১০১. ভাৰতবর্ষৰ সংসদ ইংলেণ্ডৰ সংসদত কৈ___
ক) বেছি শক্তিশালী খ) কম শক্তিশালী গ) সম শক্তিশালী ঘ) এটাও নহয়
১০২. ভাৰতবর্ষৰ সংসদীয়
গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছিল ?
ক) আমেৰিকা খ) ইংলেণ্ড
গ) কানাডা ঘ) অষ্ট্ৰেলিয়া
১০৩. ভাৰতবর্ষৰ যুক্তৰাষ্ট্ৰীয়
ব্যৱস্থা প্ৰবর্তনৰ ক্ষেত্ৰত কোন দেশৰ সংবিধান অনুসৰণ কৰা হৈছিল ?
ক) আমেৰিকা খ) ইংলেণ্ড গ) কানাডা ঘ) ছুইজাৰলেণ্ড
১০৪. কেবিনেট মিচন ভাৰতবর্ষলৈ আহিছিল ?
ক) ১৯৪৭ খ) ১৯৪৫ গ) ১৯৪২ ঘ) ১৯৪৬
১০৫. ভাৰতবর্ষৰ সংবিধান
প্ৰস্তুত কৰা সর্ম্পকত সংবিধান সভাৰ মুঠ কেইখন বৈঠক বহিছিল ?
ক) ১১ খন খ)
১০ খন গ) ১২ খন ঘ) ১৫ খন
১০৬. ইউনেস্কৰ মুখ্য
কার্যালয় অৱস্থিত- (২০০৯)
ক) জেনেভাত খ) ৰোমত গ) নিউইয়র্কত ঘ) পেৰিছত
১০৭. নিৰাপত্তা পৰিষদ
হ’ল- (২০১১)
ক) আর্ন্তজাতিক মুদ্ৰা নিধিৰ এটা গুৰুপ্তপূর্ণ
অংগ খ) ৰাষ্ট্ৰসংঘৰ এটা গুৰুপ্তপূর্ণ অংগ গ) বিশ্ব
বাণিজ্য সংস্থাৰ এটা গুৰুপ্তপূর্ণ অংগ ঘ) আর্ন্তজাতিক ন্যায়ালয়ৰ এটা গুৰুপ্তপূর্ণ অংগ
১০৮. ৰাষ্ট্ৰসংঘৰ
অন্তর্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল- (২০১৩)
ক) ১৯৪৫ খ) ১৯৪৬
গ) ১৯১৯ ঘ) ১৯৯৩
(* সেই বছৰৰ ৬ ফেব্ৰুৱাৰীত মাত্ৰ ৮ জন সদস্যৰে গঠিত হৈছিল৷
)
১০৯. কোনটো দিন বিশ্ব
মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়- (২০১৪, ২০১৭)
ক) ২৪ অক্টোবৰ খ)
২৭ ছেপ্তেম্বৰ গ) ৫ জুন ঘ) ১০ ডিচেম্বৰ
১১০. আন্তর্জাতিক
ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হ’ল- (১৯১৬, ২০১৭)
ক) ৯ জন খ) ১১ জন গ) ৫ জন ঘ) ১৫ জন
১১১. ৰাষ্ট্ৰসংঘৰ
নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ’ল-
ক) ৩ খ) ৪ গ) ৫
ঘ) ৬
১১২. মানৱ অধিকাৰ
সংৰক্ষণ আইন গৃহীত হয়-
ক) ১৯৯৩ খ) ১৯৪৬
গ) ১৯৪২ ঘ) ১৯৫০
১১৩. বিশ্ব শান্তি
ৰক্ষার্থে গঠন হোৱা প্ৰথম অনুষ্ঠানটো হ’ল-
ক) ৰাষ্ট্ৰসংঘ খ) জাতিসংঘ গ) ৰে’ডক্ৰছ ঘ) নিৰাপত্তা পৰিষদ
(* প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্বত শান্তি স্থাপন আৰু
যুদ্ধক চিৰবিদনৰ বাবে বিদায় দিয়াৰ অর্থে গঠন কৰা জাতিসংঘৰ সচিবালয় আছিল জেনেভাত৷ ২০
এপ্ৰিল ১৯৪৬ চনত জাতিসংঘ ভংগ হয়৷)
১১৪. প্ৰথম মহাসমৰ
আৰম্ভ হৈছিল-
ক) ১৯১৪*
খ) ১৯১৯ গ) ১৯৩৯ ঘ) ১৯৪৫
(* ইউৰোপত ১৯১৪ চনৰ ২৮ জুলাইত আৰম্ভ হৈ এই মহাসমৰ ১৯১৮
