মাঘ বিহুৰ ওলগেৰে....

 


মাঘ মাহত ভোগালী বিহু উৎযাপন কৰা হয়৷ মাঘ বিহুত মেজি জ্বলোৱা আৰু  খেৰ-নৰাৰে অস্থায়ী ভেলা ঘৰ সাজি ভোজ-ভাত খোৱা হয়৷ এই বিহুত ভঁৰালত শস্যৰে পৰিপূর্ণ হৈ থাকে৷ সেয়ে চাউলৰ পৰা বিভিন্ন ধৰণৰ পিঠা পনা-লাৰু তৈয়াৰ কৰা হয়৷ জনজাতীয় সমাজত মাঘ বিহুত পিঠা পনাৰ উপৰি কাঠ আলু, মিঠা আলু আদিও যোগাৰ ধৰা হয়৷ মাঘ বিহুত মাছে মঙহে, লাৰু পিঠাৰে উভৈনদী হৈ থকা হেতুকে ভোগালী উৎসৱ বোলা হয়৷ সকলোলৈ ভোগালীৰ ওলগ জনাই কেইটামান ভোগালী বিহু বিষয়ক তথ্য দাঙি ধৰা হৈছে-

Ø  মাঘ বিহুৰ সময়ত সূর্য্য মকৰ ক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে ইয়াক সংক্ৰান্তিৰ বিহু বাবে মকৰ সংক্ৰান্তি বুলিও কোৱা হয়৷ এই দিনটোতে মহাভাৰতৰ চৰিত্ৰ পিতামহ ভীষ্মই ইচ্চামৃত্যু বৰণ কৰিছিল৷


Ø  পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা বিহুৰ প্ৰথম দিনটোক কোৱা হয় ‘উৰুকা’৷ উৰুকাৰ পাছদিনা কাহিল পুৱাতে গা-পা ধুই মেজি জ্বলাই বিহু শুভাৰম্ভ কৰে৷ অগ্নিসেৱা কৰি পুহৰ জাৰক বিদায় দিয়ে৷

Ø  ভোগৰ উৎসৱ মাঘবিহুত ঢেঁকীশালত পিঠাগুড়ি, চিৰা, সান্দহ আদি খুন্দি যোগাৰ কৰে৷ আকৌ বিধে বিধে পিঠা পনাৰ প্ৰস্তুতি যেনে তিল পিঠা, ঘিলা পিঠা, চুঙা পিঠা, তিলৰ লাডু, নাৰিকলৰ লাডু, মাটিমাহৰ জিলাপী আদি তৈয়াৰ কৰে৷

Ø  মাহ কড়াই মাঘ বিহুৰ অন্যতম উপাদান৷ ইয়াক মাটিমাহ, চাউল আৰু তিলৰ মিশ্ৰণ দি তৈয়াৰ কৰা হয়৷

Ø  মাঘ মাহত পইতা ভাত খোৱা পৰম্পৰা আছে৷ ডাকৰ বচনত উল্লেখ আছে’ মাঘী পন্তা হাতীৰ বল’৷



Ø  মাঘ বিহু বতৰত অসমত ম’হ যুঁজ পূর্বৰে পৰা জনপ্ৰিয়৷ যুঁজৰ বাবে গলধন ধৰাই ম’হ সাজু কৰি ৰাখি নিদিষ্ট দিনত যুঁজ লগাই৷ নাকী খুলি দিলে মহে শিঙে শিঙে আৰু মূৰে মূৰে যুঁজে৷ শিৱসাগৰৰ ৰূপহী পথাৰ, হামদৈ পথাৰ, কেকাই পথাৰ ম’হ যুঁজৰ বাবে বিখ্যাত৷



Ø  হাজো অঞ্চলত মাঘ বিহুৰ সময়ত  হয়গ্ৰীৱ মাধৱ মন্দিৰত সমন্বয়ৰ মেলা আয়োজন কৰে৷ মন্দিৰ প্ৰাঙ্গনত দেইদিনা বুলবুলি চৰাইৰ যুঁজ আয়োজন কৰে৷ কথিত আখ্যান অনুসৰি মাঘৰ সময়ত এজ ৰজাই মন্দিৰ পৰিদর্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈছিল তেতিয়াৰ পৰা বছৰি মাঘ বিহুত বুলবুলি যুঁজ চলি আহিছিল৷



Ø  মৰিগাঁৱৰ তিৱাসকলে মাঘবিহুৰ সময়ত ‘জোনবিল’ মেলা আয়োজন কৰে৷ এই মেলাত পাহাৰ-ভৈয়ামৰ তিৱা-অনা তিৱাৰ মাজত পণ্য বিনিময় প্ৰথা চলে৷ মেলাত গোভা ৰজাই উপাস্য দেৱতা ‘ফা-মহাদেউ’ (শিৱ)ক আৰাধনা কৰে৷

