নীলমণি ফুকন

কাব্যঋষিলৈ প্ৰণাম:-নীলমণি ফুকন (১০ ছেপ্তেম্বৰ, ১০৩০-১৯ জানুৱাৰী, ২০২৩) ৰ জন্ম গোলাঘাটৰ দৰগাঁৱত৷ পিতৃ-মাতৃ- কীর্তিনাথ ফুকন আৰু বৰদাবালা ফুকন৷ আর্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক পিছলৈ আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিষয়ৰ অধ্যাপক হিচাপে অৱসৰ৷ তেখেতৰ বিষয়ে গোটাচেৰেক তথ্য-  ১৯৪৬ চনত দেৰগাঁও আজাদ পুস্তকালয়ৰ পৰা বৌদ্ধিক যাত্ৰা আৰম্ভ কৰে৷ ১৯৪৮ চনত হাতে লিখা ‘জ্যোতি’ আলোচনীৰ জৰিয়তে এক গ্ৰন্থ আন্দোলনৰ পাতনি মেলিছিল৷ দুটা সংখ্যা প্ৰকা কৰাৰ পাছত ইন্দেশ্বৰ বৰঠাকুৰৰ সম্পাদনাত ছপা ৰূপত প্ৰকাশ৷ উল্লেখ যোগ্যে যে এই জ্যোতিৰে দ্বিতীয় খণ্ডটো সদৌ অসম পুথিভঁৰাল সংঘৰ অন্তর্ভুক্ত পুথিভঁৰালসমূহৰ ভিতৰত প্ৰকাশ পোৱা প্ৰথমখন ছপা আলোচনী৷ নীলমণিৰ আহ্বানতে জ্যোতিপ্ৰসাদ আগৰৱালা আজাদ পুস্তাকলায়লৈ গৈছিল৷ তেওঁ জ্যোতিক আদৰিবলৈ কলপুলিৰে সজা তোৰণত ৰঙা কাপোৰৰ ওপৰত কপাহেৰে প্ৰণতি প্ৰণতি সতীর্থ বুলি লিখি ৰূপকোঁৱৰক স্বাগতম জনাইছিল৷  নীলমণি ফুকনে সম্পাদনা কৰা আলোচনী- কবিতা, কলা সমালোচনা, প্ৰবন্ধ পুথি, অনুবাদকে ধৰি বিভিন্ন কিতাপ লিখা ফুকনে ১৯৬৬ চনত ‘মণিদীপ’ আলোচনী সম্পাদনা কৰিছিল৷ প্ৰায় দুবছৰ প্ৰকাশ পোৱা ‘সংজ্ঞা’ শীর্ষক মানবিশিষ্ট সাহিত্য আলোচনী এখনো সম্পাদনা কৰিছিল৷  তেওঁ দেৰগাঁৱৰ অধুনালুপ্ত একতা নাট্য মন্দিৰত কাৰেঙৰ লিগিৰী নাটকত নাৰী চৰিত্ৰ এটিত অভিনয় কৰাৰ উপৰিও ‘স্মৃতিৰ পৰশ’ বোলছবিত খুহুটীয়া চৰিত্ৰত অভিনয় কৰিছিল৷  কাব্যঋষিৰ অন্তিম ইচ্ছা আছিল- ক) মোৰ মৃত্যুৰ পাছত মোৰ শৰীৰটো ক’তো ঘূৰাই লৈ নুফুৰিবা ঘৰৰ পৰা পোনে পোনে ভূতনাথলৈ নিবা৷ খ) মোক লৈ কোনো গ্ৰন্থ ৰচনা কৰিব নালাগে৷ ইতিমধ্য মোৰ ওপৰত বহুত লিখা হৈ গৈছে৷ গ) মৃত্যুৰ পাছত কিবা অনুষ্ঠান থাকিলেও বহুত মানুহ মাতি এটা হুলস্থুল পৰিৱেশ নকৰিবা৷ ঘ) মোৰ নামত কোনো স্মৃতিৰক্ষা সমিতি নাপাতিবা৷  তেখেতে ১১ খন যুগজয়ী কবিতা পুথি লিখিছিল৷ ক্ৰমে- সূর্য হেনো নামি আহে এই নদীয়েদি (১৯৬৩), নির্জনতাৰ শব্দ (১৯৬৫), আৰু কি নৈঃশব্দ (১৯৬৮), ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে (১৯৭৩), কাঁইট আৰু গোলাপ আৰু কাঁইট (১৯৭৫, অসম প্ৰকাশন পৰিষদ বঁটা লাভ), গোলাপী জামুৰ লগ্ন (১৯৭৭), কবিতা (১৯৮০, এইখন গ্ৰন্থৰ বাবে ১৯৮১ চনত সাহিত্য অকাডেমী), নৃত্যৰতা পৃথিৱী (১৯৮৫), সাগৰতলিৰ শংখ (১৯৯৪, হীৰেন গোহাঁইৰ দ্বাৰা নির্বাচিত কবিতাৰ সংগ্ৰহ), অলপ আগতে আমি কি কথা পাতি আছিলো (২০০৩) আৰু সম্পূর্ণ কবিতা (২০০৬), নীলমণি ফুকনৰ ৰচনাৱলী (২০১২, কথা)৷  অনুবাদ কৰা কাব্যগ্ৰন্থ- জাপানী কবিতা (১৯৭১), গাথির্য়া লৰকাৰ কবিতা (১৯৮১), অৰণ্যৰ গান (১৯৯২, জনগোষ্ঠীয় লোক কবিতাৰ সংকলন৷ উছর্গা কৰিছিল ৰৃাগড়া চাহ বাগিচাৰ পার্বতী আৰু ছাগ্ৰাৰ নামত), চীনা কবিতা (১৯৯৬) আৰু আটাইকেইখনৰ একত্ৰৰূপে – অনুসৃষ্টি (২০১৪) ৷  কবিতাৰ ভিন্ন লেখা সন্নিবিষ্ট কৰি তেওঁ সম্পাদনা কৰা গ্ৰন্থখন হৈছে- ‘কুৰি শতিকাৰ অসমীয়া কবিতা (১৯৭৭, অসম প্ৰকাশন পৰিষদ)৷ কবিতাৰ নেপথ্য (২০১৬)  শিল্পকলা বিষয়ক গ্ৰন্থ- লোক কল্পদৃষ্টি (১৯৮৭), ৰূপ-বর্ণ বাক (১৯৮৮), শিল্পকলাৰ উপলব্ধি আৰু আনন্দ (১৯৭৭), শিল্পকলা দর্শন (১৯৯৮), বিচিত্ৰ লেখা (২০১০)  আত্মকথা সর্ম্পকীয় গ্ৰন্থ- পাতি সোণাৰৰ ফুল (২০০৬) আৰু পাহৰিব নোৱাৰিলো যি (২০১৮)৷ ৰাজীৱ বৰাই সম্পাদনা কৰা নীলমণি ফুকনলৈ দিয়া চিঠিৰ সংগ্ৰহ পত্ৰগুচ্ছ (২০২১)  তেখেতৰ কবিতা অন্যভাষালৈও অনুবাদ হৈছে- সাহিত্য অকাডেমীৰ হৈ কৃষ্ণদুলাল বৰুৱাই ইংৰাজীলৈ Selected Poems: Nilmani Phookan, বাংলা ভাছালৈ ৰবীন্দ সৰকাৰে ‘নীলমণি ফুকনএৰ কবিতা (২০০৭) আৰু সাহিত্য অকাডেমীৰ হৈ তড়িং চৌধুৰীয়ে ’নির্বাচিত কবিতাঃ নীলমণি ফুকন’৷  সন্মান- ৰঘুনাথ চৌধুৰী বঁটা (১৯৭১), জগদ্ধাত্ৰী হৰমোহন বঁটা (১৯৮৮), পদ্মশ্ৰী (১৯৯০), ছগনলাল জৈন বঁটা আৰু কমল কুমাৰী বঁটা (১৯৯১), অসম উপত্যকা বঁটা (১৯৯৭), ভাৰত চৰকাৰৰ এমিৰেটাচ ফেল (১৯৯৮), সদৌ অসম কবি সন্মিলনৰ কাব্যঋষি সন্মান (২০১৫), অসম সাহিত্য সভাৰ জাতীয় কবি উপাধি (২০১৭), ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি (২০১৭), জ্ঞানপীঠ বঁটা (২০২১)

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