ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি সন্মান
জনাই অসমত আজিৰ দিনটোত প্ৰতি বছৰে শিল্পী দিৱস পালন কৰা হয়৷ আহঁকচোন আমি তেখেতৰ বিষয়ে
কেইটামান তথ্যৰ সম্ভেদ লও-
১. জ্যোতিপ্ৰসাদৰ জয়মতী কথাছবি: বেজবৰুৱাৰ
মন্তব্য:- “জয়মতী ফিল্ম
অসমীয়াৰ প্ৰথম উদ্যম৷ সেই উদ্যমত হাত দিছে কোনে ? অসমৰ সুবিখ্যাত পৰিয়াল এটাৰ দেশপ্ৰাণ
স্বার্থত্যাগী ডেকা এজনে, যিজনৰ ধন-বল, মন-বল যথেষ্ঠ আছে৷ বিদ্যাৰ বল মানে লেখা পঢ়াৰ অভিজ্ঞতা আৰু ইউৰোপ
পৰিভ্ৰমণৰ বহুদর্শিতাৰ ওপৰতো কাব্য আৰু শিল্পকলা (Art), সঙ্গীত ইত্যাদিৰ প্ৰচুৰ জ্ঞান৷
বিলাতৰ পৰা উভতি আহিও দেশৰ দহজনৰ দৰে দেশৰ ভালৰ অর্থে তেওঁ স্বইচ্ছাতে কাৰাবৰণ কৰিছিল৷
আন দহজন ধনীৰ ঘৰৰ ডেকাৰ দৰে তেওঁ নিজৰ সুখ-স্পৃহা চৰিতার্থ কৰি ভৰিৰ ওপৰত ভৰি
তুলি থৈ মহাসুখেৰে জীৱন কটোৱাত তেওঁৰ ব্যাঘাত নঘটিলহেঁতেন৷ তেওঁ হেজাৰে হেজাৰে ধন খৰচ
কৰি অক্লান্তভাৱে পৰিশ্ৰম কৰি অসমত অসমীয়াৰ প্ৰথম কথাছবি সর্ম্পূণ কৰি উলিয়ালে৷ মই
বঢ়াই নকওঁ, কিন্তু কমেই যে তেওঁ যদি এই গুৰুপ্তৰ কার্য্যত হাত নিদিলহেঁতেন কমপক্ষে আৰু
কুৰি কি ত্ৰিশ বছৰৰ ভিতৰত অসমীয়াৰ দ্বাৰাই এনে এটা কার্য্য হৈ নুঠিলহেঁতেন৷ প্ৰথম উদ্যম
দেখি শব্দ ইত্যাদিত অলপ দোষ ৰৈ গল; আৰু এই দোষৰ কথা তেওঁ নিজেই বাৰে বাৰে স্বীকাৰ কৰিছে৷ একে
জাপেই কোনেও দ’লৰ টিঙত উঠিব নোৱাৰে৷ বঙ্গদেশত ওলোৱা বঙালীৰ প্ৰথম ফিল্মতকৈ তেওঁৰ এই ফিল্ম
যে শতগুণে ভাল হৈছে এই কথা বঙালী দর্শকেই কলিকতাত কোৱা মই নিজ কাণে শুনিছোঁ৷ কিন্তু
আমাৰ ভিতৰতে জনচেৰেক ওলাল, আৰু কঁকালত কাপোৰ বান্ধি ওলাল, জয়মতী ফ্লিমখন বেয়া হল বুলি বৰকৈ চিয়ঁৰিবলৈ৷
অৱশ্যে সমালোচনা লাগে, নহলে আগলৈ মানুহে দোষ শুধৰাব নোৱাৰে, তেনে সমালোচনা এজনে কাকতত কৰা দেখি
মই সন্তোষো পাইছিলোঁ৷ কিন্তু বাকীসকলৰ সমালোচনা, সমালোচনা নহয়, সমালোচনাৰ নামত লাথি
আৰু ছেই ছেই৷ এইদৰে মানুহৰ সজ উদ্যমত ঠেটুৱাই ধৰা চেঁচাপানী ঢালি দি অসমীয়াই স্বদেশৰ
উন্নতি কৰিবলৈ যায়৷
“জয়মতী ফ্লিম মোৰ ‘জয়মতী কুঁৱৰী’ নাটৰ ভেটিৰ ওপৰত
ভেটি পাতি সজা হৈছে সঁচা৷ কিন্তু তাতে সর্ম্পূন আউজা নাই৷ মই নিজে শ্ৰীযুত জ্যোতিপ্ৰসাদ
আগৰৱালাক কোৱা বা অনুৰোধ কৰা নাছিলোঁ যে মোৰ জয়মতীক তেওঁ প্ৰথমে ফ্লিমত তোলক৷ তেওঁ
যেতিয়া অনুমতি খুজি চিঠি লিখিছিল, আৰু তেওঁৰ ফ্লিমৰ আৱশ্যক মতে তাৰ সালসলনি কৰিব পাৰিবনে নোৱাৰে
সুধিছিল, মই এক মূহূর্তলৈকে অপেক্ষা নকৰি অতি আনন্দ মনেৰে অনুমতি দিছিলোঁ৷ কাৰণ মোৰ ঘাই
হেঁপাহ, অসমীয়াৰ দ্বাৰাই অসমত প্ৰথম ফ্লিম দেখিবলৈহে, মোৰ জয়মতী নাট ফিল্মত উঠা সুখ লভিবলৈ
নহয়৷ যদি জয়মতী নাটক ফ্লিমত নুতুলি ‘মনোমতী’ বা ‘কাৰেঙৰ লিগিৰীক’ তুলিলেহেঁতেন তাতো মোৰ নথৈ সন্তোষ
হলহেঁতেন৷ কলিকতাত যিদিনা প্ৰথমতে মই জয়মতী ফ্লিম দেখিলোঁ, মোৰ আনন্দ বুকুত নধৰা হৈছিল৷ মোৰ নাটৰ
ঘটনাবোৰ অনেক লৰচৰ কৰি ফ্লিমত দিয়া হৈছিল৷ মই দেখিছিলোঁ আৰু সেই ঘটনা তাতে দর্শকৰ ভিতৰত
অনেকে মোক কৈছিলেও৷ কিন্তু তালৈ মোৰ ভ্ৰক্ষেপ নাছিল আৰু আজিও নাই৷ মোৰ আনন্দ জয়মতী
ফ্লিমত দেখি, আৰু এনে অভাৱনীয়ৰূপে ফ্লিমকর্তাই অসমীয়া ভাৱৰীয়া আৰু ভাৱৰীয়নীৰে সেই কার্য্য
সমাধা কৰা দেখি৷ জয়মতীক দেখি প্ৰত্যোক কবিয়ে প্ৰত্যক আর্টিষ্টে নিজৰ কল্পনাৰ সৌন্দর্য্য
আঁকিব পাৰে, আৰু সেই পট লোকৰ আগত প্ৰদর্শন কৰিব পাৰে, যি দর্শক পাঠকৰ মন হৰণ কৰিব পাৰিলেই
