৪৫১.
অসমৰ ২০১২-১৭ বর্ষৰ পঞ্চবার্ষিক পৰিকল্পনাত অগ্ৰাধিকাৰ
লাভ কৰা খণ্ডটো হৈছে-
ক) পৰিবহন খণ্ড খ)
গ্ৰাম্য অর্থনীতি * গ) আর্ন্তজাতিক বাণিজ্য ঘ) স্বাস্থ্য খণ্ড
(* এই উন্নয়নে কৃষি আৰু আনুষংগিক
খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, হস্ততাঁত আৰু কুটিৰ শিল্পক সামৰি লৈ নগৰ আৰু গাঁৱৰ
মাজত থকা বৈষম্য দূৰীকৰণত সহায় কৰিব৷)
৪৫২. ব্যক্তিগতকৰণ
* হৈছে-
ক) চৰকাৰী নিয়ন্ত্ৰণ
আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি৷
খ) বেচৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত
থকা প্ৰতিষ্ঠানসমূহ বচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি৷
গ) আন্তজাতিক নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ
অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি৷
ঘ) ৰাজহুৱা নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত
থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি৷
(* শিক্ষা, স্বাস্থ্য, উৎপাদিত
সামগ্ৰী, বেংক ব্যৱস্থা আদি ভাৰত চৰকাৰে ব্যক্তিগতকৰণ কৰিছে৷ ইয়াৰ এক ক্ষুদ্ৰ সংস্কৰণ
হৈছে- নির্বিনিয়োজন নীতি৷)
৪৫৩. ___ চনৰ নতুন
ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯ টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি ভাৰতত ব্যক্তিগতকৰণ
নীতি প্ৰৱর্তন কৰিছিল-
ক) ১৯৭১ খ) ১৯৮১ গ) ১৯৯১ ঘ) ২০০১
৪৫৪. নির্বিনিয়োজন
নীতি * _____ খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্ৰ (Share) কোনো ব্যক্তিক কিনিবলৈ অনুমতি প্ৰদান
কৰিলে কার্যকৰী হয়
ক) চৰকাৰী খণ্ড খ)
ৰাজহুৱা খণ্ড গ) ব্যক্তিগত খণ্ড ঘ) আর্ন্তজাতিক খণ্ড
(* অথাৎ প্ৰতিষ্ঠানটোৰ সমগ্ৰ
মূলধন চৰকাৰৰ পৰা সংগ্ৰহ নকৰি কিছু ব্যক্তিগত খণ্ডৰপৰাও সংগ্ৰহ কৰা হয়৷)
৪৫৫. গোলকীকৰণ *
বা বিশ্বায়ন হৈছে-
ক) দেশ এখনৰ অর্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অর্থনীতিৰ সংযোগ স্থাপন
খ) ৰাজ্য এখনৰ অর্থনীতিৰ সৈতে আন্য এখন দেশৰ
ৰাজ্যৰ অর্থনীতিৰ সংযোগ স্থাপন
গ) দেশ এখনৰ অর্থনীতিৰ সৈতে দেশখন অন্তভুক্ত
হৈ থকা মহাদেশৰ অর্থনীতিৰ সংযোগ স্থাপন
ঘ) দেশ এখনৰ অর্থনীতিৰ সৈতে একে শাসন ব্যৱস্থাৰ
বিশ্বৰ অন্যান্য দেশৰ অর্থনীতিৰ সংযোগ স্থাপন
(* গোলকীয় কৰণৰ ফলত দেশসমূহৰ
মাজত থকা দূৰত্ব হ্ৰাস হয় আৰু এক সীমান্তৰহিত বিশ্বৰ দিশে ৰাষ্ট্ৰসমূহ ধাৱমান হয়৷ বহির্মুখিতাই
প্ৰতিযোগিতাৰ বাতাবৰণ সৃষ্টি কৰে৷)
৪৫৬. অন্তর্মূখী নীতি * অৱলম্বন কৰা এখন দেশৰ উদাহৰণ হৈছে-
