শ্বহীদ দিৱস (৩০ জানুৱাৰী)

 ৩০ জানুৱাৰী


বাপুজীৰ আজি মৃত্যু তিথি৷ স্বহীদ দিৱসৰ পৱিত্ৰ ক্ষণত জাতীৰ পিতা মহাত্মা গান্ধীলৈ সশ্ৰদ্ধ প্ৰণিতাত জনাই অসমলৈ তেখেতে আহোতে প্ৰকাশ পোৱা দুটা বাতৰিৰ একাংশ দাঙি ধৰা হৈছে-

অসমত মহাত্মা



ক) তেজপুৰৰ শিপিনী ভঁৰালত:- মহাত্মা গান্দী সদলবলে তেজপুৰ মহিলা সমিতিৰ শিপিনী ঁৰালৈ গৈ সমবেত ভদ্ৰমহিলাসকলক দর্শন দিয়ে৷ তেত তেখেতে তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী আৰু শিপিনী ভঁৰালৰ পৰম হিতৈষিণী স্বর্গীয়া কিৰন্ময়ী আগৰৱালা দেৱীৰ ফটো উন্মোচন কৰে৷ তাৰ পিছত সূতাকটা আৰু অস্পৃশ্যতা বর্জনৰ বিষ্যে উগনি দি তেখেতে এটি শুৱলা ভাষণ দিয়ে আৰু হৰিজন কার্যোপলক্ষে সহায় ভিক্ষা কৰে৷ উপস্থিত ভদ্ৰ মহিলাৰ অনেকেই যাৰ হাতত যি আছিল তেকে দিয়ে আৰু ভালেমান হাতৰ-কাণৰ সোণৰ গহনাপতি দান কৰে৷ তাৰপৰা মহাত্মাজী স্থানীয় মেতৰপতিলৈ গৈ ধাৰাসাৰ বৰষুণৰ মাজতো নেতাসকলক দর্শন দিয়ে৷ মেতৰসকলৰ প্ৰত্যকেই আহি মহাত্মাক সেৱা জনায়৷ তেওঁলোকৰ অভাৱ-অভিযোগ, সা-সুবিধা সম্বন্ধে প্ৰশ্ন কৰাত তেওঁলোকে এওঁলোকৰ কাৰণে এখন ভাল স্কুল লাগে বুলি কয়৷ লগতে ইয়াকো কয় জে দেৱ-দেৱীৰ মন্দিৰত প্ৰৱেশত তেওঁলোকৰ কোনো বাধা নাই, কিন্তু মাৰোৱাৰী সকলে তেওঁলোকক দোকানত সোমাই বস্তু ল’বলৈ নিদিয়ে৷ এইবিলাক প্ৰতিকাৰৰ ব্যৱস্থা কৰিব বুলি মহাত্মাই গাত লয়৷ (১৯৩৪ চনত অসমলৈ মহাত্মা গান্ধী অহাত ‘সাদিনীয়া অসমীয়া’ কাকতত প্ৰকাশিত বাতৰিৰ একাংশ৷)



খ) শুৱালকুছিত শিল্প প্ৰদর্শনী:- বিৰাট ৰাজহুৱা প্ৰার্থনা সভা৷ মহাত্মা গান্ধীয়ে সতীশ দাসগুপ্ত, পিয়াৰীলাল কানু গান্ধী, ভাৰতন কুমাৰাপ্পা, ৰাজকুমাৰী অমৃত কউৰ প্ৰভৃতিক লগত লৈ ৯ জানুৱাৰী তাৰিখে দুপৰীয়া আমিনগাওঁ পায়হি৷ আহোঁতে ওৰে নিশা তেখেতৰ দর্শন প্ৰার্থী ৰাইজৰ আমনিৰ বাবে ৰে’লগাড়ী সাত ঘণ্টা পলম হয়৷ আমিনগাঁৱত তেখেতক বিষ্ণুৰাম মেধি, গোপীনাথ ভূঞা, হলধৰ ভূঞা, কৃষ্ণনাথ শর্মা, মহেন্দ্ৰ মোহন চৌধুৰী প্ৰমুখ্য নেতৃবৃন্দই অভ্যর্থনা জনায়৷ ষ্টেচনত হেজাৰ হেজাৰ মানুহে তেখেতৰ দর্শন পাবলৈ উদগ্ৰীৱ হৈ বাট চাই আছিল৷ গান্ধীজীয়ে দ’লে ব’লে আমিনগাঁৱত যাত্ৰা কৰি শুৱালকুছিলৈ যাত্ৰা কৰে৷ শুৱালকুছিত মহাত্মাজীয়ে এৰীসূতা আৰু খাদী-কাপোৰৰ প্ৰদর্শনী পৰিদর্শন কৰে৷ তাৰ পিছত তেখেতে ৰাজহুৱা সভাত প্ৰার্থনা কৰে৷ হিন্দু-মুছলমান, মুনিহ-তিৰোতা নির্বিশেষে প্ৰায় চল্লিশ হেজাৰ মানুহে সভাত উপস্থিত থাকি প্ৰার্থনাত যোগ দিছিল৷ প্ৰদর্শনীত দুগৰাকী শিপিনীয়ে তাঁতশালত মহাত্মাজীৰ ছবি উলিয়াইছিল৷ আৰু এজন সোণাৰীয়ে তেখেতৰ প্ৰতিমূর্তি এটা গঢ়ি দেখুৱাইছিল৷ মহাত্মাজীয়ে ছবি দুখন আৰু প্ৰতিমূর্তি দেখি ‘এয়া ময়েই’ বুলি মন্তব্য প্ৰকাশ কৰিছিল৷ গুৱালকুছিৰ নিভাঁজ অসমীয়া কাপোৰ শিল্প আজিও  মিলৰ কাপোৰৰ প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰাটো গৌৰৱৰ কথা বুলি খাদী প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা সতীশ দাশগুপ্তই অভিমত প্ৰকাশ কৰে৷ (১৯৪৬ চনত অসমলৈ মহাত্মা গান্ধী অহাত ‘সাদিনীয়া অসমীয়া’ কাকতত প্ৰকাশিত বাতৰিৰ একাংশ৷)



* মহাত্মা গান্ধীৰ শ্বহীদ দিৱসৰ দিনা ভাৰতত ‘কু্ষ্ঠ নিবাৰণী দিৱস’ পালন কৰা হয়৷ তেওঁ কুষ্ঠীৰোগীসকলক সেই সময়ত অৱহেলা কৰাৰ বিৰোধিতা কৰিছিল৷ আহঁকছোন আমি কুষ্ঠ ৰোগৰ বিষয়ে অলপ জানি থওঁ- ৰোগৰ সাধাৰণ লক্ষণ হৈছে- চেতনাহীন ছালৰ দাগ; মুখমণ্ডল, কাণ বা শৰীৰৰ ছালৰ যিকোনো স্থানত দেখা দিয়া সৰু সৰু গুটিৰ দৰে টেমুনা; হাত বা ভৰিৰ মাংসপেশী দুর্বল হোৱা; হাত বা ভৰিৰ তলুৱাত অনুভুতি নোহোৱা আৰু ঘাঁ লগা; চকুৰ পতা সর্ম্পূণকৈ মুদিব নোৱাৰা৷ চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা এম ডি টি খাই এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ পুনৰ গঠনমূলক অস্ত্ৰোপচাৰ (আৰ চি এছ) ৰ ব্যৱস্থাও আছে৷

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