



ট) ডিমাছা কছাৰী:- তেওঁলোক সমগ্ৰ ডিমা হাছাও জিলাত থকাৰ বাদেও কার্বি আংলং আৰু কাছাৰ জিলাতো বসবাস কৰে৷



ঠ) গাৰো:- তেওঁলোক মেঘালয়ৰ গাৰো পাহাৰৰ সীমামূৰীয়া অঞ্চলৰ বাদেও ধুবুৰী, গোৱালপাৰা আৰু কামৰূপ জিলাৰ দক্ষিণাংশত বসবাস কৰে৷



ড) কুকি:- ডিমা হাছাও জিলাত বসবাস কৰে আৰু জিলাখনৰ অন্যতম জনজাতি৷



ঢ) মাৰ:- প্ৰধানকৈ ডিমা হাছাও জিলাত বসবাস কৰে৷



ণ) হাজং:- প্ৰধানকৈ কার্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলাত বসবাস কৰে৷ মেঘালয় সীমাৰ গোৱালপাৰা জিলাতো বসবাস কৰে৷ 



ত) ৰেংমা:- নগা জনজাতিৰ এইসকল লোক কার্বি আংলং জিলাৰ উত্তৰে চকীহোলা আৰু দক্ষিণে বৰপথাৰৰ মাজৰ পাহাৰীয়া অঞ্চলত বসবাস কৰে৷



থ) জেমি নাগা:- ডিমা হাছাও জিলাৰ উত্তৰ পূব অংশত আৰু দক্ষিণ মাইবঙত বসতি কৰে৷

অসমত বাস কৰা অজনজাতীয় লোকসকল :-



দ) ইছলাম ধর্মী লোক:- ১৩ শতিকাত কুটুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত তিব্বতলৈ অগ্ৰসৰ হোৱা পথত অসমত ৰৈ যোৱা সৈন্যবোৰৰ পৰিয়াল অসমত ৰৈ গৈছিল৷ পিছত বিভিন্ন সময়ত উত্তৰ ভাৰতৰ মোগল সম্ৰাট সকলে অসম আক্ৰমণ কৰিবলৈ আহোতে ৰৈ যোৱা বন্দী সকল আৰু কাৰিকৰ দিশত পটু ব্যক্তিসকলৰ পৰিয়ালৰ পৰাই অসমত মুছলমান সকল ৰৈ গ’ল৷ 



ধ) আহোম:- প্ৰথমে উজনি অসমত থিতাপি লৈ পিছলৈ সমগ্ৰ অসমত বিয়ি প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰে৷ বর্তমান- তিনিচুকীয়া, ডিব্ৰুগড়, শিছসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ বাদেও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত বসতি কৰি আছে৷  



ন) কোঁচ-ৰাজবংশী:- বিশ্বসিংহ  আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ ৰজ্যত বসবাস কৰা কোচঁসকল বর্তমান ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁৱ, গোৱালপাৰা, চিৰাং, বৰপেটা, নলবাৰী, কামৰূপ, বাক্সা, ওদালগুৰি, কামৰূপ (মেট্ৰ’), দৰং, মৰিগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট জিলাত বসবাস কৰিছে৷



প) নেপালী:- ব্ৰিটিছ সেনা বাহিনীত ভর্ত্তি হবলৈ প্ৰথমে অসমত প্ৰৱেশ কৰানেপালীসকৰ কিছউমান পশুপালন আৰু জীৱিকাৰ সন্ধানত অসমলৈ আহি সকলো ঠাইতে বিয়পি আছে৷



ফ) চাহ জনজাতি:- ব্ৰিটিছে প্ৰথমে চাহ বাগিচাত শ্ৰমিক হিচাপে মধ্য ভাৰতৰ চোটনাগপুৰ মালভূমিৰ পৰা আনিছিল৷ মুণ্ডাৰী ভাষা ব্যৱহাৰ কৰা চাহ জনজাতিসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক৷ তেওঁকে উজনি অসমৰ চাহ বাগিচা থকা অঞ্চলসমূহত বসবাস কৰে৷