চনৰ ১১ নৱেম্বৰলৈ চলিছিল৷ যুদ্ধ দুটা গোটত বিভক্ত হৈছিল- মিত্ৰ শক্তি (ব্ৰিটেইন, ফ্ৰাঞ্চ
আৰু ৰাছিয়া) আৰু কেন্দ্ৰীয় শক্তি (জার্মানী, অষ্ট্ৰিয়া-হাংগেৰী আৰু ইটালী)৷)
১১৫. জাতিসংঘ প্ৰতিষ্ঠা
হৈছিল-
ক) ১৯১৯ খ) ১৯২০
* গ) ১৯২১ ঘ) ১৯৪৫
(* প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ পিছত পেৰিচ শান্তি সন্মিলনত
এটা আন্তজাতিক সংগঠন গঠনৰ সিধান্ত মর্মে ১৯২০ চনৰ ১০ জানুৱাৰীত গঠন কৰা হৈছিল৷)
১১৬. দ্বিতীয় বিশ্বযুদ্ধ
আৰম্ভ হৈছিল-
ক) ১৯৩৯*
খ) ১৯৪২ গ) ১৯১৪ ঘ) ১৯৪৫
(* ১ ছেপ্তেম্বৰত জার্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে আৰয়
ফলস্বৰূপে ফ্ৰাঞ্চৰ লগত ব্ৰিটিছ সাম্ৰাজ্য আৰু ৰাষ্ট্ৰমণ্ডল দেশসমূহে জার্মানীৰ ওপৰত
যুদ্ধ ঘোষণা কৰাত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল৷)
১১৭. ৰাষ্ট্ৰসংঘৰ
চনদ বলবৎ হয়-
ক) ১৯৪৫ চনৰ ২৬ জানুৱাৰীত খ) ১৯৪৫ চনৰ ২৪ অক্টোবৰত গ) ১৯৫০ চনৰ ২৪ অক্টোবৰত ঘ) ১৯২০ চনৰ
১০ জানুৱাৰীত
(* ছানফ্ৰান্সিস্কো সন্মিলনত ৫ খনে দেশে স্বাক্ষৰ কৰি
বলবৎ কৰে৷ এই দিনটো বর্তমানে ‘ৰাষ্ট্ৰসংঘ দিৱস’ ৰূপে পালন কৰে৷)
১১৮. ৰাষ্ট্ৰংঘৰ
চনদ ত থকা অনুচ্ছেদৰ সংখ্যা-
ক) ৩৯৫ টা খ) ২৯৫ টা গ) ১১১ টা ঘ) ২১১ টা
১১৯ ৰাষ্ট্ৰসংঘৰ
প্ৰধান অংগ বিলাকৰ মুঠ সংখ্যা হৈছে-
ক) ৩ টা খ) ৫ টা গ) ৬ টা * ঘ) ২৫ টা
(* ক্ৰমে- সাধাৰণ সভা, নিৰাপত্তা পৰিষদ; অর্থনৈতিক আৰু
সামাজিক পৰিষদ; ন্যাসৰক্ষী পৰিষদ; আন্তর্জাতিক ন্যায়ালয় আৰু ষ্ট্ৰাষ্টী পৰিষদ আৰু সচিবালয়৷)
১২০. অর্থনৈতিক আৰু
সামাজিক পৰিষদৰ মুঠ সদস্য সংখ্যা হৈছে-
ক) ১৮ জন খ) ২৭ জন গ) ৫৪ জন * ঘ) ২০ জন
(* প্ৰথমে ১৮ জন, ১৯৬৫ চনত ২৭ জনলৈ বৃদ্ধি কৰি ১৯৭৩ চনত
৫৪ জন সদস্যলৈ বৃদ্ধি কৰে৷)
১২১. আন্তজাতিক শিশু কল্যাণ অনুষ্ঠানটোৰ নাম
হ’ল-
ক) UNESCO খ) UNICEF
গ) ILO ঘ) IMF
১২২. নিৰাপত্তা পৰিষদৰ
মুঠ সদস্য সংখ্যা
ক) ১০ জন খ)
১৫ জন* গ) ২০ জন ঘ)
২৫ জন
(* ৫ স্থায়ী+ ১০ অস্থায়ী সদস্য)
১২৩. নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা
ক) ১০ জন * খ)
৫ গ) ১৫ ঘ) ২৭
(* প্ৰথম অৱস্থাত ৬ জন অস্থায়ী সদস্য আছিল যদিও ১৯৬৩
চনৰ ২৩ নং অনুচ্চেদৰ সংশোধন কৰি সদস্য সংখ্যা ১০ জনলৈ বৃদ্ধি কৰে৷)
১২৪. আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কার্যালয় অৱস্থিত
-
ক) ৰোমত খ) নিউর্য়কত গ) ডি. হেগত ঘ) জেনেভাত
১২৫. ৰাষ্ট্ৰসংঘৰ
সচিবালয় আছে-