কার্য্য দিদ্ধি৷ এক বাল্মীকিৰ ৰাম-সীতাক লৈ কত কবি, কত নাট্যকাৰে জগতত অমূল্য সম্পদ দান
কৰিছে৷ বাল্মীকি যদি আচল বাল্মীকি তেন্তে তেওঁ তাত বিষম পোৱা দূৰৰ কথা অনন্দহে পাব৷
মই কৈ কৈ হৰিলোঁ যে বাক্য বা নাটত বা আজিকালি প্ৰচলিত ফ্লিমত প্ৰকৃত বুৰঞ্জী বা ইতিহাস
কোনো বিচক্ষণ লোকে নিবিচাৰে৷ সেইবোৰত কি বিচাৰে, তাৰ বিষয়ে আজি বহলাই নকওঁ৷ দূৰ ইংলেণ্ডৰ
শ্বেক্সপীয়েৰৰ Richard II, Richard III, King
John V ইত্যাদি বুৰঞ্জীমূলক নাটৰ কথাকে নকওঁ, আমাৰ ওচৰৰ বঙ্গদেশৰ
সুবিখ্যাত বঙ্কিমচন্দ্ৰৰ নাট এখনৰ কথাকে কওঁ. বঙ্কিমে ‘চন্দ্ৰশেখৰ’ নাট লিখিছে৷ তাত
মিৰকাচিম আছে৷ মিৰকাচিম বঙ্গৰ নৱাব আছিল, আৰু তেওঁ ইংৰাজৰ সৈতে যুদ্ধ কৰিছিল, আৰু উদয়নালৰ যুদ্ধত
হাৰিছিল৷ এইবোৰ ঐতিহাসিক ঘটনাৰ উল্লেখ চন্দ্ৰশেখনৰ নাটত আছে বুলিয়েই আমি বুজিব লাগিব
নেকি যে, সেই নাটত লেখা আন ঘটনাবোৰ সঁচা ? অথাৎ চন্দ্ৰশেখৰ, প্ৰতাপ, শৈবালিনী, সম্বন্ধে যিবোৰ কথা লেখা হৈছে, সেইবোৰ ঐতিহাসিক
সত্য বুলিয়ে ধৰিব লাগিব নে ? এইবাবেই বঙ্কিম বাবুৱেই এখন ঐতিহাসিক নাটকৰ পাতনিত লেখিছিল যে, ‘উপন্যাস উপন্যাসেই, ইতিহাস নহে৷’ এই উজু কথাটো অনেকে
পাহৰে৷
ওপৰত কৈ অহা আমাৰ ‘সমালোচক’ সকলে জয়মতী ফ্লিমৰ সমালোচনাৰ কোব ইমান
বঢ়াই দিলে যে শ্ৰীযুত জ্যোতিপ্ৰসাদ আগৰৱালা একেবাৰেই দমি গ’ল৷ তেওঁ ধনে প্ৰাণে
কৰা পৰিশ্ৰমৰ এনে পুৰস্কাৰ দেখি অবাক হৈ পৰিল৷ মই বিশ্বস্ত সূত্ৰেৰে জানিবলৈ পালোঁ
যে সমালোচকসকলৰ ভিতৰত দুজন এজন ডাঙৰ ডাঙৰ আৰু সন্মানিত মানুহৰ নাম দেখি, পৰৰ মুখেদি জোল খোৱা
অনেক সর্বসাধাৰণ মানুহে জয়মতী ফ্লিম বেয়া বুলি চাবলৈকে নাহিল৷ ফলত আগৰৱালা বপুৰাৰ মূৰত
টাঙোন৷ এনেকুৱাই আমাৰ ব্যৱহাৰ আৰু স্বদেশহিতৈষিতা৷
বিসঙ্গতিৰ অৱস্থা দেখি, মই থাকিব নোৱাৰি, যুঁজলৈ নামিলোঁ৷
তথাপি নানামিলোঁহেতেন যদি মোৰ এজন প্ৰতিদ্বন্দ্বী এলাপেচা মানুহ হ’লহেঁতেন৷ যুঁজৰ ফল
ৰাইজে দেখিলে, সেইদেখি সেই বিষয়ে কোৱা বাহুল্য৷ মই জিকিলোঁ বুলি ভৱাও নাই আৰু নাভাৱোঁ৷ মোৰ
প্ৰচেষ্টা সত্যৰ প্ৰতিষ্ঠাহে৷ যদি কৰিব পাৰিলোঁ ভাল কথা, ন’হলে যদি নাই৷”
২. জয়মতী চলচিত্ৰ উদ্ধোধন কৰি লক্ষ্নীনাথ বেজবৰুৱাই
১৯৩৫ চনৰ ১০ মার্চত দিয়া ভাষণটো:- “আজি বৰ মঙ্গলৰ দিন৷ আজি অসমৰ এটা গৌৰৱৰ দিন৷ ‘জয়মতী’ শ্ৰীমান জ্যোতি বোপাৰ
অশেষ চেষ্টা, অপৰিসীম ধৈর্য্য আৰু ধনব্যয়ৰ ফল৷ তেওঁ প্ৰকৃততে এজন শিল্পী৷ তৰুণ অসমৰ জয়মতী
এখন উজ্জ্বল দাপোণ৷ মই আশা কৰোঁ, যাতে অইন প্ৰদেশৰ লগে লগে এই লাগতিয়াল প্ৰতিষ্ঠানটোৱে অসমত
ভালদৰে শিপায়, জকাইচুকৰ অসম যাতে গোটেই ভাৰততে নিজৰ গৌৰৱ আৰু জাতীয়তা বিলাই ফুৰিব পাৰে, মই দেখিছোঁ, জয়মতী ছবিৰ পুৰণি
গীত-মাত, বচন, ঘৰ-দুৱাৰ কাৰুকার্য্য
সকলো অসমীয়া ঠাচত কৰিবলৈ শ্ৰীমান জ্যোতি বোপাই অশেষ চেষ্টা কৰিছে৷ মোৰ অপাৰ আনন্দ যে
মোৰো মানসী কন্যা কল্পনাৰ নাগিনী প্ৰকৃতিৰ ছোৱালী ডালিমীক মই ভৱামতে, মই কল্পনা কৰা মতে
দিঠকত দেখিবলৈ পালোঁ৷ // যি কালৰ ঘটনা আৰু কার্য্যৰ চিত্ৰ ফিল্মখনে প্ৰকাশ কৰিছে, সেইবোৰ সাইলাখ সেই
কালৰ যেন লাগে৷ ভাৰতৰ নানা ঠাইত আন আন ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা আৰু
কার্য্যৰ সবাক চিত্ৰ মই দেখিছোঁ৷ কিন্তু সেইবোৰ মোৰ মনৰ সেই পুৰণি কালোপযোগী পাৰিপার্শ্বিকতা
এনেদৰে সৃষ্টি কৰিব পৰা নাছিল৷ দ্বিতীয় কথা মোৰ মনত লাগিছে যে আগেয়ে কেতিয়াও ফিল্ম
