১০০০ চমু প্ৰশ্ন৷ বিষয় সমাজ বিজ্ঞান৷ (HSLC 2023) 401-450

 


৪০১. পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ উত্তৰ গোলার্ধত অৱস্থিত-

ক) ৬৫ % খ) ৬৬ % গ) ৬৭ % * ঘ) ৬৮ %

(* সর্বমুঠ ৭ খন মহাদেশৰ ভিতৰত দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ, আফ্ৰিকাৰ দক্ষিণাংশ, ওছেনিয়া আৰু এণ্টার্কটিকাক বাদ দি বাকী বৃহৎ অংশ উত্তৰ গোলার্ধতে অৱস্থিত৷)

৪০২. উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নির্ধাৰণ কৰিছে-

ক) পানামা খাল * খ) চুৱেজ খাল গ) নায়েগ্ৰা জলপ্ৰপাত ঘ) হর্ণ অন্তৰীপ

(* পানামাত অৱস্থিত ৭৭.১ কিঃ মিঃ দৈর্ঘ্যৰ এই খালে আটালাণ্টিক আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে৷ ১৯০৪ চনত আমেৰিকাই খালটি খন্দাৰ কাম আৰম্ভ কৰি ১৯১৪ চনত সম্পূর্ণ কৰে৷ ইয়াৰ ফলৰ জাহাজৰ যাত্ৰা সহজ হৈ পৰিল৷ দূৰত্ব হ্ৰাস পালে৷)

৪০৩. বিষুৱীয় তথা ক্ৰান্তীয় অঞ্চলৰ জলবায়ু * হৈছে-

ক) উষ্ণ আৰু আদ্ৰ খ) নাতিশীতোষ্ণ গ) অতিমাত্ৰা ঠাণ্ডা ঘ) অতিমাত্ৰা উষ্ণ

(* পৃথিৱীৰ সকলো ঠাইতে জলবায়ু বেলেগ৷ মধ্য অক্ষাংশ অঞ্চলত নাতিশীতোষ্ণ আৰু মেৰু অঞ্চলত অতিপাত ঠাণ্ডা৷ জলবায়ুৰ এনে তাৰতম্যৰ বাবে উদ্ভিদো বেলেগ বেলেগ হয়৷)  

৪০৪. বৰফাবৃত্ত মেৰু অঞ্চলত পোৱা উদ্ভিদবোৰ-

ক) চিৰসেউজীয়া খ) অৰণ্য বিহীন চুটি ঘাঁহ আৰু কাঁইটিয়া উদ্ভিদ গ) শেলুৱৈ আৰু ঢেঁকীয়া জাতীয় ঘ) সৰলবর্গীয়

৪০৫. এণ্টার্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখন হৈছে-

ক) ভাৰত মহাসাগৰ খ) উত্তৰ মহাসাগৰ গ) দক্ষিণ মহাসাগৰ ঘ) আটলাণ্টিক মহাসাগৰ

(* পৃথিৱীৰ চতুর্থ মহাসাগৰ৷ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়েই বৰফেৰে ঢাক খাই থাকে৷)

৪০৬. উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি-

ক) বর্গাকাৰ খ) ঘূৰণীয়া গ) চেপেটা ঘ) ত্ৰিভূজকাৰ

(* এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই মহাসাগৰ খনক আগুৰি আছে৷  বছৰটোৰ বেছিভাগ সময়েই মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে৷)

৪০৭. আৰব সাগৰ, পাৰস্য উপসাগৰ, বংগোপসাগৰ, আন্দমান সাগৰ, লোহিত সাগৰ আদিবোৰ কোনখন মহাসাগৰৰ অর্ন্তগত উল্লেখযোগ্য সাগৰ-

ক) ভাৰত মহাসাগৰ খ) প্ৰশান্ত মহাসাগৰ গ) আটলাণ্টিক মহাসাগৰ ঘ) দক্ষিণ মহাসাগৰ

৪০৮. পুৱার্টোৰিক, ৰোমাঞ্চ আৰু দক্ষিণ ছেণ্ডউইচ কোনখন মহাসাগৰৰ প্ৰধান সামুদ্ৰিক খাট-