ক) জেনেভাত খ) লণ্ডনত গ) নিউর্য়কত ঘ) পেৰিছত
১২৬. ভেটো’ * প্ৰয়োগৰ
ক্ষমতা আছে-
ক) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ খ) নিৰাপত্তা পৰিষদৰ গ) সাধাৰণ সভাৰ ঘ) ন্যাসৰক্ষী পৰিষদৰ
(* স্থায়ী সদস্যৰাষ্ট্ৰ আমেৰিকা, গ্ৰেট বৃটেইন, ফ্ৰাঞ্চ,
ৰাছিয়া আৰু চীনৰ ‘ভেটো’প্ৰয়োগৰ ক্ষমতা আছে৷ সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো’
দিলে সিদ্ধান্ত গ্ৰহণ নহয়৷)
১২৭. আন্তঃৰাষ্ট্ৰীয়
ন্যায়ালয়ৰ* বিচাৰপতিৰ কার্য্যকাল-
ক) ৫ বছৰ খ) ৯ বছৰ
গ) ৭ বছৰ ঘ) ১০ বছৰ
(* মূখ্য কার্যালয় নেদাৰলেণ্ডৰ দ্য হেগ চহৰত অৱস্থিত
আৰু চৰকাৰী ভাষা ইংৰাজী আৰু ফৰাচী৷)
১২৮. বিশ্ব স্বাস্থ্য
সন্থাৰ প্ৰধান কার্যালয় অৱস্থিত-
ক) জেনেভা চহৰত খ)
ডি. হেগ চহৰত গ) ৱাশ্বিংটনত ঘ) ৰোম নগৰত
( * জাতিসংঘৰ সময়তে গঠিত আৰু ছুইজাৰলেণষডৰ জেনেভাত প্ৰধান
কার্যালয় থকা সন্থাটোৱে আর্ন্তজাতিক জনস্বাস্থ্যৰ সমন্বয়ৰ কাম কৰি আহিছে৷ ই বৰআই, এইডছ,
ইব’লা, মেলেৰিয়া, যক্ষ্মা, পলিঅ’ অদি ৰোগ নির্মুলৰ বাবে পূজিৰ যোগান ধৰে৷)
১২৯. খাদ্য আৰু কৃষি
সংস্থাৰ প্ৰধান কার্য্যালয়-
ক) ৱাশ্বিংটনত খ) ৰোম চহৰত * গ) পেৰিচ চহৰত ঘ) জেনেভা চহৰত
(* ইটালীৰ ৰোমত অৱস্থিত আৰু বিশ্বত ক্ষুধাক জয় কৰিবলৈ
গঠন কৰা সন্থাটোৰ নীতিবাক্য হৈছে লেটিন ভাষাত giat panis যাৰ অর্থ সকলোৰে বাবে খাদ্য
হওঁক৷)
১৩০. ‘মানৱ অধিকাৰৰ
আন্তর্জাতিক ঘোষণা পত্ৰ’ গ্ৰহণ কৰা হয়-
ক) ২৪ অক্টোবৰ খ) ১০ ডিচেম্বৰ * গ) ৭ জুলাই ঘ) ৫ ছেপ্তেম্বৰ
(* ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে
৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমর্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে৷ সেইবাবে ১০ ডিচেম্বৰ
তাৰিখটো বর্তমানে মানৱ অধিকাৰ দিৱসৰূপে পালন কৰা হয়৷)
১৩১. ১৯৯৩ চনৰ মানৱ
অধিকাৰ সংৰক্ষণ আইনৰ বিধেয়কখনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে-
ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী খ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
গ) ১৯৯৪ চনৰ ৮ জানুৱাৰী * ঘ) ১৯৪৫ চনৰ ২৪ অক্টোবৰ
(* সেইদিনা বিধেয়কখন ৰাষ্ট্ৰপতি শঙ্কৰ দয়াল শর্মাই অনুমোদন
জনোৱাত আইনত পৰিণত হয়৷ সেইখনেই হৈছে ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’৷)
১৩২. ভাৰতীয় ষ্টেট
বেংক * মুলতঃ এটা- (২০১০)