নেদেখা বা ফিল্মত ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই এনে সুন্দৰকৈ এই জয়মতী ফিল্মত
ভাও দিব কেনেকৈ পাৰিলে? মুঠতে কব পাৰি যে জয়মতী ফিল্মত ভাৱৰীয়া-ভাৱৰীয়ানীয়ে সপ্তদশ
শতিকাৰ অসমত এই ফিল্মত পুনর্জ্জীৱন দি দেখুৱালে সতীৰ সতীত্বৰ সনাতন তেজ, প্ৰকৃত বীৰৰ দুর্জ্জয়
মহিমা পোহৰাই দিলে৷ মোৰ নাটখনৰ সৰহভাগ মানুহ তেওঁ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক, কিন্তু ডালিমীক মোৰ
মানসপটৰ বাহিৰে ইহজনমত দেখিবলৈ পাম, কিন্তু ডালিমীক মোৰ জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক
কৰিলে৷ মোৰ মনৰ চিত্ৰপটত থকা সেই চঞ্চল, সৰল, আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী, এঘাৰ বছৰীয়া ডালিমীক মই ফিল্মত সোঁশৰীৰে
পখিলাটিৰ দৰে উৰি ফুৰা দেখিলোঁ৷ যিটী ছোৱালীয়ে জয়মতী ফিল্মত মোৰ মানস প্ৰতিমা ডালিমীক
মোৰ চকুৰ আগত থিয় কৰি দিলে, সেই ভাৱৰীয়ানী ছোৱালীটিক মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত
দি আর্শীবাদ দিলোহেঁতেন৷ আশাকৰো চিত্ৰলেখা মুভিটোনৰ গৰাকীয়ে মোৰ আর্শীবাদ-নির্ম্মালি ফুলপাহি
তাইৰ খোপাৰ বনফুলত একাশে গুজি দিব৷ (উৎস-
বাঁহী)
৩, মেনডাৰিন ডাক আৰু জ্যোতিপ্ৰসাদ:- জ্যোতিপ্ৰসাদ আগৰৱালাই
সুন্দৰকৈ ৰান্ধিব জানিছিল৷ বিদেশত পঢ়ি থকাৰ সময়তো ৰান্ধিছিল এই বিষয়ে বিদেশৰ সহপ্ৰার্থী
সুৰেন্দ্ৰনাথ বৰুৱাই উল্লেখ কৰিছিল, “জ্যোতি আৰু মই কিছুদিন এডিনব’ৰাত এটা ফ্লেট ভাৰা কৰিও আছিলোঁ৷ আামি
দুয়ো সকলো কাম নিজেই কৰিছিলোঁ৷ জ্যোতিয়ে ঘাইকৈ ৰন্ধা-বঢ়া কৰিছিল৷ ৰন্ধা-বঢ়াত তেওঁ খব পার্গত
আছিল৷ বেছ ভাল ভাল খাদ্য বনাব জানিছিল৷” তেজপুৰৰ পকীত থাকোতে জ্যোতিপ্ৰসাদে পাকঘৰতো ৰন্ধা বঢ়া কামত
লাগিছিল৷ এই সর্ম্পকে মীনা আগৰৱালাই ‘জ্যোতি ককাইদেউৰ সোঁৱৰণত’ নামৰ প্ৰবন্ধত উল্লেখ কৰিছে, “যদিও ককাইদেৱে খুব
কম খাইছিল কিন্তু বৰ জুতিৰ হোৱাটো বিচাৰিছিল৷ মাক,আইতাকহঁতৰ হাতে ৰন্ধা খাৰ-খাৰলি টেঙাৰ পৰা
পশ্চিমীয়া খাদ্যলৈকে সকলোবোৰ জুতি জানিছিল আৰু নিজেও ৰান্ধিব পাৰিছিল৷ তেখেতৰ খোৱাখিনি
ৰান্ধিবলৈ আমি বৰ যত্নপৰ হৈছিলোঁ৷ মোৰ বেচ মনত পৰে এদিন মই ৰন্ধা এখন আঞ্জা খাই ইমান
ভাল পালে যে বাইদেউক ক’লে ‘চিত্ৰলেখা’ই খুব ভাল ৰান্ধিছিল, ৰন্ধা এটা ভাল কলা (হিহেতু এসময়ত মই
চিত্ৰলেখাৰ ভাঁও লৈছিলোঁ) গতিকে ইমান ভাল ৰান্ধিব পাৰিছে৷ তেতিয়া মই খুব হাঁহিছিলো৷
এতিয়া বুজিছোঁ তেখেত হৈছে শিল্পী৷ কল্পনাক বাস্তৱত ৰূপ দিব পৰা বাবেইহে এনে চিন্তা
কৰিছিল৷ ১৯৪২ চনত পণ্ডিত নেহেৰুৱে (জৱাহৰলাল নেহেৰু) কংগ্ৰেছ কর্মীৰ সৈতে পকীত আলহী৷ বাইদেউ
অকলশৰীয়া৷ মোৰ কেচুৱা জন্ম হোৱা ৩ দিন মান হৈছে৷ আচৰিত কথা ককাইদেউ নিজে ৰন্ধা-বঢ়াত লাগি গোটেই
দলটিক আপ্যায়িত কৰিলে৷” তামোলবাৰী চাহবাগিচাত থাকোতেও মাজে মাজে ল’ৰা-ছোৱালী কেইটাক তেওঁ
ৰান্ধি খুৱাইছিল৷ কন্যা সত্যশ্ৰী দাসে, ‘জ্যোতিপ্ৰাদ: তামোলবাৰীৰ ৰেঙণি.. গ্ৰন্থত
দেউতাকৰ খাদ্য ওপৰত থকা মন্তব্য দাঙি ধৰিছিল এইদৰে৷ তেখেতৰ মতে, “সুন্দৰকৈ ৰন্ধা-বঢ়া কৰা, ধুনীয়াকৈ পৰিবেশন
কৰা, মেজত সুৰুচিৰে
খোৱা বস্তুখিনি সজাই-পৰাই দিয়াটোও এটা আর্ট৷ ভালদৰে সাজপাৰ পিন্ধাটো আৰু খাবলৈ সোৱাদ লগাকৈ ৰন্ধা
বঢ়া কৰাটোও সংস্কৃতি৷” তামোলবাৰী চাহবাগিচাত থকা সময়ছোৱাত জ্যোতিপ্ৰসাদে জিংঘা মিস্ত্ৰীক ৰান্ধনী হিচাপে
