অসমত চাহ খেতিৰ ইতিবৃত্ত- দণ্ডেশ্বৰ শইকীয়া
বাণী মন্দিৰ/ প্ৰথম প্ৰকাশ-২০১৪/ মূল্য-১৫০.০০/ মুঠ পৃষ্ঠা- ১৯২
অসম চাহ খেতিৰ সকলো তথ্য সামৰি লিখা এইখ কিতাপত পাঠকে চাহঁৰ আদি পর্ব; অসমত বনৰীয়া চাহ গছ; চাহ উদ্যোগৰ প্ৰাথমিক অৱস্থ্য; অসমত কোম্পানী গঠন আৰু বিভিন্ন জিলাত চাহৰ সম্প্ৰসাৰণ; শ্ৰমিক অনাটন আৰু শ্ৰমিক সংগ্ৰহৰ ব্যৱস্থা; অসমৰ বাগিচাত শ্ৰম আন্দোলন আৰু ঔদ্যোগিক সর্ম্পক; অসমৰ চাহ বাগিচাত ন-পুৰণি আইন; বাৰতীয় চাহ পৰিষদ আৰু চাহ গৱেষণা লগতে অসমত ক্ষুত্ৰ চাহ খেতি বিষয়ে জানিব পাৰিব৷
কিতাপখনৰ পৰা এছোৱা
চালর্ছ আলেকজেণ্ডাৰ ব্ৰুচৰ পৰিচয়
চালর্ছ আলেকজেণ্ডাৰ ব্ৰুচক ভাৰতীয় চাহ শিল্পৰ পিতৃপুৰুষ বুলি
কোৱা হয়৷ যি সময়ত আলেজেণ্ডাৰ ব্ৰুচ অসমলৈ আহিছিল সেই সময়ত তেওঁৰ ককায়েক মেজৰ ৰর্বাট
ব্ৰুচে যোগীঘোপাত ব্যৱসায় কৰি আছিল৷ তেওঁ যোগীঘোপাত এটা কাৰখানা পাতি লৈছিল৷ প্ৰথমে
তেওঁ আহোম ৰজা পুৰন্দৰ সিংহৰ এজেণ্ট হিচাপে কার্যনির্বাহ কৰিছিল৷ কিন্তু পিছলৈ তেওঁ
চন্দ্ৰকান্ত সিংহৰ এজেণ্ট হৈ কাম কৰিছিল৷ সেই সময়ত ৰজাবিলাকক তেওঁ অস্ত্ৰ যোগান দিছিল৷
মেজৰ ৰবার্ট ব্ৰুচৰ পৰাই প্ৰথমে অসমৰ চাহ গছৰ বিষয়ে জানিব পাৰিছিল৷ ১৮২৪ চনত মেজৰ ৰবার্ট
ব্ৰুচৰ মৃত্যু হয়৷ ১৭৯৩ চনৰ ১১ জানুৱাৰীত ইংলেণ্ডত আলেকজেণ্ডাৰ ব্ৰুচৰ জন্ম হৈছিল৷
তিনিকুৰিৰো অধিক বছৰ অসমত থাকি অসমৰ হকে কাম কৰি ১৮৭১ চনৰ ২৩ এপ্ৰিলৰ দিনা তেজপুৰ চহৰত
তেওঁ ইহলীলা সম্বৰণ কৰে৷ তেজপুৰ খ্ৰীষ্টান কবৰখানত তেওঁৰ স্মৃতি স্তম্ভত লিখা হ’ল
In loving memory of Charles Alexander, Born 11th January, 1793 died
23rd April 1871. For discovery of tea tracks and preparing Tea in
Assam a model from Royal Society of Arts London 1840.
