জি-২০
ভাৰতবর্ষই ২০২২-২৩ চনৰ বাবে
জি-২০ ৰাষ্ট্ৰগোটৰ সভাপতি বা প্ৰেছিডেণ্টৰ আসন লাভ কৰিছে৷ সেই গতিকে জি-২০ বিষয়ক কিছু
তথ্যৰ আভাষ লওঁ আহক-
ü জি-২০ (Group of Twenty) হৈছে মুখ্যতঃ বিশ্বৰ প্ৰধান প্ৰধান উন্নত আৰু উন্নয়নশীল দেশসমূহৰ এটা আন্তঃচৰকাৰী প্ৰতিষ্ঠান৷ প্ৰতিষ্ঠানটোত ভাৰতৰ উপৰিও আছে আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয় সংঘ, চীন, ৰাছিয়া, অষ্ট্ৰেলিয়া, আর্জেণ্টিনা, ব্ৰাজিল, কানাডা, ফ্ৰাঞ্চ, জার্মেনি, ইণ্ডোনেছিয়া, ইটালি, জাপান, দক্ষিণ কোৰিয়া, মেক্সিকো, ছৌডি আৰব, দক্ষিণ আফ্ৰিকা আৰু তুৰস্ক৷
ü ইয়াৰ সদস্য দেশবোৰ মিলালে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ
৮৫% থূপ খাই থকাৰ লগতে বিশ্ব বাণিজ্যৰ ৭৫ % অধিক আৰু বিশ্বৰ মুঠ জনসংখ্যাৰ দুই তৃতীয়াংশও
ইয়াতেই সমূহীয়াকৈ সোমাই আছে৷
ü ১৯৯৯ চনত বিশ্ব অর্থনীতিৰ সংকটৰ সময়ত ২০ খন দেশৰ কেন্দ্ৰীয়
বেংকৰ গৱর্ণৰে একত্ৰিতভাৱে অর্থনৈতিক আৰু বিত্তীয়
বিষয়ৰ ওপৰত আলোচনা কৰিবৰ বাবে গঠিত হোৱা এই গোটটোৱেই পিছলৈ জি-২০ নাম পাইছিল৷ ২০০৭
চনত আন্তৰাষ্ট্ৰীয় বিত্তীয় সংকটৰ পিছত ইয়াক দেশসমূহৰ মুৰব্বী বা চৰকাৰৰ পর্যায়লৈ উন্নীত
কৰা হয়৷ গোটে বিশ্ব অর্থনীতি, স্বাস্থ্য, কৃষি, শক্তি, পৰিৱেশ, জলবায়ু পৰিৱর্তন প্ৰতিৰোধ,
দীর্ঘস্থায়ী বিকাশ, দুর্নীতি ৰোধ আদি বিভিন্ন বিষয়ত সিধান্ত গ্ৰহণ কৰি আহিছে৷
ü ইয়াৰ দুটা সমান্তৰাল শাখা আছে- বিত্তীয় আৰু চার্পা৷
বিত্তীয় গোটত বিত্তমন্ত্ৰীসমূহ আৰু চার্পা গোটত সদস্য ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা মূৰব্বীসমূহ৷
ü জি-২০ ৰ বৈঠকত সদস্যৰাষ্ট্ৰৰ নেতাসকলে গুৰুপ্তপূর্ণ
অর্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ কিন্তু একে সময়তে হেঁচা আৰু প্ৰভাৱে এখন প্ৰতিযোগিতাও
চলে৷
ü ইয়াৰ প্ৰথমখন অধিৱেশন ১৯৯৯ চনত বার্লিনত অনুষ্ঠিত হৈছিল৷
ü সদস্য ৰাষ্ট্ৰসমূহৰ মাজত একাদ্বিক্ৰমে সভাপতি এটা বছৰৰ বাবে পদবীৰ দায়িত্ব অর্পন কৰা হয়৷ ইয়াত কোনো ভোটদানৰ ব্যৱস্থা নাই৷ ২০২২ চনত ইণ্ডোনেছিয়াৰ বালিত ১৬ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা বৈঠকৰ পাছৰ পৰা ভাৰতে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে৷
ü ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰলৈ ভাৰত
জি-২০ৰ সভাপতি হৈ থাকিব৷ নিজৰ অধ্যক্ষতাৰ কালত ভাৰতে ২০০ খন বৈঠক অনুষ্ঠিত কৰিব লাগিব৷
দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীতে একোখনকৈ বৈঠক অনুষ্ঠিত কৰিব লাগিব৷ অন্তিম অধিৱেশন নৱেম্বৰ
মাহৰ অন্তিম সপ্তাহৰ ভিতৰত কৰিব লাগিব৷ বৈঠকসমূহত ভাৰতে বিশ্বসম্প্ৰদায়ৰ কল্যাণ হ’ব
পৰা বিষয়সমূহৰ ওপৰত নিজৰ মতামত সবলভাৱে উপস্থাপন কৰাৰ লগতে সদস্য ৰাষ্ট্ৰসমুহৰ সমুহীয়া
কল্যাণৰ স্বার্থত কাম কৰাৰ বাবে হেঁচা দিব লাগিব৷
ü নিজৰ সভাপতিত্বৰ কালৰ বাবে ভাৰতে ‘ল’গ’ থিম (মূল বিষয়)
আৰু ৱেবছাইট মুকলি কৰিছে৷ প্ৰতীক চিহ্নত ভাৰতৰ জাতীয় পতাকাত ব্যৱহাৰ হোৱা তিনিওটা ৰং,
ৰাষ্ট্ৰীয় ফুল পদুমৰ ওপৰত পৃথিৱীৰ প্ৰীক মিলাই দিয়া হৈছে৷ তাৰ তলত ক মহোপনিষদৰপৰা গ্ৰহণ
কৰা বাক্য –‘বসুধৈব কুটুম্বকম’ (পৃথিৱীখন এটা পৰিয়াল) ৷
ü থিম হৈছে- One Earth, One Family, One Future.
ü ২০২৩ চনৰ শীর্ষ বৈঠকলৈ ভাৰতে বাংলাদেশ, ইজিপ্ত, মৰিচাছ,
নেদাৰলেণ্ড, নাইজেৰিয়া, ওমান, ছিংগাপুৰ, স্পেইন আৰু সংযুক্ত আৰব আমীৰশ্বাহীক অতিথি
ৰাষ্ট্ৰহিচাপে আমন্ত্ৰণ জনাইছে৷
ü লগতে United Nation, International Monetary Fund,
World Health Organisation, World Trade Organisation, International Labour
Organisation, Asian Development Banak আসি সন্থাসমূহকো নিমন্ত্ৰণ জনাইছে৷
0 মন্তব্যসমূহ