Cinema

 

শেষতীয়াকৈ তিনিখন চিনেমা চালো৷



Pleasure (2021):- ফৰাছী ভাষাৰ  Ninja Thyberg পৰিচালিত  এইখন যৌনাত্মক ড্ৰামাৰ কাহিনীৰ নায়িকা এগৰাকী ১৯ বছৰীয়া চুইডীন গাভৰু লিয়েনা৷ তাইৰ সপোন  লছ এঞ্জেলছত গৈ এগৰাকী PornStar হ’ব৷ প্ৰতিবছৰে শেষৰ ফালে ভাৰতৰ জনপ্ৰিয় সাপ্তাহিক আলোচনী India Today এ Sex Survey ৰ সংখ্যা এটা ছপায়৷ তাতে এবাৰ পাইছিলো যে দেশৰ স্মাটর্ফোন হাতত থকা ৮৫% লোকেই নিজৰ ৰুচিসন্মত পর্ণ উপভোগ কৰে৷ কিন্তু প্লিজাৰত পৰিচালিকাই এগৰাকী পর্ণষ্টাৰে কিমান কষ্ট কৰিব লগা হয় তাক বাস্তৱসন্মতকৈ দেখাইছে৷ চিনেমাখনৰ অভিনেতা অভিনেত্ৰীসকলৰো একাংশ পেছাগত পর্ণষ্টাৰ অথবা উক্ত ইণ্ডাষ্ট্ৰীৰ লগত পত্যেক্ষভাৱে জড়িত৷ লিয়েনাই বহু আশা লৈ নাম পৰিবর্তন কৰে ‘বেলা চেৰী’ ৷ আৰম্ভণিতে চর্ফট কৰ, পিছলৈ বি ডি এছম, ব্লেগ, এনল… এক্সট্ৰিম ৰেপ.. বাবৰে… সংগ্ৰাম নাম এটি যেন জীৱনৰ৷ কিন্তু পর্ণ অভিধানত ইমানবোৰ প্ৰকাৰৰ… বহুবোৰ কোম্পানীৰ দৃশ্যাংশত চেৰী ব্লুম নহৈ বেলাই পৰাজয় স্বীকাৰ কৰে৷ তাইৰো সপোন আছিল এগৰাকী Spiegler হোৱাৰ৷ কিন্তু প্ৰৱেশ পথ সহজ নাছিল৷ শেষৰ ফালেলৈ Spiegler ৰ সপোন ত্যাগ কৰি পুনৰ আগৰ পৃথিৱীলৈ যাত্ৰা৷ অভিনয় পর্ণ ফ্লিমেই হঁওক কিম্বা মূল সূতিৰ চিনেমাই হঁওক অভিনেত্ৰী হ’বলৈ কিমান ত্যাগ স্বীকাৰৰ কৰিব লাগে চিনেমাখন চালে বুজিব পাৰি৷  



Holy Spider (2022):- পার্চিয়ান ভাষাৰ এইখন চলচিত্ৰৰ পৰিচালক ইৰানৰ আলি আব্বাছ৷ চৈয়ীদ হানাই নামৰ চিৰিয়েল কিলাৰজনৰ সত্য কাহিনীৰ আধাৰত চিনেমাখন নির্মান কৰি পৰিচালিকা নিজেই দেশান্তৰ৷ কাহিনীৰ পটভূমি মাছাদ৷ প্ৰফেট নগৰীখন পতিতাৰ মুক্ত কৰাৰ সংকল্প  হানাই৷ নিশা পদপথত ৰৈ থকা পতিতাক ধনৰ লোভ দি  ভিন্ন কায়দাত ডিঙি চেপি, শিলেৰে মূৰ থেতেলাই  হত্যা৷ … দিনত শ্ৰমিক৷ ধার্মিক৷ নামাজ পঢ়ে৷ বাতৰি কাকতত খা-খবৰলয়৷  ঘৰত স্বামী, পিতৃ..নিশালৈ হত্যাকাৰী৷ এটা দুটাকৈ ১৬ জনী মহিলাত হত্যা৷ কোনো ড্ৰাগছ আসক্ত, কোনো যৌনকর্মী, কোনোৱে পেটৰ তাড়নাত, কোনোৱে ক্ষুধাত৷ ইৰানৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাক উলঙ্গৰূপত উপস্থাপন৷ এটা  পত্নীক সঙ্গম কৰা দৃশ্যতোৱেই হওঁক.. দুর্বলী গর্ভৱতী এগৰাকীক আপেলৰ লোভ দেখুৱাই ডিঙি চেপাৰ সময়ত চকুৰ চিৎকাৰ… মৃতদেহ চোঁচৰাই বাইকত পেলাবলৈ নিয়া… আচৰিত৷ ১৭ নম্বৰৰ গৰাকী এগৰাকী সাংবাদিক আৰু তেখেতৰ বাবে কেনেকৈ হানাই ফচিল.. চালে জিভালৈ অলপ পানী আহে৷ কিন্তু ভয়ো লাগে বাছি যাব নেকি.. ইৰানৰ জনতাৰ বাবে.. নাই শেষৰ ফাললৈ হানাইক যেতিয়া ফাঁচি দিয়ে আপুনিও অনাসায়ে জীৱন্ত ৰূপত ফুটাই টোলা দৃশ্যটো উগভোগ কৰি ভাল পাব৷কিয়নো হানাইৰ মান হাৰামি কোনো নাছিল৷ চিনেমাখনে বিদেশী ভাষাৰ অস্কাৰ লাভ কৰিবও পাৰে৷      