তেজপুৰৰ চার্চ ফিল্ডত থকা অসমত ভিতৰত দ্বিতীয় পুৰণি গীর্জাঘৰ
এপিফেমি (Epiphami) ত ব্ৰুচ সর্ম্পকে এই বুলি লিখা আছে- “ In loving memory of
Charles Alexander Bruce, Born 11th January, 1793 died 23rd
April 1871. The first explorer of Tea Tracks in Assam and discoverer of
indigenous tea plant in Assam. He was appointed as superintendent of tea culture
under Govt. to whom also was largely due to success of the first Missionary
efforts in Assam of Which cause he was long liveral supporter” (পৃষ্ঠা ৭১)
অসমত চাহ উদ্যোগৰ সময়ানুক্ৰ
মিক পৰিঘটনা:=
৫৯৩:- জাপানত চাহৰ প্ৰৱেশ৷
১৩০৩:- ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চীন দেশৰ লগত বাণিজ্য আৰম্ভ
কৰে আৰু চীনৰ চাহপাত নি ইউৰোপৰ কেইখনমান দেশত বিক্ৰী কৰে৷
১৬৬৪:- ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ডাচ ইষ্ত ইণ্ডিয়া কোম্পানীৰ
পৰা ২ পাউণ্ড আৰু ২ আউঞ্চ চীনৰ চাহপাত ক্ৰয় কৰি ৰজাক উপঢৌকন দিছিল৷
১৭২০:- ইংলেণ্ডত ভেজাল চাহ যোগানৰ কাৰণে চুক্তিত স্বাক্ষৰ৷
১৭২৫:- ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চীনৰ লগত একচেটিয়া চীনা
চাহপাত যোগানৰ কাৰণে চুক্তিপত্ৰত স্বাক্ষৰ৷
১৭৭৩:- ব্ৰিটিছ চৰকাৰে চাহ ব্যৱসায়টো আনৰ অধীনত ৰাখিবৰ কাৰণে
টি এক্ট পাছ কৰে৷
১৭৭৮:- ব্ৰিটিছ ইণ্ডিয়াত চাহখেতি আৰম্ভ কৰাৰ কাৰণে চাৰ যোচেফে
ইষ্ট ইণ্ডিয়া কোম্পানীক এখনি আঁচনি দান কৰে৷
১৭৮০:- কেইজনমান ইষ্ট ইণ্ডিয়া কোম্পানীৰ জাহাজৰ বণিকে চীনৰ কেণ্টন
প্ৰদেশৰ পৰা পুলি সংগ্ৰহ কৰি কলকতাৰ বোটানিকেল গার্ডেনত ৰুপন কৰিছিল যদিও পতিপালনৰ
অভাৱত মৰি যায়৷
১৮১৫:- চিংফৌসকলে চাহপাতৰ পৰা বিভিন্ন খাদ্য তৈয়াৰ কৰা তথ্য
সামৰিক বিষয়া কর্ণেল লেটাৰে দেখাৰ কথা উল্লেখ কৰে৷
১৮২৩:- মেজৰ ৰবার্ট ব্ৰুচক চিংফৌ ৰজা বিচাগামে অসমৰ চাহ গছৰ
বিষয়ে প্ৰথম সম্ভেদ দিছিল আৰু চাহপুলি আৰু গুটিৰ যোগান দিবৰ কাৰণে বিচাগামৰ লগত চুক্তি৷
১৮২৪:- মেজৰ ৰর্বাট ব্ৰচৰ মৃত্যু৷
১৮২৫:- চার্লচ আলেকজেণ্ডাৰ ব্ৰুচে ককায়েক মেজৰ ৰর্বাট ব্ৰুচৰ