ক) কেন্দ্ৰীয় বেংক খ) বাণিজ্যিক বেংক গ) সমবায় বেংক ঘ) কৃষি উন্নয়ন বেংক
(* এই বেংক ১৮০৬ চনত বেংক অব কলিকতা হিচাপে স্থাপিত হৈছিল৷
১৯২১ চনত ইম্পেৰিয়েল বেংক অব ইণ্ডিয়া নামেৰে গঠন হয়৷ দেশ স্বাধীন হোৱাৰ পিছত ১৯৫৫ চনত
বর্তমানৰ নামেৰে জনা যায়৷ বর্তমান দক্ষিণ এছিয়াৰে বৃহত্তম বাণিজ্যিক বেংকটোৰ মূখ্য
কার্যালয় মহাৰাষ্টৰ মুম্বাইত৷)
১৩৩. ভাৰতবর্ষৰ কেন্দ্ৰীয়
বেংকটো হ’ল- (২০১১)
ক) ভাৰতীয় ষ্টেট বেংক খ) ভাৰতীয় ৰিজার্ভ বেংক গ) ভাৰতীয় ইউনিয়ন বেংক ঘ) ভাৰতীয় ইউনাইটেড
বেংক
১৩৪. তলত উল্লেখ
কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ’ল- (২০১২)
ক) কাগজী মুদ্ৰা খ) ধনাদেশ* গ) ধাতু মুদ্ৰা ঘ) আদেশ মুদ্ৰা
(* ধনাদেশ বা চেক মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়,
কিয়নো এনে মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায়, সেয়েই ই অবিহিত মুদ্ৰা৷)
১৩৫. তলত উল্লেখ
কৰা বোৰৰ কোনটো কৃষি উন্নয়ণ বেংক (২০১৩)
ক) NABARD *
খ) SBI গ) RBI ঘ) IDBI
(* ১৯৮২ চনত স্থাপন কৰা নাবার্ডৰ মূখ্য কার্য্যালয় মুম্বাইত৷
গ্ৰাম্য ঋণৰ ক্ষেত্ৰত পূর্বে ৰিজার্ভ বেংকে কৰা কার্যবোৰ বর্তমান নাবার্ডে কৰে৷)
১৩৬. কোন বছৰত অসমৰ
গাঁৱলীয়া বেংক-সমূহক ‘অসম গ্ৰামীণ বিকাশ বেংক’ নামেৰে নামকৰণ কৰা হৈছিল ? (২০১৪)
ক) ২০০৪ খ) ২০০৬
* গ) ২০০৮ ঘ) ২০১০
(* সেই বছৰৰ ১২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনা
জৰিয়তে চাৰিটা গ্ৰামীণ বেংক ক্ৰমে প্ৰাগজ্যোতিষপুৰ গাঁৱলীয়া বেংক, লখিমী গাঁৱলীয়া বেংক,
কাছাৰ গ্ৰামীণ বেংক আৰু সোঁৱণশিৰি গাঁৱলীয়া বেংকক লগ লগাই ‘অসম গ্ৰামীণ বিকাশ বেংক’
স্থাপন কৰিছিল৷)
১৩৭. ১৭৭০ চনত ভাৰতত
প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল- (২০১৭)
ক) ভাৰতীয় ৰিজার্ভ বেংক খ) বেংক অব হিন্দুস্থান গ) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক ঘ) ভাৰতীয়
ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক
১৩৮. তলৰ কোনটো কেন্দ্ৰীয়
বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক ? (২০১৮)
ক) বেংক অৱ হিন্দুস্থান খ) ৰিস্ক বেং অৱ ছুইদেন * গ) ভাৰতীয় ৰিজার্ভ বেংক ঘ) বেংক অৱ
ভেনিচ
(* এই বেংল স্থাপিত হৈছিল ১৬৫৬ চনতে৷)
১৩৯. তলৰ কোনটো মুদ্ৰাৰ
বৈশিষ্ট্য নহয়