এইসকলৰ বাদেও আন্তঃৰাজ্যিক প্ৰৱজন কৰা ৰাজস্থান, পঞ্জাৱ, বিহাৰ, পশ্চিমবংগ, মণিপুৰ আদি ৰাজ্যৰ লোকৰ লগতে বাংলাদেশৰ পৰা আহা ভুমিহীন মুছলমান লোকে অসমৰ সকলো জিলাতে স্থায়ী ভাৱে বসবাস কৰি আছে৷

অসমৰ লোকৰ ধর্ম:- ৰাজ্যখন ধর্মীয়, ভাষিক, সামাজিক, সাংস্কৃতিক, অর্থনৈতিক আৰু বৃত্তিগত সকলো দিশতে বৈচিত্ৰ্যৰে ভৰা৷ অসমত হিন্দু ধর্মাৱলম্বীৰ সংখ্যা অধিক যদিও- মুছলামান, খ্ৰীষ্টিয়ান ,বৌদ্ধ, জৈন আৰু শিখ ধর্মৰ লোক আছে৷



অসমৰ লোকৰ ভাষা:- অসমীয়া, বঙালী আৰু বড়ো সংবিধানৰ অনুসূচীভূর্ক্ত প্ৰধান ভাষা৷ জনজাতি লোকসকলৰ ভাষা থাকিলেও অনুসূচীভুর্ক্ত নহয়৷ প্ৰধান ভাষা- মিচিং, কার্বি, ডিমা হাচাও, গাৰো, তিৱা আৰু ৰাভা৷ নগৰ আৰু ব্যৱসায়ীক অঞ্চলত হিন্দী ভাষাৰ প্ৰচলন অধিক৷ নেপালী ভাষা নেপালীসকলে ব্যৱহাৰ কৰে৷

অসমৰ পৰিবহন ব্যৱস্থা :-  চাৰিও প্ৰকাৰৰ পৰিবহন ব্যৱস্থা আছে৷ ক্ৰমে-

ক) পথ পৰিবহণ:-  আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থাটো ৭ ভাগত ভগাব পাৰি৷ . পকী পথ (ৰাষ্ট্ৰীয় ঘাই পথক বাদ দি) . পকী নোহোৱা পথ, . ৰাষ্ট্ৰীয় ঘাইপথ, (মুঠ ২৮ টা ৰাষ্ট্ৰীয় ঘাই পথ) . ৰাজ্যিক পথ, . জিলাৰ প্ৰধান পথ . গাঁৱলীয়া পথ আৰু . নগৰৰ পথ৷

** আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাই পথ- এন এইচ-৩৭:- পঞ্চৰত্নৰ পৰা জালুকবাৰী, জালুকবাৰীৰ পৰা নগাঁও আৰু নগাঁৱৰপৰা চৈখোৱাঘাট (৬৮৫.৮৩ কি:মিঃ) আৰু আটাইতকৈ চুটি ৰাষ্ট্ৰীয় ঘাই পথ- এন এইচ ৫৪ শিলচৰ চহৰ সংযোগ পথ



খ) ৰে’ল পৰিবহণ:- অসমৰ ৰেল পৰিবহণৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডল৷ মূর্খ্য কার্য্যালয়- গুৱাহাটীৰ মালিগাঁৱ৷ সকলো জিলাকে ৰে’ল পৰিবহনে চুই গৈছে৷ ব্ৰডগজ আৰু মিটাৰ গজ ৰেলপথ৷