সৈতে হোৱা চুক্তি অনুসৰি বিচাগামৰ পৰা পুলি আৰু গুটি সংগ্ৰহ কৰে৷
১৮২৭:- চাহাৰণপুৰৰ বোটানিকেল
গার্ডেনৰ চুপাৰিনটেণ্ডেণ্ট ড° জে ফবর্ছে চীনা জাতৰ চাহখেতিক
অনুমোদন কৰে৷
১৮৩৩:- ব্ৰিটিছ চৰকাৰৰ সৈতে চীনৰ একচেটিয়া চাহ যোগান চুক্তিখন
চীনে একপক্ষীয়ভাৱে সমাপ্ত কৰে৷
১৮৩৪:- ভাৰতৰ যিকোনো অঞ্চলত চাহখেতিৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবৰ
কাৰণে ভাৰতৰ গৱর্ণৰ জেনেৰেল চাৰ চার্লছ উইলিয়াম কেভেণ্ডিছ বেণ্টিংকে টি কমিটি গঠন কৰে৷
২৪ ডিচেম্বৰৰ দিনা অসমৰ অসমৰ বনৰীয়া
চাহ গছক প্ৰকৃত চাহগছ বুলি ঘোষণা কৰে৷ টি কমিটীয়ে এই ঘোষণা কৰি গৱর্ণৰ জেনেৰেলক প্ৰকৃত চাহগছ বুলি প্ৰমাণ পত্ৰ
দিয়ে৷ চীনাজাত আৰু অসমীয়া জাতৰ যি প্ৰভেদ সর্ম্পকে টি কমিটিৰ সদস্য সকলৰ মাজত মতভেদ৷
চীনা জাতক উত্তম বুলি টি কমিটীয়ে মত দিয়ে আৰু কমিটীৰ ছেক্ৰেটেৰী র্জজ জেমছ গর্ডনক চীনৰ
পৰা পুলি, গুটি আৰু কৰিকৰ সংগ্ৰহৰ কাৰণে চীনলৈ প্ৰেৰণ কৰে৷
১৮৩৬:- চীনৰ পৰা গর্ডনলৈ পঠোৱা পুলি আৰু গুটিবোৰ চি এ ব্ৰুচে
শদিয়াৰ কুণ্ডিল নদীৰ পাৰত প্ৰথমখন নাছার্ৰী পাতে৷ গুটিবোৰ নদীৰ পাৰৰ বালি মাটিত ৰোৱা
পুলিবোৰ শুকাবলৈ আৰম্ভ কৰে৷ সেই পুলিবোৰ তাৰ পৰা উঠাই চাবুৱা আৰু জয়পুৰত ৰোপণ কৰে৷
চীনা জাত আৰু অসমীয়া জাতক লৈ টি কমিটিৰ মাজত বিবাদ৷ গর্ডনচাহাবক পুনৰ পুলি, গুটি আৰি
কাৰিকৰ আনিবৰ বাবে চীনলৈ পঠোৱা হয়৷ চাবুৱা আৰু জয়পুৰত দুয়োজাতৰ চাহৰ খেতি আৰম্ভ৷
১৮৩৭:- দুয়োজাতৰ চাহৰ মাজত পৰীক্ষা কৰি আলেকজেণ্দাৰ ব্ৰুচৰ অভিজ্ঞতা
হয় যে অসমীয়া জাতৰ উৎপাদন বেছি৷
১৮৩৯:- চাহ খেতিয়ক উইলিয়ামছনে অসমীয়া জাতৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন
কৰে আৰু সেই বছৰৰ ১০ জানুৱাৰীত অসমৰ চাহপাত নিলাম বজাৰত বিক্ৰী হয়৷
১২ ফেব্ৰুৱাৰী:- অসমৰ চাহৰ বাবে
‘অসম কোম্পানী’ গঠন৷
১৮৪০:- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰম্ভ কৰা চাবুৱাকে ধৰি সকলোবোৰ
চাহবাৰী আৰু চাহবাগিছা অসম কোম্পানীৰ হাতত বিনামূলীয়াকৈ অর্পণ কৰে৷ চালর্ছ আলেকজেণ্ডাৰ
ব্ৰুচক অসম কোম্পানীৰ প্ৰথম ছুপাৰিনটেণ্ডেণ্ট নিযুক্ত আৰু মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাক
কোম্পানীৰ দেৱান (লেণ্ড এজেণ্ট ভূমিকর্তা) হিচাপে নিযুক্ত৷
১৮৪১:- অসম কোম্পানীয়ে প্ৰথমবাৰৰ কাৰণে ছোটনাগপুৰৰ পৰা শ্ৰমিক
সংগ্ৰহ কৰি অসমলৈ শ্ৰমিক নাৱত আনে৷ কলেৰা লাগি সকলো শ্ৰমিক ব্ৰক্ষ্মপুত্ৰত জাহ যায়৷
১৮৪২:- টি কমিটীয়ে জানুৱাৰী মাহত এনড্ৰিউ পি চার্লটনক অসমৰ চাহ
গছৰ আৱিস্কাৰক বুলি ঘোষণা কৰে৷ হর্টিকালচাৰ ছ’চাইটি অৱ বেংগলে চার্লটনক এটি সোণৰ পদকেৰে
সন্মানিত কৰে৷ কিন্তু আলেকজেণ্ডাৰ ব্ৰুচক চাহ আৱিস্কাৰকৰ সন্মান নিদিয়াত ইংলিছ ছ’চাইটী
অৱ আর্টে ব্ৰুছক অসমৰ চাহগছৰ আৱিস্কাৰক আৰু চাহ সংস্কৃতিৰ প্ৰথম ছুপাৰিনটেণ্ডেণ্ট সন্মানেৰে
সন্মানিত কৰে৷
১৮৮৩:- কোম্পানীক লাভ দিব নোৱৰাৰ বাবে প্ৰথম দুজন ছুপাৰিনটেণ্ডেণ্ট
চি এ ব্ৰুছ আৰু জে ডব্লিউ মাষ্টাৰক বখার্স্ত কৰে৷
১৮৫১:- কর্ণেল এফ চি হান্নিয়ে অসমত প্ৰথমবাৰৰ বাবে ব্যক্তিগত
ভাৱে চাহ খেতি কৰে৷
১৮৫৪:- চাহ খেতিয়ক সকলক মাটিৰ আবণ্টন দিব পৰাকৈ অসম পতিত মাটি
বিধি (Assam Waste Land Rules) প্ৰৱর্তন৷ বিধি অনুসৰি বিনা পইচাই কেৱল ব্ৰিটিছ খেতিয়কসকলে
চাহ খেতি খুলিবলৈ মাটি লাভ কৰিৱ৷
১৮৫৫:- অসমৰ দ্বিতীয়টো চাহ কোম্পানী ‘যোৰহাট টি কোম্পানী’ চাহ
খেতিয়ক জর্জ উইলিয়ামছনে গঠন কৰে৷
চিলেট জিলাৰ চান্দখানি নামৰ টিলা
এটাত চাহগছৰ আৱিস্কাৰ৷
১৮৫৮:- ২৬ ফেব্ৰুৱাৰী- প্ৰথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱানক
ফাঁচি৷ তেখেতৰ মৃত্যুত চিনামৰা আৰু চেংলুং বাগিছা জর্জ উইলিয়ামছনে ক্ৰয় কৰে৷ (দ্বিতীয়
আৰু তৃতীয় অসমীয়া চাহখেতিয়ক আছিল- যোৰহাটৰ লাহদৈগড়ৰ ৰোষেশ্বৰ বৰুৱা আৰু ৰায়বাহাদুৰ
বিষ্টুৰাম বৰুৱা(ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাৰ দেউতাক)৷
মাৰোৱাৰী সম্প্ৰদায়ৰ খেতচি দাস
আগৰৱালাই অসমত চাহবাগিচা স্থাপন কৰে৷
১৮৫৯:- শ্ৰমিকৰ চুক্তি ভংগ আইন গ্ৰহণ৷
১৮৬০:- গোৱালপাৰা জিলাত চাহখেতি আৰম্ভ৷ জিলাখনৰ মৰনৈত বাগিচা
স্থাপন৷
১৮৬১:- বেংগল চৰকাৰৰ শ্ৰমিক সংগ্ৰহ আৰু চালান ব্যৱস্থাৰ উন্নতিৰ
বাবে প্ৰথম অনুসন্ধান সমিতি গঠন৷
১৮৬৯:- চুয়েজ কেনেলত চাহাজ চলাচল আৰম্ভ৷ চাহপাত বিদেশলৈ নিবলৈ
সুবিধা হ’ল৷