ক) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকে খ) মুদ্ৰা সহজে নষ্ট হোৱা সামগ্ৰী হ’ব পাৰে * গ) মুদ্ৰাৰ তাৰল্য
গুণ থাকে ঘ) মুদ্ৰাৰ মূল্যৰ স্থিৰতা গুণ থাকিব লাগিব
(* মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হ’ব নোৱাৰে
৷ কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে৷ মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্ৰা
বেছি দিনিলৈ টিকিব লাগিব৷)
১৪০. তলৰ কোনটো মুদ্ৰাৰ
কার্য নহয়-
ক) মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম খ) মুদ্ৰাই
সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাম কৰে গ) মুদ্ৰাই স্থগিত দেনা-পাওনাৰ মানদণ্ড
হিচাপে কাম কৰে ঘ) মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন
নকৰে৷ *
(* মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদনহে কৰে৷
যিহেতু সামগ্ৰীবোৰ সোনকালে নষ্ট হৈ যায়৷ বিনিময় প্ৰথাত সেয়ে সঞ্চয়ৰ ভাণ্ডাৰ নাছিল৷
মুদ্ৰাই সেই সমস্যা নাইকীয়া কৰিল৷)
১৪১. তলৰ কোনটো কেন্দ্ৰীয়
বেংকৰ কার্য হয়-
ক) কেন্দ্ৰীয় বেংকে আন বেংকৰ ঋণ পৰিশোধ নকৰে
খ) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে গ) কেন্দ্ৰীয়
বেংকে চৰকাৰক বিত্তৰ যোগান নধৰে ঘ) কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কার্য নকৰে
১৪২. তলৰ কোনটো বেংকে
ক্ষুদ্ৰ উদ্যোগিক উন্নয়নৰ কাম কৰে-
ক) SIDBI *
খ) RBI গ) SBI ঘ) IDBI
(* ৮৯ চনত সংসদত ছিদবি আইন গৃহীত হয় আৰু ১৯৯০ চনৰপৰা
ছিদবি কার্যকৰী হৈ উঠে৷ ইয়াৰ মূখ্য কার্যালয় লক্ষ্নৌত আৰু মূখ্য কার্যাৱলী হৈছে- ক্ষুদ্ৰ
উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা৷ )
১৪৩. ভাৰতবর্ষৰ কেন্দ্ৰীয়
বেংক ভাৰতীয় ৰিজার্ভ বেংক স্থাপিত হৈছিল-
ক) ১৯২৮ খ) ১৯৩৫
* গ) ১৯৪৫ ঘ) ১৯৪৭
(* প্ৰথম বিশ্বযুদ্ধৰ পিছত উদ্ভৱ হোৱা অর্থনৈতিক সমস্যাসমূহৰ
সমাধানৰ বাবে ১৯৩৫ চনৰ ১ এপ্ৰিলৰ পৰা ৰিজার্ভ বেংক প্ৰতিষ্ঠা হয়৷ বি. আৰ. আম্বেদকাৰে
হিল্টন য়াং কমিছনৰ আগত দাঙি ধৰা কার্যপ্ৰাণীৰ আর্হিত স্থাপন কৰা হৈছিল৷ দেশে ১৯৪৭ চনত
স্বাধীনতা লাভ কৰাৰ পাছত ৰিজার্ভ বেংকৰ চৰকাৰীকৰণ হয়৷ মুখ্য কার্য্যলয় মুম্বাই৷)
১৪৪. ‘কেন্দ্ৰীয়
বেংক হৈছে বেংকসমূহৰ বেংক’ কথাষাৰ কৈছিল-
ক) ৱাকাৰে খ) জন হিক্সে গ) জিয়ফ্ৰি ক্ৰাউনাৰে
ঘ) চেমুৱেলচনে
১৪৫. কাগজী মুদ্ৰা
যোগান ধৰা একমাত্ৰ অধিকাৰ-
ক) ষ্টেট বেংকৰ খ) বাণিজ্যিক বেংকৰ গ) কেন্দ্ৰীয় বেংকৰ * ঘ)