ক) ভাৰত খ) আমেৰিকা গ) জাপান ঘ) উত্তৰ কোৰিয়া
(* যিখন দেশ বা ৰাষ্ট্ৰই পৃথিৱীৰ
অনান্য দেশৰ প্ৰতি সংযোগ স্থাপনৰ প্ৰতি আগ্ৰহী নহয়, সেইখন ৰাষ্ট্ৰক অন্তর্মূখী নীতি
অৱলম্বন কৰা দেশ বোলে৷)
৪৫৭. প্ৰযুক্তিবিদ্যাৰ
বিশেষকৈ ___ ক্ৰমবর্ধমান ব্যৱহাৰে গোলকীয়কৰণ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে-
ক) ৰেডিঅ’ খ) টেলিফোন গ) ইণ্টাৰনেট ঘ) কেৱল টিভি
৪৫৮. গড় হিচাপত মহাসাগৰৰ
গভীৰত প্ৰায়-
ক)
৪০০০ মিটাৰ * খ) ৫০০০ মিটাৰ গ) ৬০০০ মিটাৰ ঘ)
৭০০০ মিটাৰ
(* মহাসাগৰৰ জলপৃষ্ঠ যদিও
অতি মৃসণ, ইয়াৰ তলিভাগৰ ভূ-প্ৰকৃতি তেনেই অসমান৷ স্থলমণ্ডলত যিদৰে পর্বত-পাহাৰ, মালভূমি,
সমভুমি আদিয়ে ভূ-পৃ্ষ্ঠীয় অৱয়ব অসমান কৰি ৰাখে, ঠিক তেনেদৰে সাগৰ-মহাসাগৰৰ তলিভাগো
ওখোৰা মোখোৰা৷)
৪৫৯. উপকূলৰ চাৰিওকাষে
থকা সাগৰ-মহাসাগৰৰ অগভীৰ (প্ৰায় ২০০ মিটাৰ পর্য্যন্ত) অংশক কোৱা হয়-
ক) মহীসোপান খ)
মহীঢাল গ) শৈলসিৰা ঘ) সমুদ্ৰখাত
(* মহীসোপানৰ পিছৰ যথেষ্ট
গভীৰ অংশটোক মহীঢাল আৰু মহীঢালৰ পিছৰ সাগৰ-মহাসাগৰৰ মাজভাত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী,
গভীৰতম সামুদ্ৰিক খাত আৰু সিঁচৰিতভাৱে অ’ত ত’ত সমুদ্ৰপৃ্ষ্ঠৰ ওপৰলৈ বহু শৈলসিৰা, দ্বীপ
আদি দেখা যায়৷)
৪৬০. কোনখন সাগৰে
পেঞ্জিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল-
ক) মৰু সাগৰ খ) টেথিছ সাগৰ গ) কাস্পিয়ান সাগৰ ঘ) আৰল সাগৰ
(* ইয়াৰ উত্তৰ অংশটোক
আঙ্গাৰালেণ্ড অথবা লৰেছিয়া আৰুদক্ষিণ অংশটোক গণ্ডোৱালেণ্ড বোলা হয়৷)
৪৬১. মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি তলৰ কোনটো অঞ্চল লৰেছিয়া বিভাজিত
হৈ সৃষ্টি হোৱা নাছিল-
ক) ইউৰোপ খ) এছিয়া গ) উত্তৰ আমেৰিকা ঘ) দক্ষিণ আমেৰিকা *
(* দক্ষিণ আমেৰিকা গণ্ডোৱালেণ্ডৰ
পৰা সৃষ্টি হৈছিল৷ আনহাতে লৰেছিয়াৰ পৰা গ্ৰীণলেণ্ড সৃষ্টি হৈছিল৷)
৪৬২. মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি তলৰ কোনটো অঞ্চল গণ্ডোৱালেণ্ড বিভাজিত
হৈ সৃষ্টি হোৱা নাছিল-
ক) আফ্ৰিকা খ) মাদাগাস্কাৰ
গ) অষ্ট্ৰেলিয়া ঘ) গ্ৰীণলেণ্ড
(* ইয়াৰ বাহিৰেও গণ্ডোৱালেণ্ডে
ভাৰতবর্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অনান্য দ্বীপসমূহ, এণ্টার্কটিকা আদি সৃষ্টি কৰিছিল৷)
৪৬৩. পৰিৱেশে বহল অর্থত সামৰি লোৱা উপাদানসমূহ ভগাব পাৰি-
ক) এটা ভাগত খ) দুটা ভাগত* গ) তিনিটা ভাগত ঘ) চাৰিটা ভাগত
(* ভাগ দুটা হৈছে জৈৱ আৰু
অজৈৱ৷ জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা৷ উদাহৰণ- বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে
অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পর্যন্ত৷ আনহাতে মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন
উপাদানসমূহ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে৷)
৪৬৪. পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ ___ টা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ
নিৰূপণ কৰিছে-
ক) এটা খ) দুটা গ)
তিনিটা ঘ) চাৰিটা *
(* সেইকেইটা হৈছে- স্থলমণ্ডল,
জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল৷ এই চাৰিওটা মণ্ডল পাৰস্পৰিক সর্ম্পকৰ যোগেদি যুক্ত
হৈ আছে৷ এই সর্ম্পকৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হয় সেয়ে পৰিৱেশ৷)
৪৬৫. বহল অর্থত ভূ-পৃষ্ঠৰপৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল
প্ৰসাৰতি হৈ আছে-
ক) ১০০০ কিঃ মিঃ
খ) ৫০০০ কিঃ মিঃ গ) ৭৫০০ কিঃ মিঃ ঘ) ১০০০০ কিঃ মিঃ
৪৬৬. পৃথিৱীৰ সোঁমাজেদি অতিক্ৰম কৰা কাল্পনিক ৰেখাডাল হৈছে-
ক) কর্কট ৰেখা খ)
বিষুৱ ৰেখা গ) মকৰকান্তি ৰেখা ঘ) দ্ৰাঘিমা ৰেখা
৪৬৭. তলৰ কোনটো প্ৰাকৃতিক প্ৰক্ৰিয়াই মানুহক অসুবিধাত পেলোৱা নাই-
ক) ভূমিকম্প খ) আগ্নেয়
উদগিৰণ গ) জোৱাৰভাটা ঘ) ঘূর্ণী বতাহ
৪৬৮. পৃথিৱীত অৰণ্যভুমি হ্ৰাস পোৱাৰ লগে লগে বৃদ্ধি পোৱা গেছবিধ হৈছে-
ক) অক্সিজেন খ) নাইট্ৰজেন
গ) কার্বন ডাই অক্সাইড * ঘ) হাইড্ৰজেন
(* এই গেছ বৃদ্ধিৰ
পৰিণতিত পৰিৱেশত ন ন সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিল৷)
৪৬৯. ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক ভগাব পাৰি-
ক) এক প্ৰকাৰত খ)
দুই প্ৰকাৰত গ) তিনি প্ৰকাৰত * ঘ) চাৰি প্ৰকাৰত
(* প্ৰকাৰ কেইটা হৈছে-
স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা৷)
৪৭০. তলৰ কোনটো পৰিৱেশ প্ৰদূষকৰ * উদাহৰণ নহয়-
ক) নিয়ৰ খ)
ধুলি গ) ধোঁৱা ঘ) ছাঁই
(* মানুহে সৃষ্টি কৰা যিবোৰ
অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হৈ জীৱ-জগতৰ ক্ষতি সাধন কৰে সেইবোৰেই প্ৰদূষক৷ নিয়ৰ প্ৰকৃতিকভাৱে
সৃষ্টি হয়৷ সীহ, ছালফাৰ ডাই অক্সাইড, কার্বন-মন’অক্সাইড আদিও প্ৰদূষকৰ উদাহৰণ৷)
৪৭১. তলৰ কোনটো মাটিত
মিহলি হ’লে মাটিৰ উর্বৰতা হ্ৰাস পায়-
ক) ৰাসায়নিক পদার্থ খ) এচিড বৰষুণ গ) বানপানীৰ পলস ঘ) তেজষ্ক্ৰিয় পদার্থ
৪৭২. কৃষি আধুনিকীকৰণৰ
তলৰ কোনটো কাৰকে মাটি প্ৰদূষণৰ বাবে জগৰীয়া নহয়-
ক) জৈৱিক কৃষি খ)
ৰাসায়নিক সাৰ গ) জলসিঞ্চন ঘ) কীটনাশক দৰৱ
৪৭৩. তলৰ কোনখন দেশৰ
ঔদ্যোগিক অঞ্চলত এচিড বৰষুণে বর্তমান লৈকে সমস্যা সৃষ্টি কৰা নাই-