১৮৭২:- মালভোগ বৰুৱাই চাহবাগিচা স্থাপন কৰে৷
১৮৮১:- কলকাতাত চাহ কোম্পানীবোৰ একত্ৰিত হৈ ভাৰতীয় চাহ সংগঠন
(Indian Tea Association) গঠন৷
১৮৮২:- অসমৰ চাহ বাগিচাবোৰক একত্ৰিত কৰি Assam Branch Tea
Association (ABITA) যোৰহাটৰ ককিলামুখত কার্যালয় স্থাপন
কৰি গঠন৷
১ মে’- চাহ আৰু কয়লা পৰিবহনৰ বাবে
অসমত প্ৰথম ৰেল চলে৷ আসা, ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে এই পথ ডিব্ৰুগড়ৰৰ মোহনামুখৰ
পৰা জয়পুৰলৈ চলিছিল৷
১৯০০:- ডা° এইচ ম্যানৰ অধক্ষ্যতাত চাহৰ প্ৰথম
বৈজ্ঞানিক বিভাগ গঠন৷
১৯০৪:- ককিলামুখৰ পৰা ডিব্ৰুগড়লৈ ABITAৰ কার্যালয় স্থানান্তৰ৷
১৯০৬:- যোৰহাটৰ হিলিখাগুৰি বাগিচাত চাহ গৱেষণাৰ কাম আৰম্ভ৷
১৯০৯:- ৰঙিয়া আৰু মঙলদৈৰ মাজত ৰেল লাইনৰ প্ৰস্তাৱ৷
১৯১১:- যোৰহাটৰ টোকলাইত চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা৷
১৯১৬:- শ্বিলঙত Pasture Institue প্ৰতিষ্ঠা৷
১৯২১:- মহাত্মা গান্ধীৰ অসম ভ্ৰমণ৷ অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন
কংগ্ৰেছ গঠন৷
১৯২৯:- ৰয়েল অমিচনাৰ অন লেৱাৰ নিযুক্ত৷
১৯৩১:- অসমৰ বাগিচাত মেলেৰিয়া ৰোগৰ প্ৰতিৰোধৰ কাৰণে চিনামৰাত
Ross Institute প্ৰতিষ্ঠা৷
১৯৩২:- চাহ জিলা প্ৰবাসী শ্ৰমিক আইন বলৱৎ৷
১৯৩৪:- অসমৰ প্ৰথমটো চলচিত্ৰ ষ্টুডিঅ’ তেজপুৰৰ সমীপৰ ভোলাগুৰি
চাহ বাগিছা স্থাপন৷
১৯৪৭:- ভাৰতবর্ষ স্বাধীন৷ জৱাহৰলাল নেহেৰুৱে কংগ্ৰেছ নেতা ৰবীন
হাজৰিকাক অসমৰ চাহ শ্ৰমিকসকলৰ মাজত শ্ৰম সংঘ গঠনৰ দায়িত্ব প্ৰদান কৰে৷ সর্বভাৰতীয় পর্যায়ত
I.N.T.U.C গঠন৷
১৯৪৮:- জিলা ভিত্তিত চাহ মজদুৰ সংঘ৷
১৯৫৩:- টি এক্ট বলবৎ আৰু টি ব’র্ড অৱ ইণ্ডিয়া গঠনৰ৷
১৯৬৬:- উচ্চতম ন্যায়লয়ৰ অৱসৰপ্ৰাপ্ত মূখ্য ন্যায়ধীশ ড° গজেন্দ্ৰ গড়কাৰৰ
অধ্যক্ষতাত জাতীয় শ্ৰম আয়োগ গঠন৷
১৯৬৭:- অসমত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা গঠনৰ বাবে বিধান সভাত
আলোচনা৷
১৯৭০:- গুৱাহাটী চাহ নিলাম বজাৰ আৰম্ভ৷
১৯৮০:- অসম চৰকাৰে মে’ দিৱসৰ দিনা শ্ৰমিকসকলক বেতন সহ ছুটীৰ
দিন ঘোষণা৷
১৯৮৫:- বাগিচাত বাস কৰা শ্ৰমিকসকলক পঞ্চায়ত আইনৰ আওতালৈ আনে৷


0 মন্তব্যসমূহ