নিয়োজিত কৰে৷ জিংঘা মিস্ত্ৰীয়ে বহুত দিন ঠায়ে ঠায়ে সৈনিক সকলৰ লগত কাম কৰিছিল৷ তেওঁ
দেশ বিদেশৰ নানা ধৰণৰ আহাৰ ৰান্ধিব জানিছিল৷ Mandarin duck ৰ’ষ্ট বনাবলৈ তেওঁৰ
দুদিন লাগিছিল৷ প্ৰথম দিনা আহি হাঁহটো কাটি-কুটি বাছি মছলা আদি অনি থৈ দিয়ে৷ পিছদিনা
আহি বনায়৷ হাঁটো গোটাকৈয়ে থাকে কিন্ত ভিতৰত এডালো হাড় থাকে৷ যথেষ্ট নৈপণ্যৰ কাম৷ // জয়মতী চলচিত্ৰত ল’ৰা ৰজাৰ ভাও লোৱা
নৰেন বৰদলৈয়ে খোৱা টেবুলত জ্যোতিপ্ৰসাদ কেনে আছিল সেই বিষয়ে উল্লেখ কৰিছিল, “খাৱৰ সময়ত তেওঁ আছিল
এজন ৰসাল ব্যক্তি৷ তেওঁ ইটো সিটো কৈ আমাক হহুঁৱাই আছিল৷ তেওঁ মোক খাবৰ সময়ত John Loo No. 1 ব্ৰাণ্ডি যাচিলে৷ মই খাবলৈ ইতস্তত কৰিছিলোঁ৷ তেওঁ ক’লে বাগিচাত বৰ আই
ওলাইছে৷ সেয়ে ঔষধ হিচাপে এইটো খাব দিছোঁ৷ এইটো খালে বোলে ৰোগে নধৰে৷” (জ্যোতিৰ সান্নিধ্যত, ৰূপকোৱঁৰৰ স্মৃতি- নৰেন্দ্ৰনাথ বৰদলৈ, পৃষ্ঠা-১২২) বিদেশত থাকোতে একেলগে
পঢ়া সুৰেন্দ্ৰ নাথ বৰুৱা উল্লেখ কৰিছিল, “জ্যোতি আৰু মই কিছুদিন এডিনবৰা’ৰত এটা ফ্লেট ভাৰা কৰিও আছিলোঁ৷ আমি
দুয়ো সকলো কামবন নিজেই কৰিছিলোঁ৷ জ্যোতিয়েই ঘাইকৈ ৰন্ধা বঢ়া কৰিছিল৷ ৰন্ধা বঢ়াত তেওঁ
খুব পার্গত আছিল৷ বেছ ভাল ভাল খাদ্য বনাব জানিছিল৷ (জ্যোতিৰ সান্নিধ্যত, ৰূবিলাতত
জ্যোতিপ্ৰসাদ- সুৰেন্দ্ৰনাথ বৰুৱা, পৃষ্ঠা-৫২)। গজেন বুৰৱাই জ্যোতিপ্ৰসাদৰ খাদ্য সর্ম্পকত উল্লেখ
কৰি গৈছে, ‘আমি প্ৰায়েই নিজে চাহ তাহ কৰি খাওগৈ৷ জ্যোতিককাইদেউকো ‘হৰলিক্স’ মিলাই
বা তেখেতৰ অতি প্ৰিয় টনিক ‘চেনাটোজেন’ (Sanatogen)
খাবলৈ ব্যৱস্থা কৰি দিওঁ আৰু কেতিয়াবা ৰান্ধনী
ঘৰত গৈ স্কোৱাছ, অমিতা অনান্য পাচলিও কুটি দিওঁগৈ৷ জ্যোতি ককাইদেৱে প্ৰায়েই ‘ষ্ট্ৰু’ খাইছিল আৰু নিজে
ৰান্ধি খাই ভাল পাইছিল৷ খুব ধুনীয়া ৰান্ধিবও পাৰিছিল (উৎস- জ্যোতিৰ সান্নদিধ্যত- ৯৩)
৪. চিগাৰেট আৰু জ্যোতিপ্ৰসাদ:- জ্যোতিপ্ৰসাদ আগৰৱালাই ‘থ্ৰি ক্ৰেষ্টেল’ চিগাৰেট সেৱন কৰিছিল৷
তেওঁৰ ঘৰলৈ ভৰত বৰপূজাৰী প্ৰথমবাৰ যাওঁতে চিগাৰেট আগবঢ়াই কৈছিল, ‘বুজিছে চিগাৰেট খোৱা
মানুহে চিগাৰেট নাখালে মনৰ কথা মুকলিকৈ পাতিব নোৱাৰে৷ মই যদি একেলগে আপোনাৰ লগত চিগাৰেট
খাওঁ, আপোনাক মোৰ সমনীয়া যেন ভাৱ হ’ব৷ মোৰ মনলৈকে ন-জোৱানৰ ভাৱ আহিব৷ আমি মুকলিকৈ কথা
পাতিব পাৰিম৷” হেমাংগ বিশ্বাসে আকৌ ‘জ্যোতিপ্ৰসাদক মই যেনেকৈ জানিছিলোঁ’ প্ৰবন্ধত উল্লেখ
কৰিছিল, “জ্যোতিপ্ৰসাদ আছিল প্ৰথম শ্ৰেণীৰ আলাপচাৰী, কনভার্ছেছ’নেলিষ্ট৷ ঘণ্টাৰ
পাছত ঘন্টা তেওঁ কথা কৈ গ’লেও আমি কেতিয়াও বোৰিং পোৱা নাছিলো৷ আমাৰ আলোচনাত সুৰভিত
হৈ উঠিছিল সুদৃশ্য চীনা মাটিৰ পিয়লাত দেখা চাহৰ ফ্লেভেৰে আৰু ষ্টেট এক্সপ্ৰেছ চিগাৰেটৰ
সুগন্ধি ধোৱাৰে৷ মই চিগাৰেট খোৱা নাছিলো কিন্তু তেওঁ যাচিলে না কৰিবৰ মন নগৈছিল৷” জীয়েক সত্যশ্ৰী দাসে
মনত পেলাই লিখিছে, “দেউতাই টেমাৰ চিগাৰেট খাই৷ দেউতাৰ চিগাৰেটৰ টেমাৰ ঢাকনখনত এখন সৰু কটাৰী লগোৱা
থাকে, ভালকৈ খাপ খুৱাই ঢাকনখন ঘূৰাই দিলে টেমাৰ ভিতৰৰ চিচাখন সমানকৈ গোলকৈ কাট খাই৷
স্বাধীনতা আন্দোলনৰ সময়ত এবাৰ জ্যোতিপ্ৰসাদ আগৰৱালই নাৱেৰে নিশা ব্ৰক্ষ্মপুত্ৰৰ উজনিলৈ
নৌকাযাত্ৰা কৰা বর্ণনা দি তিলক হাজৰিকাই ‘জ্যোতিৰ জ্যোতিপ্ৰপাত’ লিখাত চিগাৰেট সেৱনৰ কথা উল্লেখ কৰিছিল
এইদৰে, “এবাৰ তেওঁ মাখনৰ সুদা টিংটো নৈৰ বুকুলৈ দলি মাৰি দি জোলোঙাৰ টাৱেলখনত আঙুলিটো