ক) ভাৰত মহাসাগৰ খ) প্ৰশান্ত মহাসাগৰ গ) আটলাণ্টিক মহাসাগৰ ঘ) দক্ষিণ মহাসাগৰ

৪০৯. বেৰিং সাগৰ, ওখটস্ক, জাপান, দক্ষিণ চীন, ফিলিপাইন, আলাস্কা সাগৰ কোনখন মহাসাগৰৰ উল্লেখযোগ্য সাগৰ

ক) ভাৰত মহাসাগৰ খ) প্ৰশান্ত মহাসাগৰ গ) আটলাণ্টিক মহাসাগৰ ঘ) দক্ষিণ মহাসাগৰ

৪১০. মাটিকালি হিচাপত প্ৰশান্ত মহাসাগৰ কোনখন মহাসাগৰৰ মাটিকালিৰ দুগুণতকৈ কিছু বেছি-

ক) ভাৰত মহাসাগৰ খ) উত্তৰ মহাসাগৰ গ) আটলাণ্টিক মহাসাগৰ ঘ) দক্ষিণ মহাসাগৰ

৪১১. নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহক লৈ গঠিত মহাদেশখন-

ক) উত্তৰ আমেৰিকা খ) দক্ষিণ আমেৰিকা গ) ওছেনিয়া * ঘ) আফ্ৰিকা

(* অষ্ট্ৰেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এইবোৰ দ্বীপক লৈ ওছেনিয়া মহাদেশ গঠিত৷ ওছেনিয়া এছিয়া মহাদেশৰ দক্ষিণে  আৰু সম্পূর্ণভাৱে দক্ষিণ গোলার্ধত অৱস্থিত৷ ১৪ খন দেশ অৱস্থিত৷)

৪১২. অষ্ট্ৰেলিয়া ওছেনিয়া মহাদেশৰ বৃহত্তম আৰু আৰু পৃথিৱীৰ ___ বৃহত্তম দেশ৷

ক) ষষ্ঠ খ) সপ্তম গ) অষ্টম ঘ) নৱম

৪১৩. গ্ৰেট ডিভাইডিং ৰেঞ্জ আৰু স্ন’বি মাউণ্টেইনে সৃষ্টি কৰা উচ্চভূমি অঞ্চলটোক কোৱা হয়-

ক) কানাডিয়ান আল্পছ খ) অষ্ট্ৰেলিয়ান আল্পছ* গ) নিউজিলেণ্ড আল্পছ ঘ) চুইজাৰলেণ্ড আল্পছ  

(* এই উচ্চভূমি অঞ্চলটো অষ্ট্ৰেলিয়াৰ পূব অংশত অৱস্থিত৷)

৪১৪. মূৰে, ডালিং, বেলিয়াণ্ডো, ফিটজৰয়, ফ্লিণ্ডার্ছ, ভিক্টোৰিয়া, ছোৱান আদিবোৰ কোনখন দেশৰ প্ৰধান নৈ-

ক) অষ্ট্ৰেলিয়া খ) টুভালু গ) ভেনুৱাটু ঘ) পালাউ

৪১৫. আয়াৰ, বার্লি, কার্ণেজি, মেকে, কেৰী আদিবোৰ ওছেনিয়া মহেদেশৰ প্ৰধান-

ক) মৰুভুমি খ) হ্ৰদ গ) নদী ঘ) মালভূমি

৪১৬. গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন, গিবছন, লিটল ছেণ্ডি, টিৰাৰি, পের্ডিকা আদিবোৰ অষ্ট্ৰেলিয়াৰ প্ৰধান-

ক) মৰুভুমি খ) হ্ৰদ গ) নদী ঘ) মালভূমি

৪১৭. কোনখন মহাদেশৰ আকৃতি এটা ওভোটা ত্ৰিভূজ * ৰ দৰে-

ক) উত্তৰ আমেৰিকা খ) দক্ষিণ আমেৰিকা গ) ওছেনিয়া ঘ) আফ্ৰিকা

(* অর্থাৎ ইয়াৰ উত্তৰ অংশ যথেষ্ট বহৎ আৰু দক্ষিণ অংশ অতি ঠেক৷ মহাদেশ খনত মুঠ ১২ খন দেশ আছে৷)

৪১৮. বিশ্বৰ পঞ্চম বৃহত্তম দেশ ___ দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ-