গ) জল পৰিবহণ:- ভাৰতৰ মুঠ জলসম্পদৰ ৩২ % অসমৰ৷ শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰক্ষ্মপুত্ৰৰ ৮৯১ কিঃ মিঃ আৰু বৰাকৰ ১২১ কিঃ মিঃ নাব্য জলপথ৷ জলপৰিবহণ ব্যৱস্থা তদাৰক কৰিবলৈ কেন্দ্ৰীয় আভ্যন্তীৰণ জলপৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আছে৷ পাণ্ডুকে ধৰি ব্ৰক্ষ্মপুত্ৰত কেইবাটাও নদী-বন্দৰ আৰু বহুকেইটা ফেৰীঘাট আছে৷

ঘ) বিমান পৰিবহণ:- আধুনীক পৰিবহণৰ অন্যতম বিমান পৰিবহণ অসমৰ গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু শিলচৰত ৰাজহুৱা খণ্ডৰ বিমান বন্দৰ আছে৷ উত্তৰ-পূবৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ৷

অসমৰ সম্পদ :- অসমৰ সম্পদবোৰক ক) প্ৰাকৃতিক সম্পদ আৰু খ) মানৱ সম্পদ দুই ভাগত ভগাব পাৰি৷ প্ৰাকঙতিক সম্পদৰ আকৌ চাৰিটা ভাগ-  

১. ভুমি সম্পদ:- অসমৰ ভূমিৰ বৈশিষ্ট্য আৰু গুণাগুণ সকলো ঠাইতে একে নহয়৷ চাৰি প্ৰকাৰৰ মৃত্তিকাৰে গঠিত-

ক) নদী সমভূমিৰ পলসুৱা মৃত্তিকা:- অর্থনৈতিক দিশৰ পৰা পলসুৱা মাটি বিশেষ গুৰুত্বপূর্ণ৷ দুই প্ৰকাৰৰ- নতুন পলসুৱা মাটি (ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰৰ প্লাবনভূমি আৰু নদীকাষৰীয়া সমভূমি অঞ্চলত পোৱা যায়৷ এই মাটি ধান, মৰাপাট, মাহজাতীয় শস্য আৰু শাক পাচলি খেতিৰ বাবে উপযোগী৷) আৰু পুৰণি পলসুৱা মাটি (ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমিৰ ওখ অঞ্চলবোৰত৷ এনে মাটিত ধান আৰু চাহ খেতি ভাল হয়৷)  খ) গিৰিপদ মৃত্তিকা গ) পাহাৰীয়া মৃত্তিকা আৰু ঘ) কংকৰ মৃত্তিকা৷ ** অসমৰ ৩৫% মাটিত খেতি কৰা হয়৷   

খ) বন সম্পদ:-  অসমৰ সমভুমি, মালভুমি, পাহাৰ আদি প্ৰাকৃতিক অঞ্চলবোৰত পোৱা অৰণ্যবোৰ হৈছে- ক) ক্ৰান্ত্ৰীয় চিৰসেউজ অৰণ্য খ) ক্ৰান্তীয় অর্ধচিৰসেউজ অৰণ্য গ) নদী-কাষৰীয়া অৰণ্য ঘ) ক্ৰান্তীয় আর্দ্ৰ পর্ণপাতী অৰণ্য আৰু ঙ) ক্ৰান্তীয় শুল্ক পর্ণপাতী অৰণ্য৷

অসমৰ উদ্ভিদ:- নাহৰ, বনচোম, চাম, শিৰীষ, ঔ, গন্ধসৰৈ, গমাৰি, অগৰু, পমা, শিমলু, খৈৰা, চাপৰ গছ আৰু ঘাঁহজাতীয় উদ্ভিদ- বাঁহ, বেত, নল, খাগৰি, বিৰিণা, তৰা, কৌপাত, ঢেঁকীয়া, ঝাওঁ, কঁহুৱা আদি৷

অসমৰ বনৰীয়া প্ৰাণী:- এশিঙীয়া গঁড়, হাতী, বাঘ, ভালুক, বনৰীয়া ম’হ, নানাবিধ পহু, কেইবাটাও প্ৰজাতিৰ বান্দৰ, ভিন্ন প্ৰজাতিৰ সৰীসৃপ৷