মচি মচি আকৌ এবাৰ হাঁহি হাঁহি কৈছিল---‘আৰু বুজিছা, আনকি ছিগাৰেট এবাকছ লবলৈও ক’তো সুবিধা নাপালোঁ৷’ এই বুলি কৈয়ে তেওঁ
ৰগৰ কৰি নাৱৰীয়াহঁতক বিড়ি এটা খুজিছিল৷ এৰাটো তেওঁ মাজ ৰাতি আহি গুৱাহাটীৰ পৰা নগাওঁ
পাইছিল আৰু সেই শেষ ৰাতি নগাৱৰ পৰা শিলঘাট পাইছিল৷ বাটত খোৱা আৰু কিনাৰ সূচল ক’ত ? মই অজ্ঞাত সাৰে মোৰ
চোলাৰ জেপলৈ হাত নিলোঁ আৰু এক মূর্হুতত কিবা ভাবি লাজ ভয় আৰু সংকোচেৰে জেপৰ পৰা আধাৰুৱা
চিগাৰেটৰ বাকচ এটা তেওঁৰ ফালে থৰক বৰকৈ আগবঢ়াই দিলোঁ৷ তেওঁ এবাৰ হাঁহিলে মাত্ৰ, একো নকলে৷ চুৰট এটা
মুখলৈ নি জ্বলালে আৰু খুব তৃপ্তিৰে চকু মুদি হুপিবলৈ ধৰিলে৷ অলপ পৰৰ পিছতে লাহে লাহে
পুৰি যোৱা তেওঁৰ হাতৰ চুৰাটলৈ কিছুসময় চাই থাকি তেওঁ নিজে কোৱাদি কৈছিল ‘মই এনেদৰেই নিজৰ
জুইত নিজে নিজে পুৰি শেষ হৈ যাব ধৰিছোঁ’৷ (উৎস-জ্যোতিৰ সান্নিধ্যত-১৭১)
৫. আকাশবাণী আৰু জ্যোতিপ্ৰসাদৰ নাটক:- আকাবাণীৰ লগত জ্যোতিপ্ৰাদৰ কেইবাটাও সর্ম্পক আছে৷ কলিকতা
অনাতাঁৰ কেন্দ্ৰই ১৯৪৩ চনৰ পৰা প্ৰত্যকদিনা আৱেলি ৫ বজাৰ পৰা ৬ বজালৈ অসমীয়া গীতৰ
অনুষ্ঠান এটি প্ৰচাৰ কৰিছিল৷ ৭ জুলাই এই অনষ্ঠানত সম্প্ৰচাৰ হোৱা প্ৰথমটি অসমীয়া
গীতত কণ্ঠদান কৰিছিল সংগীত পৰিচালক হেমন্ত মূখার্জীৰ পত্নী বেলা মূখার্জীয়ে৷ ১২
জুলাই তাৰিখে অনুষ্ঠানটোত অসমীয়া শিল্পী দিলীপ শর্মাই জ্যোতিপ্ৰসাদৰ গীত প্ৰথমে
গাইছিল৷ তেখেতেই আছিল দ্বিতীয়জন শিল্পী৷ একেদৰে ১৯৪৮ চনৰ পহিলা জুলাইত গুৱাহাটী
আৰু শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ উদ্ধোধন কৰা হৈছিল৷ শ্বিলংৰ লাবানত আসাম ক্লাবত
অনুষ্ঠিত সেই অনুষ্ঠানৰ মূখ্য অতিথি আছিল জ্যোতিপ্ৰাদ৷ অনুষ্ঠানত অম্বিকাগিৰি
ৰায়চৌধুৰীৰ ‘আজি বন্দো কি ছন্দেৰে’ গীতটিৰ সলনি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘জন গন মন
অধিনায়ক জয় হে’ আৰম্ভ হোৱাত ক্ষুণ্ণ হৈছিল৷ অৱশ্য সেই প্ৰতিবাদ ৰবীন্দ্ৰনাথৰ
বিপক্ষে নাছিল৷ সভাত তেওঁ কবিগুৰুৰ ‘ভাৰত বিধাতা’ কবিতাটো আবৃত্তি কৰিছিল৷ //
আকাশবাণীৰ যোগেদি প্ৰচাৰিত প্ৰথমখন অসমীয়া নাট আছিল সত্যপ্ৰসাদ বৰুৱাৰ ‘ধৰালৈ যিদিনা নামিব
সৰগ”(১৯৪৮ চনৰ
৬ জুলাই)৷ বৰুৱাই পাছলৈ জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী, ৰূপালীম লভিতা অনাতাঁৰৰ বাবে অভিযোজনা
কৰে৷ ১৯৪৯ চনত শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই ‘জয়মতী’ আৰি ‘ইন্দ্ৰমালতী’ৰ গানসমূহৰ সম্প্ৰচাৰৰ স্বত্ব ল’য়৷ প্ৰতিটো গানৰ প্ৰতিবাৰ প্ৰচাৰৰ
বাবে ৰয়েল্টি দিছিল আঠ অনাকৈ৷ ১৯৫৪
চনৰ পৰা অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ আৰম্ভণি ঘটে৷ সেই অনুষ্ঠানত প্ৰতিমাহতে ভাৰতৰ বিভিন্ন
ভাষাৰ একোখন উৎকৃষ্ট নাটক গুৱাহাটী কেন্দ্ৰই অসমীয়ালৈ অনুবাদ কৰি প্ৰচাৰ কৰে৷ আনহাতে
অসমীয়া ভাল নাটকো সংবিধান স্বীকৃত ভাৰতীয় ভাষালৈ অনুবাদ কৰি প্ৰচাৰ কৰা হয়৷ অনুষ্ঠানত
আগৰৱালাৰ ‘শোণিত কুঁৱৰী (১৯৫৬) আৰু কাৰেঙৰ লিগিৰী (১৯৬৪) চনত প্ৰচাৰ হৈছে৷ বীৰেন্দ্ৰনাথ দত্তই আকাশবাণীৰ বাবে ‘ৰূপালীম’ খনৰ অনাতাঁৰ
নাটৰ অভিযোজনা কৰে৷ লক্ষ্নী দত্তৰ সহযোগত আকৌ মুনীন ভূঞাৰ প্ৰয়োজনাত আকাশবাণী ডিব্ৰুগড়
কেন্দ্ৰই ‘লভিতা’ খন অনাঁতাৰ নাটৰূপে প্ৰচাৰ কৰিছিল৷ ১৯৭৬ চনত প্ৰচাৰ কৰে ‘লভিতা’৷
৬. জয়মতীৰ নৃত্য সর্ম্পকে বিষ্ণুপ্ৰসাদ ৰাভা:- “এদিনা সেই থমথমীয়া