ক) কানাডা খ) ভাৰত
গ) ইউৰোপ ঘ) আমেৰিকা
৪৭৪. তলৰ কোনজন অর্থনীতিবিদৰ
মতে ‘সম্পদ হবলৈ বস্তু এটাৰ কার্যকৰিতা আৰু উপযোগিতা দুয়োটা গুণ থাকিব লাগে-
ক) আডাম স্মিথ খ) অর্মত্য সেন গ) জিম্মাৰমান ঘ) আন্না লেপি
৪৭৫. তলত উল্লেখ
কৰা চীন দেশৰ কোনখন নদীৰ পাৰত অৱস্থিত ২২ খন নগৰত থকা তিনি শতাধিক উদ্যোগ কেন্দ্ৰই
নৈখনৰ পানী বেয়াকৈ প্ৰদূষিত কৰিছে-
ক) চিকিয়াং খ) কিয়াং গ) হোৱাংহো ঘ) ইয়াংছি
৪৭৬. অসমত ব্ৰক্ষ্মপুত্ৰৰ
বুকুত পৰা তলৰ কোনখন উপনৈ আটাইতকৈ বেছি আৱর্জনা আৰু শিল্প- উদ্যোগৰ পেলনীয়াই প্ৰদূষিত
কৰিছে-
ক) ভৰলু *
খ) দিখৌ গ) কলং ঘ) পাগলাদিয়া
(* এইখন গুৱাহাটী মহানগৰৰ মাজেৰে বৈ গৈ ব্ৰক্ষ্মপুত্ৰত
পৰিছে৷)
৪৭৭. ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ
মৰুকৰণ সম্বন্ধীয় সন্মিলন অনুষ্ঠিত হৈছিল-
ক) নাইৰ’বি
খ) চুডান গ) চেনেগাল ঘ) কাম্পালা
(* সন্মিলনৰ দিয়া মৰুকৰণস
সংজ্ঞাটো আছিল- ‘মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিল সম্ভাৱনা বা ক্ষমতা বিনষ্ট
কৰি অৱসেষত মৰুদসৃশ অৱস্থাৰ সৃষ্টি কৰে৷)
৪৭৮. তলৰ কোনবিধ
প্ৰাণী গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে আটাইতকৈ বেছি সংকটৰ সম্মুখীন হৈছে-
ক) ৰেড পাণ্ডা খ) ঘঁৰিয়াল গ) মেৰু ভালুক
* ঘ) চিম্পাঞ্জী
(* বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে
মেৰু অঞ্চলৰ বিশাল বৰফস্তুপৰ গলন বৃদ্ধি কৰাৰ বাবে মেৰু ভালুকৰ বাসস্থানবোৰ সংকটৰ সম্মুখীন
হৈছে৷ সাগৰপৃষ্ঠৰ উত্থানেও সংকট নমাই আনিছে৷)
৪৭৯. তলৰ কোনখন মহাদেশ
আটাইতকৈ কম পৰিমাণে মৰুকৰণৰদ্বাৰা আক্ৰান্ত হৈছে-
ক) দক্ষিণ আমেৰিকা খ) এছিয়া গ) আফ্ৰিকা ঘ)
অষ্ট্ৰেলিয়া *
(* অষ্ট্ৰেলিয়া- ৮%, আফ্ৰিকা-১৮%,
এছিয়া-২০% আৰু দক্ষিণ আমেৰিকা- ২২% আৰু আটাইতকৈ বেছি আক্ৰান্ত হৈছে উত্তৰ আমেৰিকা-
২৭%৷)
৪৮০. এছিড বৰষুণ
বায়ুমণ্ডলত জমা হোৱা তলৰ কোনটো বৰষুণৰূপে নামি আহে-
ক) ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন
অক্সাইড
খ) ছালফাৰ ডাই অক্সাইড আৰু কার্বম ডাই অক্সাইড
গ) ছালফাৰ ডাই অক্সাইড আৰু হাইড্ৰ’কার্বন
ঘ) ছালফাৰ ডাই অক্সাইড আৰু কার্বন-মন’অক্সাইড
৪৮১. তলৰ কোনখন নদী
ভাৰতবর্ষৰ ভিতৰত আটাইকৈ বেছি প্ৰদূর্ষিত ৰূপে বিবেচিত হৈছে-
ক) কাৱেৰী খ) নমর্দা গ) গংগা* ঘ) যমুনা
(* উত্তৰ ভাৰতৰ মাজেদি বৈ
যোৱা গংগাক পবিত্ৰ নদীৰূপে গণ্য কৰা হয় যদিও নদীখনৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ নগৰ-মহানগৰ