** অসমৰ মুঠ মাটিকালিৰ ৩৪ % বনাঞ্চল৷ তাৰে ৭২% বনাঞ্চলেই সংৰক্ষিত বনাঞ্চল (Reserved Forest) কার্বি আংলং আৰু ডিমা হাছাও জিলাত অৰণ্যৰ সংখ্যা অধিক৷ বর্তমান অসমত ৭ খন ৰাষ্ট্ৰীয় উদ্যান (National Park) মুঠ ২০ খন অভয়াৰণ্য (Wildlife Sanctuary)

গ) খনিজ সম্পদ :-  খনিজ সম্পদত চহকী অসমত কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আৰু চূণশিল পোৱা যায়৷ ইয়াৰ বাদেও লোৰ আকৰ, ফেলষ্পাৰ, কোৱার্টজ আৰু খনিজ মৃত্তিকা পোৱা যায়৷

* পনীয়া সোণ বুলি কোৱা তেলৰ প্ৰথম সন্ধান ডিগবৈত পোৱা গৈছিল৷ ডিগবৈৰ বাদেও নাহৰকটীয়া, মৰাণ-হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকি, বৰহোলা আৰু আমগুৰিত তৈলক্ষেত্ৰ আছে৷

** খনিজ তেল উৎপাদন কৰা প্ৰায়বোৰ ঠাইত প্ৰাকৃতিক গেছ পোৱা যায়৷ ভাৰতৰ মুঠ উৎপাদনৰ ২৫% প্ৰাকৃতিক গেছ অসমে উৎপাদন কৰে৷ ৰুদ্ৰসাগৰ, মৰাণ, লাকোৱা আৰু নাহৰকটীয়া তৈলক্ষেত্ৰত অধিক পৰিমানে পোৱা যায়৷

*** অসমত পোৱা কয়লাত ছালফাৰৰ পৰিমাণ বেছি৷ ডিব্ৰুগ়ড় জিলাৰ মাকুম, ডিব্ৰুগ়ড়-শিৱসাগৰ জিলাৰ অর্ন্তগত দিল্লী-জয়পুৰ অঞ্চল; তিনিচুকীয়াৰ চৰাইপুং-তৰাজান অঞ্চল; কার্বি আংলং জিলাৰ কলীয়াজান আৰু শিলভেটা অঞ্চল; ডিমা হাছাও জিলাৰ উমচাংছ আৰু গৰমপানী অঞ্চল; ধুবুৰী জিলাৰ শিঙৰীমাৰী অঞ্চলত কয়লা পোৱা যায়৷

**** চিমেণ্ট প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা চূণশিল লো আৰু তীখা উৎপাদন কৰোতেও ব্যৱহাৰ কৰা হয়৷ কার্বি আংলং জিলাৰ কলীয়াজান-মানজা অঞ্চল; দিলাই পর্বত, শিলভেটা অঞ্চল আৰু বোকাজানৰ পূব অঞ্চলত আৰু ডিমা হাছাও জিলাৰ পানীমুৰ, গৰমপানী, টুমবুং আৰু উমৰাংছ অঞ্চলত পোৱা যায়৷

***** লোৰ আকৰ গোৱালপাৰা জিলাৰ চান্দৰডিঙা, লেংগুপাৰা আৰু কুমাৰী অঞ্চলত পোৱা যায়৷

****** ফেলষ্ফাৰ (Felspar) কামৰূপ জিলাৰ হাহিমত পোৱা যায়৷

******* কোৱার্টজ (Quartz) নগাঁও জিলাৰ জীয়াজুৰি পাহাৰ, বৰহোলা, চাপানলা  আৰু নগাঁও জিলাৰ দক্ষিণাংশ আৰু কার্বি আংলং জিলাৰ উত্তৰাংশত থকা থানাজুৰি পাহাৰত পোৱা যায়৷