ক) চিলি খ) আজেণ্টিনা গ) বলিভিয়া ঘ) ব্ৰাজিল *

(* আমেৰিকা মহাদেশৰ একমাত্ৰ আৰু পৃথিৱীৰ সর্ববৃহৎ পর্তুগীজভাষী দেশ৷ ফুটবলৰ বাবে বিখ্যাত৷ ইকুৱেডৰ আৰু চিলিৰ বাদে সকলো দক্ষিণ আমেৰিকীয় দেশৰে সীমা ব্ৰাজিলৰ লগত লাগি আছে৷ )  

৪১৯. দক্ষিণ আমেৰিকাৰ পশ্চিম অংশ উত্তৰা-দক্ষিণাকৈ পানাম যোজকৰপৰা হর্ণ অন্তৰীপলৈকে আগুৰি থকা সুউচ্চ পর্বতমালাটো হৈছে-

ক) এণ্ডিজ * খ) ৰকি গ) ক’ষ্টৰেঞ্জ ঘ) কাস্কেড

(* উল্লেখযোগ্য যে ই পথিৱীৰ দীর্ঘতম (প্ৰায় ৮০০০ কিলোমিটাৰ) পর্বতশ্ৰেণী৷ উচ্চতাৰ ক্ষেত্ৰত হিমালয়ৰ পিছতে স্থান৷ ইয়াৰ উচ্চতম শৃংগটো হৈছে একানকাগুৱা (৭০২০ মিটাৰ)৷ ইয়াৰ একেবাৰে বৃষ্টিহীন অংশত আটাকামা উষ্ণ মৰুভূমি আৰু পাটাগ’নিয়া নীতিশীতোষ্ণ মৰুভূমি অৱস্থিত৷)

৪২০. পাৰাগুৱে, উৰুগুৱে, পাৰাণা, আমাজান, অৰিনিক আদিবোৰ দক্ষিণ আমেৰিকাৰ প্ৰধান-

ক) অৰণ্য খ) নদী * গ) মালভূমি ঘ) মৰুভূমি

(* নদীকেইখনে প্ৰায় সমগ্ৰ মহাদেশতে বিস্তৃত সমভূমিৰ সৃষ্টি কৰিছে৷)  

৪২১. পৃথিৱীৰ উচ্চতম স্থানত থকা হ্ৰদটোৰ নাম হৈছে-

ক) টিকিটাকাও খ) কার্ণেজি গ) গ্ৰেট শ্লেভ ঘ) এলর্বাট

৪২২. পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কানাডা কোনখন মহাদেশৰ বৃহত্তম দেশ-

ক) উত্তৰ আমেৰিকা খ) দক্ষিণ আমেৰিকা গ) আফ্ৰিকা ঘ) ইউৰোপ

৪২৩. কেৰিবিয়ান দ্বীপপুঞ্জৰ কিউবা, জামাইকা, বাহামা, ড’মিনিকান ৰিপাব্লিক কোনখন মহাদেশৰ অন্তর্গত দেশ-

ক) উত্তৰ আমেৰিকা খ) ওছেনিয়া গ) আফ্ৰিকা ঘ) ইউৰোপ

৪২৪. উত্তৰ আমেৰিকাৰ নিম্নতম ঠাই ____ সাগৰ পৃষ্ঠৰ পৰা ৭৬ মিটাৰ তলত অৱস্থিত-

ক) এলিয়েন ভেলী খ) হিউমেন ভেলী গ) গ’ড ভেলী ঘ) ডেথ ভেলী

৪২৫. উত্তৰ আমেৰিকাৰ উচ্চতম ঠাই ___ শৃংগৰ উচ্চতা ৬১৯৪ মিটাৰ-

ক) মেকিনলে শৃংগ খ) ৰকি শৃংগ গ) আপেলেছিয়ান শৃংগ ঘ) নিউফাউলেণ্ড শৃংগ

৪২৬. উত্তৰ আমেৰিকা মহাদেশৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত ‘কোলোৰাড’ এখন

ক) সমতল ভূমি খ) মৰুভূমি গ) পার্বত্য ভূমি ঘ) জলাহ ভূমি  

৪২৭. মিছিছিপি, মিচৌৰী, স্নে’ক, ওহিঅ’, হ’ডছন, ছেণ্ট লৰেন্স আদি নদী সমূহ তলৰ কোনখন মহাদেশৰ অন্তর্গত-