পকীঘৰ৷....বহি আছোঁ সেই কোঠাৰ ভিতৰত৷ ...এজনী পাট গাভৰুৱে ভিতৰৰ পৰা ওলাই আহি নমস্কাৰ জনাই কাষ চাপে৷
সৰলা, ধুনীয়া ছোৱালীজনী ....মোৰ চেয়াৰৰ তেনেই কাষত থিয় হৈ কয়, ‘মোক আপুনি নাচ-গান শিকাব লাগিব৷’...পোনে পোনেই সেইষাৰ
কথা৷ ....উত্তৰ দিবলৈ নৌ পাওঁতেই জ্যোতি ককাইদেৱে কয়, “হেৰা মাকন৷ এওঁ বিষ্ণু! তোমাক নাচ-গান শিকাব৷ ভালকৈ
শিকি ল’বা৷ ... “মোলৈ চাই কয়---‘এওঁ মাকন--- গোলাঘাটৰ. জয়মতীৰ ডালিমী ভাওত লৈছো৷ নাম দিছো স্বর্গজ্যোতি—স্বর্গজ্যোতি দত্ত! সঁচাকৈয়ে জ্যোতিষ্মান
স্বর্গৰ জ্যোতি, সৰগৰ জেউতি৷ .... দুয়োলৈ ৰ’ লাগি চাওঁ৷ ....মাজে মাজে মাকন, চিত্ৰবনৰ পৰা তেজপুৰলৈ আহে৷ আহিলে
মাতে,---যাঁও, গান শিকাওঁ ...জ্যোতিৰ গান,--বিশেষকৈ সেই গান----“কোন ক’ত আছ আহ অ’ সমনীয়া তই/ সম্মুখত হ থিয়/ মাতৃ পূজাৰ ভাগ হ’বলৈ হেলা কৰ কিয়৷/শুৱনী পৃথিৱী শুৱাই
থকা অসম দেশৰ ছোৱালী অ’!/ ’পাছে পৰি পৰি থাক কিয়/ অসম দেশৰ ছোৱালী অ’!/ ...আৰু আন আন৷....//এদিন জ্যোতি ককাইদেৱে
কয়,--‘হেৰা বিষ্ণু! তুমি বড়ো কছাৰীৰ নাচ জানা নহয়?’ ... “জানো’ বুলি কওঁ৷ তেওঁ কোৱাত মই নাচি দেখূৱাওঁ৷ ‘ঠিক আছে’৷ ...’কি ঠিক’ বুলি সোধোঁ৷...’এই নাচ মই জয়মতীত
দিম, জাপি নাচ৷’ ..তেওঁৰ মুখলৈ চাওঁ৷...আৰু ৰ’বৰ সময় নাই৷...// নাচো৷ ...তেওঁৰ নিদের্শ অনূযায়ী
নাচোঁ, তেৱোঁ নাচে৷ নাচি নাচি তেওঁ মাকনক কয়,----‘কি চাই আছা, নাচা মাকন! তুমিও নাচা৷’ ...মাকনো নাচে৷ ...তিনিও নাচোঁ, ---মাকন, জ্যোতি,মই৷ ...জয়মতী বোলছবিৰ জাপি
নাচ, সেই বড়ো নাচ, যি নাচ তেওঁৰ প্ৰতিভাৰ
সাঁচত পৰি বেলেগ বিশিষ্ট ঠাঁচ লয়৷ এয়ে জ্যোতিৰ উন্মেষশালিনী শকতি৷” (উৎস- অমৰ জ্যোতি)
৭.
জ্যোতিৰ বিলাতী বাঁহী:- ল’ৰা জ্যোতিৰ সৰুৰে
পৰা অতপালি, ধিতিঙালি, উদ্ভণ্ডালিৰ উপৰি জেদ বেছি৷ ‘দেউতা মোক এটা বিলাতী বাঁহী আনি দিয়কচোন৷’ ...ল’ৰা জ্যোতিৰ দেউতাকলৈ
কৰুণ কাকুতি, কৰুণ মিনতি৷ ল’ৰাৰ মন বৰ বিয়াকুল, বিলাতী বাঁহী ক্লাৰিওনেট্ লাগেই৷ ‘সৰু ল’ৰা বিলাতী বাঁহী
কেলেই?’ দেউতাকে ডাঙৰ বিলাতী বাঁহী কেনেকৈ বজাব ল’ৰাটোৱে বুলি নিদিয়ে৷ পুতেকৰ ঠৈহ্--- বাপেকৰ আঁকোৰগোজালি
জেদ৷ বিলাতী বাঁহী নেপাই ল’ৰা জ্যোতি তিনিদিন নাখাই নবই অভিমানত লঘোনে ভোকে ৰোহ্ ঘৰত
থাকে৷ দেউতাকৰ আঁকোৰগোজালি ভাব ভাঙি যায়৷ মাকৰ দিহা-পৰামর্শ মতে উপাই নাপাই বাপেকে এটা
অর্গেন কিনি দিয়ে৷ ...পৰমানন্দই আনন্দত উৰুলীকৃত হৈ ল’ৰা-ছোৱালীহঁতক অর্গেন বজাবলৈ শিকায়৷ বেহেলা-বাদক দেউতাকৰ শিক্ষাত
দীক্ষিত হৈ আটাইকেইজন ল’ৰাই বেহেলা বজাব জানে, ভালকৈ বজায়ো৷ অর্গেন অনা দিনৰে পৰা
সকলোৱে অর্গেন বজাব পাৰে, লগে লগে গানো গায়৷ (উৎস- অমৰ জ্যোতি) তেওঁ বিলাতৰ পৰা
ঘৰলৈ আহোতেও এটা যফঅি থব পৰা অর্গেন লৈ আহিছিল৷ বর্তমান সেইটো পকীত সংৰক্ষণ হৈ আছে৷
৮. ৰাজনীতিৰ আদিপাঠ:- ‘এদিন সন্ধিয়া জ্যোতি-বিষ্ণু দুয়ো আহি ভূপেনদাক আঙুলিত ধৰি ঘৰৰ পৰা বাণ থিয়েটাৰলৈ
লৈ যায়৷ জ্যোতিপ্ৰসাদে এটা নতুন গান শিকাব ভূপেনদাক৷ খুব সম্ভৱ ‘ইন্দ্ৰমালতীৰ’ৰ গানেই হ’ব৷ অর্গেনত আঙুলি
বুলাই প্ৰথম দুটামান শাৰী গাইছে৷ কাষতে বিষ্ণু ৰাভা৷ গান গাই থাকোঁতেই হঠাতে অর্গেনখন
বন্ধ কৰি জ্যোতিপ্ৰসাদে ক’লে- ‘ভাৰত স্বাধীন হ’বই আৰু গান্ধীয়েই এই স্বাধীনতা আনিব৷
গান্ধীৰ অহিংস নীতিৰেই ভাৰতবর্ষলৈ স্বাধীনতা আহিব৷’ বিষ্ণু ৰাভাই জ্যোতিৰ কথা শুনি অর্গেনৰ