******** চীনামাটি (China clay) কার্বি আংলং জিলাৰ শিলভেটা, চিলনীজান আৰু দেওপানী অঞ্চলত৷

********* সাজি মাটি (Fuller’s clay) নলবাৰী জিলাৰ পাগলাদিয়া নদীৰ পাৰৰ সুভণখাটা আৰু ভূটান খুঁটি অঞ্চলত পোৱা যায়৷  

ঘ) জলসম্পদ:- অসমত পর্যাপ্ত পৃষ্ঠজল সম্পদ (Surface water resource), ভু-তল জলসম্পদ (Underground water resource), প্ৰচুৰ বৰষুণ, গোটেই বছৰ ধৰি বৈ থকা (Perennial) নদ-নদীৰ জলপ্ৰবাহ, খাল, পিতনি, জলাহ, আদ্ৰভুমি (Werlands)  আদি  আছে৷  ৰাজ্যখনৰ দুই প্ৰধান নদী- ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক৷ লগতে অসংখ্য উপনৈ৷ সেইবোৰত নানা প্ৰকাৰৰ মাছ আৰু জলজ উদ্ভিদ৷

অসমৰ অর্থনীতি :- ১. কৃষি:- অসমৰ মুঠ কর্ম-নিয়োজিত লোকৰ ৫৩% লোক কৃষি খণ্ডৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ আছে৷  ৰাজ্যখনৰ মুঠ খেতি কৰিব পৰা মাটিৰ ৮৮% মাটিত খেতি কৰা হয়৷ খেতি কৰা মুঠ লোকৰ ৮৫ % লোক ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষক৷

মাটিৰ প্ৰকাৰ গুণাগুণ, পৃষ্ঠভুমিৰ বৈশিষ্ঠ, বৰষুণ আৰু উত্তাপৰ ভিন্নতাৰ ভিত্তিত কৃষি জলবায়বীয় (Agro-climatic) অঞ্চলভেদে কৃষিভূমিবোৰক ৬ ভাগত বিতৰণ কৰা হৈছে- ক) নামনি ব্ৰক্ষ্মপুত্ৰ অঞ্চল (কামৰূপ, কামৰূপ মেট্ৰ, নলবাৰী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা)  খ) উত্তৰ পাৰৰ সমভূমি অঞ্চল (দৰং, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, ধেমাজি) গ) মধ্য ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল (নগাঁও, মৰিগাঁও) ঘ) উজনি ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল (তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট)  ঙ) বৰাক উপত্যকা অঞ্চল (কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি) চ) পার্বত্য  অঞ্চল (কার্বি আংলং আৰু ডিমা হাছাও)

·        ধান অসমৰ প্ৰধান শস্য৷ ৰাজ্যখনত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়-

ক) আহু ধান (Autumn rice) :- সমভূমিৰ সাৰুৱা মাটিত এই ধানৰ খেতি কৰা হয়৷ নামনি অসমত বিস্তৃতভাৱে কৰা আহু খেতি ৰোপণ আৰু সিঁচন দুই প্ৰকাৰে কৰে৷ ফেব্ৰুৱাৰী-মার্চত আৰম্ভ কৰি জুন-জুলাই মাহত চপোৱা হয়৷  

খ) শালি ধান (winter rice) :-  মুঠ খেতি মাটিৰ ৭০% মাটিত শালি খেতি কৰা হয়৷ ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয়৷ ৰোপণ পদ্ধতি প্ৰয়োগ কৰি জুলাই-আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ-ডিচেম্বৰ মাহত চপোৱা হয়৷

গ) বড়ো ধান (Summer rice) :- দ-ঠাইত শীতকালত সমগ্ৰ ৰাজ্যতে কৰা বড়ো ধানৰ খেতি শীতকালত আৰম্ভ কৰি বাৰিষা জুন-জুলাই মাহত বানপানী অহাৰ আগে আগে চপোৱা হয়৷  