ক) আফ্ৰিকা খ) ওছেনিয়া গ) ইউৰোপ ঘ) উত্তৰ আমেৰিকা

৪২৮. কোনডাল কাল্পনিক ৰেখাই পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আফ্ৰিকাক দুভাগত বিভক্ত কৰিছে-

ক) অক্ষ ৰেখা খ) দ্ৰাঘিমা ৰেখা গ) কর্কট ৰেখা ঘ) বিষুৱ ৰেখা  

৪২৯. ২.৪ নিষুত বর্গ কিলোমিটাৰ মাটিকালিৰে তলৰ কোনখন দেশ আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশ-

ক) চাদ খ) আলজেৰিয়া গ) মাদাগাস্কাৰ ঘ) কংগো

৪৩০. ৫৮৯৫ মিটাৰ উচ্চতাৰে আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাই হৈছে-

ক) কিলিমানজাৰো শৃংগ খ) এটলাছ গ) এডা মাবা ঘ) ইথিওপিয়ান শৃংগ  

৪৩১. পৃথিৱীৰ বৃহত্তম ___ ছাহাৰাৰ ওপৰি কালাহাৰী আৰু নামিবিয়া ____ আফ্ৰিকা মহাদেশত অৱস্থিত-

ক) ৰাষ্ট্ৰীয় উদ্যান খ) হ্ৰদ গ) মৰুভূমি ঘ) নদী

৪৩২. উত্তৰ মহাসাগৰত থকা গটলেণ্ড, এলাণ্ড, নভায়া, জেমল্যা, সেডলবার্ড আৰু গ্ৰীণলেণ্ড কোনখন মহাদেশৰ অন্তর্গত-

ক) এচিয়া খ) ইউৰোপ গ) আফ্ৰিকা ঘ) ওছেনিয়া

৪৩৩. ইউৰোপ মহাদেশৰ ক্ৰিট, ছিছিলি, মাল্টা, ছর্ডিনিয়া, কর্চিকা আৰু বেলিয়াৰিক দ্বীপপুঞ্জ কোনখন সাগৰত অৱস্থিত-

ক) ভূমধ্য সাগৰ খ) গিনি উপসাগৰ গ) আৰৱ সাগৰ ঘ) কাস্পিয়ান সাগৰ

৪৩৪. ইউৰোপ মহাদেশৰ কোনটো পর্বতৰ উচ্চতম শৃংগটোৰ নাম ‘মাউণ্ট ব্লেংক’ (৪৮০৭ মিটাৰ) -

ক) আল্পছ খ) পাইৰেনিজ গ) কাপের্থিয়ান ঘ) ককেছাছ

৪৩৫. ইউৰোপ মহাদেশৰ উচ্চতম শৃংগ ‘মাউণ্ট এলব্ৰাছ’ (৫৬৩৩ মিটাৰ) কোনটো পর্বত শ্ৰেণীৰ অর্ন্তগত-

ক) আল্পছ খ) পাইৰেনিজ গ) কাপের্থিয়ান ঘ) ককেছাছ

৪৩৬. ৰাইন আৰু এল্বে ইউৰোপ মহাদেশৰ কোনখন দেশৰ মাজেৰে বৈ গৈছে-

ক) স্পেইন খ) জার্মানী গ) পোলেণ্ড ঘ) ইটালী  

৪৩৭. ডন. ভল্গা আৰু ইউৰাল ইউৰোপ মহাদেশৰ কোনখন দেশৰ মাজেৰে বৈ গৈছে-

ক) স্পেইন খ) ৰাছিয়া গ) পোলেণ্ড ঘ) ৰোমানিয়া  

৪৩৮. ইউৰোপ মহাদেশৰ অর্ন্তগত তলৰ কোনখন নদীয়ে এছিয়া আৰু ইউৰোপক পৃথক কৰিছে-

ক) স্পেইনৰ এলব্ৰো খ) ইটালীৰ পো গ) ৰাছিয়াৰ ইউৰাল ঘ) গ্ৰেট ব্ৰিটেইনৰ থেমচ-

(* নদীখনৰ লগতে প্ৰাকৃতিক ভাৱে ইউৰাল পর্বতমালাই দুয়োখন মহাদেশক ভাগ কৰিছে৷)