ওপৰতে এহাতেৰে থাপকৈ মাৰিলে৷ অর্গেনৰ ‘ৰিড্’ এটা বোলে ওলাই ক’ৰবাত পৰিলগৈ৷ আৰু পাছত যথেষ্ঠ উষ্মাৰে জ্যোতিক ক’লে- ‘অসম্ভৱ,গান্ধীয়ে স্বাধীনতা আনিব নোৱাৰে৷ আনিলেও
সেই স্বাধীনতা টাটা-বিৰলাৰ দৰে শোষণকাৰী মানুহৰ বাবেহে হ’ব৷ ভাৰতৰ কোটি-কোটি কৃষক বনুৱা, সাধাৰণ নিপীড়িত ৰাইজৰ
বাবে সেই স্বাধীনতা নহ’ব৷ ভাৰতৰ প্ৰকৃত স্বাধীনতা কমিউনিষ্টসকলেহে আনিব৷ অর্থাৎ
আমি আনিম৷”/ জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ তর্কযুদ্ধ দেখি শিশু ভূপেনদা পেপুৱা লাগিল৷ সিদিনালৈ
গানৰ আখৰা সিমানতে অন্ত পৰিল৷ শিশু ভূপেন হাজৰিকাক দুয়ো ঘৰত গৈ থৈ আহিলগৈ৷ ভূপেনদাৰ
গান শিকা নহ’ল যদিও , জীৱনৰ সেই ফুলকুমলীয়া বয়সতে ৰাজনীতিৰ আদিপাঠ শিকা হ’ল৷ (উৎস- লোকনাথ
দোস্বামী, বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা, পৃষ্ঠা- ১৩)
৯. আমি অসমীয়া নহওঁ দুখীয়া:- জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী চলচিত্ৰৰ
দৃশ্যগ্ৰহণ কৰা তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত ১৯৬৮ চনৰ ৮ এপ্ৰিলত ভূপেন হাজৰিকাই গীতটি
লিখিছিল৷ জ্যোতিপ্ৰসাদৰ ভাতৃ বাবুৱা আগৰৱালাৰ ঘৰত থাকোতে লিখা গীতটিৰ চতুর্থ অংশটি
আছিল এনেধৰণৰ-“কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ/ জ্যোতিপ্ৰসাদো নাই/ ‘অসম মৰিলে. আমিও মৰিম’,/ বুলি ক’বলৈ কোনো যে নাই/ আজি অম্বিকাগিৰী
নাই/ দেশ গ’ল গ’ল বুলি দিনে নিশাই
চিঞৰিব৷”– ১৯৮০ চনৰ অসম আন্দোলনৰ সময়ত গীতটিৰ কথা সলনি কৰিছিল এনেদৰে:-
কথা: ‘অসম মৰিলে আমিও মৰিম’ বুলি ক’বলৈ কোনো যে নাই বুলি আজি কোনে ক’ব ?
গীত: “কোনোবা কাপুৰুষক/ পুৰুষ কৰিবলৈ/ জ্যোতিপ্ৰসাদো যে
আছে৷ / ‘অসম মৰিলে. আমিও মৰিম’,/ বুলি ক’বলৈ শ্বহীদো আছে৷/আজি অম্বিকাগিৰীৰ
চিঞৰত হেজাৰে/ হাতে কামে নৱৰূপ দিব৷/ আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে/ অসমতে ভগনীয়া হ’ব৷৷”
১০. দেউতাক হিচাপে জ্যোতিপ্ৰসাদ:- “দেউতা কামজাৰিৰ পৰা ঘূৰি আহি চাহ-জলপান খাই, বেহেৰা আকলুক মাতি কেইডালমান বেত কাটিবলৈ দিলে৷ আকলুৱে আমাক ক’লেহি- ‘দেউতা আজি তহঁতৰ ওপৰত ভীষণ ৰাগাইছে৷ মোক বেত কাটিবলৈ কৈছে, তহঁতক বেতাব দেই৷’ আমি আচৰিত হ’লো ৰাতিপুৱাতে দেউতাক বা কি জগৰ লগালো ? ইমান খং উঠিছে, কেতিয়াও নকৰা কাম এটা কৰিব৷ বিৰাট অশান্তিত আমি সময় কটাইছো৷ মায়ে-দেউতায়ো ওচৰে-পাঁজৰে কিবা কিবি কৰি আছে৷ কোঠালিটোত সোমাই চাবলৈও আমাৰ সাহস হোৱা নাই৷ মা বৰ গহীন হৈ আছে যেন লাগিছিল৷ বাম্পু নিশ্চিত দেউতাই আন কাকো নোকোবায়, তাকেই কোবাব৷ খোৱা-বোৱাও আমি ঠিককৈ কৰিব পৰা নাই৷ পোনা ককাইদেৱো নাই, ডিব্ৰুগড়লৈ গৈছিল৷ দুপৰীয়া দেখোন দেউতাই ভাত পানী খাই শুই থাকিল৷ ভাবিলো বেত কেইডালৰ কথা পাহৰি গ’ল৷ কিন্তু শুই উঠি চাহ একাপ খাই বেতকেইডাল লৈ আকৌ ব্যস্ত হৈ পৰিল৷ বুজিলো আজি ৰক্ষা নাই৷ অৱশেষত আবেলি হোৱাৰ লগে লগে আমাৰ চমন আহিল৷ তাৰ আগতেই আমি আবেলিৰ ভাল সাজ পিন্ধি তৈয়াৰ হৈ আছিলো৷/ চুচুক-চামাককৈ আমি দেউতাৰ ওচৰ পালোঁগৈ৷ দেউতাই বেতকেইডাল ধুনীয়াকৈ সজাই থৈছে৷ বেতকেইডালৰ মূৰত ধুনীয়াকৈ ফুল কাটি গজাল মাৰি লগাই থৈছে৷ প্ৰায় গোটেই দিনটো দেউতাই ব্যস্ততাৰে তাকে কৰিলে৷ আমাৰ হাতে হাতে একোডাল বেত দি বাহিৰৰ ঘাঁহনিত দৌৰিবলৈ ক’লে৷ দীঘলকৈ হাতখন মেলি লাঠিকেইডাল লৈ আমি দৌৰিবলৈ ধৰিলোঁ৷ আনন্দত আত্মহাৰা হৈ পৰিলোঁ, আমি দৌৰাৰ লগে লগে লাঠিডালৰ আগত লাগি থকা ফুলবোৰ ঘূৰ ঘূৰকৈ ঘূৰিবলৈ ধৰিল৷ ফাগুনৰ মৃদু মলয়া বৈ আছিল- মা-দেউতাই বাৰাণ্ডাৰ পৰা আমাক চাই আছিল৷ ( উৎস:- সত্যশ্ৰী দাস, জ্যোতিপ্ৰসাদ: তামোলবাৰীৰ ৰেঙণি...পৃষ্ঠা-৫৫)