·        অসমত কৰা খেতি:- ধান, ঘেঁহু, গোমধান আৰু খাদ্যশস্য, মাহ  জাতীয় শস্য (মাটি মাহ, মগু মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ, বুট মাহ আদি); তেল জাতীয় শস্য (সৰিয়হ, তিল,  তিচি, এৰাগুটি  আদি); মৰাপাট, কুঁহিয়াৰ, ফলমূল, মচলা জাতীয় শস্য; আলু, শাক-পাচলি আদি৷

 

·        মৰাপাটৰ খেতি দ মাটিত কৰা হয় আৰু প্ৰধানকৈ পূব পাকিস্তানৰ (বাংলাদেশ)ৰ প্ৰবজন কৰা কৃষকে কৰিছিল৷

·        কার্বি আংলং আৰু ডিমা হাছাও জিলাত ঝুম খেতি (Shifting cultivation) কৰা হয়৷ জনজাতীয় লোকসকলে এডোখৰ ঠাইত মাটিৰ উর্বৰতা হ্ৰাপ পালে বুলি অনুভৱ কৰিলে অন্য ঠাইত হাবি ভাঙি খেতি কৰে৷ পাৰিৱেশিক সমস্যা উদ্ভৱ হোৱাত ঝুম খেতিৰ ঠাইত বেদিকা কৃষি পদ্ধতি (Terrace cultivation) জনপ্ৰিয় কৰি তুলিব লাগে৷  


টাইমলাইন:-

১২২৮:- চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ আহোমসকল অসমলৈ আহে৷

১৮২৬:- ইংৰাজে অসম দখল কৰাৰ পিছৰ পৰা অসমলৈ কম পৰিমাণে জনপ্ৰবজন৷

১৯০১:- অসমত প্ৰথম লোকপিয়ল৷

১৯৮১:- ভাৰতত লোকপিয়ল

১৯৪৭:- দেশ স্বাধীন৷ দেশ বিভাজনৰ সময়ত পূব পাকিস্তানৰ পৰা বহু সংখ্যক হিন্দু শৰণার্থীৰ অসমলৈ জনপ্ৰবজন৷

শব্দার্থ:-

অষ্ট্ৰিক (Austric) :- সমাজবিজ্ঞানী সকলৰ মতে অসমলৈ অহা প্ৰথমটো জনস্ৰোত কৰা নৃগোষ্ঠী৷ বর্তমানে মেঘালয় আৰু খাছিয়া আৰু জয়ন্তীয়া সকল অষ্ট্ৰিক জনগোষ্ঠীৰ লোক৷ অসমৰ কার্বি আংলং আৰু ডিমা হাছাও জিলাতো দেখিবলৈ পোৱা যায়৷

তির্বতীয় বর্মণ (Tibeto-Burman) :- মধ্য এছিয়াৰ পৰা হিমালয় পর্বত অতিক্ৰম কৰি অসমলৈ অহা দ্বিতীয়টো জনস্ৰোত৷ তেওঁলোকৰ ভাষা মংগোলীয়ান৷ অসমত বাস কৰা খাছিয়া সকলৰ বাহিৰে প্ৰায় সকলো জনজাতি মূলতঃ মংগোলীয় গোষ্ঠীৰ৷

সিন্ধু-অর্য্যমূলীয় (Indo-Aryan) :- গংগা সমভূমি অঞ্চলৰ পৰা মংগোলীয় সকলৰ অহাৰ পিছত অসমলৈ অহা জনস্ৰোত৷ এইসকল লোক ক’কেছীয় জনগোষ্ঠীৰ৷ অসমত বসবাস কৰা সৰহসংখ্যক অজনজাতীয় লোকেই ক’কেছীয়৷ উদাহৰণ- ব্ৰাক্ষ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱর্ত্ত আদি৷  

 

একটি মন্তব্য পোস্ট করুন

1 মন্তব্যসমূহ

  1. বহুতো কথা শিকিলোঁ। বাক্যৰ গাঁথনি সৰল হোৱা হেতুকে বুজিবলৈ সহজ হৈছে।

    উত্তরমুছুন