Ø  মাঘ বিহুৰ উৰুকাৰ নিশা পুৱালৈ অসমৰ বহুতো ঠাইত বাৰীৰ গছ-বিৰিখৰ পুলি আৰু খুটাসমূহত ধান খেৰ বা নৰাৰে বান্ধি দিয়া হয়৷ তেওঁলোকে লোকবিশ্বাস কৰে এনে কৰিলে ফাগুন মাহত মাকৰ ঘৰলৈ যোৱা বৰদৈচিলা ধুমুহাই কোনো ধৰণৰ অনিষ্ঠ কৰিব নোৱাৰে৷

Ø  সোণোৱাল কছাৰীসকলৰ জনশ্ৰুতি অনুসৰি ‘বিষ্ণুৱে যেতিয়া মান সন্মান লৈ নিজ বাহৰত থাকিলগৈ তেতিয়া বসুমতীয়ে ভাৰ বব নোৱাৰি পুনৰ ব্ৰক্ষ্মাৰ ওচৰত আৱেদন জনোৱাত সেইবাৰ তেওঁ নিজেই সৃষ্টিৰ ফালে ৰাওনা হ’ল৷ প্ৰজাপতিৰ আগমনৰ কথা গম পাই শিৱই ব্ৰক্ষ্মা, ব্ৰক্ষ্মাই অগ্নিজ্ঞান কৰি ব্ৰক্ষ্মাক শিৱই নিজৰ বাহন কপিলা বৃষক সজাই সকলোৰে ঘৰত থকা গৰু-গাইবোৰক পঞ্চভূতৰ উদ্দেশ্যে ধানখেৰৰ ছাইৰে পাঁচটা ফুট দিয়ে৷ ব্ৰক্ষ্মাই অগ্নি বুলি দেৱতাৰ উদ্দেশ্যে মেজি জ্বলোৱা হয়৷ ব্ৰক্ষ্মাই তেওঁক পূজা কৰিব বুলি বস্তু-বাহানি লুকুৱাই ভঁৰালৰ দুৱাৰ বন্ধ কৰি ৰাখিবৰ বাবে কুৱেৰক দায়িত্ব প্ৰদান কৰে৷ কথামতে কুবেৰে সকলো কাম কৰিলে যদিও ভঁৰালৰ বাহিৰৰ বস্তুসমূহৰ কথা সমূলি পাহৰি গ’ল৷ এনে সময়তে এটা গাহৰিয়ে আলু খান্দি থকা দেখি সকলোৱে সেৱা পৰীক্ষা কৰি তাক খাদ্য বুলি চিহ্নিত কৰি পূজাৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিল৷ ইফালে মাহনিত মাহ দেখি মাহৰ ওচৰলৈ যোৱাত মাহে কুবেৰৰ অভিশাপৰ ভয়ত মাহ দিবলৈ মান্তি নহল৷ সেই কথাত খং খাই সকলোৱে মাহক মৰিয়াই উলিওৱা দেখি তিলে ভয়তে বেট মেলে৷ আলু, মাহ, তিলৰ সৈতে নানা খাদ্য তৈয়াৰ কৰি অগ্নি দেৱতাক পূজা কৰিবলৈ ধৰে৷ পিছলৈ আলু কৰপৰা পালে তাৰ বিচাৰ হ’ল৷ বিচাৰত গাহৰীটো ওলাই পৰিল৷ তেতিয়া ব্ৰক্ষ্মা আৰু কুবেৰে তাক অভিশাপ দিলে যে ‘কলি যুগত সি আলু হৈ জন্মিব৷’ সেইবাবে গাহৰিৰ পৰাই মৱা আলু  (কাঠ আলু) ৰ সৃষ্টি হ’ল৷ মৱা আলুৰ লতাই আলুৰ দ’ৰে বগাই নাযায়৷ অন্য লতাই বগোৱা বিপৰীত দিশত বগায়৷

Ø  অসমত বসবাস কৰা দেউৰীসকলে আকৌ মাঘ বিহুটোক কেমাচি বিহু নামেৰে উৎযাপন কৰে৷ মাঘ মাহৰ প্ৰথমটো বুধবাৰে তেওঁলোকে দেওঘৰত কুন্দিমামাক আৰাধনা কৰি বৃহস্পতিবাৰে মেজি জ্বলায়৷ মেজিত শৰাই, চুজে, কাজি (কৰাই গুৰি) আগবঢ়ায়৷ এনে আলু মাঘত নাখালে গাহৰি হৈ জন্মিব লাগিব বুলি বিশ্বাস৷

Ø  হাজং সকলে ভোগালী বিহুত প্ৰথমে ঘৰে ঘৰে গীত গাই ধন সংগ্ৰহ কৰি সেই পূঁজিৰে ভেলাঘৰত সমূহীয়া ভোজ-ভাত খায় লেৱাটানা নৃত্য কৰে৷

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