(টোকা:- “সাধাৰণতে শুনা যায় শিল্পীসকল সাংসাৰিক
দায়িত্বৰ প্ৰতি সজাগ নহয়৷ কিন্তু জ্যোতি ককাইদেউ ব্যতিক্ৰম আছিল৷ ইমান ব্যস্ততাৰ মাজতো
ঘৰুৱা পৰিবেশতো চকু ৰাখিছিল৷ সন্তানৰ কাপোৰ নিজৰ পছন্দ অনুসৰি কাটি নিজৰ দর্জিৰ হতুৱাই
চিলাই পিন্ধাইছিল৷ ককাইদেউৰ এজনী কন্যাৰ এখন ভৰিত খুঁত থকাত ডাক্তৰে দিয়া পৰামর্শ মতে
নিজে যত্ন লৈ বিশেষ জোতা বনাই নিজে সদাই পিন্ধাইছিল৷ বাইদেউ (দেৱযানী ভূঞা) এই সর্ম্পকে বিশেষ
সজাগ নথকাত তেখেতে নিজেই কামটো কৰি অসাধ্য সাধন কৰি থৈ গ’ল৷ ছোৱালী দুজনীয়ে পঢ়িবলৈ আশ্ৰমৰ ধৰণে
মাটিত কঠত বহুৱাই ওখত লেখিব পৰাকৈ সুন্দৰ ব্যৱস্থা কৰি দিছিল৷ পিছে অ, আ পঢ়িবলৈ লৈ মাজে
মাজে খং উঠি বৰ ধম দিয়াত ভায়েক কমলা প্ৰসাদে কথা বিষম দেখি ক’লে, “তই পঢ়াব নেলাগে শিক্ষকে
পঢ়াব৷” লগে লগে ছোৱালী কেইটিয়ে ৰক্ষা পালে৷ প্ৰত্যোক মাক-দেউতাকৰ এনে অভিজ্ঞতা নিশ্চয় আছে৷
তাতে তেখেত হ’ল ইমান তীক্ষ্নবুদ্ধিৰ যে একেদিনাই পাঠ সর্ম্পূণ কৰিবলৈ বিচাৰে৷) (উৎস: মীনা
আগৰৱালা- জ্যোতি ককাইদেউৰ সোঁৱৰণত)
১১. প্ৰমথেশ বৰুৱা আৰু জ্যোতিপ্ৰসাদ:- দুয়োগৰাকী চলচিত্ৰ
শিল্পীৰ জন্ম
১৯০৩ চনত আৰু মৃত্যু হৈছিল ১৯৫১ চনত৷ চলচিত্ৰ শিল্পৰ অধ্যয়ন আৰু নির্মাণৰ প্ৰশিক্ষণ দুয়ো
লৈছিল ক্ৰমে ফ্ৰাঞ্চৰ ফক্স ষ্টুডিঅ আৰু বার্লিনৰ এৰিক ভন ষ্ট্ৰোহেইমত৷ বৰুৱাই ১৯৩৪ চনত সবাক ছবি ‘ৰূপলেখা’ নির্মাণ কৰে৷ তাৰ পাছত ‘দেৱদাস’৷
১২. কুমাৰ ভাস্কৰ নাট্য মন্দিৰ:- গুৱাহাটী
অৱস্থিত অসমৰ নাট্য আন্দোলনৰ বাটকটীয়া নাট্য অনুষ্ঠান৷ ১৯১২ চনত ৰজা পঞ্চম জর্জ
অসমলৈ অহাৰ বাবে ‘আর্য নাট্যমঞ্চই’ বাংলা আৰু অসমীয়া নাটক মঞ্চস্থ কৰাৰ সিদ্ধান্ত
গ্ৰহণ কৰে৷ পিছে বাঙালী নাট্যশিল্পী সকলে অসমীয়া শিল্পীসকলক সাজপাৰ, সা-সঁজুলি
দিবলৈ অমান্তি হয়৷ অপমানবোধ কৰি অসমীয়াসকলে উগ্ৰতাৰা দেৱালয়ৰ কাষৰ মাটিত বিভিন্ন
ব্যক্তিৰ সহায়-সহযোগত ‘কামৰূপ নাট্য সমিতি’ গঠন কৰে৷ নবীনচন্দ্ৰ বৰদলৈয়ে মাটিখিনি
পট্ৰা কৰি দিয়াৰ বিপৰীতে দৃশ্যপটবোৰ অংকন কৰিছিল শ্যামপ্ৰসাদ দাস আৰু মহেন্দ্ৰনাথ
ডেকাফুকনে৷ ১৯২৮ চনৰ ৩১ জুলাই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অনান্য সকলৰ প্ৰচেষ্টাত
পূর্বৰ নামৰ ঠাইত ‘কুমাৰ ভাস্কৰ নাট্য মন্দিৰ’ কৰা হয়৷ আগৰৱালাই ‘নীলাম্বৰ’ নাটকত
ভাস্কৰ নাট্য মন্দিৰত অভিনয় কৰি নৃত্যৰে সকলোকে আচৰিত কৰিছিল৷ ১৯৩৫ চনত
নাট্যমন্দিৰৰ মহিলা দর্শক বহা অংশটো দুমহলীয়া কৰাৰ লগতে মজিয়াখনো পকা কৰিছিল৷ সেই
বছৰতে জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ চলচিত্ৰই মুক্তি লাভ কৰে৷ অসমত চিনেমাগৃহ নথকাত ২০ মার্চত ইয়াতেই প্ৰজেক্টৰৰ
সহায়ত ‘জয়মতী’ প্ৰথমবাৰৰ বাবে প্ৰদর্শিত হৈছিল৷ এই সর্ম্পকে কমল নাৰায়ণ চৌধুৰীয়ে উল্লেখ কৰিছিল, “গুৱাহাটীৰ কুমাৰ
ভাস্কৰ নাট্য মন্দিৰত জ্যোতিপ্ৰসাদে নিজৰ ‘ম’বাইল ইউনিট’ৰ সহায়ত ‘জয়মতী’ প্ৰদর্শনৰ দিহা কৰিছিল৷
কাৰণ সেই সময়লৈকে অসমৰ চবি ঘৰবোৰত সবাক চিত্ৰ প্ৰদর্শনৰ বাবে চাউণ্ড প্ৰজেক্টৰ’ৰ
কোনো সুবিধাই নাছিল৷ সুবিধা নথকাৰো কাৰণো আছিল৷ কাৰণ সেই সময় আছিল ভাৰতীয় চিনেমাৰ
আদি যুগ! সবাক চিত্ৰৰ সংখ্যা আছিল নগণ্য৷”
0 মন্তব্যসমূহ