আৰু উদ্যোগবোৰে সেইবোৰত উৎপন্ন হোৱা আর্ৱজনা আৰু অপদ্ৰব্যবোৰ দীর্ঘকাল ধৰি নদীখনত পেলাই
অহাৰ ফলত নদীৰ পানী অতিকৈ প্ৰদূষিত হৈ পৰিল৷)
৪৮২. ভাৰতবর্ষই স্বাধীনতা
লাভ কৰাৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ কোনখন আইন অনুসৰি দেশৰ শাসন ব্যৱস্থা চলিছিল-
ক) ১৭৮০ চনৰ ভাৰত চৰকাৰ আইন খ) ১৭৯৩ চনৰ ভাৰত
চৰকাৰ আইন গ) ১৮৩০ চনৰ ভাৰত চৰকাৰ আইন ঘ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ
আইন
(* ভাৰতবর্ষ স্বাধীন হোৱাৰ
পূর্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা এইখন আইনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱর্তন
কৰিছিল৷ দুখলপীয়া চৰকাৰ (কেন্দ্ৰ আৰু ৰাজ্য), ক্ষমতাৰ ভাগ-বিতৰণ আদি নীতিৰ আলমত এই
আইনে পৰাধীন ভাৰবর্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱর্তন কৰিলে৷ সেইবাবেই আমাৰ দেশৰ
নতুন সংবিধানে আৰম্ভ কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূর্ণ অচিনাকি
পদ্ধতি নাছিল৷)
৪৮৩. তলৰ কোনজন ব্যক্তিয়ে
সংবিধানৰ খচৰা প্ৰতিলিপিত স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতবর্ষই নিজাকৈ এখন সংবিধান
লাভ কৰিছিল-
ক) ড° সচ্চিদানন্দ সিনহা খ) ড° বি আৰ আম্বেদকাৰ গ) ড° ৰাজেন্দ্ৰ
প্ৰসাদ ঘ) জৱাহৰলাল নেহেৰু
৪৮৪. ভাৰতীয় সংবিধানৰ
প্ৰস্তাৱনাটো আৰম্ভ হৈছে-
ক) আমি ভাৰতীয় জনসাধাৰণে
* খ) আমি স্বাধীন দেশৰ নাগৰিকে গ) আমি ভাৰতৰ হিন্দুৱে ঘ) আমি হিন্দুস্থান বাসীয়ে
(* প্ৰস্তাৱনাত We the
people of India এইধৰণে উল্লেখ কৰি সংবিধান প্ৰণেতা সকলে স্পষ্ট কৰিছে যে সংবিধানৰ
ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ
শক্তি৷)
৪৮৫. ভাৰতীয় সংবিধানৰ
প্ৰস্তাৱনাত সংবিধানখন কেতিয়া লিপিবদ্ধ কৰা বুলি উল্লেখ কৰিছে-
ক) ১৯৪৬ চনৰ ৯ ডিচেম্বৰ খ) ১৯৪৭ চনৰ ২৯ আগষ্ট
গ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰী
৪৮৬. কাৰ উদ্দেশ্য
সর্ম্পর্কিত প্ৰস্তাৱৰ (Objective resolution) ভিত্তিত ভাৰতী সংবিধানত সমতা, স্বাধীনতা,
গণতন্ত্ৰ, সর্বাভৌমত্ব আৰু বিশ্ব ভাতৃত্বৰ ধাৰণাৰ প্ৰতিশ্ৰুতিক সংবিধান সভাই স্বীকৃতি
প্ৰদান কৰিছিল-
ক) মহাত্মা গান্ধী খ) জৱাহৰলাল নেহেৰু গ) বল্লভ ভাই পেটেল ঘ) ডি পি খৈটান
৪৮৭. ভাৰতীয় সংবিধানৰ
কোনটো অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ * (Union of State)’ বুলি উল্লেখ আছে-
ক) ১ নং অনুচ্ছেদ খ) ২ নং অনুচ্ছেদ গ) ৩ নং অনুচ্ছেদ ঘ)
৩ নং অনুচ্ছেদ
(* আমেৰিকাৰ আর্হিত আমাৰ দেশত
প্ৰকৃত যুক্তৰাষ্ট্ৰৰ প্ৰর্ৱতন নকৰাৰ বাবেই সংবিধানৰ কোনো ঠাইতে যুক্তৰাষ্ট্ৰ শব্দটোৰ