Taste (2021):- ভিয়েনামী চিনেমা৷ পৰিচালক বাও লীৰ প্ৰথমখন চিনেমা যেন এটা সপোনহে৷ আচফাৰ বিৰোধিতা কৰি ভাৰতীয় সেনাৰ বিপক্ষে মণিপুৰত এবাৰ পতিবাদ হৈছিল৷ কেইগৰাকীমান আদবয়সীয়া মহিলাই উলঙ্গ হৈ 'আমাক ৰেপ কৰা ভাৰতীয় সেনা' বুলি বাটলৈ ওলাই আহিছিল৷ পুৰণি কথা কিন্তু মনত ৰৈ গৈছিল প্ৰতিবাদৰ সেই চিত্ৰখন৷ টেষ্ট চাই সেই কেইগৰাকী নাৰীলৈ মনত পৰিল৷ কাহিনীৰ লগত কিন্তু প্ৰতিবাদৰ কোনো সর্ম্পক নাই৷ চিত্ৰনাট্যত সংলাপ মাত্ৰ কেইটামানহে৷ কাহিনীৰ নায়ক নাইজেৰিয়াৰ এজন কলা ছালৰ ফুটবল খেলুৱৈ। ভিয়েটনামলৈ আহি ভৰিত দুখ পায় আৰু দলৰ পৰা আউট৷ হো চী মীনৰ নগৰখনৰ গৰীৱ বাটপথৰ মাজেৰে কাহিনী আগবাঢ়ে৷ মাজে মাজে ভোজৰ আয়োজন৷ প্ৰতিটো দৃশ্যই একো একোখন পেইণ্টিঙৰ দৰে৷ চিনেমাটোগ্ৰাফীক চাব্বাচ দিবই লাগিব৷ একেটা ফ্ৰেমত এফালে সঙ্গম, এবালে তিনিগৰাকীৰ টি ভি দর্শন৷ কাপোৰ কোনেও নিপিন্ধে….নিপিন্ধিলেও আপোনাৰো অলপো যৌন অভুভূতি জাগ্ৰত নহয়৷ কি ক’ব নায়কেই সংলাগত নিজৰ লিঙ্গ স্ফিট নোহোৱাৰ বাবে দুখ প্ৰকাশ কৰে৷ ভাৱি চাওক এটা  উৰণীয়া মার্লিন মাছক সাবটি নায়কে মজিয়াত শয়ন কৰা… এটা গাহৰী পোৱালীক একেলগে লালন পালন কৰা… কেনে দৃশ্য হ’ব পাৰে৷ এখন মপেটত তিনিগৰাকী উলঙ্গ মহিলাই কোঠাৰ ভিতৰত চলাই আৰু এখন বাইচাইকেলত এহাল উলঙ্গই যাত্ৰা কৰি খিলখিলাই হাঁহে.. সেই হাঁহিত কিন্তু আপোনাৰ ভয়হে লাগিব৷ সঁচাই চিনেমাখনে এক অন্য টেষ্ট দিলে৷

সময় সুবিধা পালে আাপোনালোকেও চিনেমা তিনিখন চাব৷  

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