৪৩৯. ইউৰোপ মহাদেশৰ অষ্ট্ৰিয়া, হাংগেৰী আৰো ৰোমানিয়াৰ মাজেৰে বৈ যোৱা নদীখন হৈছে-

ক) নিপাৰ খ) ডানিয়ুব গ) ওডাৰ ঘ) থেমচ

৪৪০. ওনেগা, লেড’গা, চুডস্ক’য়ে, ভের্নান আদিসমূহ ইউৰোপ মহাদেশৰ উল্লেখযোগ্য-

ক) হ্ৰদ খ) মৰুভূমি গ) উপকূল অঞ্চল ঘ) উচ্চভূমি অঞ্চল

৪৪১. এছিয়া মহাদেশৰ লোকটক হ্ৰদ * উত্তৰ পূবাঞ্চলৰ কোনখন ৰাজ্যত অৱস্থিত-

ক) অৰুণাচল প্ৰদেশ খ) মণিপুৰ গ) মেঘালয় ঘ) ছিকিম

৪৪২. এছিয়া মহাদেশৰ ___ __ অংশত অৱস্থিত উল্লেখ যোগ্য নদীসমূহ হৈছে- সিন্ধু, গংগা আৰু ব্ৰক্ষ্মপুত্ৰ -

ক) দক্ষিণ-মধ্য অংশত খ) উত্তৰ অংশত গ) দক্ষিণ আৰু দক্ষিণ পূব অংশত ঘ) পূব অংশত

৪৪৩. তলৰ কোনটোক এছিয়া মহাদেশৰ সর্বোচ্চ পর্বতমালা আখ্যা দিয়া হৈছে-

ক) টিয়েনচান পর্বতমালা খ) কুনলুন পর্বতমালা গ) হিমালয় পর্বতমালা ঘ) কাৰাকোৰাম পর্বতমালা  

৪৪৪. তলৰ কোনটো কাৰাকোৰাম পর্বত মালাৰ অর্ন্তগত সর্বোচ্চ শৃংগ-

ক) আলটাই শৃংগ খ) গডউইন অষ্টিন গ) কাঞ্চনজংঘা ঘ) আৰাৱলী শৃংগ  

৪৪৫. পৃথিৱীৰ উচ্চতম মালভূমি ___ এছিয়া মহাদেশত অৱস্থিত-

ক) তিব্বত মালভূমি খ) মংগোলীয় মালভূমি গ) ইৰাণ মালভূমি ঘ) পামিৰ মালভূমি

৪৪৬. এছিয়া মহাদেশৰ অর্ন্তগত গোবি, থৰ আৰু আৰৱ হৈছে একো একোখন-

ক) মালভূমি খ) পর্বতমালা গ) মৰুভূমি ঘ)  নদী

৪৪৭. ছুৱেজ খাল এছিয়া মহাদেশৰতলৰ কোনটটো দিশত অৱস্থিত-

ক) পূব খ) পশ্চিম গ) উত্তৰ ঘ) দক্ষিণ  

৪৪৮. কোনখন মহাসাগৰত অৱস্থিত জাপান, টাইৱান, ফিলিপাইন, জাভা, চুমাত্ৰা, বর্ণিও ইত্যাদি দ্বীপসমূহ এছিয়া মহাদেশৰ অর্ন্তগত-

ক) প্ৰশান্ত মহাসাগৰ খ) ভাৰত মহাসাগৰ গ) আটলাণ্টিক মহাসাগৰ  ঘ) উত্তৰ মহাসাগৰ-

৪৪৯. আন্দমান-নিকোবৰ, শ্ৰীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন আদিবোৰ এছিয়া মহাদেশৰ গাত লাগি থকা কোনখন মহাসাগৰৰ অর্ন্তগত দ্বীপ -

ক) প্ৰশান্ত মহাসাগৰ খ) ভাৰত মহাসাগৰ গ) আটলাণ্টিক মহাসাগৰ ঘ) উত্তৰ মহাসাগৰ-

৪৫০. বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কল্লেৰু আদিবোৰ এছিয়া মহাদেশৰ উল্লেখযোগ্য-

ক) দ্বীপ খ) মৰুভুমি গ) হ্ৰদ ঘ) মালভুমি

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