উল্লেখ নাই৷ তাৰ পৰির্ৱতে ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ আছে৷কামাডাৰ আর্হিত ভাৰতত ঢিলা
যুক্তৰাষ্ট্ৰ’ প্ৰর্বতন কৰা হৈছিল৷)
৪৮৮. ভাৰতবর্ষৰ যুক্তৰাষ্ট্ৰীয়
ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবীৰ বাবে গঠন হোৱা আয়োগখন
হৈছে-
ক) খোছলা আয়োগ খ) ছাৰকাৰিয়া আয়োগ * গ) কোঠাৰী আয়োগ ঘ) মণ্ডল আয়োগ
(* ১৯৮৩ চনত গঠিত এই আয়োগে
ভাৰতত সঘনাই হ’বলৈ দজৰা কেন্দ্ৰ-ৰাজ্য সংঘাত নিৰাময়ৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল৷
ৰাজ্যসমূহত ৰাজ্যপাল নিয়োগৰ ব্যৱস্থা কৰে৷)
৪৮৯. ১৯৯৬ চনত কিমানখন
ৰাষ্ট্ৰৰ সমর্থনত ৰাষ্ট্ৰসংঘত ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’ স্বাক্ষৰ
হৈছিল-
ক) ১৫৮ খন খ) ১৫৯ খন গ) ১৬০ খন ঘ) ১৬১ খন
৪৯০. ৰাষ্ট্ৰসংঘৰ
ন্যায়িক অংগ আন্তর্জাতিক ন্যায়ালয়ৰ মুঠ ন্যায়ধীশৰ সংখ্যা-
ক) ৫ জন খ) ১০ জন গ) ১৫ জন ঘ) ২০ জন
৪৯১. ১৯৪৬ চনৰ ১৬
ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হপৱা মানৱ অধিকাৰ আয়োগৰ আৰম্ভণিতে থকা সদস্য সংখ্যা হৈছে-
ক) ১৮ খ)
২০ গ) ২২ ঘ) ৩০
৪৯২. উত্তৰ আটলাণ্টিক
চুক্তি সংগঠনৰ মুখ্য কার্যালয়-
ক) লণ্ডনত খ) ব্ৰুচেলছত
গ) ছুইজাৰলেণ্ডত ঘ) ভিয়েনাত
৪৯৩. আন্তঃৰাষ্ট্ৰীয়
ক্ৰিকেট পৰিষদৰ মূখ্য কার্যালয়-
ক) দিল্লী খ) লণ্ডন গ) ডুবাই ঘ) কলম্বো
৪৯৪. দক্ষিণ এছীয়
আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কার্যালয়-
ক) কাঠমাণ্ডু
খ) দিল্লী গ) কাবুল ঘ) ইছলামাবাদ
৪৯৫. ৰাষ্ট্ৰীয় মানৱ
অধিকাৰ আয়োগৰ সকলো সদস্যক ৰাষ্ট্ৰপতিয়ে কেইবছৰৰ বাবে নিযুক্তি প্ৰদান কৰে-
ক) ৩ বছৰ খ) ৪ বছৰ গ) ৫ বছৰ ঘ) ৬ বছৰ
৪৯৬. এছিয়া প্ৰশান্ত
মহাসাগৰীয় অর্থনৈতিক নিগমৰ মুখ্য কার্যালয়
ক) ছিংগাপুৰ
খ) লাওছ গ) মালয়ছিয়া ঘ) ভিয়েটনাম
৪৯৭. মানৱ অধিকাৰ
ঘোষণা পত্ৰ (১৯৪৮ চনৰ ১০ ডিচেম্বৰ) ত কেইটা অনুচ্ছেদ আছিল-
ক) ২৫ টা খ) ৩০ টা
গ) ৩৫ টা ঘ) ৪০ টা
৪৯৮. ছুইজাৰলেণ্ডৰ
লৌচেনত কোনবিধ ক্ৰীয়া সংগঠনৰ আর্ন্তজাতিক সংগঠন আছে-
ক) হকী খ)
মল্লযুঁজ গ) কাবাডী ঘ) কেৰম
৪৯৯. বিশ্বত শান্তি
স্থাপনৰ বাবে গঠন হোৱা প্ৰথম আন্তর্জাতিক সংগঠন ‘জাতিসংঘ’ৰ মুখ্য কার্যালয়-
ক) লণ্ডন
খ) নিউর্য়ক গ) চিকাগো ঘ) বার্লিন
৫০০. ___ সন্মিলনত
সর্বমুঠ ৫১ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰি ৰাষ্ট্ৰসংঘৰ জন্ম দিছিল-
ক) নাইৰোৱি সন্মিলন খ) আটলাণ্টা সন্মিলন গ)
ভিয়েনা সন্মিলন ঘ) ছানফ্ৰান্সিস্কো সন্মিলন
0 মন্তব্যসমূহ