কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক প্ৰফুল্ল চন্দ্ৰ ৰয়ে এবাৰ ৰাজহুৱাকৈ কৈছিল, ‘গুৱাহাটীত তিনিজনে সুন্দৰ ইংৰাজী জানে৷ তেওঁলোক হ’ল জে বৰুৱা, তৰুণৰাম ফুকন আৰু ললিত মোহন লাহিড়ী৷ ১৮৯৫ চনত কটন কলেজিয়েটৰ পৰা উত্তীর্ণ হৈ ফুকনে কলিকতাৰ প্ৰেছিডেন্সি কলেজত পঢ়িছিল৷ ১৯৮৭ চনত এফ এ পৰীক্ষাত উত্তীর্ণ হৈ স্নাতক মহলাত অধ্যয়ণ কৰে যদিও সফল নহ’ল৷
লণ্ডনত বেৰিষ্টাৰ (তৃতীয়জন অসমীয়া) পঢ়ি থাকোতে ছেণ্ডো নামৰ ব্যামবীৰ এজনে দুই-তিনিযোৰ তাচপাত একে মুঠাতে ধৰি অনায়াসে ফালি পেলোৱা কৌশল দেখি ফুকনো আকৃষ্ট হৈছিল৷ তেওঁ এযোৰ তাচপাত হেলাৰঙে ফালি নিজৰ সামর্থ্যৰ পৰিচয় দিব পাৰিছিল৷ বিলাতত পঢ়িবলৈ যাওতে তেখেতক গোৱালপাৰৰ জমিদাৰ ভোলানাথ চৌধুৰীয়ে আর্থিক সহায় কৰিছিল৷ ১৯০৫ চনত ভাৰতলৈ উভতি আহে৷
জ্ঞানদাভিৰাম বৰুৱাৰ বিবাহ অনুষ্ঠানত বৰযাত্ৰী হিচাপে যোৱা ফুকনে এটা বাংলা কবিতাৰ আবৃত্তি কৰিছিপ। সেয়া শুনি ৰবীন্দ্ৰনাথ ঠাকুৰে নুমলীয়া জীয়েক অতসীলতাক (মীৰা) ফুকনলৈ বিয়া দিবৰ বাবে ককায়েক নবীনৰাম ফুকনৰ সৈতে কথা পাতিছিল৷ একেদৰে লর্ড সত্যেন্দ্ৰ সিংহই তেখেতৰ কন্যাকো ফুকনলৈ যাঁচিছিল৷ কিন্তু স্বাভিমানী ফুকনে অনা অসমীয়া ছোৱালী বিয়া পাতিবলৈ ইচ্ছা নকৰিল৷ ১৯০৯ চনৰ ১৬ জুনত ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ কন্যা বিদ্যুৎপ্ৰভাক (বিজুলী) বিয়া কৰায়৷ দেশপ্ৰাণ লক্ষ্মীধৰ শর্মাই তেওঁলোকৰ প্ৰথম কন্যা সন্তান প্ৰতিভা দেৱীক বিয়া কৰাইছিল৷ কম বয়সতে প্ৰতিভাৰ মৃত্যু হোৱাত তৰুণৰাম ফুকনে ‘এপাহি ফুল’ নামৰ শোক কবিতা লিখিছিল৷
ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯২১ চনৰ মুম্বাই অধিবেশনলৈ ফুকন গৈছিল৷ তাত তেওঁ মহাত্মা গান্ধীৰ লগত চিনাকী হৈ অসমলৈ নিমন্ত্ৰণ জনাইছিল৷ আগষ্ট মাহত গান্ধী অসমলৈ আহি ফুকনৰ ঘৰত অতিথি হয়হি৷ তেওঁৰ ঘৰৰ পৰাই বিদেশী বস্ত্ৰ দাহৰ প্ৰথম কার্যসূচী লোৱা হৈছিল৷ গৰুৰ গাড়ীৰে এগাড়ী বিদেশী কাপোৰ ফুকনে জুইত দিয়া দেখি গান্ধীও আচৰিত হৈছিল৷
ৰোহিণীকান্ত হাতীবৰুৱাই আমন্ত্ৰণ কৰি অনা ১৯২৬ চনৰ পাণ্ডু কংগ্ৰেছ অধিবেশনত তৰুণৰাম ফুকনে অভ্যর্থনা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি পিছত ব্যক্তিগত কোষৰ আর্থিক ক্ষতি ভৰিব লগা হৈছিল৷
তৰুণৰাম ফুকন কেন্দ্ৰীয় সংসদৰ সদস্য হোৱাৰ বাদেও গুৱাহাটী লোকেল বর্ডৰ সভাপতি নির্বাচিত হৈছিল৷
চিকাৰী তৰুণৰামে জীৱনত প্ৰথমবাৰ বাবে এটা কোকলোঙা চৰাই বধ কৰিছিল৷ বিলাতৰ পৰা আহি ককায়েক নবীনৰাম ফুকনৰ প্ৰিয় মাউত দেউকী মাউতক লৈ চিকাৰ কৰিছিল৷ নবীন হাজৰিকা নামৰ ব্যক্তিজৰ হাতীটো লৈ তেওঁ প্ৰথমবাৰৰ বাবে তিনিটা বাঘ আৰু এটা শিয়াল পহু চিকাৰ কৰিছিল৷ দীপৰ বিলত তেওঁ হাতী চিকাৰ কৰিছিল৷ জীৱনত বধ কৰা প্ৰথমটো হাতী আছিল এটা প্ৰকাণ্ড মখনা৷ লগত আছিল তাবাক নামৰ কার্বি চিকাৰী আৰু কুঁহিৰাম৷ কুঁহিৰামে হাতীটোৰ দাত দুটা কাটিলত ঘৰমুৱা হৈছিল৷
তেখেতৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ হৈছে ‘স্তুতিমালা’ নামৰ এখন ভক্তিমূলক কবিতা সংকলন৷ ১৯২৬ চনত প্ৰকাশ পোৱা গ্ৰন্থখন ১৯২০ চনত শিলচৰ কাৰাগাৰত থকা সময়ত লিখিছিল৷
যৌন জীৱন আৰু যৌন সমস্যাৰ ওপৰত আলোকপাত কৰি তেওঁ ‘যৌনতত্ত্ব’ নামৰ গ্ৰন্থখন লিখিছিল৷
‘আৱাহন’ আলোচনীত ১২ টা চিকাৰ কাহিনী লিখা ফুকনে আলোচনীখনত নবীন স্মৃতি, ধর্মনীতি, আমাৰ বিহু, তিৰোতাৰ বর্তমান দুৰবস্থা আদি প্ৰবন্ধ লিখিছিল৷
ভাৰতীয় ডাক বিভাগে ১৯৭৭ চনৰ ২২ জানুৱাৰীত তেওঁৰ স্মৃতিত এটা ডাক টিকট প্ৰকাশ কৰিছিল৷ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ ইনডৰ ষ্টেডিয়ামখন তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে।








0 মন্তব্যসমূহ