বিশ্ব বেংকৰ
(* কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ৷ বাকী কোনো
বেংকৰ এই অধিকাৰ নাই৷ ভাৰতবর্ষত ৰির্জাভ বেংকে
টকা ক্ৰমে- ৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০ আৰু ২০০০ নোট নাচিক আৰু ডিৱাছ, মহীশূৰ
আৰু চালবনীৰ টাকশালত ছপায়৷)
১৪৬. ভাৰতৰ প্ৰধান
১৪ টা বাণিজ্যিক বেংক* প্ৰথম ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল-
ক) ১৯৬৯ খ)
১৯৪৯ গ) ১৯৯৫ ঘ) ১৯৭৯
(* ভাৰতীয় ৰির্জাভ বেংকে ৰাষ্ট্ৰীয়কৰণ কৰা ১৪ টা বাণিজ্যিক
বেংক হৈছে- এলাহবাদ বেংক, কানাড়া বেংক, ইউনাইটেড বেংক অৱ ইণ্ডিয়া, ইউকো বেংক, চিণ্ডিকেট
বেংক, ইণ্ডিয়ান অভাৰচীজ বেংক, বেংক অৱ বৰোডা, পাঞ্জাৱ নেচনেল বেংক, বেংক অৱ ইণ্ডিয়া,
বেংক অৱ মহাৰাষ্ট্ৰ, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, ডেনা বেংক আৰু ইউনিয়ন
বেংক৷)
১৪৭. অসম সমবায় এপেক্স
বেংক লিমিটেড স্থাপন হৈছিল-
ক) ১৯৩৮ খ) ১৯৪৮
গ) ১৯৪৫ ঘ) ১৯৪৭
(* অসমীয়া মানুহক বেংক ব্যৱস্থা আৰু সঞ্চয়ৰ উপযোগিতাৰ
বিষয়ে শিক্ষা দিয়া Assam Co-operative Apex Bank বর্তমান ৰাজ্যখনত ৬ টা খণ্ডত ৬৭ টা
শাখাৰ যোগেদি ব্যৱসায় চলাই আছে৷)
১৪৮. এটা বিত্তীয়
বছৰত * দেশ এখনত উৎপাদিত হোৱা সর্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ’ল-
ক) জনমূৰি আয় খ) জাতীয় আয় * গ) অর্থনৈতিক আয় ঘ) বিত্তীয় আয়
(* ভাৰতবর্ষত বিত্তীয় বছৰ বুলিলে ১ এপ্ৰিলৰ পৰা ৩১ মার্চলৈ
ধৰা হয়৷ জাতীয় আয়ক আকৌ দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমূৰি আয় পোৱা যায়৷)
১৪৯. মানৱ উন্নয়ন
প্ৰতিবেদন * খন প্ৰথমে প্ৰকাশ হৈছিল-
ক) ১৯৫১ খ) ১৯৬১ গ) ১৯৯০ ঘ) ১৯৯৯
(* ৰাষ্ট্ৰসংঘৰ উন্নয়ন কার্য্যসূচী (United Nations Development
Programme বা UNDP) অন্তর্গত এই বার্ষিক প্ৰতিবেদনে সর্বমুঠ ৰাষ্ট্ৰীয় আয়ৰ গ্ৰহণ যোগ্যতাৰ
বিকল্প হিচাপে প্ৰকাশ কৰে৷ প্ৰথম অৱস্থাত ইয়াৰ সূচক আছিল তিনিটা ক্ৰমে- প্ৰত্যাশিত
আয়ুস, শিক্ষা আৰু জীৱন-যাত্ৰাৰ মান৷ )
১৫০. ২০১০ চনৰ মানৱ
উন্নয়ন প্ৰতিবেদন খনত কেইটা নতুন ধাৰণা সন্নিবিষ্ট কৰা হৈছে-
ক) দুটা খ) তিনিটা
* গ) চাৰিটা ঘ) পাঁচটা
(* নতুন ধাৰণা তিনিটা হৈছে ক্ৰমে- ১. বৈষম্য সাপেক্ষে
মানৱ উন্নয়ন সূচাংক ২. লিংগ বৈষম্য সূচাংক আৰু ৩. বহুমাত্ৰীয় দৰিদ্ৰ সুচাংক৷)
0 মন্তব্যসমূহ